শিৱসাগৰত নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্ব্যনৰ ৮৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

IMG-20200812-WA0014

কালি সমগ্ৰ দেশজুৰি নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন চমুকৈ AISF ৰ ৮৫ সংখ্যক প্ৰতিষ্ঠা দিৱস বিভিন্ন স্তৰৰ কমিটি সমূহে দেশজুৰি পালন কৰিছে।

ইয়াৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা পৰিষদেও এক অগতানুগতিক কায্যসূচী পালন কৰে।

সংগঠনৰ মূল শ্ল’গান Study & struggle ক সাৰোগত কৰি আজি এই ঐতিহাসিক দিনটোত শিৱসাগৰ নগৰৰ বিভিন্ন শিক্ষানুষ্ঠান, শিৱসাগৰ সদৰ থানাৰ লগতে সামাজিক অনুষ্ঠান সমূহত মূল্যবান বৃক্ষ ৰোপণ আৰু বিতৰণ কৰাৰ উপৰিও “EIA ২০২০” অধ্যাদেশ ৰ বিৰূদ্ধে জনমত গঠনৰ উপৰিও NEP ২০২০ ৰ নেতিবাচক দিশ সমূহৰ বিৰুদ্ধেও জনমত কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

উক্ত কাৰ্যসূচীত অংশ গ্ৰহণ কৰি AIYF আৰু AISF ৰ প্ৰাক্তন নেতা কনক গগৈ, AIYF ৰ জিলা সভাপতি অনুপ গগৈ, AISF ৰ প্ৰাক্তন জিলা সম্পাদক ডানিয়ুব বৰুৱা আৰু আহ্বায়ক চাকিলুৰ ৰহমানে AISFৰ প্ৰতিষ্ঠা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে।

উক্ত কাৰ্যসূচীত ভালে কেইজন কেডাৰে অংশ গ্ৰহণ কৰে ।