• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমীয়া আৰু অসমীয়াৰ মাজত যুঁজ লগোৱাটোৱেই বিজেপিৰ উদ্দেশ্য : অখিল গগৈ

সোণোৱাল আৰু হিমন্তৰ মাজত দিল্লী আৰু নাগপুৰক সন্তষ্ট কৰাৰ প্ৰতিযোগিতা চলিছে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 25, 2019 9:44 pm
Himanta thum for story
1.2k
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বৰ প্ৰতি আজি নজিৰবিহীনভাৱে আক্ৰমণাত্মক হৈ পৰে কৃষক মুক্তিৰ নেতা অখিল গগৈ। এখন সংবাদমেলত নেতাজনে দুয়োজনকে অতি চোকা শব্দ ব্যৱহাৰ কৰি সমালোচনা কৰে।

২৪ জানুৱাৰিত ৰাজ্যিক বিজেপিৰ দ্বাৰা অনুষ্ঠিত আৰু মুখ্য মন্ত্ৰীৰ লগতে হিমন্ত দুয়োজন উপস্থিত থাকি নাগৰিকত্ব বিধেয়কৰ সপক্ষে উদাত্ত ভাষণ দিয়া পঞ্চায়ত প্ৰতিনিধিৰ সমাৱেশখনৰ উদ্দেশ্য ‘অসমীয়া আৰু অসমীয়াৰ মাজত যুঁজ লগোৱাটোহে আছিল বুলিও মন্তব্য কৰে অখিল গগৈয়ে।

“হিমন্ত বিশ্ব শৰ্মাই ‘৮ জন ক’লা পতাকা দেখুওৱা ল’ৰাৰ বিপৰীতে ৮০০ ল’ৰা গোট খুওৱা হ’ব’ বুলি মন্তব্য কৰি ভাতৃঘাতী সংঘৰ্ষ লগাবৰ বাবে চেষ্টা কৰিছে।” গগৈয়ে কয়। বঙহৰ মাজত যুঁজ লগাই তেওঁলোকে নিজৰ গাদী ৰক্ষা কৰাৰ অপচেষ্টাত লিপ্ত হৈছে বুলিও কয় তেওঁ।

আনহাতে, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত দিল্লী আৰু নাগপুৰক সন্তষ্ট কৰাৰ প্ৰতিযোগিতা চলিছে বুলি কটাক্ষ কৰে গগৈয়ে।

“কোনে নিজকে নাগপুৰ আৰু দিল্লীৰ ওচৰত বেছি ভক্ত বুলি পৰিচয় দিব পাৰে, তাক লৈয়ে দুয়োজন প্ৰতিযোগিতাত লিপ্ত হৈছে। সেয়েহে নিমাতী কন্যা সৰ্বানন্দ সোণোৱালৰ মুখত এতিয়া মাত ওলাইছে।” অখিল গগৈয়ে পোনপটীয়া আক্ৰমণেৰে কয়।

“হিমন্ত বিশ্ব শৰ্মাই মোদী-অমিত শ্বাহৰ ওচৰত বেছিকৈ গুৰুত্ব পাব বুলি ভয়তে সোণোৱালে হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যক ‘চৰকাৰৰ বক্তব্য’ বুলি উল্লেখ কৰিছে।” সংবাদমেলত দাবী কৃষক নেতাজনৰ।

ইপিনে, ২০১৪ ৰ লোকসভা নিৰ্বাচন তথা ২০১৬ চনৰ বিধান সভা নিৰ্বাচনক ‘অসমীয়া জাতিৰ শেষ শৰাইঘাটৰ ৰণ’ আখ্যা দিয়া কথাটোও সংবাদমেলত অখিল গগৈয়ে উনুকিয়াই দিয়ে। কিন্তু এতিয়া শৰাইঘাটৰ যুদ্ধৰ প্ৰসংগ এৰি হিমন্ত বিশ্বই পানীপথৰ যুদ্ধৰ কথা উল্লেখ কৰাক কেন্‌দ্ৰ কৰি সৰৱ হৈ পৰে কৃষক নেতাজন।

“হিমন্তই পানীপথৰ যুদ্ধই কৰক বা শৰাইঘাটৰ যুদ্ধই কৰক, এই যুঁজত অসমীয়া জয়ী হ’ব। এই যুদ্ধত অসমীয়া জয়ী হ’ব বুলি জানিয়েই হিমন্ত বিশ্ব শৰ্মা পাগল হৈ গৈছে।‘ এইদৰে কয় অখিল গগৈয়ে।

অখিল গগৈয়ে “হিমন্ত বিশ্ব শৰ্মা চিটীবাছৰ পকেটমাৰ। তেওঁৰ লগতে সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিত দাসো পকেটমাৰ।” বুলি বিতৰ্কিত মন্তব্য কৰে সংবাদমেলত।

“চিটীবাছত একেলগে বহু পকেটমাৰ উঠে। যেতিয়া পকেটমাৰজন ধৰা পৰে, তেতিয়া অন্য পকেটমাৰকেইজনে পকেটমাৰজনক যেই ধৰিছে তেওঁকেই পিটিবলৈ চেষ্টা কৰে। ঠিক সেইদৰে এই পকেটমাৰকেইজন ধৰা পৰি এতিয়া ক’লা পতাকা দেখুওৱা মানুহকেইজনক প্ৰহাৰ কৰিবলৈ ওলাইছে।” গগৈৰ মন্তব্য।

“ক’লা পতাকা দেখি তথা তেওঁৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈ যোৱা বাবে হিমন্ত বিশ্ব শৰ্মা উন্মাদ হৈছে।” হিমন্ত বিশ্ব শৰ্মা বলিয়া কুকুৰে কামোৰাৰ মানুহৰ দৰে বলিয়া হৈছে বুলি মন্তব্য কৰি কয় অখিলে।

Recent News

মৰাণ আৰক্ষীৰ জালত আলফা(স্বাধীন)ৰ আণ্ডাৰগ্ৰাউণ্ড সদস্য ছফিউদ্দিন আহমেদ

মৰাণ আৰক্ষীৰ জালত আলফা(স্বাধীন)ৰ আণ্ডাৰগ্ৰাউণ্ড সদস্য ছফিউদ্দিন আহমেদ

দৰা হ’ব কোন! লাখ লাখ অনুৰাগীৰ হৃদয় ভাঙি বিয়াত বহিব ‘আইপিএলৰ ৰাণী’ কাব্য মৰাণ?

দৰা হ’ব কোন! লাখ লাখ অনুৰাগীৰ হৃদয় ভাঙি বিয়াত বহিব ‘আইপিএলৰ ৰাণী’ কাব্য মৰাণ?

জেৰুজালেম, টেল আভিভত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ! নিশা ইজৰাইলৰো প্ৰত্যাঘাত, ক্ৰমে তীব্ৰতৰ সংঘাত

জেৰুজালেম, টেল আভিভত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ! নিশা ইজৰাইলৰো প্ৰত্যাঘাত, ক্ৰমে তীব্ৰতৰ সংঘাত

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd