মালাংকোনাত চৰকাৰী বিষয়াক আক্ৰমণৰ ঘটনাত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৫জনলৈ বৃদ্ধি

arrest11

প্রতিনিধিত্বমূলক ফটো

যোৱা ৮ ছেপ্তেম্বৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ২০জনীয়া এটা দলক কামৰূপ জিলাৰ বকোৰ মালাংকোনাত দলবদ্ধ আক্ৰমণ কৰাৰ ঘটনাটোত জড়িত আন এজনক যোৱাকালিৰ নিশা গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ সৈতে ঘটনাটোত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৫জন হ’লগৈ, য’ত দুগৰাকী মহিলাও আছে।

উল্লেখযোগ্য যে ৮ ছেপ্তেম্বৰত অসম-মেঘালয় সীমান্তৰ মালাংকোনা গাৱঁত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াৰ দল এটাক আক্ৰমণ কৰিছিল মেঘালয়ৰ পক্ষত থকা একাংশ লোকে। এই আক্ৰমণটোত বিভাগটোৰ মুখ্য অভিযন্তা সৌম্য কুমাৰ বৰুৱা, অতিৰিক্ত মুখ্য অভিযন্তা গৌতম পাল, কাৰ্যবাহী অভিযন্তা দিগন্ত বৰুৱাকে ধৰি ১৫জনীয়া দল এটাক লক্ষ্য কৰি লোৱা হৈছিল।

আক্ৰমণটোত প্ৰায় ২০০ জন লোক আছিল আৰু মেঘালয়ৰ লোকেই বেছি আছিল বুলি জনা গৈছে। আক্ৰমণ কৰাৰ লগতে দলটোৱে অসমৰ লোকসকলক সীমান্তত বহু সময় আবদ্ধ কৰি ৰাখিছিল। জানিব পৰামতে মনোমোহা জলপ্ৰপাত হৌ-হোৱাক কেন্দ্ৰ কৰি এই সংঘাতৰ আৰম্ভণি হয়। ইয়াক মেঘালয়ৰ একাংশ সমৰ্থকে মেঘালয়ৰ অংশ বুলি দাবী কৰি অসম চৰকাৰৰ আঁচনি ৰূপায়ণত বাধা দিছিল।

আক্ৰমণৰ সন্মুখীন হোৱা জনস্বাস্থ্য বিভাগৰ দলটোৱে সেই সময়ত মালাংকোনা গাওঁখনত ‘ক্লীন ভিলেজ’ আঁচনিৰ বুজ ল’বলৈ গৈছিল। কিন্তু মালাংকোনাক মেঘালয়ৰ বুলি দাবী কৰি আঁচনিৰ বুজ ল’বলৈ যোৱাসকলক অপদস্থ কৰাৰ লগতে আবদ্ধ কৰি ৰাখিছিল। উক্ত ঘটনাত গাওঁখনৰ গাওঁবুঢ়া মুনীন্দ্ৰ চাংমাও আহত হয়।

এই ঘটনাৰ পিছত নিশা বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগেন্দ্ৰ বৰ্মনৰ  নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই হাৰ্বাথ মাৰাক (৪৬) আইলা চাংমা (৪০), টাংমী মাৰাক (২০) আৰু উইলচন মাৰাক (৫০)ক গ্ৰেপ্তাৰ কৰিছিল। যোৱাকালিৰ নিশা গ্ৰেপ্তাৰ কৰা লোকজন হৈছে ইলড্ৰিন কে মাৰাক। গ্ৰেপ্তাৰ কৰা পাঁচজনকে সোমবাৰে জে’ললৈ প্ৰেৰণ কৰা হয়।

আনহাতে চিকিৎসাৰ পিছত গাওঁবুঢ়া মুনীন্দ্ৰ চাংমা  ১০ ছেপ্তেম্বৰত বকো থানাত উপস্থিত হৈ তেওঁক প্ৰাণনাশৰ উদ্দেশ্যে আক্ৰমণ কৰা বুলি প্ৰকাশ কৰে। লগতে ঘটনাটোৰ মূল পৰিকল্পনাকাৰীৰ নামো আৰক্ষীক জনায়।

মুনীন্দ্ৰ চাংমা আৰু তেওঁৰ লগত অহা জয়পুৰ, গোহালিমাৰা, মালাং এন চি ৰাজহ গাঁৱৰ সভাপতি গোবৰ্ধন ৰাভাই মালাংকোনাৰ ঘটনাটোৰ মূল চক্ৰান্তকাৰী গোবিন্দ মাৰাক আৰু গৰ্জন মাৰাক বুলি আৰক্ষীক অৱগত কৰে।

আৰক্ষীয়ে ঘটনাৰ লগতে জড়িত আন ১১জন আক্ৰমণকাৰীক চিনাক্ত কৰিছে। তেওঁলোক ক্ৰমে পূৰ্ণ চাংমা, ৰানল মাৰাক, মনহেন চাংমা, পাৰ্কিন চাংমা, জেদিক চাংমা, মেনপিল চাংমা, আলাছোচ চাংমা, নামচিল মাৰাক, হেনচিন মাৰাক, ইম্বি মাৰাক আৰু আলাবানা চাংমা বুলি জনাইছে।

ইফালে মেঘালয়ৰ আঠীয়াবাৰীৰ আৰক্ষীয়েও জয়পুৰ খ্ৰীষ্টানপাৰা গাঁৱৰ সভাপতি এলউইন মাৰাকক মেঘালয়ৰ সোধা-পোছাৰ বাবে আটক কৰা বুলিও জানিব পৰা গৈছে।