বজালী মহাবিদ্যালয়ত সংস্কৃত  বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আৰু সম্বৰ্ধনা অনুষ্ঠান

IMG_20181015_202432 (1)

বজালী মহাবিদ্যালয়ৰ সংস্কৃত  বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ উদ্যোগত ১৩-১০-২০১৮ ইং তাৰিখ শনিবাৰে ন-পুৰণি ছাত্ৰ-ছাত্ৰী সন্মিলন আৰু এটি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানটো বিভাগীয় মুৰব্বী আৰু প্ৰাক্তন ছাত্ৰীসকলৰ এটি মংগলাচৰণেৰে আৰম্ভ কৰা হয়। মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ড° চন্দনা শৰ্মাই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে উক্ত বিভাগৰে অধ্যাপিকা ড° ৰশ্মি দেৱীয়ে।

অনুষ্ঠানত মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰতিষ্ঠাপক মুৰব্বী অধ্যাপক প্ৰয়াত বিশ্বেশ্বৰ গোস্বামী দেৱৰ স্মৃতিত স্মৃতি তৰ্পণ কৰে বিভাগীয় মুৰব্বী ড° ৰুণিমা শৰ্মাই আৰু মাল্যাৰ্পণ কৰে উক্ত বিভাগৰে অধ্যাপিকা ড° বনশ্ৰী চৰকাৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ সম্পাদক হেমাংগ পাটগিৰীয়ে।

এই অনুষ্ঠানতেই মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ তিনিজনকৈ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক— ক্ৰমে তৰুণ মিশ্ৰ ভাগৱতী,  উমেশ শৰ্মা আৰু ড° খগেন্দ্ৰ নাথ দেৱ শৰ্মাক সম্বৰ্ধনা জনোৱা হয়।

উল্লেখ্য যে উমেশ শৰ্মাদেৱে মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ আসনো অলংকৃত কৰিছিল। সম্বৰ্ধিত ব্যক্তিসকলে অনুষ্ঠানটোত অতি আৱেগিক হৈ পৰি কৈছিল যে এনে সম্বৰ্ধনা অনুষ্ঠান আৰু ন-পুৰণি ছাত্ৰ-ছাত্ৰী সন্মিলন বিভাগটোত পূৰ্বতে কেতিয়াও অনুষ্ঠিত হোৱা নাই,  এই অনুষ্ঠান বিভাগটোৰ পৰম্পৰা হোৱা উচিত।

অনুষ্ঠানত দুই শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলিত হৈ বিভিন্নজনে নিজৰ নিজৰ মনৰ অনুভৱ ব্যক্ত কৰাৰ উপৰিও মহাবিদ্যালয়ৰ অন্যান্য বিভাগৰ মুৰব্বী অধ্যাপক ক্ৰমে- দেৱপ্ৰসাদ মিশ্ৰ, শিৰীশ শৰ্মা,  ড° কৰুণামোহন শৰ্মা, হেম হালৈদেৱেও তেখেতসকলৰ মনৰ অনুভৱ ব্যক্ত কৰি অনুষ্ঠানটোৰ ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানটো পৰিচালনা কৰে বজালী মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমান অসমীয়া বিভাগৰ অংশকালীন অধ্যাপক হীৰক জ্যোতি তালুকদাৰ আৰু সংস্কৃত বিভাগৰ প্ৰাক্তন ছাত্ৰী অনামিকা ৰয়ে। শেষত সন্মিলনীৰ সভাপতি সীমান্ত শৰ্মাই শলাগৰ শৰাই জ্ঞাপন কৰি অনুষ্ঠানটিৰ সামৰণি কৰে।