১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ এ আই য়ু ডি এফৰ বিতৰ্কিত বিধায়ক আমিনুল ইছলামক

নগাওঁ জিলা কাৰাগাৰ ঠিকনা হ’ল বিতৰ্কিত বিধায়ক আমিনুলৰ

ক’ৰ’না ভাইৰাছৰ বাবে স্থাপন কৰা আইছ’লেশ্যন কক্ষক লৈ বিতৰ্কিত মন্তব্য কৰা ধিং সমষ্টিৰ এআইয়ুডিফৰ বিধায়ক আমিনুল ইছলামক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে নগাঁও জিলা  দণ্ডাধীশ আদালতে।

সোমবাৰে নিশাৰ পৰা নগাঁও আৰক্ষীয়ে ধিঙৰ বাসগৃহত বিধায়কগৰাকীক সোধ-পোছ কৰি আজি ৰাতিপুৱা প্ৰায় ৫ বজাত গ্ৰেপ্তাৰ কৰি নগাঁও সদৰ থানালৈ লৈ আহে। তাৰ পাছতে দুপৰীয়া ভাগত আমিনুলক নগাঁও জিলা দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয়।

আৰক্ষীয়ে ইছলামক ১৪ দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

আমিনুল ইছলামৰ বিৰুদ্ধে নগাওঁ আৰক্ষীয়ে ৮৭৭/ ২০২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/১৫৩(এ)/১২৪(এ)/২৯৫(এ) গোচৰ ৰুজু কৰিছিল।

উল্লেখযোগ্য যে, ক’ৰ’নাক লৈ ধিং সমষ্টিৰ এআইয়ুডিএফৰ বিধায়ক আমিনুল ইছলামে ভয়ংকৰ অপপ্ৰচাৰ চলোৱাৰ তথ্য পোহৰলৈ আহিছিল।

ক’ৰ’না ৰোগীৰ বাবে স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰক  ডিটেনশ্যন চেণ্টাৰতকৈও ভয়াবহ বুলি এক টেলিফোনিক বাৰ্তালাপত উল্লেখ কৰাৰ লগতে ৰোগী সকলক বেজী দি মৃত্যুৰ ষড়যন্ত্ৰ কৰিছে বুলি ইছলামে কৈছিল।

বিধায়ক গৰাকীৰ মন্তব্যই ৰাজ্যখনৰ ইছলামধৰ্মী লোকক বিপথে পৰিচালিত কৰাৰ অভিযোগ উঠিছিল।

বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে আমিনুল ইছলামক জেৰা চলাবৰ বাবে নগাঁও আৰক্ষীক অনুমতি দিছিল বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জানিবলৈ দিয়ে। জেৰাৰ অন্তত আৰক্ষীয়ে আমিনুলৰ বিৰুদ্ধে বিভিন্ন তথ্য-পাতি লাভ কৰাত গ্ৰেপ্তাৰৰ বাবেও বিধান সভাৰ অধ্যক্ষই অনুমতি প্ৰদান কৰা বুলি জানিবলৈ দিয়ে।

‘কালি আৰক্ষী প্ৰশাসনে নিশা ৯ বজাত ফোনযোগে যোগাযোগ কৰি সমগ্ৰ বিষয় মোক জনাইছিল আৰু ইছলামক সোধ-পোচ কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছিল। যিহেতু বৰ্তমান পৰিস্থিতি গভীৰ হৈ আছে, ক’ৰ’নাৰ বাবেই গোটেই দেশ ল’কডাউনত আছে তেনে ক্ষেত্ৰত যদি ক’ৰ’নাত প্ৰতিহত কৰাৰ বাবে কাম নকৰি বিয়পোৱাৰ কামত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ থাকে, তেনেক্ষেত্ৰত তেওঁক সোধ-পোচ কৰাত বাধা দিয়াত মই কোনো যুক্তি বিচাৰি নাপালো। দেশৰ বৃহৎ স্বাৰ্থত তেওঁক জেৰা কৰিবলৈ অনুমতি দিয়া হ’ল। পাছত পুৱা মোক ফোন কৰি আৰক্ষীয়ে প্ৰয়োজনীয় তথ্য-পাতি আৰক্ষীয়ে বিচাৰি পোৱা বুলি ক’লে আৰু আটক কৰিবলৈ অনুমতি বিচাৰিছিল। যিহেতু মই আইনৰ উৰ্দ্ধত নহয়, গতিকে মই আৰক্ষীক ফ্ৰী হেণ্ড দিছো যাতে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।‘ বিধান সভা অধ্যক্ষগৰাকীয়ে এইদৰে কয়।