১৭ ফেব্ৰুৱাৰিত লখিমপুৰত অমিত শ্বাহৰ বিশাল সমাৰোহ

Amit-Shah-1-750x375

অমিত শ্বাহ : ফাইল ফটো।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ১৭ ফেব্ৰুৱাৰিত অসম ভ্ৰমণলৈ আহিব। লখিমপুৰত অনুষ্ঠিত হ’ব লগা দলীয় সমাৰোহত বিজেপিৰ সভাপতিজনে দলৰ এক লাখ যুৱ কৰ্মকৰ্তাক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব।

এই সম্পৰ্কে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসে এখন সংবাদমেলত অংশগ্ৰহণ কৰি অমিত শ্বাহে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে পৰ্য্যালোচনা কৰাৰ বাবে বিজেপিৰ যুব মৰ্চাৰ সমাৰোহত অংশ ল’ব বুলি উল্লেখ কৰে। লখিমপুৰত অনুষ্ঠিত হ’বলগা সমাৰোহখনত দলৰ প্ৰায় এক লাখতকৈও অধিক যুৱ কৰ্মকৰ্তাই অংশ ল’ব বুলি দাসে সংবাদ মেল যোগে সদৰি কৰে।

অমিত শ্বাহৰ উপৰি যুৱ সমাৰোহখনত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব বুলি বিজেপিৰ সভাপতিজনে কয়। মাজুলী সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত জয়ী হৈ মুখ্য মন্ত্ৰী হোৱাৰ পূৰ্বে সৰ্বানন্দ সোণোৱাল লখিমপুৰ সমষ্টিৰ পৰা সাংসদ হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপনত ব্যৰ্থ হোৱা বিজেপি দলে লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ক্ষেত্ৰত কি ৰণনীতি গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।