মুখ্যমন্ত্ৰী নিজেই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হওক; ডিজিপিও হওক; বাকী কাৰো কাম নাই : অখিল গগৈ

‘যদি এনকাউন্টাৰটো ভালেই তেন্তে কিয়নো মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিলে?’ অখিলৰ প্ৰশ্ন

অসম আৰক্ষীৰ এনকাউন্টাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সদনত বক্তব্য ৰাখিবলৈ গৈ ‘আৰক্ষীক কোনোবাই গুলিয়াবলৈ ধৰিলে আৰক্ষীয়ে মনে মনে চাই বহি থাকিব নেকি? আৰক্ষীয়ে নিজক বচাব লাগিব। গতিকে এই চৰকাৰৰ নীতি শূন্য সহনশীলতা। ইয়াত যিয়েই যি নকওঁক অসম আৰক্ষীয়ে নিজক বচাবলৈ গুলি চলাবই বা প্ৰত্যুত্তৰ দিবই। মই এইখন চকীত থকালৈকে কোনোধৰণৰ কম্প্ৰ’মাইজ নকৰো।‘ এই মন্তব্যৰ পাছতে মুখ্যমন্ত্ৰীক উভতি ধৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

গগৈয়ে কয় ‘মুখ্যমন্ত্ৰীৰ বক্তব্যই অসম আৰক্ষীক এনকাউন্টাৰ কৰিবলৈ অধিক পৰিমাণে উৎসাহিত কৰিব। বিজেপি চৰকাৰৰ দিনত পুলিছৰাজ প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে। উত্তৰপ্ৰদেশৰ যোগীৰাজৰ দৰে অসমো পুলিছৰাজৰ দিশে গৈ আছে।‘

‘যদি এনকাউন্টাৰটো ভালেই তেন্তে কিয়নো মানৱ অধিকাৰ আয়োগে কিয় নিজাববীয়াকৈ গোচৰ ৰুজু কৰিলে?’ এই প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিলে অখিল গগৈয়ে।

ইপিনে, সন্দেহবশতঃ মানুহক গুলিয়াই হত্যা কৰিলে আদালতৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰি গগৈয়ে লগতে কয় ‘মুখ্যমন্ত্ৰীৰ নিজেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হওঁক, ডিজিপিও হওঁক, এজন মানুহেই অসমত থাকক বাকী মানুহৰ কাম নাই।‘