NORTHEAST NOW (Assamese)

ৰাছিয়া-ইউক্ৰেইনৰ দুই মানৱ অধিকাৰ সংগঠনসহ বেলাৰুছৰ এলেছ বিয়ালিয়াটস্কিলৈ ২০২২ বৰ্ষৰ শান্তিৰ নোবেল

October 7, 2022 4:56 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি ঘোষণা কৰা হৈছে চলিত বৰ্ষৰ শান্তিৰ নোবেল বঁটা বিজয়ীৰ নাম। এই সন্মানীয় বঁটা এইবাৰ আগবঢ়োৱা হৈছে যুদ্ধৰত দুই দেশ ৰাছিয়া আৰু ইউক্ৰেইনৰ দুই মানৱ অধিকাৰ সংগঠন ক্ৰমে “মেম’ৰিয়েল” আৰু “চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিজ”ৰ লগতে বেলাৰুছৰ মানৱ অধিকাৰৰ কৰ্মী এলেছ বিয়ালিয়াটস্কিলৈ।

এলেছ বিয়ালিয়াটস্কি ১৯৮০ ৰ দশকত বেলাৰুছৰ গণতন্ত্ৰ আন্দোলনৰ অন্যতম সূচনাকাৰী। বেলাৰুছত গণতন্ত্ৰ আৰু শান্তিপূৰ্ণ বিকাশৰ বাবে এই মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে দীৰ্ঘদিন ধৰি যুঁজ চলাই নিছিল।

আনহাতে ৰাছিয়ান মানৱ অধিকাৰ সংগঠন “মেম’ৰিয়েল”- এ ৰাছিয়াত ৰাজনৈতিক উৎপীড়ন আৰু মানৱ অধিকাৰ উলংঘনৰ বিষয়ত সজাগ হৈ আহিছে।

ইফালে, কিয়েভৰ চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিছে ইউক্ৰেইনত মানৱ অধিকাৰ আৰু গণতন্ত্ৰক আগুৱাই নিছে। সংগঠনটোৱে ইউক্ৰেইনৰ নাগৰিক সমাজক শক্তিশালী কৰিবলৈ আৰু ইউক্ৰেইনক এক সম্পূৰ্ণ গণতন্ত্ৰ হিচাপে গঢ়ি তুলিবলৈ শাসকপক্ষক হেঁচা দি অহাৰ লগতে গণতন্ত্ৰৰ পক্ষত এক শক্তিশালী স্থিতি গ্ৰহণ কৰিছে।

দুই সংগঠন তথা বিয়ালিয়াটস্কিৰ নাম বঁটা বিজয়ী হিচাপে প্ৰকাশ কৰা ঘোষণাটোত বঁটা বিজয়ীসকলে নিজৰ দেশত নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰিছে আৰু নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ অধিকাৰ বিষয়ত প্ৰচাৰ চলাই আহিছে।

ইতিপূৰ্বে চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ নোবেল বিজয়ীসকলৰ নাম ঘোষণা কৰা হৈছে। ৰয়েল চুইডিছ একাডেমী অফ চাইন্সে বিলুপ্ত হোমিনিন আৰু মানৱ বিৱৰ্তনৰ জিনম সম্পৰ্কীয় আৱিষ্কাৰৰ বাবে সোমবাৰে স্বান্তে পাব’লৈ ২০২২ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়াইছিল।

সেইদৰে বুধবাৰে ক্লিক কেমিষ্ট্ৰী আৰু জৈৱ-অৰ্থোগোনেল ৰসায়নৰ বিকাশৰ বাবে কেৰোলিন আৰ. বেৰ্টজি, মৰ্টেন মেলডাল আৰু কাৰ্ল বেৰী শ্বাৰ্পলেছলৈ ৰসায়ন বিজ্ঞানৰ ২০২২ চনৰ নোবেল বঁটা আগবঢ়োৱা হৈছিল।

ইফালে, কোৱাণ্টাম পদাৰ্থ বিজ্ঞানত কৰা গৱেষণাৰ বাবে এলাইন এস্পেক্ট, জন ক্লজাৰ আৰু এণ্টন জেইলিংগাৰক ২০২২ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ী ৰূপে ঘোষণা কৰা হৈছিল। আনহাতে বৃহস্পতিবাৰে ফৰাচী সাহিত্যিক এনি এৰ্ন’ক্সলৈ ২০২২ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছিল।

Related News