• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰৰ মহিলাক ‘কৰ’না বিয়পোৱতা’ বুলি কৈ কোইম্বাটোৰত গ্ৰেপ্তাৰ হ’ল এম্বুলেন্স চালক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2020 6:57 am
Handcuff-1024x594-1140x570

প্রতিনিধিত্বমূলক ফটো

2.3k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ দুগৰাকী মহিলাক ‘কৰ’না বিয়পোৱতা’ বুলি কোৱাৰ অভিযোগত সোমবাৰে কোইম্বাটোৰৰ আৰক্ষীয়ে এজন এম্বুলেন্স চালকক গ্ৰেপ্তাৰ কৰে।

অভিযোগ অনুসৰি, এম্বুলেন্স চালকজনে লগতে মণিপুৰী মহিলা দুগৰাকীক ‘চীনলৈ যোৱা’বুলিও কৈছিল।

জানিব পৰা মতে, তামিলনাডুৰ কোইম্বাটোৰত বিউটিচিয়ান হিচাপে কাম কৰা মণিপুৰী মহিলা দুগৰাকীয়ে এম্বুলেন্স চালকজনে তেওঁক ‘কৰ’না বিয়পোৱতা’ বুলি কোৱাৰ পাছত চহৰখনৰ আৰক্ষীৰ ওচৰত এটা গোচৰ দিয়ে।

অভিযুক্তজনক থেনি জিলাৰ বাসিন্দা ২৭ বছৰীয়া এম ভিগনেশ বুলি চিনাক্ত কৰা হৈছে।

এম্বুলেন্স চালক হিচাপে কাম কৰা ভিগনেশে কোইম্বাটোৰৰ আজাগেছান ৰোডত থকা ছাবিবা কল’নিত বাস কৰে।

অভিযোগ অনুসৰি, দেওবাৰে সন্ধিয়া  ক্ৰমে ২১ আৰু ২৩ বছৰীয়া মহিলা দুগৰাকীয়ে আজাগেছান ৰোডত খোজ কাঢ়ি যাওতে ভিগনেশৰ মুখামুখি হৈছিল।

‘’প্ৰথমতে, তেওঁ ভদ্ৰভাৱে কথা পাতিছিল আৰু আমাক তেওঁৰ ভনী বুলি সম্বোধন কৰিছিল। অৱশ্যে, পাছত তেওঁ আমাক চীনলৈ ঘুৰি নগৈ কিয় ৰাস্তাত ঘুৰি ফুৰিছা বুলি প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল,’’-মহিলা দুগৰাকীৰ উদ্ধৃতিৰে বাতৰিত এইদৰে কোৱা হৈছে।

‘’আমি যদিও তেওঁক কৈছিলো যে আমি ভাৰতৰেই মণিপুৰৰ, তেওঁ আমাক‘কৰ’না বিয়পোৱতা’ বুলি কৈছিল,’’-এগৰাকী মহিলাই কয়।

‘’তেওঁ আমাক আক্ৰমণ কৰাৰ লগতে গালিও দিয়ে,’’-তেওঁ কয়।

‘’মই মোৰ মোবাইল কেমেৰাত ঘটনাটো ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলো আৰু তেওঁক ক্ষমা খুজিবলৈ কৈছিলো। অৱশ্যে, তেওঁ সেয়া অস্বীকাৰ কৰিছিল,’’-তেওঁ লগতে জানিবলৈ দিয়ে।

মহিলা দুগৰাকীৰ ঘৰ মণিপুৰৰ চুড়াচান্দপুৰ জিলাত।

মহিলা দুগৰাকীয়ে আজাগেছান ৰোডত থকা এটা ভাড়াঘৰত থাকে।

অভিযোগকাৰীৰ মাজৰ এগৰাকীয়ে লগতে কয় যে তেওঁ এনে পৰিস্থিতিৰ সন্মুখীন হোৱা এইটোৱেই প্ৰথম ঘটনা নহয়।

তেওঁ কয় যে যেতিয়া তেওঁলোকে গেলামালৰ বজাৰ কৰিবলৈ যায় তেতিয়াও কিছুমানে তেওঁলোকক ‘কৰ’না’ বুলি কয়।

এনেধৰণৰ বৈষম্য সহ্য কৰিব নোৱাৰি বুলি প্ৰকাশ কৰি অভিযোগকাৰীয়ে কয় যে তেওঁলোকে এতিয়া মণিপুৰৰ গৃহ চহৰলৈ উভতি যাব।

Recent News

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd