হেৰুৱা পৃথিৱীৰ আঁ‌তধৰিঃ অলকেশ দত্তৰ গীতৰ প্ৰসংগেৰে

Alakesh Dutta’s song Heruai Prithivi on YouTube কবিতাতকৈ গান বহুক্ষেত্ৰত মোৰ বাবে বেছি Effective. গান আৰু কবিতা দুয়োটাৰে একোটা শৰীৰী ধৰণৰ অৱয়ব থাকে। লেখৰ কবিতা এটা পঢ়াৰ পাছত তাৰ শাৰীৰিক অৱয়বটোক লৈ আমাৰ Imagination হয়। চকুৰে পঢ়াৰ মাধ্যমেৰে মগজুৰ দুৱাৰৰ চিন্তাৰ কৰ্ষণৰ মাজেৰে সি নানানটা দিশ উন্মোচিত কৰে। কবিতাৰ ক্ষেত্ৰত এই গোটেই কাৰবাৰটো হয় পঢ়াৰ মাধ্যমেৰেহে। চকুৰে পঢ়ি মগজুৰে ভাৱি তাৰ আৰ্টিষ্টিক এবিলিটী, মানদণ্ড আমি জুখিব পাৰোঁ‌। ইয়াত মাধ্যম মাথো এটাই, চকুৰে পঢ়া কাৰ্য ( অৱশ্যে সুৰ লগাই আবৃত্তিৰ মাধ্যমেৰেও কবিতাক এক সুঁ‌কীয়া পৰ্যায়লৈ তুলিব পাৰি। এইধৰণৰ কামো হৈ আছে।)

গানৰ ক্ষেত্ৰত প্ৰথম কথাটো হ’ল ইয়াৰ এটা সুৰ থাকে। এই সুৰটোৱে গানৰ শাৰীৰিক অৱয়বটো ভালদৰে ফুটাই তোলাত সহায়ক হয় বুলি ভাৱোঁ‌। লগতে গানত থাকে মেকানিকেল ইনচট্ৰুমেণ্টখিনি। সেই Instrument- খিনিৰ সফল প্ৰয়োগে গান এটাক বেলেগ মাত্ৰা দিয়ে। সেয়েহে ভাৱো এটা লেখত লবলগা এটা কবিতাতকৈ এটা লেখৰ গান বেছি Effective. আৰু লগতে গান এটা অকল অডিঅ’ৰূপেই নহৈ যদি লগতে ভিডিঅ’ও থাকে তেনেহ’লে দৃশ্য আৰু শ্ৰব্য দুয়ো দিশৰ সমাহাৰে ইয়াক এটা বেলেগ মাত্ৰা প্ৰদান কৰে।

অৱশ্যে ভিডিঅ’ৰ প্ৰসংগটোত দুটা কথা- ৰেকৰ্ড ভিডিঅ’ আৰু লাইভ ভিডিঅ’। ৰেকৰ্ডৰ প্ৰসংগত যাবলৈ হ’লে সিও বেলেগ এক আলোচনা, অধ্যয়নৰ বিষয়। বৰ্তমান মই সাঙোৰা ভিডিঅ’ৰ প্ৰসংগটো লাইভৰ ক্ষেত্ৰতহে বেচিকেলী খাটে। হ’লেও ইয়াত দুয়োটা দিশেই বাৰু আলোচনাৰ সুবিধাৰ্থে লগতে সাঙুৰিলো।

যোৱা কেইদিনমানৰ পৰা অলকেশ দত্তৰ “হেৰুৱাই এই পৃথিৱী” নামৰ গান এটা চেগাচোৰোকাকৈ শুনি আছো। এটা লেখত ল’বলগীয়া অসমীয়া গান। গানটো শুনি থাকোতে অলকেশ দত্তৰ পৃথিৱীখনত হেৰাই গৈ লগতে মই পাহৰি গৈছিলো যে এটা অসমীয়া গানেই শুনি আছো। Metaphor-ৰ প্ৰয়োগেৰে উন্নত মানৰ লিৰিকচৰ এনে এটা গান অসমীয়া সংগীত জগতত এক অভিনৱ সংযোজন। গানটোৰ কথাংশ কবিতাৰ দৰেই শক্তিশালী। আকৌ কবিতাৰ দৰেই ইয়াত methaphoric লিৰিকচ আৰু impressionism – ধৰণৰ শৈলীৰ সমাহাৰ ঘটিছে। সকলোতকৈ ডাঙৰ কথা গানটোত কবিতাত ঘটাৰ দৰেই একধৰণৰ দৰ্শনৰ সুৰ শুনা গৈছে। ই এক আশ্চৰ্যকৰ কথা। বৰ্তমানৰ অসমীয়া সংগীতৰ ক্ষেত্ৰখনত যি এক বিৰল পৰিঘটনা। আৰু সেই লিৰিকচত ফুটি উঠা দৰ্শনৰ ৰিণি ৰিণি সুৰটো গায়কৰ উচ্চমানৰ গায়কীয়ে অকাই পকাই বেলেগ পৰ্যায়লৈ লৈ গৈছে।

কোৱা বাহুল্য যে ভূপেন, জয়ন্তৰ সময়ত এই গানৰ জন্ম হোৱা হ’লে ই এটা ক্লাচিক পৰ্যায়লৈ উত্তীৰ্ণ হ’ল  হয়। কিন্তু বৰ্তমানৰ প্ৰেক্ষাপটত ক্লাচিক বুলি একো নাথাকে। তথাপিও উত্তৰ প্ৰজন্মৰ দিনত ই এটা লেখত ল’বলগীয়া masterpiece বা এক ক্লাচিক হিচাপে বিবেচিত হ’ব।

গানটোৰ আৰম্ভণিতেই বাজি উঠা বাঁ‌হীটো এক অদ্ভূত শক্তিশালী instrument হৈ উঠিছে। বাঁ‌হীটো এককভাৱেই ইয়াত এক শক্তিশালী Instrument. কাৰবাৰটো এনে হৈছে যে সেই বাঁ‌হীটোৱে একোপাট ছাবি হৈ যাদুকৰী পৰশ বোলাই আমাক ৰূপকথাৰ নগৰীলৈ দুৱাৰ খুলি দিছে। অলকেশৰ পৃথিৱীলৈ বাট দেখুৱাই দিছে। বাঁ‌হীৰ প্ৰয়োগটো ইয়াত এক Magic Realism ধৰণৰ ট্ৰিটমেণ্ট হৈ উঠিছে। বাঁ‌হীয়ে খুলি দিয়া দুৱাৰেৰে সুমাই আহি আমি অলকেশে দেখুওঁ‌ৱা পৃথিৱীখন চাইছো, সন্মোহিত হৈ অলকেশক শুনিছো, অলকেশৰ মাজত সুমাইছো, অলকেশৰ যাদুকৰী গায়কীৰ সোঁ‌ৱাদ লৈছো, অলকেশে Narrate কৰি যোৱা ষ্ট’ৰীত সোমাইছো। অলকেশ Narrator, মোহাচ্ছন্ন হৈ আমি গানৰ মাজত ডুলি ডুলি অলকেশে দেখুৱাই যোৱা তেখেতৰ পৃথিৱীখনত সোমাই গৈ আছো। আকৌ কাহিনীয়ে যেতিয়া তুংগত উঠে, তেতিয়া সেই বাঁ‌হীও তুংগত উঠে। সদৌ শেষত যেতিয়া কাহিনীৰ সমাপ্তি ঘটে, বাঁ‌হীটোৱে তেতিয়া আমাক দুৱাৰ মাৰি উলিয়াই আনে।

গানটো বোধহয় কোনোবা হোটেলৰ কোনো পাৰ্টিৰ এক লাইভ পৰিৱেশন। গানটোৰ বেকগ্ৰাউণ্ডটো ব্লেক এণ্ড হোৱা বাবেও effective হৈছে। অলকেশৰ গীতৰ কথাৰ বিষণ্ণতা তথা তেখেতৰ ৰংহীন পৃথিৱীখনৰ প্ৰতীক এই ব্লেক এণ্ড হোৱাইট বেকগ্ৰাউণ্ড। ই এক সাৰ্থক প্ৰয়োগ। সকলোতকৈ Effective হৈছে দত্তৰ গায়কী। গায়নৰ Maturity আৰু Operatic ধৰণৰ স্কিলটোৱে গানটোক এক বেলেগ পৰ্যায়লৈ উন্নীত কৰিছে।

পূৰ্বতে উনুকিয়াই অহাই হৈছে যে গানটোৰ লিৰিকচ বা কথাখিনি এক কবিতাৰ দৰেই শক্তিশালী। আমাৰ বাবে গান হোৱাৰ আগতেই ই পোনতে এটা কবিতাৰ শৰীৰ ধাৰণ কৰিছে। সেই কবিতাৰ দৰে কথাখিনি অলকেশে দীপ্তিমান গায়কীৰে পৰিৱেশনৰ মাধ্যমেৰে গানৰ ৰূপত উপস্থাপন কৰিছে আৰু আমি অলকেশৰ সুৰত মোহাচ্ছন্ন হৈ অলকেশৰ হাত ধৰি তেখেতে দেখুৱাই যোৱা নিজা পৃথিৱীখনত বাট বুলি গৈ আছোঁ‌।

সেই বাঁ‌হীয়ে পোনতে দেখাই যোৱা বাটেৰে আহি পৃথিৱী হেৰুৱাই বিৰহ জৰ্জৰ অলকেশৰ কাহিনী শুনিছো। অলকেশৰ গায়কী আৰু ভিডিঅ’টোৰ সামগ্ৰিক পৰিৱেশ, এই দুয়োটাৰ মাজৰ কানেক্টিভিটিটো অভূতপূৰ্ব। ক’লা-বগা বেকগ্ৰাউণ্ডত অলকেশ বহি আছে হাতত গীতাৰ ধৰি। এই ক’লা বগা বেকগ্ৰাউণ্ডটোৱেই অলকেশৰ বিৰহ বেদনাৰ ৰিপ্ৰেজেণ্টেচন। সেইখিনিৰ মাধ্যমেৰে অলকেশে দৰদী গায়কীৰে নিজা পৃথিৱীখনেৰে দৰ্শকক ৰিলেট কৰাইছে। সীমিত পোহৰত হাতত গীটাৰ তুলি বহি থকা অলকেশ যেন কোনো যাদুকৰহে যি যাদুকৰী কণ্ঠৰে শ্ৰোতাক হেলুচিনেট কৰি ৰাখিছে।

পোনতে বাঁ‌হীটোৱে আমাক খুলি দিয়া দুৱাৰখন, যি বাটেৰে আমি অলকেশৰ পৃথিৱীলৈ সোমাইছো, বিৰহ বেদনাত জৰ্জৰিত হৈ তৰা লেখি লেখি বহি থকা অলকেশৰ কাহিনী শুনিছো, আৰু লগতে এইখিনিৰ সমান্তৰালকৈ গানটোৰ সামগ্ৰিক পৰিৱেশ, ক’লা বগা পৰিৱেশ, মিউজিকেল এৰেঞ্জমেণ্টটো এই গোটেইখিনিয়েই একধৰণৰ চাইকিডেলিক কাৰবাৰ। আৰু সেই হিচাপে গীতটো চাইকিডেলিক। অলকেশৰ উদাসী ফেচিয়েল এক্সপ্ৰেচন, সামগ্ৰিক মুভমেণ্ট, গায়নৰ স্কিল, অপেৰেটিক কাৰুকাৰ্য এই গোটেইখিনিয়েই গীতৰ সামগ্ৰিক কথাখিনি খুব সুন্দৰভাৱে ৰিপ্ৰেজেণ্ট কৰিছে। আৰু সেয়ে যদিওবা ই ডিপ্ৰেছিভ কনটেন্টৰ গান কিন্তু গোটেই কামখিনিৰ সাৰ্থক প্ৰয়োগে গানটোক এনে পৰ্যায়লৈ তুলি ধৰিছে যে ইয়াক শুনিলে একধৰণৰ অভূতপূৰ্ব আনন্দহে অনুভূত হয়। সেই আনন্দখিনি মই ভাৱো গীতৰ দুখখিনিত থকা ইউনিভাৰ্ছেল এচেঞ্চটোৰ বাবেও হৈছে। আৰু সেইখিনিক কলাত্মকভাৱে উপস্থাপন তথা পৰিৱেশনৰ মাধ্যমটোৱে বিশ্বজনীনতাক সাঙুৰি এক মহাকাব্যিক ধৰণৰ  বিস্তৃতি চুইছে। য’ত অলকেশৰ বিৰহ বেদনাখিনি অলকেশৰে হৈ থকা নাই। আমাৰো। য’ত অলকেশৰ পৃথিৱীখন অকল তেখেতৰে নহয়। আমাৰো পৃথিৱী।

গানটোত এক লোকসংগীতৰ ৰেশ আছে। অলপ ফকসুঁ‌ৰীয়া( folk) ঠাঁ‌চ আছে। পোনতে বাঁ‌হীৰ মাতটিয়ে আমাক স্কেণ্ডিনেভিয়ান ফক গীতলৈ মনত পেলাই দিয়ে( এইটো ব্যক্তিগত অনুভৱহে)। গীতটো শুনি থাকোতে মোৰ কিবাকৈ ডিলানৰ টেম্ব’ৰিন মেনলৈকো মনত পৰি যায়। এইটো এক কাকতালীয় সংযোগ হিচাপেই ধৰিছোঁ‌। আচলতে folk ৰ এক ইউনিভাৰ্ছেল এচেঞ্চ আছেই। প্ৰসংগক্ৰমে উনুকিয়াই যাওঁ‌ যে স্কেণ্ডিনেভিয়ান Lullaby এটাত মাজতে এবাৰ আমাৰ মিচিংসকলৰ ঐনিতমৰ গোন্ধ পাইছিলো। লোকসংগীতৰ এই Universal essence -টো থাকেই। এই গীতৰ folk সুৰটো বা ঠাঁ‌চটো আমাৰ খাঁ‌চীয়াসকলৰ লোকসংগীতৰদিশে চুইচেগৈ বা দত্ত সেইফালেৰে অনুপ্ৰাণিত হৈছে যেন লাগে। এইটো এটা এক্সপেৰিমেণ্টেল প্ৰয়োগ।

গানটোত বাদ্যসংগত কৰা বাঁ‌হীটো বোধহয় শ্লোভাকিয়াৰ থলুৱা বাদ্য ( যিহেতু গানটোৰ পৰিৱেশন শ্লোভাকিয়াত হৈছিল) আৰু গানটোত সিটিৰ প্ৰয়োগে অলপ ৱেষ্টাৰ্ন folk আৰু আমাৰ থলুৱা folk,  দুয়োটাৰ কম্বিনেচন ধৰণেৰে কাম কৰিছে। অৱশ্যে খাচীয়াসকলৰ সংগীতত এই ৱেষ্টাৰ্ন প্ৰভাৱটো আছেই ( সেইটো বাৰু ইয়াত বেলেগ কথা) আৰু লগতে folk -ৰ universal essence- য়ে গানটোক দিয়া ইউনিভাৰ্চেল নেচাৰৰ পৰা যিকোনো ঠাইৰ লোকসংগীতৰ লগতে ই ৰজিতা খাব আৰু শ্ৰোতাই সেই গীত শুনি তাৰ কথাখিনিও নিজৰ মাজতে নিজৰ কাহিনী বুলিয়েই আঁ‌কোৱালি ল’ব। গানটোৰ বিশেষত্ব এয়াই। আৰু সেইবাবেই ই এটা সাধাৰণ বিৰহৰ গীত হৈ নাথাকি বৰঞ্চ এক বিশ্বজনীন ব্যাপ্তি সাঙুৰিছে।

অলকেশৰ সাংগিতীক সৃষ্টিৰাজীৰ আলোচনা-সমালোচনাঃ-

এই বিশেষ গীতটিৰ আঁ‌ত ধৰি আমি অলকেশ দত্তৰ পূৰ্বৰ গীতসমূহ বা সাংগিতীক ক্ষেত্ৰখনলৈ তেখেতৰ অৱদান জুখি চাব পাৰো বা তেখেতৰ সামগ্ৰিক কৰ্মৰাজিলৈ চকু ফুৰাব পাৰোঁ‌।

তেখেতৰ এই শেহঁতীয়া গীতটো শুনাৰ পাছত তেখেতৰ পূৰ্বৰ সাংগিতীক কৰ্মৰাজিক গমি-পিতি চোৱাৰ এক প্ৰয়োজন আহি পৰিল। পূৰ্বতে তেখেত যিটি Band ( Papyrus Rain of Heart) ৰ অন্তৰ্ভূক্ত আছিল সেই Band টিৰ গীতসমূহৰপৰা আৰম্ভ কৰি(যিসমূহ ইউটিউবত উপলব্ধ) অলকেশৰ বৰ্তমানৰ পৰ্যায়লৈকে এই পিৰিয়ডটোৰ সংগীত যাত্ৰাৰ ডেভেলপমেণ্টখিনি গমি পিতি চাই যি দেখিলো অলকেশৰ সামগ্ৰিক মূল্যায়ণ কৃতি দিবৰ সময় এতিয়াও অহা নাই। শেহতীয়া গানটোৰ মাজেৰে এইক্ষেত্ৰত আশাব্যঞ্জক ৰেঙণি দেখিছো কিন্তু সেয়া একাষাৰে ভৰসা বুলি ধৰিব নোৱাঁ‌ৰো, এক আশাহে।

অলকেশৰ সংগীতৰ কথা ওলালেই আমি পূৰ্বতে অলকেশ অন্তৰ্ভূক্ত হোৱা বেণ্ডটিৰ “ৰাজপথেদি যেতিয়া ৰজা যায়” গীতটো সম্পৰ্কে উনুকিওৱা দেখি আহিছিলো। গীতটো আগতে এবাৰমান বন্ধুমহলৰ আড্ডাত শুনিছিলো যদিও তাৰ লিৰিকচখিনিক ভালকৈ শুনা নহৈছিল। গীতটোৰ পৰিৱেশন শৈলী আৰু তাৰ সুৰটো মনোগ্ৰাহী বাবেই পোনতে লিৰিকচখিনিলৈ কাণ নাযায়। অলকেশৰ শেহতীয়া গীতটো শুনাৰ পাছত পুনৰ ইউটিউবত তেখেতৰ পূৰ্বৰ গীতসমূহ বিচাৰি ফুৰোতে পুনৰ সেই গীতটো বিচাৰি পাই দুবাৰমান শুনিছিলো। সেই শুনি থাকোতে লিৰিকচৰ এঠাইত অলপমান বিসংগতি পালো।

শাৰীটো ঠিক এনেকুৱা, ” সীমান্তইদি শিয়ালৰ দ’ল সোমাই, শুই আছ’ কিয় লাচিতৰ হেংদাং..”  এই শাৰীটোত অলপমান কেনা আছে। শাৰীটোত উগ্ৰ জাতীয়তাবাদৰ প্ৰতিফলন ঘটিছে। ইয়াত শিয়াল বুলি কাক কোৱা হৈছে আৰু লাচিতৰ হেংদাঙৰ অৰ্থই কি বুজাইছে সেয়া বেলেগকৈ ব্যাখ্যাৰ প্ৰয়োজন নহয়। গীতটোৰ এই উগ্ৰ জাতীয়তাবাদৰ গোন্ধটোৱে গীতটোৰ সামগ্ৰিক দিশটোকেই নিলগাই চাবলৈ আমাক বাধ্য কৰাইছে। গীতটো আন বহুতেই পৰিৱেশন কৰি ইউটিউবত কভাৰ হিচাপে ভিডিঅ’ আপলোড কৰা দেখিছিলো। তাৰেই এটা ভিডিঅত’ ডিব্ৰুগড় ইউনিভাৰ্চিটী বুলি টেগ এটা আছিল। উক্ত ভিডিঅ’টিত ৰাজপথত ছাত্ৰ-ছাত্ৰীসকল গোল হৈ বহি আছিল আৰু এজনে চেন্টাৰত বহি গীটাৰ ধৰি গীতটো পৰিৱেশন কৰি আছিল। ভিডিঅ’টো বোধহয় কা বিৰোধী আন্দোলনৰ সময়ৰ আছিল, গায়কজনৰ গায়কীত বিৰক্তি লাগি আধাতে ভিডিঅ’টি সামৰি দিয়াত সেইটো ভালদৰে মন কৰা নহ’ল।

এতিয়া কথাটো হ’ল এই নিৰ্দিষ্ট গানটোক উক্ত সময়ত পৰিৱেশনৰ কাৰণ এটাই- গানটোৰ সেই দুশাৰী বাক্য। আৰু সেই দুশাৰী বাক্যই কঢ়িয়াই অনা উগ্ৰ জাতীয়তাবাদৰ গোন্ধটো। বাকী ৰাজপথেদি ৰজাই যায় নে প্ৰজাই যায় উক্ত কথাটো ইয়াত মিনিংলেচ। গানটোৰ এই দুটা শাৰীয়ে মোৰ মানত গানটোৰ সামগ্ৰিক দিশটো আৰু লিৰিকচখিনি ওজনহীন কৰি পেলাইছে আৰু সেই অনুসাৰে লিৰিকচৰ প্ৰথমাংশত ৰজাৰ সমালোচনাৰে প্ৰজাৰ, গৰীৱৰ, দুখ-দুৰ্দশা তথা হুঁ‌মুনিয়াহৰ কাৰবাৰটো মধ্যবিত্তীয় ৰোমাণ্টিচিজিমৰ কেটেগৰীতহে সন্নিৱিষ্ট কৰিছে। আৰু সেই দিশেৰেই আমি দেখো যে গীতটোৰ মাজেৰে ফুটি উঠা যি শ্ৰেণীবিভাজনৰ দিশটো আৰু তাৰ ৰাজনৈতিক চেতনাখিনি, দুয়োটাই একপ্ৰকাৰৰ পপুলাৰিটীৰহে মাধ্যম।

এই গীতটোৰ পাছত উক্ত বেণ্ডটিৰ ‘কলা আকাশ’ শীৰ্ষক গীতটিও শুনিলো। মোটামুটি গীতটো ঠিকেই, লিৰিকচখিনিও মোটামুটি ঠিকঠাক কিন্তু তাতো “শিয়াল” শব্দটো শুনি প্ৰথমৰ গীতটোলৈ কিবাকৈ মনত পৰি গ’ল। যদিওবা উক্ত গীতটোত শিয়ালৰ সংজ্ঞা বেলেগ।

তাৰ পাছৰ পৰ্যায়ত অলকেশ শ্লোভাকিয়া গমনৰ পাছৰ গীতসমূহ শুনি দেখো পূৰ্বৰ পলিটিকেল ধৰণৰ চেনচটো আৰু নাই। সেই দিশত ডেভেলপমেণ্ট আৰু নাই। আচলতেই অলকেশৰ গীতত প্ৰতিবাদী চেতনা এটা স্পষ্টকৈ পোৱা নাযায়। ৰাজপথেদি ৰজা যায়টো প্ৰতিবাদী ধৰণৰ কিম্বা ৰাজনৈতিক চেতনাৰ গীত বুলিব নোৱাঁ‌ৰি ই একৰকমৰ মধ্যবিত্তীয় ৰোমাণ্টিচিজিমেৰে পৰিপূৰ্ণ হা- হুঁ‌মুনিয়াৰহে প্ৰতিফলন।

অলকেশৰ শেহতীয়া গীতসমূহৰ প্ৰায়ভাগতে (যিকেইটা শুনিছো) প্ৰেমৰ বাহিৰে আন কণ্টেণ্টৰ পয়োভৰ নাই আৰু প্ৰেম সম্পৰ্কীয় সেই গীতসমূহত  ইউনিভাৰ্ছেল কিবা কণ্টেণ্ট বা তেনে সুৰো শুনা নাযায় আৰু সিবোৰৰ লিৰিকচসমূহতো এনে বিশেষ বিশেষতা আমি নাপালো। আমাৰ আলোচ্য মূল গীতটোক( হেৰুৱাই এই পৃথিৱী) বাদ দি High Tatras Rain শীৰ্ষক গানটোৰ লিৰিকচখিনি উন্নত মানদণ্ডৰ হৈছে। গীতটিৰ সুৰ, অলকেশৰ ভকেল, প্ৰেজেণ্টেচন শৈলী, ভিডিঅ’ এই গোটেইখিনিক সাঙুৰি গীতটো তুলনামুলকভাৱে বৰ্তমানৰ অসমীয়া গীতবোৰতকৈ উচ্চমানৰ বুলিয়ে বিবেচনা কৰিছো।

অলকেশৰ সাংগিতীক যাত্ৰাত বৰ্তমান পৰ্যায়লৈকে হোৱা ডেভেলপমেণ্টখিনি প্ৰত্যক্ষ কৰি এই শেহতীয়া গীতটো এক চমৎকাৰ বুলিবই লাগিব। এই গীতটোৰ ইউনিভাৰ্চেল কেৰেক্টাৰটোৱে গীতটোক বেলেগ পৰ্যায়লৈ তুলি ধৰিছে। অলকেশৰে ই গান হৈ থকা নাই আমাৰ গান হৈ পৰিছে। অলকেশে হেৰুঁ‌ওৱা পৃথিৱীখন অকল অলকেশৰে নহয়, ইয়াত অকল অলকেশেই নাই, অলকেশে কৈ থকা কাহিনী অলকেশৰে নহয়। আমি সকলোৱে ইয়াত আছোঁ‌, আমাৰ সকলোৰে কাহিনী এয়া। এই গীতটোত যি লোকসংগীতৰ পৰশ পৰিছে সিও গীতটোৰ ইউনিভাৰ্চেল কেৰেক্টাৰক ফুটাই তুলিছে যিহেতু folk -ৰ এক ইউনিভাৰ্চেল এচেঞ্চ থাকেই।

 গীতটোৰ প্ৰসংগত অলকেশৰ ডেভেলপমেণ্টখিনি গায়কী আৰু লিৰিকচৰ ক্ষেত্ৰত দেখা গৈছে। পূৰ্বৰ তুলনাত গায়কী আৰু কণ্ঠ খুব মেচিয়’ৰড আৰু সেই মেচিয়’ৰিটী লিৰিকচতো দেখা গৈছে। এই গোটেইখিনি বৈশিষ্ট্যৰে গীতটো এক মাষ্টাৰপিছ হৈ উঠিছে। কিন্তু এই গীতটোক সাৰথি হিচাপে লৈ অলকেশৰ সামগ্ৰিক মূল্যায়ণ কৰিব পৰা নাযায় কিম্বা এতিয়াই ভৰসাৰ থল হিচাপেও ভাৱিব পৰা নাযায়।  পূৰ্বতে অলকেশৰ গীতত ফুটি উঠা ৰাজনৈতিক চেতনাৰ যি বিসংগতি আছিল সেই দিশটো উলাই কৰিব পৰা নাযায় আৰু বৰ্তমানৰ পৰ্যায়ত ৰাজনৈতিক দিশৰ কেনে ডেভেলপমেণ্ট সেয়াও জানিব পৰা নাযায়। এই সকলোবোৰৰ বাবে কিছুদিন আমি বাট চাব লাগিব। সামগ্ৰিক মূল্যায়ণৰ এতিয়াই সময় অহা নাই।

এটা কথা আমি অৱশ্যেই মন কৰিব লাগিব যে ৰাজপথেদি ৰজা যায় গীতটি লিখাৰ সময়ত দত্তৰ বয়স কম আছিল। উক্ত কথাটিৰ প্ৰতি আমিও লক্ষ্য ৰাখিছো কিন্তু একেসময়তে আৰু এটি মন কৰিবলগীয়া কথা হ’ল তাৰ পাছৰ পৰ্যায়ত আন গীতত দত্তৰ ৰাজনৈতিক চেতনাৰ কিবা পৰিৱৰ্তন ঘটিল নে নঘটিল আমি জানিব নোৱাঁ‌ৰো। সমস্যাটি হয় তাতেই। এই কথাটোকে ধিয়াই দত্তৰ শেহতীয়া গীতটি সম্পৰ্কতো আমি এই পলিটিকেল এংগোলটো সাঙোৰাৰ বাট আছে।

গীতটি সম্পৰ্কত তেখেতৰ  ইণ্টাৰপ্ৰিটেচনটো এনেধৰণৰ- তেওঁ‌ পৃথিৱীৰপৰা আতৰি বেলেগ গ্ৰহৰ বাসিন্দা হৈছে। তেওঁ‌ যিটি গ্ৰহৰ বাসিন্দা হৈছে তাত তৰাবোৰ ক’লা। ক’লা তৰা গণি গণি তেওঁ‌ এৰি অহা পৃথিৱীখনৰ কথা সুঁ‌ৱৰি গীত জুৰিছে। তেওঁ‌ থকা গ্ৰহটোৰ সময়ৰ হিচাপ নাই, দিন নে ৰাতি তাকো তেওঁ‌ জানিব নোৱাঁ‌ৰে। এই গীতটোৰ মতে বেলেগ গ্ৰহলৈ যোৱাৰ কাৰণটি হ’ল পৃথিৱীখন সমূলি ধ্বংস হৈছে। এই ধ্বংসৰ কাৰণ হিচাপে তেখেতে যুদ্ধ, বনাঞ্চল ধ্বংস, প্ৰদূষণ এইকেইটা বিষয় এড্ৰেছ কৰিছে। গীতটিত surrealistic ট্ৰিটমেণ্ট এটা আছে আৰু একেদৰেই psychedelic ট্ৰিটমেণ্ট  এটিও আছে আৰু এই গোটেই কাৰবাৰটো মিলি লগতে মই ভাৱো এক ফিল’চফিকেল ষ্টাণ্ট ডেভেলপ হৈছে।

গীতটিক আমি বেলেগ বেলেগ এংগোলৰপৰা বেলেগ বেলেগ ধৰণে ইণ্টাৰপ্ৰেট কৰাৰ থল আছে। বেলেগ গ্ৰহৰ কনচেপ্তটো নলৈ আমি দত্তৰ নিজৰ মন গহনৰ পৃথিৱী  আৰু মূল পৃথিৱী, এই হিচাপেও চাব পৰাৰ থল থাকে য’ত দত্তৰ মূল পৃথিৱীখনৰপৰা চেপাৰেচন ঘটিছে বা য’ত দত্তৰ নিজৰ পৃথিৱীৰপৰাও চেপাৰেচন হৈছে। গীতটি বেলেগ বেলেগ এংগোলৰপৰা ব্যাখ্যাৰ থল আছেই বা থাকিবই। বাৰু সেইখিনি সদ্যহতে এৰিছো। এইখিনিতে এটা কথা আমাৰ নজৰত আহে। দত্তই এড্ৰেছ কৰা war, deforestation, pollution ৰ ইচ্যুকেইটাৰ প্ৰসংগত সাম্ৰাজ্যবাদী শক্তিৰ প্ৰভাৱৰ কথাটো জড়িত থাকেই। এইক্ষেত্ৰত এই গীতটোৰ জৰিয়তে আমি ভাৱো পুঁজিবাদে অনা খোৱা-কামোৰাৰ যুঁ‌জখন কিম্বা পূজিবাদী শক্তিৰ অৱদান বা তাৰ কিঞ্চিৎ আভাস দিয়া বা এইক্ষেত্ৰত দত্তৰ অৱস্থানৰ যৎকিঞ্চিৎ আভাস দিয়াৰো এক থল আছিল। কিন্তু সেই সুবিধাতো গীতটিত নাই। আমাৰ বিবেচনাৰে পুঁজিবাদৰ বিৰোধীতা নকৰাকৈ এই বিষয়কেইটা সন্দৰ্ভত কথা পতাটো আমি ভাৱো একধৰণৰ ৰোমাণ্টিচিজিম। অৱশ্যেই দত্তই বিৰোধীতা কৰে নে নকৰে সেই সম্পৰ্কে আমি  জানিব নোৱাঁ‌ৰো।

এই বিৰোধীতাৰ প্ৰসংগটো অহাক লৈ আৰু এটি কথা আমাৰ মনলৈ আহে। সেয়া হ’ল দত্তৰ পূৰ্বৰ ছচিয়েল ইচ্যুক( একচুৱেলী পলিটিকেল) লৈ সৰৱ হোৱা অৱস্থানটি ( ৰাজপথ গীতটোৰ প্ৰসংগত) আমি দেখিছিলো। ইয়াত ছচিয়েল ইচ্যু বুলি এইবাবেই কৈছো যে দত্তই তেখেতৰ এটা ইউটিউব ভিডিঅ’ত এই ছচিয়েল শব্দটো প্ৰয়োগ কৰিছে। এইক্ষেত্ৰত আমাৰ মন কৰিবলগীয়া দিশটো হ’ল দত্তই পলিটিকেল বোলা নাই ছচিয়েল বুলিছে। সেই এংগোলৰপৰ চালে আমি দেখো যে ৰাজপথৰ গীতটোতো তেখেত ছচিয়েলীহে এংগেজড হৈছে পলিটিকেলী নহয়। একেদৰে এই শেহতীয়া গীতটোতো ছচিয়েল দিশটোহে জড়িত। যুদ্ধৰ ইচ্যুতো তোলা হৈছে ছচিয়েল এংগোলৰ পৰাহে। একেদৰেই বাকীকেইটা বিষয় এড্ৰেছ কৰোতেও ছচিয়েল এপ্ৰছটোৱেই আছে। পলিটিকেল কৰা নাই। এই পলিটিকেল কৰা নাই বাবেই war, deforestation – ৰ ইচ্যুকেইটাত পুঁজিবাদী শক্তিৰ প্ৰভাৱৰ প্ৰসংগটো মই ভাৱো অহা নাই।

কিন্তু আমি জানো যে সমাজ আৰু ৰাজনীতি দুয়োটা এটা আনটোৰে সংস্পৃক্ত হৈ থাকে। দুয়োটা একেলগেই আহে। দুয়োটাক আমি আচলতে নিলগাই চাব নোৱাঁ‌ৰো। এইক্ষেত্ৰত দত্তৰ Apolitical ধৰণৰ অৱস্থান এটাই সঁ‌চৰাচৰ আমাৰ মনলে আহে। এইটো কৈ থোৱা ভাল হ’ব যে আমি Probability ৰ কথাহে পাতি আছো বা আমাৰ এংগোলৰ পৰা কাৰবাৰটো কেনেদৰে চাব পাৰি তাকহে দোহাৰিছো। দত্তৰ প্ৰসংগত কথাটো বেলেগধৰণৰো হ’ব পাৰে বা বেলেগ ইণ্টাৰপ্ৰিটেচনৰ থল অৱশ্যে থাকিবই পাৰে। একেদৰেই পলিটিকেল ইচ্যু নুবুলি ছচিয়েল ইচ্যু বোলাটোও দত্তই বিশেষ নাভাৱি উপৰোৱাকৈও ক’ব পাৰে বা সেই সম্পৰ্কে তেখেতৰ নিজা এপ্ৰ’ছ অৱশ্যেই থাকিব পাৰে। এতিয়া কথাটো হ’ল যিয়েই হওঁ‌ক বা যিয়েই নহওঁ‌ক মই ভাৱো দত্তই এই আলোচনাৰ প্ৰসংগটো বুজা জৰুৰী।

অনাগত দিনত তেখেতে নিজৰ সৃজনীশীল প্ৰতিভাৰে আমাক নতুন নতুন সৃষ্টি দি যাওঁ‌ক। তেখেতৰ পৰা এয়াই আমি আশা কৰোঁ‌। তেখেতৰ প্ৰতি আমাৰ আশা আছে, সেই আশাক ভৰসালৈ ৰূপান্তৰৰ দায়িত্ব দত্তৰ। এই দায়িত্ব বোলাতেই আকৌ এটা কথা আহে, আমি দাবী কৰিব নোৱাঁ‌ৰো আৰু দায়িত্বৰ ভাৰখন জাঁ‌পি দিবও নোৱাঁ‌ৰো, আমি অকল আশাহে কৰিব পাৰোঁ‌। বাকী কৰিব পৰাখিনি দত্তৰ নিজৰ।