চিমনিত বগা ধোঁৱা ওলাল। পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত হ’ল। কাৰ্ডিনেল ৰবাৰ্ট ফ্ৰান্সিছ প্ৰেভষ্টক ২৬৭ নং পোপ হিচাপে নিৰ্বাচিত কৰা হয়। তেওঁৰ নাম হ’ব পোপ চতুৰ্দশ লিঅ’।
৬৯ বছৰীয়া কাৰ্ডিনেল ৰবাৰ্ট ফ্ৰান্সিছ প্ৰেভষ্ট আমেৰিকাৰ বাসিন্দা। জন্ম চিকাগোত। এইবাৰ প্ৰথমবাৰৰ বাবে আমেৰিকাৰ বাসিন্দাক নতুন পোপ হিচাপে নিৰ্বাচিত কৰা হৈছে।
২১ এপ্ৰিলত পোপ ফ্ৰান্সিছৰ মৃত্যুৰ পিছত বুধবাৰে ভেটিকানত সম্পূৰ্ণ গোপনে পৰৱৰ্তী পোপ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰক্ৰিয়া অনুষ্ঠিত হয়। নিৰ্বাচনত অংশগ্ৰহণ কৰা ১৩৩ গৰাকী কাৰ্ডিনেল মঙলবাৰে তাত উপস্থিত হয়।
ভোটদানৰ পৰ্ব শেষ হৈ নতুন পোপ নিৰ্বাচিত নোহোৱালৈকে সমগ্ৰ ভেটিকান চহৰত মোবাইল নেটৱৰ্ক বন্ধ কৰি ৰখা হৈছিল যাতে কেথলিক সমাজৰ এই গুৰুত্বপূৰ্ণ খবৰ ৰাজহুৱা নহয়।
যোৱা মাহত পোপ ফ্ৰান্সিছৰ মৃত্যু হয়। বুধবাৰৰ পৰা ভেটিকানৰ চিষ্টিন চেপেলত তেওঁৰ স্থান কোনে ল’ব সেইটো নিৰ্ণয় কৰিবলৈ কেথেড্ৰেলসমূহে একত্ৰিত হৈছিল। বৃহস্পতিবাৰে তেওঁলোকে পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত কৰে।
প্ৰায় ৭৫০ বছৰ ধৰি একে পদ্ধতিৰে পোপ নিৰ্বাচিত হৈ আহিছে। কোৱা হয় যে এইটোৱেই হৈছে পৃথিৱীৰ আটাইতকৈ গোপন নিৰ্বাচন পৰ্ব। উল্লাসিত ৰাইজৰ আগত ইটালী ভাষাত ৬৯ বছৰীয়া পোপগৰাকীয়ে কয় যে “প্ৰিয় ভাই-ভনীসকল, এইটো পুনৰুত্থিত খ্ৰীষ্টৰ প্ৰথম অভিবাদন।”
তেওঁ লগতে কয়, “তোমালোক য’তেই নাথাকা কিয়, তোমালোকৰ সকলোৰে পৰিয়ালৰ বাবে শান্তি কামনা কৰিব বিচাৰিছো। তোমালোক সকলোৰে ওপৰত শান্তি বৰ্ষিত হওক।”
পোপ বেলকনিত উপস্থিত হোৱাৰ আগতেই উল্লাসিত জনতাক “ভিভা পাপা” ধ্বনি দিয়া দেখা যায়, ইটালী ভাষাত যাৰ অৰ্থ “পোপ দীৰ্ঘজীৱী হওক”।