নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলন চলি থকাৰ মাজতে অসমত অসমীয়াক ৰাজ্য ভাষা মানি লোৱা নহ’ব বুলি মন্তব্য কৰা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন৷
আজি মাৰ্ঘেৰিটা মহকুমাৰ লিডুত সংবাদ মাধ্যমৰ আগত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় উপ সভাপতি বিপুল ৰয়ে প্ৰদীপ দত্তৰ ৰয়ক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।
অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা নহয় বুলি মন্তব্য কৰা প্ৰদীপ দত্ত ৰয়ে অসমীয়া আৰু বেংগলী সম্প্ৰদায়ৰ মাজত বিভাজন আনিব খুজিছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা আছিল আৰু থাকিবই’।
তেওঁ লগতে কয় যে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে অসমত অসমীয়া আৰু বেংগলীৰ মাজত সুদীৰ্ঘ বছৰে একতা আৰু ভাতৃবোদ্ধৰ সম্পৰ্ক স্থাপনৰ বাবে কাম কৰি আহিছে।
এনে ক্ষেত্ৰত প্ৰদীপ দত্তৰ দ্বৰে ব্যক্তিৰ উচটনিমূলক মন্তব্যক গুৰুত্ব নিদিবলৈ তেওঁ অসমৰ ৰাইজক আহ্বান জনাই আৰু লগতে অনাগত দিনত অসমবাসীৰ একতাৰ সম্পৰ্কত ব্যাঘাত জন্মাব খোজা যিকোনো ব্যক্তি, দল, সংগঠনৰ বিৰুদ্ধে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন মাত মাতি যাব বুলি কয়।