NORTHEAST NOW (Assamese)

শিৱসাগৰ সমষ্টিৰ বাসিন্দা হ’ল অখিল গগৈ; আজি নতুন গৃহত প্ৰৱেশ কৰিলে অখিলৰ পৰিয়াল

March 23, 2021 2:32 pm · পার্শ্বজোতি গগৈ
ফটো: নৰ্থইষ্ট নাও।

অখিল গগৈৰ নতুন ঠিকনা হ’ল শিৱসাগৰ চহৰৰ ফুকন নগৰ গোঁহাই চুকৰ মথাউৰি কাষত।

আজি আনুষ্ঠানিকভাৱে নতুন গৃহত প্ৰৱেশ কৰে অখিলৰ পৰিয়ালে।

এই গৃহতেই আজিৰে পৰা অখিল গগৈৰ মাতৃ, পত্নী তথা পুত্ৰই বাস কৰিব। এই কথা ঘোষণা কৰে ৰাইজৰ দলৰ উপ সভাপতি ৰঞ্জিত তামুলীয়ে।

উল্লেখ্য যে অখিল গগৈ শিৱসাগৰৰ বাসিন্দা নহয় আৰু নিৰ্বাচনত জিকিলে তেওঁক বিচাৰি সমষ্টিবাসী ক’ত যাব বুলি বিৰোধীয়ে প্ৰচাৰ চলাইছিল।

সেয়েহে আজি অখিল গগৈৰ পৰিয়ালে শিৱসাগৰৰ ফুকন নগৰ গোহাঁই চুকত এটা ভাৰাঘৰ লয় আৰু আজিৰে পৰা এই ঘৰেই অখিল গগৈ আৰু তেওঁৰ পৰিয়ালৰ নতুন ঠিকনা।

আনহাতে, অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহে তেওঁ এজন পুৰণি বন্ধু। লক্ষ্ণৌৰ ৰাষ্ট্ৰীয় কৃষক নেতা সন্দীপ পাণ্ডে নামৰ ব্যক্তিজনে শিৱসাগৰবাসীক অখিল গগৈক ভোট দি জয়ী কৰিবলৈ অনুৰোধ জনায়।

Related News