‘যোৱা ৫ বছৰে অসমত নাই প্ৰতিবাদ, আৰক্ষীৰ গুলীত মৃত্যু হোৱা নাই কোনো প্ৰতিবাদকাৰীৰ’ ; কোন এই মিথ্যাচাৰী?

SHAH-NADDA-750x375

অসম বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ সভাবোৰ শাসক-বিৰোধীৰ ষ্টাৰ কেম্পেনাইৰে ভৰি পৰিছে। ভোটাৰৰ মন ভুলোৱাৰ বাবে অহোপুৰুষাৰ্থ কৰিছে এই ষ্টাৰ কেম্পাইনাসকলে।

এই দৌৰত সবাটোতকৈ আগত আছে শাসকীয় দল বিজেপি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীকে আদি কৰি বিজেপিৰ বহু কেন্দ্ৰীয় মন্ত্ৰী তথা শীৰ্ষ নেতাই অসমত নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰক আকৰ্ষণ কৰিবলৈ চালাকি কথাৰে ভুলোৱা দেখা গৈছে।

এই ষ্টাৰ কেম্পেইনাৰসকলে ভোটাৰক কেৱল চালাকি কথাৰে ভুলোৱাতেই সীমাৱদ্ধ হৈ থকা নাই, চূড়ান্ত মিথ্যাচাৰেৰো আশ্ৰয় লোৱা দেখা গৈছে।

সোমবাৰে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই মিথ্যাচাৰৰ চূড়ান্ততম সীমাও অতিক্ৰম কৰা দেখা গ’ল।

সোমবাৰে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে অসমত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাৰে পৰা যোৱা পাঁচটা বছৰত অসমৰ ক’তো কোনো ধৰ্ণা-প্ৰতিবাদ-আন্দোলন হোৱা নাই আৰু আৰক্ষীৰ গুলীত মৃত্যু হোৱা নাই এজনো লোকৰ।

ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই নিৰ্বাচনী প্ৰচাৰ সভাত কয় যে অসমৰ বিজেপি নেত্বতাধীন চৰকাৰৰ দিনত যোৱা পাঁচ বছৰে সান্ধ্য আইন জাৰি কৰিবলগীয়া কোনো পৰিস্থিতিৰেই সৃষ্টি হোৱা নাই।

বিজেপিৰ এই দুই ৰাষ্ট্ৰীয় নেতাই কোৱাৰ দৰে সঁচাকৈয়ে সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিন অসমত আইন শৃংখলাজনিত কোনো সমস্যাৰ সৃষ্টি হোৱা নাছিল নে? হোৱা নাছিল কোনো প্ৰতিবাদ-আন্দোলন-ধৰ্ণা আদিৰ? সঁচাই আৰক্ষীৰ গুলীত যোৱা পাঁচ বছৰে অসমত কোনো লোকৰ মৃত্যু হোৱা নাছিল নে?

হয়, সৰ্বানন্দ সোণোৱালৰ বিজেপি চৰকাৰৰ দিনতেই অসমৰ ইতিহাসত প্ৰথমবাৰ প্ৰায় ১০ দিনৰো অধিক ইন্টাৰনেট সেৱা বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল, জাৰি কৰা হৈছিল ১৪৪ ধাৰা। অচল হৈ গৈছিল জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা। সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনতে ‘৮০ৰ অসম আন্দোলনৰ প্ৰচ্ছায়া দেখা পাইছিল অসম আন্দোলনৰ সাক্ষী অসমৰ বয়োজ্যেষ্ঠ নাগৰিকসকলে।

ৰাজপথত জ্বলা টায়াৰৰ ক’লা ধোঁৱাই আকাশ ছানি ধৰিছিল। চহৰ-নগৰ-গাঁৱৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, বজাৰ-সমাৰ আদি হৈ পৰিছিল সম্পূৰ্ণৰূপে বন্ধ।

‘কা’ বিৰোধী আন্দোলনে এসপ্তাহৰো অধিক দিন অসমৰ জন-জীৱন সম্পূৰ্ণপৰূপে স্তব্ধ কৰিছিল। আন্দোলনকাৰীৰ ওপৰত আৰক্ষীয়ে নিমৰ্মভাৱে গুলী আৰু লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ আৰু পানী হিলৈ প্ৰয়োগ কৰিছিল।

ইমানেই নহয় আৰক্ষীয়ে পাঁচজনকৈ প্ৰতিবাদী যুৱকক গুলীয়াই হত্যা কৰিছিল। আনকি গুলীয়াই হত্যা কৰিছিল চেন ষ্টাফ’ৰ্ড নামৰ ১৭ বছৰীয়া কিশোৰগৰাকীক। আৰক্ষী গুলীয়ে বুকু ভেদ কৰি যোৱাৰ ফলত গুৱাহাটীৰ ৰাজপথত ধলি পৰিছিল প্ৰতিবাদকাৰীৰ ৰক্তাক্ত নিঠৰ দেহ।

বহু প্ৰতিবাদকাৰী আৰক্ষীৰ লাঠীৰ কোবত আহত হৈছিল। কাৰাৰুদ্ধ কৰা হৈছিল প্ৰতিবাদী সংগঠনৰ বহু নেতা কৰ্মীক।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহু নেতা কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল। কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ বিটু সোণোৱাল, মানস কোঁৱৰহঁতৰ দৰে নেতাক NIAৰ গোচৰ লগাই কাৰাৰুদ্ধ কৰা হৈছিল। কা বিৰোধী আন্দোলনক স্তিমিত কৰাৰ স্বাৰ্থতে অখিল গগৈক এটাৰ পিছত আন এটা ভুৱা গোচৰ জাপি দি আৰু পুৰণি গোচৰ উকটি কাৰাৰুদ্ধ কৰি ৰাখিছিল। এতিয়াও কাৰাৰুদ্ধ হৈয়ে আছে অখিল গগৈ।

ৰাজ্যখনৰ প্ৰতিখন সৰু-বৰ চহৰ, গাঁৱে-ভূঞে প্ৰতিবাদকাৰী জনতাই কা বিৰুদ্ধে প্ৰৱল প্ৰতিবাদী আন্দোলন গঢ়ি তুলিছিল। উজনি-নামনি, উত্তৰ-দক্ষিণ আনকি বৰাক উপত্যকাকো কা বিৰোধী আন্দোলনে কঁপাই তুলিছিল। আন্দোলনৰ প্ৰাৱল্যত বন্ধ হৈ গৈছিল ৰাজ্য সকলো শিক্ষানুষ্ঠান, অফিচ-কাছাৰী। সম্পৰ্ণৰূপে স্তব্ধ হৈ গৈছিল যাতায়াত ব্যৱস্থা।

ইমানৰ পিছতো চৰম মিথ্যাচাৰেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই বিজেপিৰ চৰকাৰৰ দিনত যোৱা পাঁচ বছৰে অসমত কোনো প্ৰতিবাদ হোৱা নাই, আৰক্ষীৰ গুলীত এজনো লোকৰ মৃত্যু হোৱা নাই আৰু এবাৰো সান্ধ্য আইন জাৰি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাই বুলি কৈ অসমৰ সাধাৰণ আৰু প্ৰতিবাদী জনতাক চূড়ান্তভাৱে অপমান কৰা নাই নে?