৮ জানুৱাৰিত বন্ধ থাকিব সমগ্ৰ ভাৰত; চৰকাৰৰ জন-বিৰোধী নীতিৰ প্ৰতিবাদত ভাগ ল’ব ২৫ কোটি ভাৰতীয়ই

জে এন য়ুত সংঘটিত আক্ৰমণৰ ঘটনাকো গৰিহণা ট্ৰেড য়ুনিয়নবোৰৰ

Bharat Bandh

কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ জন-বিৰোধী নীতিৰ প্ৰতিবাদ কৰিবলৈ অহা ৮ জানুৱাৰিত ট্ৰেড য়ুনিয়নবোৰে সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে।

INTUC, AITUC, HMS, CITU, AIUTUC, TUCC, SEWA, AICCTU, LPF, UTUC আদি ট্ৰেড য়ুনিয়নবোৰৰ উপৰি বিভিন্ন খণ্ডৰ অন্তৰ্গত নোহোৱা শ্ৰমিক সংস্থাবোৰে এই একেলগে এই ধৰ্মঘটৰ কথা ঘোষণা কৰিছে।

ষ্টীল উদ্যোগকে ধৰি বিভিন্ন খণ্ডৰ শ্ৰমিক-কৰ্মচাৰীকে ধৰি চৰকাৰী কৰ্মচাৰী, বেংকৰ কৰ্মচাৰী, শিক্ষক আদিকে ধৰি প্ৰায় ২৫ কোটি ভাৰতীয়ই প্ৰতিবাদত অংশ ল’ব বুলি ট্ৰেড য়ুনিয়নবোৰৰ সূত্ৰই কয়।

সাধাৰণ ধৰ্মঘটৰ বাবে চৰকাৰী, বেচৰকাৰী সেৱাবোৰ বন্ধ হৈ পৰি সমগ্ৰ ভাৰতত স্বাভাৱিক জীৱনযাত্ৰা স্তব্ধ হৈ পৰাৰ সম্ভাৱনা আছে।

১০টা ট্ৰেড য়ুনিয়নে জাৰি কৰে এটা বিবৃতিত কোৱা হৈছে যে চৰকাৰৰ শ্ৰমিক বিৰোধী, জনগণ বিৰোধী, আৰু ৰাষ্ট্ৰ বিৰোধী নীতিবোৰৰ প্ৰতিবাদ কৰিবলৈ এই ধৰ্মঘটৰ আহ্বান জনোৱা হৈছে।

শ্ৰম মন্ত্ৰ্যালয়ে ২ জানুৱাৰিৰ বৈঠকত শ্ৰমিকসকলৰ কোনো দাবীয়েই পূৰণ কৰাটো নিশ্চিত কৰিবলৈ অসমৰ্থ হয় বুলিও বিবৃতিটোত কোৱা হয়।

ট্ৰেড য়ুনিয়নবোৰে ৫ জানুৱাৰিত সংঘটিত জে এন য়ুৰ চৌহদত হোৱা আক্ৰমণৰ ঘটনাকো গৰিহণা দিয়ে। এই আক্ৰমণক গৰিহণা দি ভুক্তভোগী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ কাষত থকা বুলি কোৱা হয়।

বিবৃতিটোৰ মতে, প্ৰায় ৬০টা ছাত্ৰ সংগঠন আৰু কিছু সংখ্যক বিশ্ববিদ্যালয়ৰ নিৰ্বাচিত বিষয়ববীয়ায়ো মাচুল বৃদ্ধি আৰু শিক্ষাৰ বাণিজ্যিককৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ এই ধৰ্মঘটত অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত কৰিছে।