আকাশমাৰ্গতে খুলি পৰিল বিমানৰ দুৱাৰঃ যাত্ৰীৰ হাহাকাৰৰ মাজতে জৰুৰী অৱতৰণ

Alaska Airlines

উৰণৰ কিছু সময়ৰ পিছতে আকাশমাৰ্গত আলাস্কা এয়াৰলাইন্সৰ এখন বিমানৰ দুৱাৰ খুলি পৰা ঘটনাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। এই ঘটনাৰ ভিডিঅ’ই বিশ্বজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ।

এই আকস্মিক ঘটনা সংঘটিত হয় আলাস্কা এয়াৰলাইন্সৰ বয়িং ৭৩৭-৯ মেক্স বিমানত। বিমানখন উৰণৰ কিছু সময় পিছতে আকাশমাৰ্গতে মিড কেবিনৰ এখন দুৱাৰ বিমানখনৰ পৰা সম্পূৰ্ণৰূপে পৃথক হৈ পৰে।

বিমানখন পোৰ্টলেণ্ডৰ পৰা অণ্টাৰিঅ’লৈ উৰা মৰাৰ কিছু সময় পিছতে এই বিপৰ্যয়ৰ সন্মুখীন হয়। অৱশ্যে এই আতংকজনক পৰিস্থিতিৰ মাজতো পাইলটসকলে বিমানখন নিৰাপদে অৱতৰণ কৰিবলৈ সক্ষম হয়।

তথ্য অনুসৰি বিমানখনত ঘটনাৰ সময়ত আছিল মুঠ ১৭৪ জন যাত্ৰী আৰু ছয়জন ক্ৰু মেম্বাৰ। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে পাইলটে দক্ষতাৰে বিমানখন পুনৰ পোৰ্টলেণ্ড বিমানবন্দৰত অৱতৰণ কৰে।

বিমানখনত থকা কোনো লোকেই গুৰুতৰভাৱে আহত হোৱা নাই বুলি খবৰ প্ৰকাশ পাইছে। ঘটনাৰ পিছতে আলাস্কা এয়াৰলাইন্সৰ চিইঅ’ বেন মিনিকুচিয়ে এক আনুষ্ঠানিক বিবৃতি যোগে ঘটনাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে।

ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ড আৰু ফেডাৰেল বিমান প্ৰশাসনে এই অনুষ্ঠানৰ তদন্ত কৰি আছে বুলি সদৰী কৰি তেওঁ লগতে তদন্তত সম্পূৰ্ণ সহযোগিতাৰ প্ৰতিশ্ৰুতি দিয়ে।

প্ৰতিখন বিমানক সম্পূৰ্ণ ৰক্ষণাবেক্ষণ আৰু সুৰক্ষা পৰিদৰ্শনৰ পিছত সেৱালৈ ঘূৰাই অনা হ’ব বুলি আশ্বাস দি মিনিকুচিয়ে লগতে বিমানখনৰ যাত্ৰীসকলৰ ওচৰত ঘটনাৰ বাবে ক্ষমা বিচাৰে।