অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি; যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি

অখিল গগৈৰ মাতৃ

কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ পুনৰ অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে।

অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈক যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে, জ্বৰ, বমিৰ লগতে মধুমেহ ৰোগত আক্ৰান্ত প্ৰিয়দা গগৈৰ স্বাস্থ্য বৰ্তমান সময়ত যথেষ্ট ভাগি পৰিছে।

বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসকে প্ৰিয়দা গগৈক চিকিৎসা প্ৰদান কৰি আছে।

কাৰাৰুদ্ধ পুত্ৰৰ চিন্তাতে মানসিকভাৱে হাতাশ হৈ পৰাৰ ফলত প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে বুলি ধাৰণা কৰা হৈছে।

উল্লেখযোগ্য যে, দীৰ্ঘসময় ধৰি কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ মুক্তি বিচাৰি মাতৃ প্ৰিয়দা গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ লগতে চৰকাৰক তেওঁৰ পুত্ৰক মুক্তি দিয়াৰ বাবে আহ্বান জনাই আহিছে।