নাগৰিকত্ব বিধেয়ক আৰু বৃহৎ নদী বান্ধৰ বিৰোধিতাত যুৱ ছাত্ৰ পৰিষদৰ বিশাল জোঁৰ সমদল

ফটো নৰ্থ-ইষ্ট নাও

নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু বৃহৎ নদী বান্ধৰ বিৰোধিতাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বুধবাৰে মাৰ্ঘেৰিটাত এক বিশাল জোঁৰ সমদল উলিয়ায়।

যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত সন্ধিয়া মাৰ্ঘেৰিটাৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত বাহিৰ কৰা উক্ত সমদলত তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক কাঞ্চন বৰা, জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ উলুপকে ধৰি পৰিষদৰ ৩ শতাধিক সদস্যই অংশগ্ৰহণ কৰে৷

উক্ত প্ৰতিবাদত জিলা সমিতিৰ সম্পাদক কাঞ্চন বৰাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ‘নেজ নথকা শিয়াল’ আখ্যা দিয়ে।

কোনো কাৰণতে বিধেয়কখন মানি লোৱা নহ’ব বুলি উল্লেখ কৰি তেওঁ কয়, ‘১৯৭১ চনৰ পাছত অহা বিদেশীৰ বোজা কোনো পধ্যে অসমে নলয়।‘

তেওঁৰ উপৰি জিলা সমিতিৰ উপদেষ্টা উলুপে কয়, ‘বৃহৎ নদী বান্ধ বন্ধ কৰাৰ লগতে  নাগৰিকত্ব বিধেয়কখন বাতিল নকৰিলে পৰিষদে তীব্ৰ আন্দোলন গঢ়ি তুলিব।‘

প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বৃহৎ নদী বান্ধ বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে৷ জোঁৰ সমদলত পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ বৃহৎ সংখ্যক সদস্যই অংশগ্ৰহণ কৰে৷