চাৰিদিন ধৰি ১০৮ আৰু ১০২ স্বাস্থ্যসেৱা অচল, তাৰ পিছতো জি ভি কেক প্ৰশ্ন কৰিবলৈ হিমন্তৰ সাহস নাই কিয়? : অখিল গগৈ

নিয়োজিত কৰ্মচাৰীসকলৰ প্ৰতিবাদৰ কাষত কৃষক মুক্তিৰ নেতা অখিল গগৈ। ৮ ছেপ্তেম্বৰত।

চাৰিদিন ধৰি ১০৮ আৰু ১০২ জৰুৰীকালীন স্বাস্থ্যসেৱা অচল কৰি এই সেৱাত নিয়োজিত কৰ্মচাৰীসকলে কৰি থকা প্ৰতিবাদৰ কাষত আজি থিয় দিলে কৃষক মুক্তিৰ নেতা অখিল গগৈ। আজিৰ প্ৰতিবাদস্থলীত উপস্থিত থাকি অখিল গগৈয়ে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয়। “চাৰিদিন ধৰি ১০৮ আৰু ১০২ গাড়ী অচল হৈ থকাৰ পাছতো দক্ষ স্বাস্থ্য মন্ত্ৰী হিমন্তই জি ভি কে কৰ্তৃপক্ষক প্ৰশ্ন কৰিবলৈ সাহস কৰা নাই কিয়?” এইবুলি মন্ত্ৰীজনক পোনপটীয়া প্ৰশ্ন কৰে কৃষক মুক্তিৰ নেতাজনে।

উল্লেখযোগ্য যে যোৱা ৫ ছেপ্তেম্বৰৰ পৰা ১০৮ আৰু ১০২ আৰু ই আৰ অ’ কৰ্মচাৰী সন্থাই লখৰাস্থিত জি ভি কে-ই এম আৰ আইৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কৰি আছে।

তেওঁ লগতে হিমন্তক প্ৰশ্ন কৰি কয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জি ভি কেৰ লগত বুজাবুজি কৰি বাহিৰৰ মানুহক নিয়োগ কৰি থলুৱা যুৱক-যুৱতীসকলক ভাবুকি প্ৰদান কৰিব খুজিছে কিয়? তেওঁ দক্ষ মন্ত্ৰীজনক এই প্ৰশ্নৰ উত্তৰ দিবলৈ আহ্বান জনায়।

কৃষক নেতাগৰাকীয়ে লগতে কয়, “যদি হিমন্ত বিশ্ব শৰ্মাই জি ভি কেৰ পৰা কমিশ্যন লোৱা নাই, তেন্তে জি ভি কে কৰ্তৃপক্ষক এটা ধমক দিয়াৰ সাহস কৰিব পৰা নাই কিয়?”

আনহাতে, ২৪ ঘণ্টাৰ ভিতৰত যাতে কৰ্মচাৰীসকলে কাম কৰিবলৈ ঘূৰি যাব পাৰে, তাৰ বাবে দৰমহা বৃদ্ধি কৰি তথা কামৰ সময় নিৰ্ধাৰণ কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীক দাবী তোলাৰ লগতে কয়, “যদি কৰ্মচাৰীসকলে ৮ ঘণ্টাৰ সলনি ১২ ঘণ্টা কাম কৰিব লাগে, তেন্তে তেওঁলোকক দুগুণ দৰমহা প্ৰদান কৰিব লাগে।

ইয়াৰোপৰি কৃষক নেতাজনে উক্ত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিবৰ বাবে আহ্বান জনাই কয় “কৰ্মচাৰীসকলে দাবী কৰা দৰমহাৰ বাৰ্ষিক বৃদ্ধিও কৰ্তৃপক্ষই প্ৰদান কৰিব লাগে।”

উল্লেখযোগ্য যে প্ৰতিবাদকাৰী কৰ্মচাৰীসকলক জি ভি কে (ই এম আৰ আই) কৰ্তৃপক্ষই ২৪ ঘণ্টাৰ ভিতৰত অৱস্থান ধৰ্মঘট পৰিহাৰ কৰি কৰ্তব্য পালন কৰিবলৈ সকীয়নি দিয়াৰ উপৰি ধৰ্ণা পৰিহাৰ নকৰিলে কৰ্মচাৰীসকলৰ ঠাইত অন্য ৩০০০ প্ৰাৰ্থীক নতুনকৈ নিযুক্তি দিয়া হ’ব বুলিও সকীয়নি দিছিল।

জি ভি কে কৰ্তৃপক্ষৰ এই সকীয়নিৰ পাছতেই তেওঁলোকৰ বিৰুদ্ধে সৰৱ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ।

উক্ত প্ৰতিবাদস্থলীত উপস্থিত হৈ কৃষক নেতাগৰাকীয়ে জি ভি কে কৰ্তৃপক্ষ আৰু  চৰকাৰক প্ৰতিবাদকাৰীসকলৰ দাবীসমূহ মানি ল’বৰ বাবে আহ্বান জনায়। তেওঁ লগতে কয় যে যদি দাবীসমূহ কৰ্তৃপক্ষই মানি নলয় তেন্তে জি ভি কেক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে।

তেওঁ লগতে ১০৮ আৰু ১০২ জৰুৰীকালীন স্বাস্থ্যসেৱাৰ কৰ্মচাৰীসকলৰ কষ্টৰ বিষয়ে স্বীকাৰ কৰি ভাষণ প্ৰসংগত কয়, “জৰুৰীকালীন অৱস্থাত যদি এওঁলোক ঘটনাস্থলীত উপস্থিত হওঁতে ২-৩ মিনিতো পলম হয়, তেন্তে এওঁলোকৰ জীৱনটোৱে ৰিস্কি হৈ পৰে। গাঁৱৰ ৰাইজে প্ৰহাৰ কৰিবলৈ খেদি আহে।”

আনহাতে এনেদৰে প্ৰত্যাহ্বান গ্ৰহণ কৰা কৰ্মচাৰীসকলক যদি পৰিয়ালটো চলাব পৰাকৈ ন্যূনতম দৰমহা নিদিয়ে, তেন্তে উক্ত কৰ্মচাৰীসকলে কেনেকৈ পৰিয়াল পোহপাল দিব পাৰিব বুলিও কৃষক নেতাগৰাকীয়ে প্ৰশ্ন কৰে।

উল্লেখ্য যে, উক্ত প্ৰতিবাদস্থলীতে জি ভি কেৰ অসমৰ তত্ত্বাৱধায়ক সঞ্জয় ঝাক উদ্দেশ্যি অখিল গগৈয়ে কয়, “আপুনি এই কৰ্মচাৰীসকলক ৯৫০০-ৰ পৰা ১২০০০ টকা দৰমহা দিয়ে, মই আপোনাক প্ৰত্যাহ্বান দিছো, আপোনাক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ ১০ হাজাৰ টকা মাহে দিম, আপুনি পৰিয়াল পোহপাল দি দেখুৱাওক।”

আনহাতে এখন ১০৮ বা ১০২ গাড়ীৰ বাবদ ৬জনকৈ কৰ্মচাৰী নিয়োগ কৰিব লাগে বুলি দাবী কৰি কৃষক নেতাগৰাকীয়ে কয় যে বৰ্তমান এখন গাড়ীৰ বাবদ ৩জন, ২জন বা ৪জনকহে নিয়োগ কৰি ৰখা হৈছে। তেওঁ লগতে সন্দেহ প্ৰকাশ কৰি কয় ৬জনক নিযুক্তি দিয়া বুলি দেখুৱাই তেওঁলোকে আনসকল কৰ্মচাৰীৰ দৰমহাৰ ধন আত্মসাৎ কৰি আছে।