কাল কৰ’নাত বিধ্বস্ত বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰ; কোটিটকীয়া হংস বাহনত এতিয়া ঘুণে ধৰা অৱস্থা

WhatsApp Image 2021-08-10 at 12.13.14 PM

বিশ্বনাথত পৰ্যটনৰ বিশেষ আকৰ্ষণ হৈ অহা 'হংস বাহন' পৰিত্যক্ত অৱস্থাত। ফটো: নৰ্থইষ্ট নাও।

অতিমাৰী কৰ’নাই দেশৰ আন পৰ্যটন ক্ষেত্ৰৰ দৰেই বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰলৈও দুৰ্যোগ নমাই আনিছে।

কিয়নো কেৰেলাৰ নদী পৰ্যটনৰ আৰ্হিত বিশ্বনাথৰ পৰ্যটন অনুৰাগী ড° কিশোৰ হাজৰিকাই ২০১৭ চনত কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথ ঘাটত নিৰ্মাণ কৰিছিল এখন জাহাজ। নাম দিছিল ‘হংস বাহন’।

এই হংস বাহনত আছিল ৭ টাকৈ শীত-তাপ নিয়ন্ত্ৰিত কোঠা, এটা বৃহৎ ডাইনিং হল।

এই হংস বাহনত উঠিয়েই বিশ্বনাথলৈ অহা দেশী বিদেশী বহু পৰ্যটকে বিশাল ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভা পৰিদৰ্শন কৰাৰ লগতে শিলঘাটলৈকে নৌকা যাত্ৰাৰ আমোদ লৈছিল।

প্ৰায় কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই হংস বাহন খন ২০১৯ চনলৈকে  বিশ্বনাথৰ নদী পৰ্যটনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা লৈছিল যদিও ২০২০ চনৰ পৰা কৰ’নাৰ বাবে থমকি ৰ’ল ‘হংস বাহন’ৰ যাত্ৰা।

কিয়নো কৰ’নাৰ গণ সংক্ৰমণৰ সময়ত দিয়া লকডাউনৰ বাবেই গুপ্তকাশী বিশ্বনাথ ঘাটলৈ আহিব নোৱাৰা হ’ল দেশী বিদেশী পৰ্যটক।

এইবাৰো যোৱা মে’ মাহৰ পৰা কৰ’নাই জটিল ৰূপ ধাৰণ কৰাৰ বাবেই পৰ্যটকহীন হৈ পৰিল গুপ্তকাশী বিশ্বনাথ ঘাটৰ মঠ মন্দিৰ, নদীদ্বীপ উমাটুমণি আৰু নদী দ্বীপটোত থকা গ্ৰীণ আছিয়ানা ইক’ ৰিজৰ্ট।

ফলত এতিয়া পৰ্যটকৰ অভাৱৰ বাবেই ব্ৰহ্মপুত্ৰৰ বালিচৰত পৰি ৰৈছে হংস বাহন খন। এৰাই পৰিছে জাহাজখনৰ অত্যাধুনিক কোঠাৰ চিলিং। বিকল হৈ পৰিছে জাহাজ খনৰ দুটাকৈ ইঞ্জিন।

আনহাতে, কৰ্ম সংস্থাপনহীন হৈ পৰিছে জাহাজ খনত থকা ১০ জনকৈ কৰ্মচাৰী। যাৰ বাবে এতিয়া বিশ্বনাথত নদী পৰ্যটনক এক নতুন মাত্ৰা দিবলৈ চেষ্টা কৰা এই অত্যাধুনিক ব্যৱস্থা আজি এক কৰুণ পৰিসমাপ্তিৰ পথত।