ৰাজ্য চৰকাৰে যোৱা বছৰ এক নিৰ্দেশনা দিছিল যে চৰকাৰী বিষয়া-কৰ্মচাৰী সকলে নিজ নিজ পৰম্পৰাগত পোচাক পৰিধান কৰি কাৰ্যালয়ত আহিব লাগিব।
বৰ্তমান ৰাজ্য চৰকাৰকে অনুকৰণ কৰি এইবাৰ ডিমা হাচাও জিলাত দেব’লাল গাৰ্লচা নেতৃত্বাধীন পাৰ্বত্য পৰিষদে পৰম্পৰাগত পোচাক পৰিধান ব্যৱস্থা প্ৰণয়ন কৰিবলৈ চুড়ান্ত কৰিছে।
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধীনস্থ চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে প্ৰতি সপ্তাহৰ সোমবাৰে নিজৰ নিজৰ পৰম্পৰাগত পোচাক পৰিধান কৰি কাৰ্যালয়ত আহিব লাগিব।
নিৰ্দেশ উলংঘা কৰা বিষয়া-কৰ্মচাৰীৰ একমাহৰ দৰমহা কৰ্তন কৰা হ’ব। অলপতে বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আনকি পৰিষদৰ চি ই এম, ই এম সকলেও নিজ নিজ পৰম্পৰাগত পোচাক পৰিধান কৰিব লাগিব।
সোমবাৰৰ পৰা অৰ্থাৎ ৪ নৱেম্বৰৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী হ’ব। যোৱা বৃহস্পতিবাৰে স্বায়ত্ত শাসিত পৰিষদৰ অধিবেশনত এই প্ৰস্তাৱ সৰ্বসন্মত ভাৱে গৃহীত হয় আৰু একে দিনাই পৰিষদৰ প্ৰধান সচিবে এখন জাননীও জাৰি কৰিছে।
উল্লেখযোগ্য যে ডিমা হাচাও জিলা ১৪ টাৰো অধিক জাতি-জনগোষ্ঠীৰ বাসভূমি আৰু তেওঁলোকৰ আছে নিজা পৃথক পোচাক। কিন্তু পৰিষদৰ এই নিৰ্দেশনা কিমানদূৰ সফল হয় সেয়া অনাগত দিনত এক লক্ষণীয় বিষয় হ’ব।
যিহেতু পৰম্পৰাগত পোচাকৰ ইছ্যুক লৈ পৰিষদৰ নৰ্মাল বিভাগৰ বিষয়া-কৰ্মচাৰীৰ পৰা মতামত জানিব বিচৰাত তেওঁলোকে এই বিষয়ত অসন্তোষ ব্যক্ত কৰে।