OLA, UBER আউট, peindia ইন; কাইলৈৰ পৰা পথত নচলে OLA, UBER!

WhatsApp Image 2021-09-30 at 3.40.26 PM

দীর্ঘদিনীয়া OLA আৰু UBER নামৰ বহিৰাগত স্বয়ংক্রিয় প্রতিষ্ঠানৰ শোষণৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে সদৌ গুৱাহাটী কেৱ ড্ৰাইভাৰৰ তৰফৰ পৰা সংগ্ৰাম চলি আহিছে।

এই সন্দৰ্ভত আজি কেৱ চালক আৰু যাত্ৰীক দীৰ্ঘদিন ধৰি চলাই অহা শোষণ আৰু লুণ্ঠণৰ প্ৰতিবাদত অল গুৱাহাটী কেৱ ড্ৰাইভাৰ ইউনিয়ন আৰু সদৌ অসম কেৱ মজদুৰ সংঘৰ যুটীয়া সংবাদমেল অনুষ্ঠিত কৰে।

উল্লেখিত প্রতিষ্ঠান কেইটাৰ লগত বহুবাৰ আলোচনা কৰাৰ লগতে সংগঠনৰ তৰফৰ পৰা কেইবাখনো স্মাৰক পত্ৰ দিয়া হয় বুলি সংগঠন কেইটাই জানিবলৈ দিয়ে।

কিন্তু বছৰ বছৰ ধৰি চলি অহা সকলো চেষ্টাক বুঢ়া আঙুলি দেখুৱাই নিজৰ শোষণৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি আহিছে। যাৰ ফল স্বৰূপে সদৌ গুৱাহাটী কেৱ ড্ৰাইভাৰ ইউনিয়ন আৰু সদৌ অসম কেৱ মজদুৰ সংঘ নামৰ ON-LINE CAB ৰ লগত জড়িত সংগঠন দুটাই যুটীয়াভাবে OLA আৰু UBER বৰ্জন কৰি বিকল্প হিচাবে থলুৱা প্ৰতিষ্ঠানক আদৰিবলৈ চেষ্টা অব্যাহত আছে।

তেওঁলোকে দাঙি ধৰা OLA আৰু UBER বৰ্জনৰ কাৰণ সমূহ হ’ল :

১) অধিক মাত্ৰাত COMMISSION (30%-35%) লোৱা।

২)কেবল যাত্ৰীৰ অভিযোগৰ ভিত্তিত চালকৰ একাউন্ট বন্ধ কৰি দিয়া।

৩) OLA আৰু UBER নামৰ প্ৰতিষ্ঠান দুটাৰ চালকৰ সুবিধাৰ অৰ্থে মহানগৰীত কার্যালয় নথকাতো দুর্ভাগ্যজনক কথা।

৪)ALL GUWAHATI CAB DRIVER UNION, ALL ASSAM CAB MOZDUR SANGHA ৰ তৰফৰ পৰা চালকৰ ক্ষতিপূৰণ হিচাবে প্রতিজন চালকৰ একাউন্টত 200000.00 টকা দিবলৈ দাবী জনোৱা হৈছিল, কিন্তু দুয়োটা প্রতিষ্ঠানে, সংগঠনৰ দাবীত কাণসাৰ দিয়া পৰিলক্ষিত নহ’ল।

৫) কেব চালকৰ বিপদৰ সময়ত, বিশেষকৈ ক’ৰোণা ভাইৰাছৰ নিচিনা মহামাৰীৰ সময়ত কোনো ধৰণৰ সহায় আৰু সহযোগ পোৱা ন’গল।

৬) সময়ে সময়ে যাত্ৰীৰ পৰা অধিক হাৰত ভাড়া আদায় কৰা, বিশেষকৈ কার্যলয়লৈ যোৱা সময় আৰু ছুটিৰ সময়ত আৰু উৎসৱ পাৰ্বণৰ সময়ত অতিৰিক্ত নিৰিখত ভাড়া লগাই যাত্রী সকলক শোষণ কৰাতো দুয়োটা প্ৰতিষ্ঠানৰ সহজাত প্রবৃত্তিত পৰিণত হৈছে।

৭) অবৈধভাবে ব্যক্তিগত দুচকীয়া বাহনেৰে ব্যৱসায় চলাই চৰকাৰৰ ৰাজহ ফাঁকি দিয়াৰ লগতে ৰাজহ আদায় দিয়া বাহনৰ গৰাকী সকলৰ ব্যৱসায়ত ক্ষতিগ্রস্ত কৰি আহিছে।

আনহাতে, ১ অক্টোবৰৰ পৰা ola/uber বৰ্জন কাৰ্য্যসূচী লৈছে অল গুৱাহাটী কেৱ ড্ৰাইভাৰ ইউনিয়ন আৰু সদৌ অসম কেৱ মজদুৰ সংঘই। তাৰ বিনিময়ত peindia কেৱ ব্যৱহাৰ কৰিবলৈ আহ্বান সংগঠন দুটাৰ।