মেঘালয় সীমান্তৰ বিবাদ: নৰ সংহাৰ বন্ধ কৰক

শ্বিলঙৰ লগত মোৰ সম্বন্ধ বহু পুৰণি। তাহানি সদৌ অসম ছাত্ৰ সন্থা AASA, আজিৰ আছুৰ আগতে ৬০ৰ দশকত সেই সময়ৰ সমগ্ৰ অসমত নিৰ্দলীয় ছাত্ৰ আন্দোলনৰ (ছাত্ৰ আন্দোলনৰ মূল চালিকা শক্তি)ৰ কামত স্কুলীয়া দিনতে ভাৰত লোহাৰ আদিৰ লগত শ্বিলঙলৈ অহা-যোৱা আৰম্ভ হৈছিল।

সেই সময়ত তাত বসতি কৰা অসমীয়া সকলৰ প্ৰতি সাধাৰণ খাছি লোকৰ আচৰণ আছিল সৌহাদ্যপূৰ্ণ। আনকি শ্বিলঙবাসী বাঙালী আৰু আনবোৰ সম্প্ৰদায়ৰ লোকৰো অসমীয়াৰ প্ৰতি এক সদ্ভাৱ আছিল। বিষ্ণুৰাভা, ভুপেন হাজৰিকা আদি সাংস্কৃতিক কৰ্মী আৰু বিমলা প্ৰসাদ চলিহা আদিৰ দৰে ৰাজনৈতিক নেতাৰ প্ৰতিও সদ্ভাৱ দেখিছিলো। কিন্তু ইংৰাজে নিজৰ স্বাৰ্থত সৃষ্টি কৰা ’বৰ অসম’ক নিজৰ গৃহভূমি বুলি বিশ্বাস কৰিবলৈ লোৱা অশিক্ষিত মধ্যবিত্ত একাংশৰ অহমিকা আৰু খাছি জয়ন্তীয়া আদি লোকক তেওঁলোকৰ বহতীয়াৰ দৰে আচৰণ কৰিবলৈ লোৱাৰ ফলতে খাছি শিক্ষিত মধ্যবিত্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে অসমীয়াৰ প্ৰতি শ্বিলঙৰ একাংশ থলুৱা লোকৰ মাজত এক বিতৃষ্ণা উপজিছিল।

আচলতে এই চাম অসমীয়াৰ দাম্ভিক মূৰ্খামিৰ বাবেই ইংৰাজ শাসনৰ শেহলৈ পুৰণি আহোম ৰাজ্যৰ বাহিৰত এসময়ত স্বতন্ত্ৰৰীয়া জীৱন যাপন কৰা জনগোষ্ঠী সমূহৰ মাজত অসমীয়া বিৰোধিতাৰ মানসিকতা গঢ় লৈছিল। ইংৰাজী শিক্ষাৰে শিক্ষিতহৈ এক জটিল প্ৰক্ৰিয়াৰ মাজেৰে “বৰ অসমৰ” সমাজ জীৱনত শিক্ষিত অসমীয়া মধ্যবিত্তই সামাজিক আধিপত্য স্থাপন কৰিছিল। এই আধিপত্যৰ সহায়তে ঔপনিৱেশিক শাসনে সৃষ্টি কৰা সা -সুবিধা এওঁলোকে নিজৰ কৰি লৈছিল। বিভিন্ন কাৰণত ইংৰাজৰ লগত কেৰাণী- মহৰি হৈ অহা বাঙালী বাবু সকলে অসমীয়া মধ্যবিত্তৰ লগত আধিপত্য স্থাপনৰ যুঁজত হাৰিছিল। সি এক অন্য কাহিনী। কিন্তু এই সময়ৰ প্ৰাসংগিক কথাটো হল এই অঞ্চলৰ অনগ্ৰসৰ থলুৱা জনগোষ্ঠীবোৰৰ মাজতো ইংৰাজী শিক্ষাৰে শিক্ষিত মধ্যবিত্তৰ আৱিৰ্ভাবে এই অনগ্ৰসৰ জনগোষ্ঠী সমূহে নিজৰ বাসভূমি বুলি ভৱা অঞ্চল বোৰত অসমীয়াৰ আধিপত্যক প্ৰত্যাহ্বান জনাব পৰা শক্তিৰ উদয় হৈছিল। এই শক্তি সমূহ ৬০ৰ দশকৰ শেহলৈ ইমান শক্তিশালী গৈছিল যে অসমীয়া বিৰোধী আধিপত্যৰ যুঁজে এওঁলোকক “বৰ অসম” খণ্ডিত কৰাৰ পৰিকল্পনাত ব্ৰতী কৰিছিল। ইংৰাজোত্তৰ ভাৰতত অসমীয়া মধ্য শ্ৰেনীত আঞ্চলিক ৰাজনীতি সৱল হৈ পৰাৰ আশংকাত ইন্দিৰা গান্ধীৰ কংগ্ৰেছে “বৰ অসম”ৰ বিভাজনৰ ৰাজনীতিত সাৰ-পানী যোগাইছিল। এই অৱস্থাতেই শ্বিলঙতো অসমীয় বিদ্বেষ জোৰদাৰ হৈছিল। অসম বিভাজিত হল। পাছে নতুন ৰাজ্য সমূহত অসমীয়াৰ আধিপত্যৰ ওৰ নপৰিল।

১৯৮৫ চনত মই উত্তৰ পূবৰ পাৰ্বত্য বিশ্ববিদ্যালয়ত সেই সময়ৰ প্ৰভাৱশালী জয়ন্তীয়া ৰাজনীতি বিজ্ঞানী আৰু মোৰ এসময়ৰ শিক্ষক বেৰিষ্টাৰ পাকেমৰ আগ্ৰহত যোগদান কৰিছিলো। অৱশ্যে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মোক উপযুক্ত স্থান দিয়াৰ প্ৰতি থকা অনাগ্ৰহেও মোক এই সিদ্ধান্ত লোৱাত অৰিহণা যোগাইছিল। যি হওঁক নেহুত যোগ দিয়াৰ দুদিনমান পিছতে বুজিছিলো যে খাছি-অসমীয়া বিবাদ নগৰ খনত বিৰাজমান আছিল। অৱশ্যে এজন বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাপে আন কিছু সহকৰ্মী আৰু খাছি নাগৰিক সমাজৰ জন চেৰেক সচেতন লোকৰ লগত লগ হৈ মই এই বিবাদ যে সাধাৰণ লোকৰ মাজৰ বিবাদ নহয় আৰু ই যে, ৰাজনৈতিক পৃষ্ঠপোষকতা আহৰণৰ বাবে এচাম সুযোগ-সন্ধানী মধ্যশ্ৰেণীৰ মাজৰ বিবাদহে আছিল তাৰ বাৰ্তা সম্প্ৰচাৰ কৰিছিলো। শ্বিলং টাইমছৰ পাত আৰু শ্বিলং উই কেয়াৰ আদিৰ লগত আমি কৰা কাম এই বিষয়ত উল্লেখযোগ্য। এই সচেতন নাগৰিক সমাজ মাজে মাজে সফল হৈছিল যদিও চৰকাৰী পৃষ্ঠপোষকতাত চলা বিভাজনকামী ৰাজনীতি ইমান সহজে প্ৰতিহত কৰিব নোৱাৰি বুলি বুজিছিলো। সদ্য সংঘটিত দুখজনক ঘটনাৰ বিশ্লেষণ কৰোঁতে এই প্ৰেক্ষাপট উপেক্ষা কৰিব নোৱাৰি। বুজিব লাগিব অতি শক্তিশালী ৰাজনৈতিক শক্তি এই কাৰ্য-কলাপত লিপ্ত আছে।

শ্বিলঙত হৈ থকা ঘটনা আৰু কেতবোৰ সংগঠনৰ জনদ্ৰোহী স্থিতিয়ে স্পষ্ট কৰিছে যে , ৰাইজ আৰু নাগৰিক সংগঠনসমূহে ব্যৱস্থা নললে এনে বিবাদে নৰসংহাৰৰ সৃষ্টি কৰিব। বাৰে বাৰে দূৰ্বৃত্তৰ সমৰ্থনত এচাম লোক ওলাই আহি অসম বিৰোধী প্ৰচাৰ চলাই অসম বিৰোধী কাৰ্য-কলাপ চলাই থাকিলে সুশীল-ভদ্ৰ অসমীয়াৰ শান্তি ৰক্ষাৰ প্ৰতি আকুল আহ্বান সত্বেও অসমীয়াৰো এচাম উগ্ৰহৈ পৰিব পাৰে। ফল ভয়ানক হব।কাৰণ ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰি ৰাজনৈতিক মুনাফা লাভৰ পৰিৱেশ শক্তিশালী কৰা হৈছে।

অসমৰ চুবুৰীয়া ৰাজ্য বোৰৰ লগত হোৱা সীমা বিবাদৰ অচিলালৈ বিভিন্ন চৰকাৰে নানা ধৰণৰ দুস্কৃতিকাৰীক আওপকীয়া সমৰ্থন কৰাৰ উদাহৰণ অলেখ। বৰ্তমান মেঘালয় সীমান্তত হোৱা জঘন্য কাণ্ড ইয়াৰ আন এটা উদাহৰণ। কাঠৰ চোৰাং কাৰবাৰত অসম আৰু মেঘালয় দুয়োখন চৰকাৰৰ বৰমূৰীয়াৰ অংশ নাথাকিলে এই চোৰাং কাৰবাৰত বাধা দিব খোজা আৰক্ষীক দুয়ো চৰকাৰে বাহ বাহ দিলেহেঁতেন। তাকে নকৰি বিনা বিচাৰে অসম চৰকাৰে দুৰ্বৃত্তৰ সন্ধানত চুৰি কাঠৰ ট্ৰাকৰ পিছ লোৱা অসম আৰক্ষী আৰু অসমৰ বন বিষয়াক দোষী থাওৰোৱা আৰু মেঘালয় চৰকাৰে দুৰ্বৃত্তৰ পক্ষ লৈ অসম আৰক্ষীক ঘেৰাও কৰা গুণ্ডা বাহিনীক সুৰক্ষা দিয়াৰ মানসেৰে নিয়া(NIA) বা চিবিআইৰ তদন্ত দাবী কৰি অমিত শ্বাহৰ শৰণ লোৱা আৰু অসম চৰকাৰে ইয়াত অওপকীয়া সহযোগ কৰা কথাই অসম চৰকাৰ আৰু মেঘালয় চৰকাৰ দুৰ্বৃত্তৰ সহচৰ হোৱাটো প্ৰমাণ কৰিছে।

ৰাইজলৈ শান্তি ৰক্ষাৰ আহ্বান জনাই দায়িত্ব সামৰা নেতা, চিন্তাশীল ব্যক্তি, বা নাগৰিক সংগঠনে বুজা উচিত যে, বিজেপিৰ অপশাসন অন্ত কৰাৰ বাবে পথত নানামিলে এনে ঘটনাৰ পৰা হব পৰা নৰসংহাৰৰ বাবে তেওঁ‌লোক দায়ী হব। এই সময় পথত নামি সাম্প্ৰদায়িক ফেচিবাদী ৰাজনীতি প্ৰতিহত কৰাৰ। হা-হুমুনিয়াহৰ নহয়। যুৱ শক্তি জাগ্ৰত হওক। শুভবুদ্ধিৰ উদয় হওক।
                                              ( লেখক এগৰাকী ৰাজনৈতিক বিশেষজ্ঞ )