চামগুৰিৰ মেৰবিলত উৱলি যোৱা মৃতদেহ উদ্ধাৰ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ শিৱস্থান আৰক্ষী চকীৰ অন্তৰ্গত ভলাগুৰি অঞ্চলত অৱস্থিত মেৰবিলত আজি এজন অচিনাক্ত লোকৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলাতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে ভলাগুৰি অঞ্চলৰ মেৰবিলৰ পানীত আজি স্থানীয় একাংশ লোকে কাপোৰ উপঙি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বিলখনৰ পৰা এটা উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰা উৱলি যোৱা মৃতদেহটো কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শগুণবাহীৰ লক্ষণ মুৰা (৪৫) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

আনহাতে মৃত্যু হোৱা  লোকজন সাতমাহল পূৰ্বে সন্ধানহীন হৈ আছিল বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।