এইবাৰ এমাজনতো কাটিব পাৰিব ৰে’লৰ টিকট; পাব কেশ্ববেকৰ সুবিধা

rail

প্ৰতিনিধিত্বমূলক ফটো।

ৰে’লত সঘনাই যাত্ৰা কৰাসকলৰ বাবে ভাল খৱৰ।আইআইচিটিচিৰ ৱেবছাইটৰ পৰা টিকট কাটোতে পোৱা অসুবিধা পোৱাসকলে এতিয়াৰে এমাজন ইণ্ডিয়াৰ পৰাও টিকট কাটিব পাৰিব।

এমাজন ইণ্ডিয়াই ইয়াৰ বাবে আইআৰচিটিৰ সৈতে বুজাবুজিত উপনীত হৈছে।

এমাজনৰ ফালৰ পৰা জানিবলৈ দিয়া মতে, প্ৰাথমিকভাৱে তেওঁলোকে চাৰ্ভিছ চাৰ্জ নলয় আৰু চাৰ্বিছ গেটৱে’ ব্যৱহাৰৰ টকাও ৰেহাই দিয়া হৈছে।

তদুপৰি, প্ৰথমবাৰ টিকট বুক কৰিলে কেশ্ববেক দিয়াৰ কথাও ঘোষণা কৰিছে সংস্থাটোৱে।

ইয়াৰ পূৰ্বে এমাজনত বাছ আৰু বিমানৰ টিকট পোৱা গৈছিল আৰু এইবাৰ ৰে’লৰ টিকটো পোৱা যাব।

এমাজনৰ এপত কোন শ্ৰেণীৰ কিমান টিকট বাকী আছে আৰু কোন আসন খালি আছে সেইবোৰো জানিব পৰা যাব।

এমাজনৰ পে’ বেলেন্স ৱালেটৰ দ্বাৰা টিকটৰ টকা আদায় দিব পাৰিব। এমাজনত পিএনআৰ ষ্টেটাছো চেক কৰিব পৰা যাব।

আনহাতে, যিসকলে এমাজন পে’ ব্যৱহাৰ কৰে তেওঁলোকে বাতিল বা পেমেন্ট কৰিবলৈ যাওতে কোনো কাৰিকৰী ট্ৰুটিৰ সন্মুখীন হ’লে লগে লগেই টকা ঘুৰাই পাব। এণ্ড্ৰইড আৰু আইঅ’এছ এপ দুয়োটাতে এই সুবিধা উপলব্ধ থাকিব।