লকডাউনৰ সময়ত একেলগে দিন-ৰাতি কটাইছে ৰণবীৰ-আলিয়াই! চাওক এই ভিডিঅ’
বলিউডৰ অভিনেত্ৰী আলিয়া ভাটৰ এটা কিছু পুৰণি ইনষ্টাগ্ৰাম লাইভ চেছন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
ইনষ্টাগ্ৰাম পে’জ ক’এক্সিটৰ (Coexist) এটা লাইভ চেছনটোত আলিয়া ভাটৰ উপৰিও অভিনেত্ৰীগৰাকীৰ কিছু তীক্ষ্ণ অনুৰাগীয়ে কিছু সময়ৰ বাবে বলিউডৰ অভিনেতা ৰণবীৰ কাপুৰকো ধৰা পেলায়।
অনুৰাগীসকলে বুজিবলৈ বাকী নাথাকিল যে, আলিয়া আৰু ৰণবীৰ একেটা বাসগৃহতে দিন-ৰাতি কটাইছে।
লাইভ চেছনটোৰ যিসময়ত আলিয়াই নিজৰ বন্যজন্তুৰ প্ৰতি থকা প্ৰেমৰ কথা বৰ্ণনা কৰি আছিল, সেই সময়তে আলিয়াৰ পাছফালে থকা গ্লাছ ৱালত ৰণবীৰৰ ছাঁটো দেখা পোৱা যায়।
ছাঁটোত দেখা পোৱামতে, আলিয়াই কথা কৈ থাকোতে ৰণবীৰে এটা বগা ছাৰ্ট আৰু ক’লা পেণ্ট পিন্ধি আন এটা কোঠালৈ সোমাই গৈছে।
ভিডিঅ’টোৰ প্ৰতিক্ৰিয়াস্বৰূপে আলিয়াৰ অনুৰাগীসকলে লিখে- “ৱাহ! তেওঁলোকে একেলগে বাস কৰে!”
উল্লেখযোগ্য যে আলিয়া আৰু ৰণবীৰ যোৱা তিনি বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছে।
ৰণবীৰে জনোৱামতে, ২০২০ চনত তেওঁলোকৰ বিবাহৰ কথা আছিল যদিও মহামাৰীৰ বাবে এয়া সম্ভৱ নহ’ল।
বৰ্তমান লকডাউনৰ সময়ত একেলগে বাস কৰিছে।
দুয়োৰে ক’ভিড পজিটিভো হৈছিল।
আৰোগ্য লাভ কৰাৰ পাছত তেওঁলোক ফুৰিবলৈ মালদ্বীপ যায়।