কলকাতাৰ এখন পূজাথলীত দেখুওৱা হৈছে দেৱীয়ে বুকুত যাঠিৰে শালি পেলোৱা এনে এক মহিষাপুৰ যাৰ মাজত অসুৰ ৰজাৰ ক্ষত্ৰিয়সুলভ বিক্ৰম বা দানবীয় জিঘাংসা প্ৰকাশ পোৱাৰ সলনি দেখা গৈছে চুলি চুটিকৈ খুৰোৱা চশমা পিন্ধা এখন মুখৰ নিৰীহ এক ব্যক্তিক৷
দৰ্শকসকলে দেখি ভেবাচেকা খাইছে৷ কিয় পৰম্পৰাৰ পৰা এই ব্যতিক্ৰম ঘটোৱা হৈছে? কোন এই ব্যক্তি, যাক দেৱীৰ যাঠিয়ে শালি পেলাইছে? কোনো পুৰাণত এনে এক ব্যক্তি নাই৷ মহিষৰো চিনমোকাম নাই ওচৰত৷
পূজাথলীখন হিন্দু মহাসভাৰ বুলি জনা গৈছে৷ প্ৰায় সকলোৱে ধৰি লৈছে যে উক্ত মূৰ্তিটো মহাত্মা গান্ধীৰ৷ জনগণৰ হৃদয়ত গান্ধী আজিও এনেদৰে সোমাই আছে যে মোদী চৰকাৰেও অগত্যা তেওঁক শ্ৰদ্ধা জনাবলৈ বাধ্য হৈছে৷ কিন্তু স্বাধীনতাৰ পয়সত্তৰ বছৰ পূৰ্ণ হোৱা উপলক্ষে যিবোৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে, তাত স্বাধীনতা-ৰণৰ প্ৰধান সেনানায়কক যোগ্য স্বীকৃতি দিয়াই হোৱা নাই৷
হিন্দু মহাসভাৰ কলকাতাৰ [কস্বা] শাখাৰ তথা পূজাথলীৰ লগত জড়িত এগৰাকী শীৰ্ষ নেতা চন্দ্ৰচূড় গোস্বামীয়ে ব্যাখ্যা কৰি ক’লে যে অসুৰৰ চৰিত্ৰটো দৈবাৎ গান্ধীৰ নিচিনা হৈ গ’ল, ই এক কাকতালীয় ঘটনা৷ তেওঁলোকৰ হেনো তেনে কোনো উদ্দেশ্য নাছিল৷ অৱশ্যে তাত এই কথাটোও যোগ দিলে যে তেওঁলোকৰ ধাৰণাত গান্ধীজী কোনো সন্মানৰ পাত্ৰ নহয়, দেশে যদি কাৰোবাক সন্মান কৰিব লাগে, সেইজন হৈছে সুভাষ চন্দ্ৰ বসু৷ হিন্দু মহাসভাই হেনো তেওঁকহে ভাৰতৰ জাতীয় নায়ক গণ্য কৰে৷
অৱশ্যে গোস্বামীৰ ভাষ্যত কোনো সন্তুষ্ট হোৱা নাই৷ জনগণৰ ৰোষে বহ্নিমান ৰূপ ধৰে বুলি সন্ত্ৰস্ত আৰক্ষীয়ে ততাতৈয়াকৈ সেই চশমাশোভিত মূৰ্তিটোৰ মূৰত দীঘল কেকোৰা চুলি আৰু ঠুটৰিত একোঁচা দাড়ি লগাই দিছে৷
যিকোনো সাধাৰণ বুদ্ধি-বৃত্তিৰ মানুহেই ক’ব যে এই কাণ্ডটো অতি নিম্নস্তৰৰ ৰুচিহীন আৰু নীচ বিদ্বেষ-প্ৰসূত দুষ্কাৰ্য্য৷ তাতকৈও ডাঙৰ কথা যে যোৱা সাতটা দশকত এনে দুষ্কাৰ্য্য আছিল অত্যন্ত বিৰল৷ জনসাধাৰণে তেওঁক স্বাধীনতাৰ সেইবোৰ উপাদানৰ লগত জড়িত কৰে– সৰ্বসাধাৰণ ৰাইজৰ অভাৱ দূৰ হোৱা, সমাজত শান্তি আৰু ভ্ৰাতৃত্ব প্ৰতিষ্ঠিত হোৱা, বিভেদ-বৈষম্য দূৰ হোৱা, ক্ষমতাৰ দপ্দপনিৰ ভয় দূৰ হোৱা– যিবোৰৰ আশা দিনক দিনে দিগন্তত বিলীন হ’বলৈ যোৱা যেন লাগে৷
কিছুমান গো-মূৰ্খৰ মুখত সোপা দিবলৈ এটা তথ্যই যথেষ্ট৷ আজাদ হিন্দ ফৌজ গঠন কৰি ব্ৰিটিছৰ হাতৰ পৰা ভাৰত দখল কৰিবলৈ ছিংগাপুৰ, বাৰ্মা [ম্যানমাৰ], মালয়ছিয়াৰপৰা অভিযান চলোৱাৰ প্ৰাক্মুহূৰ্তত নেতাজী সুভাষ চন্দ্ৰ বসুৱে ভাৰতবাসীৰ প্ৰতি যি ঐতিহাসিক ভাষণ দিছিল, তাত তেওঁ দ্বিধাহীনভাৱে গান্ধীজীক ‘জাতিৰ পিতা’ আখ্যা দিছিল৷ তীব্ৰ মতপাৰ্থক্য সত্ত্বেও তেওঁ স্বীকাৰ কৰিছিল যে গান্ধীজীৰ ভূমিকা অবিহনে ভাৰতৰ কোটি কোটি নিঃস্ব, বঞ্চিত, নিপীড়িত সাধাৰণ মানুহ স্বাধীনতা সংগ্ৰামৰ পদাতিক নহ’লহেঁতেন, আৰু দেশৰ সকলো প্ৰান্তৰ মানুহ এই সংগ্ৰামৰ বাবে একমন একপ্ৰাণ হৈ সেই সংগ্ৰামত জঁপিয়াই নপৰিলহেঁতেন৷ সেয়ে তেওঁ যথাৰ্থতে ভাৰতীয় জাতিৰ জনক আছিল৷
এই কথাটোতে ঘোৰ আপত্তি আছিল আৰ এছ এছ আৰু হিন্দু মহাসভাৰ৷ এই দুই সংগঠনৰ বাবে ভাৰতীয় মহাজাতিৰ ঘাই শত্ৰু সাম্ৰাজ্যবাদী ব্ৰিটিছ নাছিল৷ ঘাই শত্ৰু আছিল মুছলমান৷ হিন্দুক শত্ৰু জ্ঞান কৰা মুশ্লিম লীগৰ লগত একেলগে চৰকাৰ গঠন কৰিব পৰা হিন্দু মহাসভাৰ প্ৰধান নেতা ভি ডি ছাভাৰকাৰ, আৰ এছ এছৰ শীৰ্ষ নেতা গোলৱালকাৰ, দুয়ো বিয়াল্লিছৰ বিপুল গণ-অভ্যুত্থানত অংশগ্ৰহণ কৰা নাছিল, বৰং ব্ৰিটিছৰ লগত সহযোগিতা কৰি তাক দমন কৰাৰ চেষ্টাহে কৰিছিল৷
আৰু গান্ধীজী? তেওঁক অপমান কৰিবলৈ যিবোৰ জঘণ্য নিন্দা কৰিছিল, কুৎসা ৰটনা কৰিছিল, শুনিলে কাণত সোপা দিবলগীয়া হ’ব পাৰে৷
দেশ বিভাজনত গান্ধীজী একেবাৰে সন্তুষ্ট বা সুখী হ’ব পৰা নাছিল৷ কিন্তু সাম্ৰাজ্যবাদী ব্ৰিটিছৰ দীৰ্ঘকালীন প্ৰচাৰ আৰু চক্ৰান্তৰ বাবে হিন্দু-মুচলমানৰ ঐক্য আৰু সম্প্ৰীতি স্বাধীনতাৰ আগৰ কেইটামান বছৰত অসম্ভৱ হৈ পৰিছিল৷ [একাংশ মুশ্লিম নেতা আৰু জনগণৰ একাংশ গান্ধীজীৰ লগতে আছিল৷ বাকীখিনি জিন্নাৰ পিছত থিয় হৈ চৰম হিংসা আৰু ঘৃণাৰ হলাহল বিয়পাইছিল৷] দেশবিভাজনক গান্ধীজীয়ে তেওঁৰ ৰাজনৈতিক জীৱনৰ চৰম ব্যৰ্থতা বুলি ভাবিছিল৷
তেওঁৰ এই সম্প্ৰীতি আৰু সদ্ভাৱৰ আকাংক্ষা তথা তাৰ বাবে প্ৰচাৰত জ্বলি-পকি উঠিছিল আৰ এছ এছ আৰু হিন্দু মহাসভা৷ গোলৱালকাৰে দিল্লীত দেশ বিভাজনৰ ফলত পাকিস্তানৰ অংশ হোৱা পঞ্জাব আৰু সিন্ধুৰ পৰা নৃশংস নিৰ্যাতনৰ বলি হৈ পলাই অহা অগণন হিন্দু আৰু শিখ আৰু সেই দুৰ্যোগত সাম্প্ৰদায়িক হিংসাত উত্তপ্ত হৈ উঠা এচাম হিন্দু জনতাক ৰাজহুৱা সভাত অগ্নিময় বক্তৃতা দি প্ৰতিশোধ পূৰণৰ উদ্যোগ ল’বলৈ প্ৰৰোচিত কৰিছিল৷ গান্ধীজীৰ নাম নোলোৱাকৈ তেওঁ ঘোষণা কৰিছিল যে যদি কোনোবাই হিন্দুৰ লক্ষ্য আৰু সন্মান ৰক্ষাত বাধা দিয়ে তেওঁক ঠাণ্ডা কৰিবলৈ (‘’silence’’) আৰ এছ এছ কুণ্ঠিত নহ’ব৷ চৰ্দাৰ বল্লভ ভাই পেটেলে আৰ এছ এছক নিষিদ্ধ ঘোষণা কৰাৰ কাৰণ হিচাপে গোলৱালকাৰলৈ স্পষ্ট ভাষাত লিখিছিল যে আৰ এছ এছৰ বিষাক্ত প্ৰৰোচনাৰ বাবেই গান্ধীজীৰ হত্যাৰ পৰিস্থিতি নিৰ্মাণ হৈছিল৷
আৰু হিন্দু মহাসভা? ছাভাৰকাৰ প্ৰমুখ্যে তাৰ একাংশ শীৰ্ষ নেতা গান্ধী-হত্যাৰ চক্ৰান্ত ৰচনা কৰাৰ অভিযোগত অভিযুক্ত হৈছিল৷ আৰক্ষীৰ প্ৰথম তদন্তত সন্দেহৰ যথেষ্ট অৱকাশ থকা সত্ত্বেও পোনপতীয়া প্ৰমাণ বা সম্পৰ্কৰ চিনস্বৰূপ দলিল আৰক্ষীয়ে নোপোৱা বাবে ছাভাৰকাৰক প্ৰমাণৰ অভাৱ থকা বুলি আদালতৰ বিচাৰত মুক্তি দিয়া হৈছিল৷
কিন্তু এইটো সকলোৱে জনা কথা যে নাথুৰাম গড্ছে প্ৰমুখ্যে হত্যাকাৰীকেইজনৰ লগত ছাভাৰকাৰৰ ঘনিষ্ঠ যোগাযোগ আছিল৷ গান্ধীজীৰ হত্যাৰ অভিযানত ওলোৱাৰ আগতে সিহঁতে মুম্বাইত ছাভাৰকাৰৰ লগত বিছ মিনিট সময় কথা পাতিছিল৷ অৱশ্যে পৰৱৰ্তী কালত ছাভাৰকাৰে হত্যাকাৰীকেইজনৰ লগত আৰু চক্ৰান্তটোৰ লগত কোনোধৰণে জড়িত নহয় বুলি দাবী কৰিছিল৷
দেশৰ জটিল ৰাজনৈতিক ঘটনাৱলী আৰু গণতান্ত্ৰিক দলবোৰৰ নেতৃত্বৰ গণতন্ত্ৰ ৰক্ষাত প্ৰয়োজনীয় উদ্যোগ নথকা বাবে আৰ এছ এছ আৰু তাৰ মিত্ৰ হিন্দু মহাসভাই আজি অভূতপূৰ্ব ৰাজনৈতিক ক্ষমতা হস্তগত কৰিছে৷ আৰু দুয়োটা সংগঠনে স্বাধীনতাৰ অৰ্থ তথা স্বাধীনতা সংগ্ৰামৰ কাহিনী সম্পূৰ্ণ সলনি কৰিবলৈ উঠি-পৰি লাগি গৈছে৷ সিহঁতৰ দ্বিতীয়জন ঘৃণাৰ পাত্ৰ নেহৰুক জনমানসৰ পৰা উচ্ছন্ন কৰিবলৈ প্ৰাণটাকি চেষ্টা কৰাৰ কথা লুকোৱাৰ প্ৰয়োজন বোধ কৰা নাই৷ কিন্তু গান্ধীজীৰ দৰে বিশ্ববৰেণ্য মহামানৱৰ ক্ষেত্ৰত সাৱধানে আগবাঢ়িছে৷ ইতিমধ্যে গান্ধীজী সম্পৰ্কে সময়ে সময়ে নানা অপপ্ৰচাৰ, ৰটনা আৰু বিকৃত ইতিহাস চলিবলৈ দিছে, যাতে ক্ৰমে তেওঁৰ ভাবমূৰ্তি হ্ৰাস পায়৷ আৰু বাহিৰত দেখুৱাই আনুষ্ঠানিকভাৱে তেওঁৰ প্ৰতি শ্ৰদ্ধাৰ ভাব প্ৰদৰ্শন কৰি আছে৷
কিন্তু হিন্দু মহাসভাৰ সভ্যবিলাক অধৈৰ্য হৈ পৰিছে আৰু মিত্ৰ চৰকাৰৰ সতৰ্কতাক কাপুৰুষালি জ্ঞান কৰিছে৷ বিজেপি নেতৃত্বাধীন প্ৰথম এন ডি এ চৰকাৰ গঠিত হোৱাৰ ঠিক পাছতেই হিন্দু মহাসভাই দাবী কৰিছিল যে ভাৰতীয় টকাৰ পৰা গান্ধীজীৰ মুখখন আঁতৰাব লাগে আৰু হত্যাকাৰী নাথুৰাম গড্ছেক পূজা কৰিবলৈ দিল্লীত মন্দিৰ সাজিব লাগে৷ মোডী চৰকাৰে সাহ নকৰিলে৷ সেয়ে হিন্দু মহাসভাৰ এগৰাকী সদস্যাই লক্ষ্ণৌৰ ৰাজআলিত গান্ধীজীৰ মূৰ্তি এটাত তিনিবাৰ পিষ্টলেৰে গুলীয়াই ফুটাৰ পৰা তেজৰ দৰে ৰঙা তৰল পদাৰ্থ উলিয়াই এই দাবী পুনৰ সাব্যস্ত কৰিছিল৷ গান্ধীজীৰ মূৰ্তি ভঙা বা তাৰ ক্ষতি সাধন কৰা এনেধৰণৰ মানুহৰে কাণ্ড৷
সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত বুলি অভিযোগ থকা সাধবী প্ৰজ্ঞা সিং নামৰ এগৰাকী মহিলাক মহাৰাষ্ট্ৰৰ এটা সমষ্টিৰপৰা লোকসভাৰ সদস্যপদৰ বাবে বিজেপি দলৰ প্ৰাৰ্থিত্ব দিয়া হৈছিল৷ সেই সাধবী প্ৰজ্ঞা সিং ঠাকুৰে নিৰ্বাচনী বক্তৃতাত কৈছিল যে তেওঁ গান্ধীজীৰ হত্যাকাৰী নাথুৰাম গড্ছেক দেশভক্ত পৱিত্ৰাত্মা জ্ঞান কৰে৷ তাকে লৈ দেশত খলক লগাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে তেওঁ প্ৰজ্ঞা সিং ঠাকুৰক জীৱনলৈ ক্ষমা কৰিব নোৱাৰিব৷ শেষত কিন্তু দেখা গ’ল যে প্ৰজ্ঞা সিং ঠাকুৰক বিজেপিৰ প্ৰাৰ্থিত্ব দিয়াত কোনো বাধা নাহিল আৰু তেওঁ সাংসদ নিৰ্বাচিত হ’ল৷
আৰু এতিয়া দুৰ্গা পূজাৰ সুযোগ লৈ হিন্দুত্ববাদী শিবিৰে পুনৰ গান্ধীজীৰ ভাবমূৰ্তি ধবংস কৰিবলৈ চেষ্টা কৰিছে৷ সন্দেহ নাই বাৰে বাৰেএনে ঘটনা চলি থাকিব৷ অৱশ্যে গান্ধীজীৰ মহৎ মৃত্যুৱে তেওঁৰ অমৰত্ব নিশ্চিত কৰিছে৷
ইহঁতে বাৰে বাৰে এইদৰে গান্ধীক হত্যা কৰিব৷ আৰু প্ৰতিবাৰেই আৰু উজ্জ্বল ৰূপত তেওঁৰ ভাবমূৰ্তি জনমানসত জিলিকি উঠিব৷