ডিফুত বিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ বাইক ৰেলী

KSA, AJYCP, RNSU, DSU (4)

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিপক্ষে ক্ৰমবৰ্ধমান প্ৰতিবাদৰ ঢৌৰ মাজতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা শাখাৰ সাধাৰণ সম্পাদক পল্লভ চাংমায়ে ডিফু চহৰত উপস্থিত হয় আৰু কাৰ্বি ছাত্ৰ সন্থাৰ (KSA) বিজয় বেয়ে আৰু ছিমিয়ন ৰংফাৰৰ নেতৃত্বাধীন ডিমাছা ছাত্ৰ সন্থা আৰু ৰেংমা নাগা ছাত্ৰ সন্থা আৰু কুকি নেশ্যনেল এছেম্বলিৰ গোটৰ সৈতে এক আলোচনাত মিলিত হয়।

উক্ত সভাখন কাৰ্বি লামেত আমেইৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা আৰু ইয়াত বিতৰ্কিত বিধেয়কখনৰ ওপৰত বিতং আলোচনা কৰা হয়। জনা গৈছে যে চাংমায়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে যুৱ ছাক্ষ পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে জনজাতীয় সংগঠনসমূহৰ সহায়তা বিচাৰে।

১০ নৱেম্বৰ দেওবাৰে ছেমছন সিং ইংতি স্মাৰক উদ্যানত এখন সভা অনুষ্ঠিত কৰা হৈছিল আৰু এই সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কাৰ্বি ছাত্ৰ সন্থা, ৰেংমা নাগা ছাত্ৰ সন্থা আৰু ডিমাছা ছাত্ৰ সন্থাই অংশগ্ৰহণ কৰিছিল। দিনৰ ১১-০০ মান বজাত এই স্থানৰ পৰা এটা বাইক ৰেলী বাহিৰ কৰা হয়।

যুৱ ছাত্ৰ পৰিষদৰ বাইক ৰাইডাৰৰ দলটোক আন আন সংগঠনৰ সদস্যসকলে ছেমছন সিং ইংতি স্মাৰক উদ্যানৰ পৰা ১৫ কিঃমিঃ দূৰত অৱস্থিত মাঞ্জালৈকে আগবঢ়াই নিয়ে য’ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আন এখন সভাৰ আয়োজন কৰে। ইয়াৰ পৰা পৰিষদৰ ৰাইডাৰসকলে গুৱাহাটী অভিমুখে যাত্ৰা কৰে। গুৱাহাটীত নাগৰিকত্ব বিধেয়কখনৰ বিৰুদ্ধে দিচপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰা হ’ব।