বৰ্তমান প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে। কৰবাত যদি ঘূৰ্ণী বতাহে জনজীৱন ধংস কৰিছে, আন কৰবাত জুইৰ লেলিহান শিখাই সা-সম্পত্তি অথবা বনাঞ্চল চাৰখাৰ কৰি দিছে। কৰবাত যদি বানপানীয়ে ঘৰ-বাৰী উটোৱাই নিছে, আন কৰবাত আকৌ ভূমিস্খলনত পাহাৰ খহি বহুলোকৰ জীৱন তথা সা-সম্পত্তি বিনষ্ট কৰিছে। বৰষুণৰ পৰিমাণ একেই থাকিলেও কম সময়ত বেছি বৰষুণ দি বানপানীৰ সৃষ্টি কৰিছে।
আনহাতে, দীৰ্ঘ সময় ধৰি খৰাং হোৱাত পথাৰত চিৰাল ফাট মেলিছে। কৃষি উৎপাদন কমি যোৱাত বহু লোকে ঘৰ বাৰী এৰি জীৱিকাৰ সন্ধানত প্ৰব্ৰজন কৰিছে। অলপতে যোশীমঠ নামৰ চহৰখনত ফাট মেলি তললৈ বহি গৈছে। অসমৰ ডিমা হাচাও জিলাত যোৱা বছৰ জুন মাহত প্ৰকৃতিৰ ধংসলীলা এতিয়াও মনৰ পৰা মচ যোৱা নাই।
ইফালে সূৰ্যৰ তাপমাত্ৰাই সীমা অতিক্ৰম কৰিছে। শীতকাল পিছুৱাই যোৱাৰ লগতে সময়কাল কমি আহিছে। মুঠতে বতৰ তথা জলবায়ুৰ যে তাৰতম্য ঘটিছে সেইয়া খাটাং।
এই জটিল সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰসংঘৰ উদ্যোগত ১৯৮৮ চনত বিশ্ব বতৰ বিজ্ঞান সংস্থা আৰু ৰাষ্ট্ৰসংঘৰ পৰিবেশ বিভাগৰ দ্বাৰা এক নতুন সংস্থাৰ জন্ম দিয়া হয় আৰু নাম ৰখা হয় জলবায়ু পৰিবৰ্তন সংক্ৰান্তত আন্তঃ চৰকাৰী পেনেল(IPCC)। এই সংস্থাই বিভিন্ন দেশৰ বিজ্ঞানী সকলৰ দ্বাৰা জলবায়ু পৰিবৰ্তনৰ বিষয়ে কৰা অধ্যয়ন প্ৰকাশ কৰে। বিশ্বৰ হাজাৰ হাজাৰ বিজ্ঞানী এই প্ৰচেষ্টাত জড়িত হৈ আছে।
এই অধ্যয়ন সমূহৰ ওপৰত ভিত্তি কৰি কেইবা বছৰৰ মূৰে মূৰে একোটা প্ৰতিবেদন প্ৰকাশ কৰা হয়। ইংৰাজীত কোৱা হয় Assessment Report1, Assessment Report2, Assessment Report3 ইত্যাদি আৰু ইতিমধ্যে ৬ টা প্ৰতিবেদন প্ৰকাশ পাইছে।
উল্লেখনীয় কথাটো হল যে এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি বিভিন্ন চৰকাৰে নিজ নিজ দেশৰ জলবায়ু প্ৰশমনৰ দিশত নীতি নিৰ্ধাৰণ কৰিছে। যোৱা ২০২১ বৰ্ষত ৬ নং প্ৰতিবেদন প্ৰকাশ পালে। এই প্ৰতিবেদন মতে বায়ুমণ্ডলত সেউজ গৃহ গেছ (Green House Gas)কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যোৱা ২ নিযুত বছৰৰ ভিতৰত সৰ্বাধিক বুলি কৈছে। সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ হাৰ যোৱা ৩০০০ বছৰৰ ভিতৰত সৰ্বাধিক, মেৰু প্ৰদেশৰ সাগৰত বৰফৰ পৰিমাণ যোৱা ১০০০ বছৰৰ ভিতৰত আটাইতকৈ কম আৰু গ্লেছিয়াৰৰ গলন যোৱা ২০০০ বছৰৰ ভিতৰত অভূতপূৰ্ব বুলি কৈছে।
১৯৯০ চনত প্ৰকাশ পোৱা প্ৰথম প্ৰতিবেদনতেই ওলাই পৰিল যে এইদৰে উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি আৰু ইয়াৰ বাবে মূলতেই দায়ী হ’ল মানৱ সমাজ। কাৰণ উদ্যোগীকৰণ, জীৱাষ্ম ইন্ধনৰ দহন, প্লাষ্টিকৰ অবাধ ব্যৱহাৰৰ ফলত কাৰ্বনৰ পৰিমাণ বঢ়াৰ ফলস্বৰূপে উষ্ণতা বৃদ্ধি পাইছে। ইতিমধ্যে গড়ে ১ ডিগ্ৰী চেন্টিগ্ৰেড বাঢ়িল আৰু যদিহে ইয়াৰ প্ৰশমনৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নলয় তেন্তে এই শতিকাৰ শেহলৈ উষ্ণতা ৩ ৰ পৰা ৪ ডিগ্ৰী চেন্টিগ্ৰেড বৃদ্ধি পাব, সাগৰ পৃষ্ঠৰ উচ্চতা ৫০-৬০ ছে.মি. বৃদ্ধি পাব। ফলত বহু দেশৰ ভূখণ্ড সাগৰত ডুব যাব। জলভাগ আৰু স্থলভাগৰ প্ৰাণীকূল বিলুপ্ত হ’ব।
এই প্ৰতিবেদন সমূহৰ ওপৰত ভিত্তি কৰি সময়ে সময়ে বিশ্ব সন্মিলন অনুষ্ঠিত হৈ আহিছে। ষষ্ঠ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ২০২১ চনত স্কটলেণ্ডত COP26 অনুষ্ঠিত হয় যত উষ্ণতা ১.৫ ডিগ্ৰী ছে.ৰ ভিতৰত সীমিত ৰখাৰ বাবে সকলো দেশকে পৰামৰ্শ দিয়া হয় আৰু বিশ্বৰ পৰা ২০৫০ চনৰ ভিতৰত কাৰ্বন শূণ্য কৰাৰ প্ৰস্তাৱ লোৱা হয়।
কিন্তু এই ক্ষেত্ৰত সকলো দেশ ঐক্যমতত উপনীত হব নোৱাৰিলে। চীন দেশে ২০৬০ আৰু ভাৰতে ২০৭০ চনৰ ভিতৰত কাৰ্বন শূণ্য কৰাৰ অংগীকাৰ কৰে। ভাৰতৰ যুক্তি হ’ল এয়ে যে বিশ্বৰ ১৭ শতাংশ জনসংখ্যা ভাৰতৰ হোৱাৰ পিছতো ভাৰতে মাত্ৰ ৭ শতাংশ কাৰ্বন বায়ুমণ্ডলত নিৰ্গমন কৰিছে। অথচ কম জনসংখ্যাৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰই ২৭ শতাংশ কাৰ্বন এৰিছে। ভাৰত যিহেতু এখন উন্নয়নশীল দেশ সেয়েহে ভাৰতক কিছু সময়ৰ প্ৰয়োজন বুলি যুক্তি আগবঢ়ায়। তথাপি COP26 সন্মিলনত ভাৰতে কেবিনেটৰ অনুমোদিত সিদ্ধান্ত অনুসৰি জলবায়ু পৰিবৰ্তন ৰোধৰ বাবে পঞ্চামৃত আগবঢ়ায়।
ভাৰতৰ নিজা Nationally Determined Contribution ৰাষ্ট্ৰ সংঘৰ Framework Convention on Climate Change (UNFCCC) ক আগবঢ়ায়। ২০৭০ চনৰ ভিতৰত ভাৰতে কাৰ্বন শূণ্য দেশ হোৱাৰ লক্ষ্যৰ কথা ঘোষণা কৰে। ভাৰতবৰ্ষই এতিয়া ২০৩০ বৰ্ষৰ ভিতৰত নিজৰ ঘৰুৱা উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰি কাৰ্বন নিৰ্গমন ৪৫ শতাংশলৈ হ্ৰাস কৰিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হয়। প্ৰধানমন্ত্ৰীৰ সপোনৰ এক অভিযান মিছন লাইফ–আমাৰ দৈনন্দিন জীৱনশৈলীৰ সলনিৰ দ্বাৰা প্ৰকৃতি ৰক্ষাৰ এক জন আন্দোলনৰ কথা উত্থাপন কৰে।
উষ্ণতা ১.৫ ডিগ্ৰী ছে. ৰ ভিতৰত সীমিত কৰি ৰাখিবলৈ আমাৰ প্ৰধান দায়িত্ব হব কাৰ্বন নিৰ্গমণ হ্ৰাস কৰা, বনাঞ্চল বৃদ্ধি কৰা, মাটি আৰু পানী সংৰক্ষণ কৰা, নৱীকৰণযোগ্য শক্তি ব্যৱহাৰ ইত্যাদি কামবোৰ। ইয়াৰ বাবে মানুহক সচেতন কৰাৰ ক্ষেত্ৰত বিশ্বৰ এটা আগশাৰীৰ সংগঠনে এটা ডিজিটেল ঘড়ী (CLIMATE CLOCK) উন্নত দেশৰ ৰাজহুৱা স্থানত স্থাপন কৰিছে। ঘড়ীটোত উষ্ণতা ১.৫ ডিগ্ৰী ছে. ৰ ভিতৰত ৰাখিবলৈ আমি কৰিবলগা কামৰ সময়সীমা দিয়া হৈছে।
মঙলবাৰ ২৭ মাৰ্চ, ২০২৩ তাৰিখে ঘড়ীটোত ওলাইছে ৬ বছৰ ১১৭ দিন। অৰ্থাৎ আমাৰ হাতত সময় আছে মাত্ৰ ৬ বছৰ আৰু কেইটামান দিন। এই ৬ বছৰৰ ভিতৰত আমি কাৰ্বন নিৰ্গমণ কমাব পাৰিলে বিশ্বৰ তাপমাত্ৰা ১.৫ ডিগ্ৰী ছে. ৰ ভিতৰত ৰাখিব পাৰিম। কিন্তু যি গতিত আমি কাম কৰিছো ই এক অসম্ভৱ কাম যেনেই লাগিছে। অৰ্থাৎ তাপমাত্ৰা ৩ ডিগ্ৰীৰ ওচৰ চাপিব বুলিয়েই বিজ্ঞানী সমাজে আশংকা প্ৰকাশ কৰিছে।
এতিয়া আমাক লগা হৈছে এক বৃহৎ সজাগতা কাৰ্যসূচী। এই সম্পৰ্কত বিশ্বৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে মানুহ সজাগ হৈছে। ইয়াৰে এক অংশ হৈছে এই বৃহৎ ঘড়ী যিটো নিউইয়ৰ্ক চহৰকে ধৰি উন্নত কেইবাখনো চহৰত ৰাজহুৱাকৈ ৰখা হৈছে যাতে মানুহে সজাগ হয়। আমি পিছে কিদৰে কেনেকে সজাগ হ’ম? সময় যে হাতত একেবাৰে কম!
(লেখকৰ ফোন নম্বৰ- ৭৬৭০০০৪৮০৪)