ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল

অতি কম সময়ৰ ভিতৰতে কলিকতাত কৰ্মৰে নিজৰ বিশেষ স্থান দখল কৰি লৈছিল ভূপেন হাজৰিকাই। হাতলৈ কাম আহিছিল, কামৰ দাম বাঢ়িছিল, নাম হৈছিল। দাম বাঢ়িলেও “সাংস্কৃতিক বজাৰৰ বিক্ৰেতা” হব খোজা নাছিল সংগীতসূৰ্য। –এই যে নাম হৈছিল, দাম বাঢ়িছিল কথাটো সহজ ভাবে লব পৰা নাছিল কলিকতাৰ একাংশ চিনে কৰ্মীয়ে, সংগীত কৰ্মীয়ে। সংগীতসূৰ্যৰ কামত বাধা দিছিল, লেং মাৰিছিল। (“মোক মৃণাল সেন আৰু হেমন্ত কুমাৰে লেং মাৰি পেলাই দিলে। মই ব্যবসায়িক ঈৰ্ষাৰ বলি হ’লোঁ। মই সেইখন এৰি দিলোঁ। ময়ো এজন বিমল ৰয় হ’ব পাৰিলোঁহেঁতেন। তেওঁলোকে মোক বিমল ৰয় হ’বলৈ নিদিলে।” –ভূপেন হাজৰিকা)

কথাটো এনেধৰণৰ–, “এৰাবাটৰ সুৰ”ৰ পাছত ভূপেন হাজৰিকাই মনতে ঠিক কৰিছিল এখন বাংলা চিনেমা কৰিব। কাহিনী! এদিন কাহিনী হাতত লাগিল–, মহাদেৱী বাৰ্ম্মাৰ “কাহিনী”। “কাবুলীৱালা”ৰ ছাঁ পৰা কাহিনী। (“গল্পটোত কাবুলীৱালাৰ ছাঁ পৰিছে – এইটো কিন্তু চীনা ফেৰিৱালা। চীনা ফেৰিৱালা এজনে এজনী বঙালী ছোৱালীক ভনী হিচাপে ল’লে, পাচত ফেৰিৱালাজন মৰি গ’ল৷ চীনৰ নানকিঙৰপৰা আহিছিল। পীল বেচি ফুৰে। কথা একেটাই।” –ভূপেন হাজৰিকা) ছাঁ পৰিছে; কিন্তু নকল নহয়। চিত্ৰনাট্যৰ কাম আগবঢ়ালে। সংগীতসূৰ্যই ভাবিছিল চিত্ৰনাট্য লিখাব ঋত্বিক ঘটকৰ হতুৱাই। ভবা মতে নহ’ল, ঋত্বিক বাবু ব্যস্ত। হাতত ঢেৰ চিনেমা। শেষত চিত্ৰনাট্যৰ দায়িত্ব দিলে মৃণাল সেনক। প্ৰযোজনাৰ দায়িত্ব ল’লে হেমন্ত কুমাৰে। “হেমন্ত-ভূপেন প্ৰডাক্সন”ৰ বেনাৰত। চিনেমা খনৰ মহূৰতো হ’ল, যথা সময়ত। ক্লেপষ্টিক দিলে লতা মংগেশকাৰে। কিন্তু হঠাতে হেমন্ত কুমাৰ-মৃণাল সেনৰ মাজত কিবা বুজা পৰা হ’ল।

 

চিনেমাৰ পৰিচালকৰ আসনত হেমন্ত কুমাৰে মৃণাল সেনক বহুৱাই ভূপেন হাজৰিকাক একাষৰিয়া কৰিলে। “হেমন্ত-ভূপেন প্ৰডাশ্বন”ৰ নাম সলনি কৰি “হেমন্ত-বেলা প্ৰডাশ্বন”ৰ নামত চিনেমাৰ কাম আগবঢ়ালে। –হয়, ভূপেন হাজৰিকাৰ “চিনেচিন্তা” নিজৰ কৰি ল’লে মৃণাল সেনে। চিনে ৰাজনীতিৰ মকৰাজালত ভূপেন হাজৰিকাক বন্দী কৰি চিনেযাত্ৰা আৰম্ভ কৰিলে মৃণাল সেনে। মৃণাল সেনে নিজৰ কৰি লোৱা ভূপেন হাজৰিকাৰ সেই চিনেচিন্তাৰ নাম– “নীল আকাশের নীচে”। সময়ত চিনেমাৰ কাম সম্পূৰ্ণ হ’ল। চিত্ৰগৃহলৈ আহিল। আৰু ঠিক সেই সময়তে “হিন্দী চিনি ভাই ভাই”ত কেনা লাগাত চিনেমা খন দৰ্শকে গ্ৰহণ নকৰিলে। “বজাৰ”ত নচলিলেও সেই চিনেকৰ্মৰ বাবেই প্ৰথমবাৰ চৰ্চালৈ আহিছিল মৃণাল সেন। “রাত-ভোর”ৰ (১৯৫৫) বিফলতাৰ পাছত “নীল আকাশের নীচে” (১৯৫৮) আছিল মৃণাল সেনৰ দ্বিতীয় পৰিচালনা। –এনেদৰে কেইবাবাৰো কলিকতাত শোষিত হৈছিল ভূপেন হাজৰিকা। কলিকতাৰ পৰা আঁতৰাবলৈয়ো ৰাজনীতি, ষড়যন্ত্ৰ কৰিছিল। এগৰাকী বিখ্যাত সংগীত পৰিচালকৰ নিৰ্দেশতে হেনো কলিকতাৰ বাটে-ঘাটে পোষ্টাৰ আৰি দিয়া হৈছিল এই বুলি–, “ভূপেন হাজারিকার ৰক্ত চাই”। কিন্তু ভূপেন হাজৰিকাক লৰাব পৰা নাছিল। যেনেদৰে বেয়া পোৱা অল্প সংখ্যক লোক আছিল, তেনেদৰে ভূপেন হাজৰিকাক ভাল পোৱা, সন্মান কৰা লোকো আছিল কলিকতাত। (আজিৰ তাৰিখতো আছে।) ভাল পোৱা, সন্মান দিয়া সকলৰ বাবেই ভূপেন হাজৰিকা নিজৰ স্থানত স্থিৰ আছিল। (“অসমত ভাষা আন্দোলন আৰম্ভ হ’ল। কলিকতাত পোষ্টাৰ এখন আঁৰিছিল— ‘ভূপেন হাজারিকার ৰক্ত চাই’। সূৰ্য্য বৰা মোৰ তাৰপৰা ওলাই গৈছিল পাচদিনা সূৰ্য্য বৰাকো কাটিলে। সি বেচেৰা ‘শকুন্তলা’ ছবিখনৰ কাৰণেই আহিছিল। আনহাতে উত্তম কুমাৰে কৈছিল—’ ভূপেনদা, যদি আপোনাৰ অকণমানো কিবা অসুবিধা হোৱা যেন দেে আপুনি মোৰ ইয়ালৈ গুচি আহিব।’

জ্যোতি বসু তেতিয়া মন্ত্ৰী হোৱা নাছিল। তেওঁ গাড়ী পঠিয়াই দিছিল ভূপেন হাজৰিকাৰ যদি মানসিকভাৱেও অসুবিধা হয়, তেন্তে মাতি আনিবা। তেতিয় কংগ্রেছ মিনিষ্টি আছিল। বিধান ৰায় মুখ্যমন্ত্ৰী আছিল। মায়া মুখার্জ্জী নে কেনাথী নামৰ ডেপুটী মিনিষ্টাৰ এগৰাকী, আৰু আভা মাইতীহঁত আছিল – তেওঁলোৱে মোক আনিবলৈ গাড়ী পঠিয়াই দিছিল। ইয়াৰ গুণ্ডা ল’ৰা কেইটামানে কৈছিল–‘আমি একো নকৰোঁ। আমাৰ মৃতদেহৰ ওপৰেদিহে আপোনাৰ মৃতদেহ আহিব। অসমৰ বঙালীখিনি আহি শিয়ালদাহ পাইছেহি আৰু বহুতো তেতিয়া আহ আছিল। সিহঁতে আপোনাক কিবা কৰিব পাৰে।’
মোৰ ‘খুন’ বিচৰা পোষ্টাৰখনৰ ওচৰত জোপ লৈ বহুপৰ ৰৈ আছিল ঋত্বিক ঘটক। যিটো ল’ৰাই দ্বিতীয়খন পোষ্টাৰ লগাবলৈ আহিছিল, তাক চুলিত ধৰি একে চৰতে পঠিয়াই দিলে, ‘কোনে শিকাইছিল তোক ভূপেন হাজৰিকাৰ বিৰুদ্ধে পোষ্টৰ মাৰিবলৈ— এই বুলি। তেতিয়া দেখা গ’ল যে কোনোবা এজন মিউজিক ডাইৰেক্টৰেছ হেনো পোষ্টাৰ মৰোৱাইছিল। সেইটো বৰ নঙঠা কথা হ’ল। ক’বলৈ ভাষাই নাই।” –ভূপেন হাজৰিকা)

“ভূপেন হাজারিকার ৰক্ত চাই”, “নীল আকাশের নীচে” বহুতে জনা, সংগীতসূয্যই কৈ যোৱা কথা। এনে ধৰণৰ আৰু বহু কথা আছে, যিবোৰ আঁৰতে থাকি গ’ল।
২০১৮ চনৰ জুলাই মাহৰ এটা দিনত লগ পাইছিলো অম্লান বেনাৰ্জীক, উত্তৰ কলকাতাৰ বইপাড়াৰ কলেজ ষ্ট্ৰীটৰ বিখ্যাত ইণ্ডিয়ান কফি হাউছত। সংগীতৰসিক গৰাকীয়ে কথা প্ৰসংগত কৈছিল– “ভূপেনদাৰ আৰ্থিক সমস্যাৰ সুযোগ বহুতে লৈছিল। আৰ্থিক সহায়ৰ হাত আগবঢ়াই কলকাতাৰ কেইবা গৰাকীও নামি-দামি সংগীতকাৰে ভৃপেনদাৰ সৃষ্টি নিজৰ কৰি লৈছিল।”
–কোনে কোনে লৈছিল?
–অম্লান বেনাৰ্জীয়ে কৈছিল।
–থাকক, সেই নাম কেইটা উল্লেখ নকৰো।
২০১৯ চনৰ শেষৰ ফালে কলকতালৈ গৈ লগ কৰিছিলো গৌড় পালক। সংগীতসূৰ্যৰ সৈতে কাম কৰা, সংগীত সূৰ্যক সন্মান কৰা বাঁহীবাদক গৰাকীয়ে কথা প্ৰসঙ্গত কৈছিল “দাদাৰ বাবে সংগীত বেপাৰ নাছিল। আৰু বেপাৰ নাছিল বাবেই কলকাতাৰ বেপাৰী সংগীত শিল্পী সকলে দাদাক একাষে ৰাখিবলৈ ভিন্ন কৌশলৰ আশ্ৰয় লৈছিল। কাৰণ দাদাৰ বাবে বহুতৰে বজাৰ বঢ়া নাছিল।”

নিৰ্বাক চিনেমা চাইছিল ভূপেন হাজৰিকাই, চিনেমা নুবুজা বয়সতে। প্ৰমথেশ বৰুৱাৰ চিনেমা। অসমৰ প্ৰমথেশ বৰুৱাই কলিকতালৈ গৈ ধীৰেন্দ্ৰ নাথ গাংগুলীৰ দা ব্ৰিটিছ ডমিনিয়ান ফিল্ম লিমিটেডৰ সৈতে জড়িত হৈছিল। চিনেমাৰ কিছু ধাৰণা লৈ প্ৰমথেশ বৰুৱাই লণ্ডনলৈ যায়: আৰু তাত চিনেমাৰ শিক্ষা লৈছিল। [বিশেষ তথ্য: প্ৰমথেশ বৰুৱাই পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় চিনেমাত “কৃত্ৰিম পোহৰ” ( “…He was the first to use artificial light in crimina”.) কৌশল ব্যৱহাৰ কৰিছিল।]
–উভতি আহি কলিকতাত বৰুৱা পিক্‌চাৰ্ছ লিমিটেড স্থাপন কৰে। ১৯৩১ চনত বৰুৱা পিক্‌চাৰ্ছৰ বেনাৰত চিত্ৰগৃহলৈ আহে “অপৰাধী”। নিৰ্বাক আছিল প্ৰমথেশ বৰুৱাৰ এই প্ৰথম চিনৈকৰ্ম। ৬ বছৰ বয়সত ভৃপেন হাজৰিকাই গুৱাহাটিৰ বিজুলি (তেতিয়া চিত্ৰগৃহটোৰ নাম বিজুলি নাছিল।) চিত্ৰগৃহত “অপৰাধী” চাইছিল। ইয়াৰ পাছত অভিনয় কৰিছিল, অভিনয় কৰি গীতো গাইছিল জ্যোতি প্ৰসাদ আগৰৱালাৰ “ইন্দ্ৰ-মালতী”ত। এনেদৰে ক’লে ভুল নহব–, ভূপেন হাজৰিকাৰ মন-মগজুত গজা “চিনেমা পোখা”ৰ বীজ– “অপৰাধী” আৰু “ইন্দ্ৰমালতী”। (“প্ৰমথেশ বৰুৱাৰ নিৰ্বাক, সেই কথা নথকা ছবি খন চোৱাৰ সময়ত মোৰ মনলৈ আহিছিল–. এদিন ময়ো ছবি কৰিম। ছবি মই তেতিয়া আঁকো, কাৰোবাক দেখুৱালে কয় ‘ভাল হৈছে” বুলি। মই ঠিক কৰিছিলো এদি গতি থকা ছবি আকিম, কেমেৰাৰে।” –ভূপেন হাজৰিকা) –সময় আগবাঢ়িল। বিদেশৰ মাটিতো মনত, মগজূত চিনমাৰ পোক। সংগীতৰ লগতে চিনেমাৰ বাবেও সময় খৰচ কৰিছিল। বিদেশত বিখ্যাত চিনেমা চাইছিল। ভাৰতলৈ আহি বলৰাজ সাহানি, অশোক কুমাৰ আদিৰ লগত চিনেমা চৰ্চা কৰিছিল।
***********
বিদেশৰ পৰা উভতি আহিছিল ভূপেন হাজৰিকা। এদিন মুম্বাই (তেতিয়াৰ বোম্বাই) পাইছিল। বলিউদ ফুৰিছিল। বলৰাজ সাহানিক লগ কৰিছিল। ( “মই বলৰাজ সাহানিক লগ ধৰিলোঁ। তেতিয়া তেওঁ ‘দো বিঘা জমীন’ কৰি উঠিছে। তেওঁৰ মুটাৰ এখনহে আছিল, তেতিয়াও গাড়ী কিনিব পৰা নাছিল। মই তেওঁৰ প্লুটাৰত উঠি সাহানিক ভাত খাবলৈ শহুৰৰ ঘৰলৈ নিমন্ত্ৰণ কৰি আনিলোঁ। তেওঁৰ মুঠেই অহঙ্কাৰ। নাছিল। …” –ভূপেন হাজৰিকা) বলৰাজ সাহানিয়ে এদিন আহি ভূপেন হাজৰিকাক প্ৰস্তাৱ দিছিল “মই কথা আগবঢ়াইছো, ছবি এখনত সংগীতৰ কাম কৰিব লাগিব। অমৰ কুমাৰৰ চিনেমা।” ভৃপেন হাজৰিকাই ইচ্ছা নকৰিলে। ইচ্ছা নকৰিলে অমৰ কুমাৰৰ সৈতে দ্বিতীয় বাৰ বহাৰ পাছত। এই তথ্য স্পষ্ট নহয়– চিনেমা খনৰ নাম কি? সম্ভৱতঃ গৰম কোট। চিনেমা খনৰ নাম উল্লেখ নকৰাকৈ বলৰাজ সাহানিয়ে কৈছিল– “ভূপেন হাজৰিকাক মই কেইবাবাৰো মান্তি কৰাব পৰা নাছিলো। অমৰ কুমাৰৰ সৈতে প্ৰথম বাৰ বহাৰ পাছত চিনেমা খনত কেনেধৰণৰ সংগীত দিব মোক কৈছিল। কিন্তু দ্বিতীয়বাৰ বহাৰ পাছত কৈছিল– চিনেমা খনৰ বাবে সংগীত ৰচনা তেওঁৰ (ভৃপেন হাজৰিকাৰ) বাবে সম্ভৱ নহয়। পাছত খবৰ কৰি ইমান খিনিয়ে জানিছিলো– ভূপেন হাজৰিকা ‘সংগীতৰ বেপাৰী’নহয়। ভূপেন হাজৰিকাৰ বাবে সংগীত প্ৰাৰ্থনা। …” (উৎস: Filmindia / Editor: Baburao Patel)

অভিনেতা অশোক কুমাৰেও কৈছিল, “তুমি ইয়াত নোৱাৰিবা! তুমি কি ভাবিছা ইয়াত সেইটো ডাঙৰ কথা নহয়। তোমাৰ চিন্তাৰ বিশেষ গুৰুত্ব নাই। তুমি অসমলৈ যোৱা, তাৰ পৰায়ে আৰাম্ভ কৰা। তুমি অসমৰ পৰা যেতিয়া ভাল কাম কৰিবা, ইয়াতো ভাল কাম কৰা মানুহ আছে, এই ভাল কাম কৰা সকলে তোমাক বিছাৰি অসম পাব! …” (উৎস: Filmindia / Editor: Baburao Patel) অৱশ্যে ভৃপেন হাজৰিকাই কৈছিল– “মই ক’লোঁ— মই ফিল্ম কৰিম, কিন্তু এতিয়া মই একো থিৰাং কৰা নাই। কৰিলে মই শিক্ষামূলক কথাছবি কৰিম – other ideas, let me see. যিটো মই শিকি আহিছোঁ। I have got…” (“পাচত অশোক কুমাৰৰ তালৈ গ’লোঁ। অশোক কুমাৰে মোক ভাত খুৱালে। মোক থৈ আহিবলৈ ভায়েক অনুপ কুমাৰক মোমায়েকৰ ঘৰলৈ পঠিয়াই দিছিল। অশোক কুমাৰে তেতিয়া ‘পৰিণীতা’ নামৰ ছবিখন কৰি আছিল। মোৰ এতিয়াও মনত আছে নিউয়র্কত থাকোঁতে যে অশোক কুমাৰে 555 চিগাৰেট খাইছিল। হাটৰ অসুখৰ কাৰণে পাচত খাবলৈ এৰিলে। তেওঁ নিজে চিগাৰেট অনাই মোক খাবলৈ দিছিল। বিমল ৰয়ে মোলৈ চাইছিল। মীনাকুমাৰীয়ে বঙালী সাজ-পাৰ পিন্ধি ঘৰ এটাত আছিল। ছেটতে। অশোক কুমাৰে ধুতী পিন্ধিছিল। শ্বটটো ল’বলৈ সকলো সাজু হৈছিল। কিন্তু মই অহা কাৰণে হুলস্থূল লাগি গ’ল। হুলস্থুল লগালে অশোক কুমাৰে নিজেই। তেওঁৰ বোম্বে টকীজৰ শীত-তাপ নিয়ন্ত্রিত কোঠালৈ নি মাছ-ভাত খুৱাইছিল। তেওঁ মোক সুধিলে– তুমি ফিল্মত কিবা কৰিবা নেকি?

মই ক’লোঁ— মই ফিল্ম কৰিম, কিন্তু এতিয়া মই একো থিৰাং কৰা নাই। কৰিলে মই শিক্ষামূলক কথাছবি কৰিম – other ideas, let me see. যিটো মই শিকি আহিছোঁ। I have got
তেওঁ মোক আকৌ সুধিলে Are you interested in Indian Film Industry?
মই ক’লোঁ : এতিয়ালৈকে মই একো ভবাই নাই।” –ভৃপেন হাজৰিকা)
উভতি অসম পাইছিল। ভূপেন হাজৰিকাৰ মনত অশোক কুমাৰে যি কৈছিল, সেয়া মনৰ দ লৈকে শিপাইছিল। আৰু এদিন আৰম্ভ কৰিছিল “এৰা বাটৰ সুৰ”। সচাকৈয়ে, অশোক কুমাৰে কোৱাৰ দৰে অসমৰ মাটিত কৰা চিনেকৰ্মৰে বলিউদৰ বহুতে ভৃপেন হাজৰিকাৰ “জোনাক-জোনাক” সংগীত অনুভৱ কৰিছিল। অনুভৱ কৰা সকলৰ মাজৰে এটা নাম– আত্মা ৰাম। “আৰোপ” (১৯৭৩)ৰ পৰিচালক।

আত্মা ৰাম (Atma Ram Padukone / 1930–94)। পৰিচালক, চিত্ৰনাট্যকাৰ, প্ৰযোজক। (“বোম্বেৰ ফিল্ম-জগতত সেই সময়ত আত্মাৰাম,গুৰুদত্তৰ যথেষ্ট নাম-যশ আছিল। তেতিয়ালৈকে তেওঁলোকৰ লগত মোৰ চিনাকি হোৱা নাছিল। মাথোঁ নামহে শুনিছিলোঁ। তেওঁলোকেও মোৰ বিষয়ে জানিছিল। এনেতে আত্মাৰামে নগা-পাহাৰৰ পটভূমিত এখনি বোলছবি কৰিবলৈ আগুৱাই আহিল। নাম— ‘ইয়ে গুলিস্তাঁ হামাৰা’। এই ছবিখনৰ কাম হাতত লৈ তেওঁ গুৱাহাটী পালেহি। গুৱাহাটীৰ যিখন হোটেলত তেওঁ আছিলহি, পিচদিনা ৰাতিপুৱা সেইখন হোটেলৰে কাউণ্টাৰত থকা ৰেডিঅ’ত মোৰ গান এটা বাজি আছিল। গানটো আত্মাৰামে খুব মন দি শুনাৰ পাচতেই কাউণ্টাৰৰ মানুহজনক সুধিলে— “এই গানটো কোনে গাইছে?’
—কাউণ্টাৰৰ মানুহজনে ক’লে, ভূপেন হাজৰিকাই।
—তেওঁ ক’ত থাকে? -তেওঁৰ ঘৰ ইয়াতেই, গুৱাহাটীত।
-গুৱাহাটীৰ কোনখিনিত?
—নাজানো। আপুনি ৰেডিঅ’ চেণ্টাৰত খবৰ কৰক। তেওঁলোকেহে ভালকৈ ক’ব পাৰিব।
আত্মাৰাম গুচি গ’ল গুৱাহাটীৰ ৰেডিঅ’ চেণ্টাৰলৈ। সুধিলে— ‘ভূপেন হাজৰিকাৰ ঘৰটো কোনখিনিত?’ উত্তৰ দিলে— নিজৰাপাৰত।
—ঘৰলৈ গ’লে তেওঁক লগ পোৱা যাবনে?
—পাবও পাৰে। কিন্তু তেওঁ শ্বিলঙতো থাকে। তেওঁ এতিয়া এম. এল. এ. আকৌ কলিকতাতো থাকে।
—এম. এল. এ. ? ৰাজনীতিও কৰে। গানো গায়। এয়া কেনেকুৱা কথাহু আত্মাৰাম স্তম্ভিত হৈ ৰ’ল।

তাৰ পাচত ৰেডিঅ’ চেণ্টাৰৰপৰা নিজৰাপাৰলৈ যাবৰ কাৰণে বাট-পথৰ বিষয়ে বুজি লৈ আমাৰ ঘৰ পালেগৈ। ঘৰলৈ গৈ জানিব পাৰিলে যে—মই কলিকতাত আছে । কলিকতাৰ ঘৰৰ ঠিকনা, ফোন নম্বৰ আদি লৈ আত্মাৰামে সেইদিনাই কলিকতা পালেগৈ।


তাতেই তেওঁ মোক লগ পাই অনুৰোধ জনালে— ‘ইয়ে গুলিস্তাঁ হামাৰা’ ছবিৰ উপদেষ্টা ৰূপে কাম কৰিবলৈ। লগতে ছবিখনৰ সঙ্গীত পৰিচালনা কৰিবলৈও মোক অনুৰোধ কৰিলে।” –ভূপেন হাজৰিকা / মই এটি যাযাবৰ ) আত্মা ৰামে “ইয়ে গুলিস্তাঁ হামাৰা” (Ye Gulistan Hamara / 1972) হিন্দী ড্ৰামা চিনেমা খনত সংগীত পৰিচালনা কৰিবলৈ ভূপেন হাজৰিকাক অনুৰোধ কৰিলে।
ভূপেন হাজৰিকাই লিখিছিল, “প্রথম চিনাকিতে আত্মা ৰামক মোৰ কিয়নো ইমান ভাল লাগি গ’ল। বন্ধুত্ব হ’ল। তেওঁৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই সম্মতি জনালোঁ।” কিন্তু “ইয়ে গুলিস্তাঁ হামাৰা” সংগীত পৰিচালনা কৰিছিল এছ ডি বৰ্মনে (S. D. Burman.)। ভূপেন হাজৰিকাই নকৰাৰ ৰহস্য? –বা কাৰণ? বলিউডত খোজ দিয়ে ভূপেন হাজৰিকাই কোনো পক্ষৰ পৰা বাধা পোৱা নাছিলতো! এছ ডি বৰ্মনৰ সৈতে ভূপেন হাজৰিকাৰ সম্পৰ্ক মধুৰ নাছিল জানো! –এছ ডি বৰ্মনৰ সৈতে লতা মংগেশকাৰৰো সম্পৰ্ক মধুৰ আছিল; কিন্তু এনে সময়ো আহিছিল, লতা মংগেশকাৰে “আৰু এছ ডি বৰ্মনৰ সৈতে কাম” নকৰো বুলিছিল। সেয়া বাৰু অন্য প্ৰসংগ। 

…এনে ধৰণৰ কথা শুনা যায়, ভূপেন হাজৰিকাই “ইয়ে গুলিস্তাঁ হামাৰা”ত উপদেষ্টাৰ দায়িত্বহে পালন কৰিছিল। পৰিচলকৰ হৈ কিছু সংগীতৰ চিন্তা কৰিছিল। শুনা যায়, পৰিছালকৰ হৈ চিনেমা খনৰ সংগীতৰ সম্পাদনা কৰিছিল। চিনেমা খনৰ বাবে এছ ডি বৰ্মনে সাতটা গীত সাজু কৰিছিল। (চিনেমা খনত ছয়টা গীতহে ব্যৱহাৰ হৈছিল। পাচটা গীতত কণ্ঠদান কৰিছিল লতা মংগেশকাৰে। গীত লিখিছিল আনন্দ বক্সীয়ে। –এই গীত কেইটাৰ মাজত ভূপেন হাজৰিকাৰ ‘সংগীত চিন্তা’ সোমাই আছে বুলিয়ো শুনা যায়। ভূপেন হাজৰিকাই কিন্তু এই প্ৰসংগত কোনো কথা, কোনো মাধ্যমত লিখা, কোৱা আমাৰ চকুত পৰা নাই। এই খিনিতে এই কথাও উল্লেখ কৰিব লাগিব হেমন্ত কুমাৰে যে “জোনাকৰে ৰাতি …” গীতটো ভূপেন হাজৰিকাৰ নাম উল্লেখ নকৰাকৈ চিনেমাত ব্যৱহাৰ কৰিছিল– এই প্ৰসংগতো কোনো কথা, কোনো মাধ্যমত লিখা, কোৱা আমাৰ চকুত পৰা নাই। এই “সংগীত শোষন” সম্ভৱ হৈছে “কোনো কালে সংগীতৰ বেপাৰ নকৰো” বুলি স্থিৰ হৈ থকা ভূপেন হাজৰিকাৰ “দুৰ্বলতা”ৰ বাবে।) গীত কেইটা চিনেমা খনত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আত্মা ৰামে ভূপেন হাজৰিকাৰ সহায় লৈছিল। লতা মংগেশকাৰ আৰু ডেনি ডেনজংপাৰ কণ্ঠত ৰেকৰ্ডিং কৰা চিনেমা খনৰ এটা গীত– “মেৰা নাম আও…”। লোকগীত, নাগালেণ্ডৰ আও নগা সম্প্ৰদায়ৰ। গীতটো চিত্ৰায়ণ কৰা হৈছিল চীনৰ সীমান্তত বসবাস কৰা এটা জনজাতীয় সম্প্ৰদায়ক মনত ৰাখি। (চিনেমা খনৰ ৩০-৪০% শতাংশৰ চিত্ৰগ্ৰহণ কৰা হৈছিল অৰুণাচলত) আত্মা ৰামে কৈছিল– “কেইবাটাও গীত নিৰ্মাণত মোক সহায় কৰিছিল ভূপেন হাজৰিকাই। কাগজত ছবি আকি দিছিল। ‘মেৰা নাম আও…’গীতটোৰ ৯০% শতাংশ পৰিকল্পনা আছিল হাজৰিকাৰ।” (উৎস: মায়াপুৰী/ ৪৬৪ সংখ্যা)

…সেয়া যি নহওক, “আৰোপ”ৰ সংগীতৰ কাম কৰিলে ভূপেন হাজৰিকাই। “আৰোপ” –আত্মা ৰামৰ আন এক পৰিচালনা। (“Aarop is a 1974 Indian Hindi romance film, laced with crime and suspense…”) চিনেমা খনৰ বাবে ভূপেন হাজৰিকাই ৰচনা কৰিছিল আঠটা গীত। সংগীতৰ কাম কৰি গৈছিল চিনেমা খনৰ চিত্ৰগ্ৰহণৰ কামৰ সমান্তৰালকৈ। “চিত্ৰনাট্য আলোচনা”ৰ সময়ত নহয়, হঠাতে এদিন চিনেমা খনৰ বাবে ৰচনা কৰিছিল “নেইনো মে দর্পন হে…”ৰ সুৰ। (“১৯৭২ চনত ‘আৰোপ’ ছবিত সুৰ দিয়াৰ কামত ব্যক্ত হৈ থাকোঁতে আঘাবাস। এদিন ক’লে— ‘হাজৰিকা, ব’লক এদিন শ্বিলং পিকলৈ যাওঁ। গ’লোঁ। সেয়া আছিল অক্টোবৰ মাহ। শ্বিলং পিকত দুয়ো থাকোঁতে দেখিলোঁ, এজন খাচী গৰখীয়া ল’ৰাই ফটা হাফ পেণ্ট এটা পিন্ধি গৰু চৰাই আছে— আৰু গুণ তৈ আওৰাইছে এটি গানৰ সুৰ। হয়তো সেইটো আছিল সিহঁতৰ একেবাৰে গাঁৱলীয়া গাঁচৰ সুৰ। সুৰটো মোৰ বৰ ভাল লাগি গ’ল। ল’ৰাটোক মই মাতি আনিলোঁ আৰু সি গাই থকা সুৰৰ গানটো সিহঁতৰ ভাষাতেই গাবলৈ ক’লোঁ।— শুনিলোঁ আৰু সুৰটো বুকুৰ মাজতে লৈ গুচি আহিলোঁ। সেইদিনাই ৰাতি কাৰোবাৰপৰা হাৰমনিয়াম এটি খুজি আনি সেই গৰখীয়া ল’ৰাৰ সুৰৰ আলমতে তৈয়াৰ কৰিলোঁ এটি গীতৰ সুৰ। সেই সুৰৰ সৈতে যাপ খুৱাই ৰচনা কৰিলোঁ এটি অসমীয়া গীত

“তোমাৰ উশাহ কঁহুৱা কোমল শেৱালি কোমল হাঁহি।
হাঁহিয়ে হৃদয় হৰিলে শুনাই
এটি কিবা মিঠা বাঁহী।
শাৰদীয় চেনেহীৰে কঁকাল ইমান লাহী। …”
তাৰ পাচত আত্মাৰামক সুধিলোঁ— ‘আৰোপ’ ছবিত কিবা প্ৰেমৰ গান আছে নেকি। তেওঁ ক’লে, ‘আছে।’ এই কথা জনাৰ পাচত সেই খাচী গৰখীয়াৰ conventional অসমীয়া গীতটিৰ সুৰতেই সৃষ্টি কৰা হ’ল সেই জনপ্রিয় হিন্দী গীত–
‘নয়নো মে দর্পণ হ্যায়
দৰ্পণ মে কোই…এই গীতটোৱেই হৈছে হিন্দী কথাছবিত মোৰ প্ৰথম গীত।” –ভৃপেন হাজৰিকা) হঠাতে ৰচনা হোৱা সেই “সুৰে” দেশৰ সংগীত ৰসিকৰ ওচৰলৈ লৈ গৈছিল ভৃপেন হাজৰিকাক। চিনেমা খনত ব্যৱহাৰ কৰা
“এ জয় ৰঘুৰ নন্দন হে ৰাঘৱ
ৰামে জয় ৰঘুৰ নন্দন…”, আৰু
“মাই হেৰে যশোৱা
আমাক’ লাগিয়া
অলপ তোৰ মৰমো নাই…”ৰ সুৰেৰে ৰচনা কৰা গীত দুটাও চিনেমা খনৰ সৌন্দৰ্য।
       (উৎপল মেনা এগৰাকী বিশিষ্ট চিত্ৰ সমালোচক)