সুন্দৰ পিচাইৰ পইতাচোঁৰা আৰু আমাৰ সমস্যা

সমস্যাৰে ভাৰাক্ৰান্ত জীৱন৷ জীৱন মানেই সমস্যাৰ সমাহাৰ৷ গতিকে সমস্যাৰ সৈতে সহাৱস্থানৰ কৌশল আয়ত্বত নাথাকিলে জীৱন দুৰ্বিসহ হোৱাৰেই পূৰ্ণ সম্ভাৱনা৷ জীৱনৰ সকলো সমস্যাৰ সমাধান যিহেতু অসম্ভৱ, সেয়ে সমস্যাৰ সৈতে সহাৱস্থানেই হ’ব পাৰে মধ্যম পথ৷ সমস্যাৰ স্বৰূপ বিভিন্ন৷ ব্যক্তিগত, পাৰিবাৰিক, কাৰ্যালয়কেন্দ্ৰিক, সামাজিক, প্ৰাদেশিক, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় ইত্যাদি ইত্যাদি৷ গুগলৰ উচ্চ পদবীত অধিষ্ঠিত ভাৰতীয় অভিযন্তা সুন্দৰ পিচাইৰ এই সম্পৰ্কীয় বক্তব্য বিশেষ প্ৰণিধানযোগ্য৷

আই আই টি, এম আই টিৰ ডিগ্ৰীধাৰী সুন্দৰ পিচাই তীক্ষ্ণধী বক্তাৰূপে বিশ্বত পৰিচিত৷ সমস্যা সম্পৰ্কত বক্তৃতা দিবলৈ গৈ তেওঁ কৈছিল–ৰেস্তোৰাঁ এখনত খাবলৈ বহি থকা মহিলা এগৰাকীৰ গাত হঠাতে পৰিলহি এটা পইতাচোৰা৷ ভয়ত তেওঁ চিঞৰিবৈ ধৰিলে৷ পইতাচোৰাটো এৰুৱাই পেলাবলৈ যত্ন কৰি তেওঁ হাত-ভৰি আচাৰিবলৈ ধৰিলে৷ লগতে চিঞৰ৷ মহিলাগৰাকীৰ প্ৰতিক্ৰিয়া মুহূৰ্ততে তেওঁৰ লগৰ মহিলাসকললৈ সংক্ৰমিত হ’ল৷ সকলোৱে ইচ্‌ আচ্‌ কৰা, মুখ বিকটোৱা, হাত-ভৰি আচাৰিবলৈ আৰম্ভ কৰি দিলে৷ অৱশেষত মহিলাগৰাকীয়ে পইতাচোঁৰাটো এৰুৱাবলৈ সক্ষম হ’ল৷

কিন্তু সেইটো গৈ পৰিল আন এগৰাকী মহিলাৰ ওপৰত৷ নাটকখন আকৌ চলিল৷ ৰেস্তোৰাঁৰ পৰিচাৰিকা গৰাকী তেওঁলোকৰ সহায়ৰ বাবে আগুৱাই আহিল৷ পইতাচোঁৰা দলিওৱাৰ ৰিলে ৰেচত পইতাচোঁৰাটো এইবাৰ গৈ পৰিলগৈ পৰিচাৰিকাজনৰ ওপৰত৷ তেওঁ কিন্তু লৰচৰ নকৰাকৈ নিৰ্ভয়ে তাৰ চোলাটোৰ ওপৰত থকা পইতাচোঁৰাটোৰ গতিবিধি লক্ষ্য কৰিলে৷ তাৰ পিছত প্ৰবল আত্মবিশ্বাসেৰে তেওঁ পইতাচোঁৰাটো দুই আঙুলিৰে ধৰি ৰেস্তোৰাঁৰ বাহিৰলৈ দলিয়াই দিলে৷

কফিত চুমুক দি নাটক চাই থকা পিচাইৰ প্ৰশ্ন– মহিলাসকলৰ তেনে ব্যৱহাৰৰ বাবে পইতাচোঁৰাটো সঁচাকৈ দায়ীনে? যদি পইতাচোঁৰাই দায়ী, পৰিচাৰিকাজনৰ তেনে অশান্তি নহ’ল কিয়? কোনো নতুন সমস্যাৰ সৃষ্টি নকৰি পৰিচাৰিকাজনে সেই অবাঞ্ছিত পৰিস্থিতি দক্ষতাৰে নিয়ন্ত্ৰণ কৰা নাছিলনে? পিচায়ে ক’ব খোজে, পইতাচোঁৰাটো সমস্যা নহয়, অনাহূত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নজনাটোহে আচল সমস্যা৷ মা, দেউতা, পত্নী বা ওপৰৱালাৰৰ গালি মোৰ সমস্যা নে তাক নোহোৱা কৰিবলৈ প্ৰয়োজন হোৱা সামৰ্থ্য মোৰ ক্ষেত্ৰত নথকাটোহে মোৰ সমস্যা?

পিচায়ে ক’ব খোজা প্ৰকৃত সত্যটো হৈছে– সমস্যাতকৈ অধিক অশান্তিৰ কাৰক হৈছে সমস্যাৰ প্ৰতি ব্যক্তিৰ প্ৰতিক্ৰিয়া৷ প্ৰতিক্ৰিয়াই জীৱন কৰি তুলিব পাৰে অধিক দুৰ্বিসহ৷ প্ৰয়োজনীয় বস্তুটো হৈছে সমস্যাৰ প্ৰতি উচিত সঁহাৰি৷ উচিত সঁহাৰিয়ে অসুবিধাৰ কাৰক প্ৰতিহত কৰিব পাৰে৷ পৰিচাৰকজনে ‘পইতাচোঁৰা’ৰ অসুবিধাটোৰ প্ৰতি উচিত সঁহাৰি প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিলনে?

আমাৰ সমগ্ৰ জীৱনটোৱেই এনেকুৱা৷ সময়ে সময়ে নানা অসুবিধাই আমাক ভাৰাক্ৰান্ত কৰে৷সেইবোৰৰ প্ৰতি প্ৰতিক্ৰিয়া নহয়, আমি প্ৰদৰ্শন কৰিব লাগে উচিত সঁহাৰি৷ ইলেক্টিক শ্বক্‌ খোৱা মানুহজনৰ প্ৰতি আমাৰ সঁহাৰি কি হ’ব? সমুখতে হোৱা দুৰ্ঘটনা এটাত, ফেইল কৰি আত্মহত্যাৰ পথ লোৱা শিক্ষাৰ্থী এজনৰ ক্ষেত্ৰত, জীৱন যুদ্ধত কোঙা হৈ হতাশাগ্ৰস্ত লোক এজনৰ ক্ষেত্ৰত, উগ্ৰমূৰ্তি ধাৰণ কৰা অফিচৰ ওপৰৱালাৰ সন্মুখত আমাৰ সঁহাৰি কেনে হ’ব? প্ৰতিক্ৰিয়াই সেইবোৰত একো সুফল নিদিয়ে৷ কিন্তু শুদ্ধ সঁহাৰিৰ বাবে ভিতৰৰপৰা ব্যক্তি আগ্ৰহী, পটু, সাহসী, তীক্ষ্ণধী হ’ব লাগিব৷ উপস্থিত বুদ্ধিৰ প্ৰয়োজন হ’ব৷ তাৰ বাবে উচিত শাৰীৰিক-মানসিক চৰ্চা লাগিব৷ বহু ক্ষেত্ৰত সময়ৰ নাটনি হয়৷ সঁহাৰি অতি কম সময়ত দিব পাৰিব লাগিব৷ অবিলম্ব প্ৰতিক্ৰিয়া অতি জৰুৰী৷

চৰায়ে খুন্দিওৱা বিমান এখন দুজন পাইলটে উপযুক্ত সঁহাৰিৰে হাডচন নৈৰ জলপৃষ্ঠত নমাইছিল৷ বহু লোকৰ জীৱন তেনেদৰেই বাচিছিল৷ যুদ্ধ ক্ষেত্ৰত বহু সৈনিকে তেনে উচিত সঁহাৰিৰে বহু জটিল সমস্যাৰ সহজ সমাধান সম্ভৱ কৰি তুলিছিল৷ শুদ্ধ প্ৰতিক্ৰিয়াৰে কামটো সমাপণ কৰিবলৈ গৈ বহু ক্ষেত্ৰত চিন্তা-চৰ্চা কৰি থাকোঁতেই বহু সময় পাৰ হৈ যায়৷ জীৱনত অনেক ক্ষেত্ৰত শুদ্ধ সমাধানতকৈও অধিক প্ৰয়োজন খৰতকীয়া সমাধান বা প্ৰতিক্ৰিয়া৷ লাগিলে তেওঁ সমাধানত ভুল থাকিলে পৰৱৰ্তী এটা পৰ্যায়ত শুদ্ধিকৰণৰ কাম কৰিব পৰা যাব৷ অৱশ্যে এই দুয়োটা সমস্যা সমাধান পদ্ধতিক কেন্দ্ৰ কৰি বিতৰ্কৰ অৱকাশ সদায়েই থাকিব৷

[ড॰ ভূঞা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বৈদ্যুতিক বিভাগৰ অধ্যাপক আৰু ‘ট্ৰেইনিং এণ্ড প্লেচমেণ্ট বিষয়া৷ Email : satyajitbhuyan১৯৬২@gmail.com]