পঞ্চায়ত নিৰ্বাচনৰ হুলস্থূলৰ মাজতে আত্মপ্ৰকাশ নতুন উগ্ৰপন্থী সংগঠনৰ

amid-panchayat-election-new-extremist-organisation-shows-face-in-assam

সংগঠনটোৰ প্ৰে’ছ বিবৃতি। ছবি- নৰ্থ ইষ্ট নাও।

অসমত পঞ্চায়ত নিৰ্বাচনৰ হূলস্থূলৰ মাজতে আত্মপ্ৰকাশ কৰিছে ডিমাচা নেচনেল আৰ্মি (ডি এন এ’) নামৰ এটা উগ্ৰপন্থী সংগঠনে।

তাৎপৰ্য্যপূৰ্ণভাৱে সুকীয়া ৰাষ্ট্ৰ, ৰাজ্য বা স্বায়ত্ত শাসন একোৰে দাবীদাৰ নহয় এই সংগঠনটো। ডিমাচাসকল আৰু ডিমা হাচাও জিলাৰ সুৰক্ষাৰ লক্ষ্যৰে আত্মপ্ৰকাশ কৰা বুলি ঘোষণা কৰিছে উগ্ৰপন্থী সংগঠনটোৰ প্ৰচাৰ সচিব খিম ডিমাচাই।

মূলতঃ বহিৰাগতৰ আগ্ৰাসনৰ পৰা নিজ ভূখণ্ডক সুৰক্ষিত কৰি ৰখাৰ বাবে তেওঁলোকে আত্মপ্ৰকাশ কৰিছে বুলি ঘোষণা কৰিছে সংগঠনটোৱে। “এখন ঠাই কেনেকৈ সুৰক্ষিত হ’ব যদি তাত কোনো প্ৰহৰী নাথাকে? ডি এন এ হ’ব ডিমাচা বা ডিমা হাচাওৰ প্ৰহৰী। সাধাৰণ ৰাইজক হাৰাশাস্তি বা নিজ ভূখণ্ডক ধ্বংস নহয়, ৰক্ষাৰ কাৰণে আমি কাম কৰিম। জিলাখনৰ সামগ্ৰিক সুৰক্ষাৰ লগতে উঠি অহা প্ৰজন্মৰ বাবেই ডি এন এ’ৰ আত্মপ্ৰকাশ,” নৰ্থ ইষ্ট নাও-ক জনালে খিম ডিমাচাই।

সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ জন ডিমাচা বুলি সদৰী কৰিছে প্ৰচাৰ সচিবজনে।

ইপিনে সংগঠনটোৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে ডিমা হাচাও আৰক্ষীয়ে। আৰক্ষী সূত্ৰৰ দাবী আগন্তুক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত আতংকৰ পৰিৱেশ সৃষ্টিৰে সহজ উপায়েৰে ধন ঘটাৰ বাবে এই সংগঠনটো খোলা হৈছে।

শেহতীয়াকৈ জিলাখনত সংঘটিত অপহৰণৰ লগতে ৪ খনকৈ কাঠভৰ্তি ট্ৰাকত জুই লগাই দিয়াৰ দায়িত্ব সংগঠনটোৱে প্ৰত্যক্ষভাৱে স্বীকাৰ কৰা নাই যদিও সংগঠনটো কিছুমান কাৰ্যত জড়িত থকাৰ পৰোক্ষ ইঙ্গিত দিয়ে খিমে।