NORTHEAST NOW (Assamese)

এই পৰিস্থিতিত কেন্দ্ৰৰ সৈতে শান্তি চুক্তিত যোৱাত নাই: অনুপ চেতিয়া

December 15, 2019 9:09 pm · কল্পজ্যোতি শইকীয়া

নাগৰিকত্ব (সংশোধন) আইন ২০১৯ক লৈ অসমত চলিত পৰিস্থিতিত আলফা কেন্দ্ৰৰ সৈতে শান্তি চুক্তিলৈ নাযায় বুলি আলফা নেতা অনুপ চেতিয়াই মন্তব্য কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা অন্তিম পৰ্য্যায়ত থকা বুলি অনুপ চেতিয়াই কিছুদিন পূৰ্বে মন্তব্য কৰিছিল।

‘কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনা সফল নে বিফল আমি সেইটো নকওঁ। কিন্তু কেবক লৈ যি পৰিস্থিতিৰ সৃষ্টি হৈছে, এই পৰিস্থিতিৰ মাজত আমি চুক্তিলৈ যোৱাৰ পক্ষত নাই।’, চেতিয়াই এইদৰে কয়।

সংশোধিত আইনখনে অসম আৰু ত্ৰিপুৰাৰ বেছিকৈ ক্ষতি কৰিব বুলিও তেওঁ দাবী কৰে।

‘কেবখন আইনত পৰিণত হোৱাৰ পাছত ত্ৰিপুৰা আৰু অসমতে বেছিকৈ ক্ষতি হ’ব। ৰাইজৰ লগত সদায় আছো, ৰাইজৰ বিৰুদ্ধে আমি কেতিয়াও যাব নোৱাৰো। ৰাইজ যিহেতু ভাৰত চৰকাৰৰ সৈতে চুক্তি হোৱাৰ পক্ষত নহয়, গতিকে আমি কেতিয়াও চুক্তিৰ পক্ষত নাযাওঁ।’, চেতিয়াই কয়।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদৰ মাজতে কৃষক নেতা অখিল গগৈ আৰু আলোচনাপন্থী আলফা নেতা জিতেন দত্ত গ্ৰেপ্তাৰ হোৱাৰ পাছতে চেতিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁ কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰামত সবলভাৱে জিতেন দত্ত আৰু অখিল গগৈয়ে অংশগ্ৰহণ কৰিছিল। জিতেন দত্ত এসময়ত সশস্ত্ৰ সংগ্ৰামৰ পন্থী আছিল যদিও অস্ত্ৰ সংগ্ৰাম এৰি গণতান্ত্ৰিক ধাৰাত আন্দোলন কৰিবলৈ আহিছিল। তেওঁ বক্তব্য দিছিল যদিও সেয়া যুদ্ধ দিব খোজা বক্তব্য নাছিল।’

‘এটা কথা ঠিক অসমীয়াৰ ক্ষোভৰ প্ৰভাৱ যোৱা দুই-তিনিদিন ধৰি চলিছিল। এতিয়াও বহু ক্ষোভ অসমীয়াৰ মনত পুঞ্জীভূত হৈ আছে, তাৰে বহিঃপ্ৰকাশ ঘটিল। এই ক্ষোভটো থাকি যাব। চৰকাৰে যদি ভাবে এই পুঞ্জীভূত ক্ষোভবোৰ কামত লগাব, তেন্তে সেয়া কেতিয়াও হৈ নুঠে।’, চেতিয়াই কয়।

Related News