NORTHEAST NOW (Assamese)

স্বাধীনতাৰ ৭৫ বছৰ : ৭৫ হাজাৰ কিঃগ্ৰাঃ ড্ৰাগছ নষ্ট কৰিব গৃহমন্ত্ৰী শ্বাহে

October 26, 2022 3:26 pm ·
Updated: October 26, 2022 3:31 pm

দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উদ্দেশ্যে ৭৫ দিনত ৭৫ হেজাৰ কিলোগ্ৰাম মাদক দ্ৰব্য ধ্বংস কৰাৰ এক পৰিকল্পনা গ্ৰহণ কৰিছিল ‘নাৰ্কোটিক্স কন্ট্র’ল ব্যুৰো’(এনচিবি) -এ । আজি সম্পূৰ্ণ হোৱাৰ দিশে এনচিবিৰ এই লক্ষ্য ।

 

এই লক্ষ্যৰ অংশও হিচাপে বুধবাৰে গুজৰাটত গৃ্হমন্ত্ৰী অমৃত শ্বাসে ধ্বংস কৰিব এক বুজন পৰিমাণৰ মাদক দ্ৰব্য। বিভিন্ন সময়ত এনচিবি-এ জব্দ কৰা ১২ হাজাৰ ৪৩৮ কিলো ৯৬ গ্ৰাম মাদক দ্ৰব্য ধ্বংস কৰি এই লক্ষ্য পূৰণ কৰিব অমৃত শ্বাহে। এন চি বি –এ জনোৱা মতে এই মাদক দ্ৰব্যখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৬০০ কোটি টকা।

 

ইয়াৰ পূৰ্বে চণ্ডীগড়ত যোৱা জুলাই মাহত গৃ্হমন্ত্ৰী অমৃত শ্বাহৰ উপস্থিতিত ৩১ হেজাৰ কিলোগ্ৰাম মাদক দ্ৰব্য নষ্ট কৰা হৈছিল। এই লক্ষ্যৰ অংশস্বৰূপে চলিত মাহৰ প্ৰথমভাগত গুৱাহাটীত প্ৰায় ৪০ হেজাৰ কিলোগ্ৰাম মাদক দ্ৰব্য ধ্বংস কৰা হৈছিল।

 

নৰেন্দ্ৰ মোডীৰ ড্ৰাগছমুক্ত ভাৰত আঁচনিৰ অংশস্বৰূপে স্বাধীনতাৰ ৭৫ বৰ্ষপূতিৰ উপলক্ষ্যে ৭৫ দিনৰ ভিতৰত ৭৫ হেজাৰ কিলোগ্ৰাম মাদক দ্ৰব্য ধ্বংস কৰাৰ পৰিকল্পনা আছিল যদিও বুধবাৰে গুজৰাটৰ মাদক দ্ৰব্যখিনি ধ্বংস কৰাৰ পিছত ৭৫ দিনৰ সলনি মাত্ৰ ৬০ দিনতে সম্পূৰ্ণ হ’ব ড্ৰাগছ ধ্বংস কৰাৰ এই বিশেষ উদ্দেশ্য।

 

উল্লেখ্য যে ২০০৬ চনৰ পৰা ২০১৩ চনৰ ভিতৰত ভাৰতত জব্দ কৰা ড্ৰাগছৰ পৰিমাণ আছিল ১.৫ লাখ কিলোগ্ৰাম। আনহাতে ২০১৪ চনৰ পৰা ২০২২ চনৰ ভিতৰত ৩.৩০ লাখ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰা হৈছে।

 

২০০৬ চনৰ পৰা ২০১৩ চনলৈ জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য আনুমানিক ৭৬৮ কোটি হোৱাৰ বিপৰীতে ২০১৪ চনৰ পৰা ২০২২ চনৰ ভিতৰত জব্দ হোৱা ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ২০,০০০ কোটি টকা।

Related News