এয়াৰতেলৰ সহযোগত এমাজনে আজিৰ পৰা ভাৰতত আৰম্ভ কৰিছে প্ৰাইম ভিডিঅ’ প্লেন

index

আজি এমাজনে ভাৰতত পোন প্ৰথমবাৰৰ বাবে প্ৰাইম ভিডিঅ’ ম’বাইল এডিশ্যন মুকলি কৰিছে। এই প্ৰাইম ভিডিঅ’যোগে গ্ৰাহকে মোবাইল স্ক্ৰীণত এছডি কোৱালিটিৰ মনোৰঞ্জনৰ সকলো ধৰণৰ ভিডিঅ’ উপভোগ কৰিব পাৰিব।

ভাৰতী এয়াৰতেলৰ সহযোগিতাত এমাজনে আৰম্ভ কৰা এই প্ৰাইম ভিডিঅ’ মোবাইল এডিশ্যন প্লেন ভাৰতত ৮৯ টকাৰে আৰম্ভ কৰা হৈছে।

ভাৰতত প্ৰাইম ভিডিঅমোবাইল সংস্কৰণ মুকলিৰ অংশ হিচাপে প্ৰি-পেইড পেক থকা সকলো এয়াৰটেল গ্ৰাহকে তেওঁলোকৰ মবাইল নম্বৰ ব্যৱহাৰ কৰি এয়াৰটেল থেংকিউ এপৰ পৰা এমাজনেৰে সংযোগ কৰি ৩০ দিনৰ বিনামূলীয়া পৰীক্ষণ প্লেন লাভ কৰিব পাৰিব।

৩০ দিনৰ বিনামূলীয়া পৰীক্ষণৰ প্লেনৰ পিছত এয়াৰটেলৰ গ্ৰাহকসকলে ৮৯ টকাৰ আৰম্ভণি অফাৰেৰে প্ৰী-পেইড ৰিচাৰ্জৰ যোগেৰে প্ৰাইম ভিডিঅমোবাইল সংস্কৰণ উপভোগ কৰিব পাৰিব।

এই প্লেনত গ্ৰাহকে ৬ জিবি ডাটা ২৮ দিনৰ বাবে প্ৰাইম ভিডিঅবাইল সংস্কৰণ লাভ কৰিব। আনহাতে ২৮ দিনত অসীম ডাটা ব্যৱহাৰৰ বাবে গ্ৰাহকে ২৯৯ টকাৰ পেক বাছনি কৰিব পাৰিব। এই পেকত গ্ৰাহকে প্ৰতিদিনে ১.৫ জিবি ডাটা উপভোগ কৰাৰ লগতে অসীম ফোনকলৰ সুবিধা লাভ কৰিব।

আনহাতে ১৩১ টকা ৰিচাৰ্জেৰে এমাজনৰ ৩০ দিনৰ এমাজন প্ৰাইমৰ সদস্যপদ লাভ কৰিব পাৰিব গ্ৰাহকে। ইয়াৰ বিপৰীতে ৩৪৯ টকাৰ ৰিচাৰ্জ কৰিলে ২৮ দিনৰ ভেলিডিটিৰে দৈনিক ২ জিবি ডাটাৰে অসীম ফোনকলৰ সুবিধা লাভ কৰিব।

আজিৰ পৰা এমাজন প্ৰাইম ভিডিঅ’ সকলোবোৰ ৰিচাৰ্জ প্লেন এয়াৰটেল থেংকিউ এপৰ যোগেদি গ্ৰাহকে কৰি ল’ব পাৰিব।

উল্লেখ্য যে, প্ৰাইম ভিডিঅ’ত গ্ৰাহকে সহ্স্ৰাধিক চিনেমাৰ লগতে টিভিৰ সকলোবোৰ অনুষ্ঠান উপভোগ কৰিব পাৰিব।