চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীৰে ৰাজ্যজুৰি সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ অসহযোগ আন্দোলন

WhatsApp Image 2019-08-06 at 3.21.49 PM

অস্থায়ী বিলক্লাৰ্ক সন্থাৰ প্ৰতিবাদ

অসমৰ শক্তি খণ্ডৰ অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰি চাকৰি নিয়মীয়াকৰণ নকৰাৰ প্ৰতিবাদত আজি সদৌ অসম বিলক্লাৰ্ক মিটাৰ ৰিডাৰ সন্থাৰ কৰ্মচাৰী সকলে ৰাজ্যজুৰি অসহযোগ আন্দোলন কাৰ্য্যসূচী ৰূপায়ন কৰে।

সমগ্ৰ অসমৰ লগতে বৰপেটা চহৰতো আজি ৰাতিপুৱা ৯ বজাৰ পৰা এই অসহযোগ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

প্ৰতিবাদকাৰী কৰ্মচাৰী সকলে  ৰাজ্যৰ শক্তিখণ্ডৰ অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰাৰ পাছতো এতিয়ালৈ চাকৰিবোৰ নিয়মীয়াকৰণ কৰা নহল বুলি উল্লেখ কৰে।

প্ৰতিবাদকাৰী সকলে চৰকাৰৰ এনেধৰণৰ সিদ্ধান্তই বিলক্লাৰ্ক মিটাৰ ৰিডাৰসকলৰ জীৱন অনিশ্চয়তাৰ দিশে ঠেলি দিছে বুলি ক্ষোভ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ৰাজ্যৰ ১৫৮ টা বিদ্যুৎ উপ সংমণ্ডলত আজি ৰাতিপুৱাৰে পৰা অসহযোগ আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰা হয়।

প্ৰতিবাদকাৰীসকলে ৯ আগষ্টত গুৱাহাটীৰ বিজুলী ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

আনহাতে, বিজুলী ভৱন ঘেৰাও কাৰ্যসূচীৰ পাছতো যদি শক্তি মন্ত্ৰীয়ে কোনোধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হাতত লোৱা হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে প্ৰতীবাদকাৰীসকলে।