বঢ়মপুৰৰ মিকিৰ বামুণী গ্ৰান্টৰ কৃষকৰ ভূমি সুৰক্ষিত কৰাৰ দাবী, নগাঁৱত বিক্ষোভ

নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নিখিল ভাৰত কৃষক সভা আৰু অসম ৰাজ্যিক কৃষক সভাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণীৰ লালুং গাঁও, আমদাঙা গাঁৱৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা  দখলদাৰী কৃষকক চৰকাৰ-প্ৰশাসনে বীৰত্ব প্ৰদৰ্শন কৰি উচ্ছেদ কৰি পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰিবলৈ লোৱা কাৰ্যৰ লগতে সেই অঞ্চলৰ মহিলা আৰু কৃষকৰ ওপৰত যোৱা ২৯ ডিচেম্বৰত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে অমানুষিক  নিৰ্যাতন চলোৱাৰ বিৰুদ্ধে আজি সংগঠনকেইটাই এই প্ৰতিবাদ সাব্যস্ত কৰে।

আটাইকেইটা সংগঠনে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে কৃষকৰ ভূমি সুৰক্ষিত কৰাৰ দাবী জনায় ।

উল্লেখ যোগ্য যে, অসম চৰকাৰৰ অনুমোদন সাপেক্ষে আজুৰ পাৱাৰ প্লেণ্ট কোম্পানীয়ে চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বঢ়মপুৰৰ সমীপৰ হায়ংথল, আমদাং গাঁৱত সৌৰ শক্তিৰে উৎপাদিত বিদ্যুৎ বিতৰণৰ এক ব্যয়বহুল প্ৰকল্প নিৰ্মাণৰ কাম চলাই আহিছে।

এনে কাৰ্যত অসন্তুষ্ট হৈ বামুণী মিকিৰ গ্ৰান্টৰ কৃষক সকলে ন্যায়ালয়ৰ কাষ চাপে যদিও ‌থলুৱা কৃষকৰ ভূমি বহিৰাগত কোম্পানীটোৱে বলপূৰ্বকভাৱে দখল কৰে । এনে কাৰ্যৰ বিৰোধিতা কৰিয়েই অঞ্চলটোৰ কৃষকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে  ।