বিদ্যালয় খোলাৰ পাছতেই কৰ’নাৰ সংক্ৰমণ; ৩১গৰাকী ছাত্ৰ-শিক্ষক পজিটিভ

WhatsApp Image 2021-01-11 at 12.51.04 PM

প্ৰতিনিধিত্বমূলক ফটো।

কৰ’নাৰ সংক্ৰমণৰ বাবে বিভিন্ন ৰাজ্যই বিদ্যালয় খোলাক লৈ ভিন্ন মত পোষণ কৰি আহিছে। অসমত বিদ্যালয়সমূহ খুলিছে যদিও ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি তাকৰ দেখা গৈছে।

ৰাজ্যখনত এতিয়ালৈকে বিদ্যালয়সমূহৰ পৰা কৰ’নাত আক্ৰান্ত হোৱাৰ নতুন খৱৰ অহা নাই।

কিন্তু ইয়াৰ মাজতে উৰিষ্যাত বিদ্যালয় খোলাৰ কেইদিনমানৰ ভিতৰতে কৰ’না সংক্ৰমণৰ বাতৰি পোৱা গৈছে।

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ৰাজ্যখনত ৯মাহ ধৰি বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ পাছত যোৱা ৮জানুৱাৰিত ৰাজ্যখনৰ গজপতি জিলাৰ এখন বিদ্যালয়ত দশম আৰু দ্বাদশ শ্ৰেণীৰ ক্লাছ আৰম্ভ হৈছিল।

পিচে, তাত শিক্ষক আৰু ছাত্ৰ মিলি বহুতেই কৰ’নাত আক্ৰান্ত হৈ পৰিছে। জিলাখনৰ মুখ্য স্বাস্থ্য বিষয়াগৰাকীয়ে জানিবলৈ দিছে যে ছাত্ৰ আৰু শিক্ষক মিলি মুঠ ৩১গৰাকীৰ শৰীৰত কৰ’না পজিটিভ ধৰা পৰিছে।

বিগত দুদিনত জিলাখনৰ ২৬গৰাকী শিক্ষকৰ শৰীৰত কৰ’না পজিটিভ ধৰা পৰিছে। ইয়াৰ মাজতে মোহনা জিলাৰ বিদ্যালয়সমূহত সংক্ৰমণৰ সংখ্যা আটাইতকৈ অধিক। জিলাখনত ২১গৰাকী শিক্ষক কৰ’নাত আক্ৰান্ত হৈছে।

স্বাস্থ্য বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে ছাত্ৰকে ধৰি যিসকল কৰ’নাত আক্ৰান্ত হৈছে সেই সকলোৱে লক্ষণবিহীন ৰোগী।

কৰ’না বিধি অনুসৰি, আক্ৰান্ত ছাত্ৰ আৰু শিক্ষকসকলক ঘৰতেই কোৱাৰেন্টাইন কৰা হৈছে। সম্পূৰ্ণ সুস্থ নোহোৱালৈকে তেওঁলোকে আৰু বিদ্যালয়লৈ যাব নোৱাৰিব।

উল্লেখ্য যে বিদ্যালয় খোলাৰ পূৰ্বে প্ৰশাসনে ছাত্ৰ, শিক্ষক আৰু বিদ্যালয়ৰ কৰ্মচাৰীসকলৰ কৰ’না টেষ্ট কৰিছিল।