ঘৰ ক্ৰয়ৰ বাবে ৰেহাই দিয়া ‘ক্ৰেডিট লিংক্ড ছাবছিডি স্কীম’ আচলতে কি, কোনে পাব সুবিধা?

i8r8zvac-pmay mew

প্ৰতিনিধিত্বমূলক ফটো

কৰ’না মহামাৰীৰ পৰা সকাহৰ নিমিত্তে চৰকাৰে ২০ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিছে।

এই পেকেজৰ জৰিয়তে দেশৰ ভিন ভিন ক্ষেত্ৰ তথা লোকক সকাহ দিয়াৰ চেষ্টা কৰা হৈছে।

ইয়াৰে অংশ হিচাপে চৰকাৰে ক্ৰেডিট লিংক্ড ছাবছিডি স্কীমৰ সময়সীমা বৃদ্ধি কৰিছে।

এই কথা ঘোষণা কৰি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আৱাস ক্ষেত্ৰই ৭০,০০০কোটি টকাৰ উদগনি লাভ কৰিব বুলি কয়।

এতিয়া প্ৰশ্ন হ’ল এই ক্ৰেডিট লিংক্ড ছাবছিডি স্কীমনো কি আৰু ইয়াৰ লাভ কোনসকলে লাভ কৰিব?

প্ৰকৃততে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫চনত প্ৰধান মন্ত্ৰী আৱাস যোজনা (PMAY)ৰ আৰম্ভণি কৰিছিল।

এই আঁচনিৰ উদ্দেশ্য আছিল লোকৰ নিজৰ ঘৰ এটাৰ সপোন বাস্তৱায়িত কৰা। চৰকাৰৰ এই আঁচনিৰ বাবে কোনোৱে কম সুতৰ হাৰত ঋণো ল’ব পাৰে।

তদুপৰি, এই ঋণৰ সৈতে ছাবছিডি বা ৰাজসাহায্য অৰ্থাৎ ৰেহাইয়ো দিয়া হয়।

ঋণৰ ওপৰত ছাবছিডিক ক্ৰেডিট লিংক্ড ছাবছিডি স্কীম (CLSS) বুলি কোৱা হয়।

চৰকাৰে এই আঁচনি ২০১৭চনত মজলীয়া আয়ৰ লোকসকলৰ বাবে আৰম্ভ কৰিছিল। উদ্দেশ্য আছিল গৃহ ঋণৰ জৰিয়তে গৃহ ক্ৰয়ৰ বাবে উৎসাহিত কৰা।

চৰকাৰে পূৰ্বে এই আঁচনিৰ বাবে সময়সীমা ২০২০চনৰ ৩১মাৰ্চ নিৰ্দ্ধাৰণ কৰিছিল যদিও এতিয়া এই সময়সীমা ২০২১চনৰ মাৰ্চলৈকে বৃদ্ধি কৰা হৈছে।

সেই অনুসাৰে কোনোৱে এতিয়া  ২০২১চ মাৰ্চলৈকে ঋণৰ বাবে আবেদন কৰিব পাৰিব আৰু ছাবছিডিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।

যিসকল লোকৰ বছৰি আয় ৬ৰপৰা ১৮ লাখৰ ভিতৰত তেওঁলোকে ইয়াৰ সুবিধা লাভ কৰিব পাৰিব।

চৰকাৰৰ তথ্য অনুসৰি, এই আঁচনিৰ অধীনত এতিয়ালৈকে ৩.৩২ লাখ পৰিয়াল উপকৃত হৈছে।

সেইদৰে ২০২০-২১বৰ্ষত আন ২.৫০লাখ পৰিয়াল ইয়াৰ উপকৃত হ’ব।