NORTHEAST NOW (Assamese)

ক’ভিড-১৯ৰ দ্ৰুত সংক্ৰমণ; গোলাঘাট জিলাত দুটা কন্টেইনমেণ্ট জ’ন ঘোষণা

May 7, 2021 6:59 am · মীনাক্ষী ফুকন
প্রতিনিধিত্বমূলক ফটো।

ক’ভিড -১৯ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলাত বৃহস্পতিবাৰে দুটা কন্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

জিলাখনৰ বোকাখাতৰ বৰচাপৰি বাগিচা গাঁৱত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে।

কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা অঞ্চলটোৰ উত্তৰে ৰাজগড় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, দক্ষিণে কাৰ্বি আংলং জিলাৰ দুৱাৰ বাগৰি মৌজা, পূবে বেহৰা চাহ বাগিচা আৰু পশ্চিমে লখৌজান গাঁও আৰু লখৌজান চাহ বাগিচাক এই কন্টেইনমেণ্ট জ’নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

আনহাতে, দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰকো কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে।

উত্তৰে আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ ১ নং গেট, দক্ষিণে বিটিচি তিনিআলিৰ সমীপৰ অসম আৰক্ষীৰ পুৰণা প্লেয়াৰ বেৰেক, পূবে কেন্দ্ৰৰ অধ্যক্ষৰ কাৰ্যালয় আৰু ফেমিলি লাইন কেম্পাছ আৰু পশ্চিমে ৰিক্ৰুইট ট্ৰেইনিং চেণ্টাৰ চাৰিআলিক কন্টেইনমেণ্ট জ’নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Related News