আপুনিও সতৰ্ক হওক; চুৰি হৈছে ১২ লাখ ভাৰতীয়ৰ ডেবিট-ক্ৰেডিট কাৰ্ডৰ তথ্য

credit-card-debit-card

প্ৰতিনিধিত্বমূলক ফটো

আপুনি যদি ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড ব্যৱহাৰ কৰে তেতিয়াহ’লে সতৰ্ক হওক। কিয়নো দেশৰ ১২ লাখতকৈয়ো অধিক লোকৰ ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ তথ্য চুৰি হৈছে।

ছিংগাপুৰৰ প্ৰসিদ্ধ চাইবাৰ সুৰক্ষা সংস্থা গ্ৰুপ আই বি (GROUP IB)ৰ তৰফৰ পৰা এই কথা সদৰী কৰা হৈছে।

সংস্থাটোৱে দাবী কৰিছে যে হেকাৰৰ জৰিয়তে চুৰি কৰা এই তথ্য অনলাইনযোগে  বিক্ৰী কৰি থকা হৈছে।

কোৱা হৈছে যে এয়া ২০১৯ বৰ্ষৰ আটাইতকৈ বৃহৎ চাইবাৰ চুৰিৰ ঘটনা।

প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ট্ৰেক-২ ডাটাও চুৰি হৈছে যিটো কাৰ্ডৰ পিছপিনে মেগনেটিক ষ্ট্ৰীপত লগোৱা থাকে।

ইয়াত গ্ৰাহকৰ প্ৰফাইল তথা তেওঁৰ লেনদেনৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য থাকে।

উল্লেখযোগ্য যে ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ ট্ৰেক-১ ডাটাত মাত্ৰ কাৰ্ডৰ নম্বৰহে থাকে।

আনহাতে, ট্ৰেক-২ ডাটাত গ্ৰাহকৰ প্ৰফাইল তথা তেওঁৰ লেনদেনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য থাকে।

কোৱা হৈছে যে যি ১২ লাখতকৈয়ো অধিক লোকৰ তথ্য হেকাৰৰ জৰিয়তে উলিয়াই নিয়া হৈছে তাৰ ভিতৰত ৯৮ শতাংশ ভাৰতীয় লোক।

সেয়াই নহয়, ইয়াৰ ভিতৰত ১৮ শতাংশ কাৰ্ডেই হৈছে এটা বেংকৰ। অৱশ্যে, এতিয়ালৈকে বেংকটোৰ নাম সদৰী কৰা হোৱা নাই।

গ্ৰুপ আই বিয়ে দাবী কৰা মতে, প্ৰতিখন কাৰ্ডৰ ডাটা হেকাৰে ১০০ ডলাৰ (প্ৰায় ৭ হাজাৰ টকা)ত বিক্ৰী কৰি আছে।

হেকাৰৰ এই প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ আপুনি কি কৰিব? লেনদেন কৰিবলগীয়া কাৰ্ডত সীমিত পইচা জমা ৰাখক।

আপুনি যিখন কাৰ্ডেৰে সাধাৰণতে লেনদেন কৰে তাত প্ৰয়োজন অনুসাৰেহে পইচা জমা ৰাখক।

কোনো সন্দেহজনক লেনদেনৰ সম্ভেদ পালে ততালিকে আৰক্ষী তথা বেংকক ইয়াৰ খবৰ দিয়ক।