হাত বুলাই দিয়ানা অ’ মা… দীৰ্ঘদিনৰ মূৰত মাতৃক লগ পাই আবেগিক হৈ পৰিল অখিল গগৈ

পিছত পুনৰ জামিন লৈ আহি কৰোৱাব মাকৰ চকুৰ অস্ত্ৰপোচাৰ

Akhil-Gogoi

মাত্ৰ দুদিনৰ বাবে পেৰ’লত মুক্তি পাই যোৰহাটৰ চেলংহাটৰ ঘৰখনত উপস্থিত হৈয়ে আবেগিক হৈ পৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

নিজৰ গাঁও খনত উপস্থিত হোৱাৰ পিছতে অখিল গগৈক ফুলাম গামোচাৰে গঞাই উষ্ণ আদৰণি জনায়।গৰত উপস্থিত হৈয়ে অখিল গগৈয়ে তেওঁৰ ৰোগাক্ৰান্ত মাতৃক সাৱটি ধৰে।

এই দৃশ্য প্ৰত্যক্ষ কৰি উপস্থিত বহুতৰে চকু চলচলীয়া হৈ পৰা পৰিলক্ষিত হয়। গাঁওবাসীৰ আগত অখিল গগৈয়ে কয় যে তেওঁ শিৱসাগৰৰ ঐতিহাসিক সমল সমূহৰ সংৰক্ষণত গুৰুত্ব দিব।

অসমত নৈৰাজ্যৰ পৰিবেশে বিৰাজ কৰা বুলিও তেওঁ মন্তব্য কৰে।তেওঁ লগতে কয় যে তেওঁৰ মাতৃ প্ৰিয়দা গগৈৰ চকুৰ অস্ত্ৰপোচাৰৰ প্ৰয়োজন হৈছে। কিন্তু এইবাৰ তেওঁ মাকক সময় দিব নোৱাৰিব।

পিছত জামিন পালে  মাকৰ চকুৰ অস্ত্ৰপোচাৰ কৰোৱাব বুলি তেওঁ কয়।
উল্লেখ্য দুদিনৰ বাবে মুকলি আকাশৰ তললৈ ওলাই আহিছে শিৱসাগৰৰ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈ।

একাধিক গোচৰত অভিযুক্ত হৈ বৰ্তমান স্বাস্থ্যজনিত কাৰণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে বন্দী হৈ থকা অখিল গগৈক তেওঁৰ বৃদ্ধা মাতৃক সাক্ষাৎ কৰাৰ বাবে দুদিনৰ বাবে মুকলি কৰি দিছিল NIA ৰ আদালতে।

সেইমৰ্মে যোৱানিশা ৯ বজাৰ পিছত জিএমচিএইছৰ পৰা ওলাই আহে অখিল গগৈ। বিধায়ক গগৈয়ে তেওঁৰ বৃদ্ধা মাতৃ প্ৰিয়দা গগৈক সাক্ষাৎ কৰিবলৈ উদগ্ৰীৱ হৈ আছিল।
কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা পোনে পোনে চান্দমাৰীৰ নিজৰাপাৰৰ গৃহলৈ নিয়া হয় অখিল গগৈক।

নিশাই মাতৃক সাক্ষাতৰ বাবে নিয়া হয় যোৰহাটৰ বাসগৃহলৈ। প্ৰায় ডেৰ বছৰৰ অন্তত নিজৰ মৰমৰ ঘৰখনত উপস্থিত হৈছে অখিল গগৈ।

তেওঁ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজৰে যোৰহাটৰ চেলেংহাট গাঁৱলৈ গৈ মাতৃ প্ৰিয়দা গগৈক সাক্ষাৎ কৰে। উল্লেখ্য চাবুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এগৰাকীক ঘুঁচিয়াই দাঁত ভঙা গোচৰত অভিযুক্ত হোৱা গোচৰটো NIA ই লৈছিল।

ইতিমধ্যে, কেইমাহমান পূৰ্বে গোচৰটোত জামিন লাভ কৰিছিল যদিও অলপতে NIA ৰ আদালতে গোচৰটোৰ পৰা দোষমুক্ত কৰে কাৰাৰুদ্ধ অখিল গগৈক।

কিন্তু এতিয়াও যেন অখিল গগৈৰ ডিঙিৰ পৰা NIA ৰ কাঁইটডাল আঁতৰা নাই। এতিয়াও একাধিক গোচৰৰ পৰা মুক্ত হোৱা নাই কাৰাৰুদ্ধ অখিল গগৈ।

ৰাইজৰ দলৰ দাবী —জামিন প্ৰদান কৰি শীঘ্ৰেই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈক মুক্তি দিব লাগে।
উল্লেখ্য কালি দিনত অখিল গগৈৰ মাতৃ আৰু পুত্ৰক সাক্ষাৎ কৰাৰ বাবে নিয়া আদালতে আবেদন মঞ্জুৰ কৰিছিল।

অখিলৰ হৈ অধিবক্তাই আবেদন জনাইছিল নিয়া আদালতত।

ইপিনে, চান্দমাৰী বাসগৃহত উপস্থিত হৈয়েই পুত্ৰ-পৰিবাৰক লগ পাই উৎফুল্লিত হৈ পৰিছিল অখিল গগৈ।