ইণ্টাৰছেক্স সম্পৰ্কীয় ক্ৰীড়া পলিচি বনাম নাৰীৰ প্ৰশ্ন : জিতেন বেজবৰুৱা

পেৰিছ অলিম্পিকত আলজেৰিয়ান বক্সাৰ ইমান খালিফক কেন্দ্ৰ কৰি যিটো ঘটনা ঘটিল সি আচলতে এক প্ৰাতিষ্ঠানিক বিফলতাৰ পৰিণাম৷ গতিকে ব্যক্তিগত স্তৰত তেওঁৰ প্ৰশ্নটো আলোচনা কৰাৰ লগতে আমি তাৰ সৈতে জড়িত মতাদৰ্শগত-ৰাজনৈতিক প্ৰশ্নবোৰো উনুকিওৱা ভাল হ’ব৷

খালিফ এগৰাকী নাৰী আৰু তেওঁ নাৰী কেটেগৰিত খেলিবলৈ পাব লাগে৷ এইক্ষেত্ৰত আমি জীৱবৈজ্ঞানিক আৰু সামাজিক দুইটা দিশৰ প্ৰতি চকু দিয়া দৰকাৰ৷ খালিফ সম্পৰ্কীয় বিতৰ্কসমূহ কিছু পৰিমাণে খুঁচৰি আমি এইবুলি পতিয়ন গৈছো যে তেওঁ এগৰাকী জীৱবৈজ্ঞানিকভাৱে মতা মানুহ, যাৰ এক ইণ্টাৰছেক্স বা DSD কণ্ডিচন আছে৷ সঠিকভাৱে জানিব নোৱাৰিলেও বিজ্ঞসকলৰ চৰ্চাৰ ভিত্তিত এইটো যুক্তিসংগতভাৱে অনুমান কৰিব পাৰি যে তেওঁৰ আভ্যন্তৰীণ বায়’ল’জি সম্পূৰ্ণৰূপে মতা মানুহৰ, কিন্তু বাহিৰৰ যৌনাংগ অবিকশিত আৰু female-looking৷ এগৰাকী অন্য মতা মানুহৰ ক্ষেত্ৰত যিবোৰ শাৰীৰিক উপাদান-লক্ষণ থাকে আৰু পৰিবৰ্তন ঘটে, সেই সকলোবোৰেই এনে কণ্ডিচন থকা ইণ্টাৰছেক্স মানুহৰো থাকে আৰু ঘটে৷ এনে অৱস্থাত মতা বয়ঃসন্ধিয়ে (male puberty) আনি দিয়া শাৰীৰিক শক্তি তথা সুবিধাখিনি এনে মানুহেও স্বাভাৱিকতেই লাভ কৰে, যিটো ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰাসংগিক৷ কিন্তু কথাটো হ’ল ইণ্টাৰছেক্স হোৱাটো হ’ল এক জন্মগত বায়’ল’জিকেল অসংগতি, যিটো ব্যক্তিগৰাকীয়ে নিজ ইচ্ছাৰে বাছি লোৱা নাই৷ সমাজখনে তেওঁক নাৰী হিচাপে চিহ্নিত কৰিছে আৰু সেইমতেই ডাঙৰ-দীঘল কৰিছে৷ গতিকে নাৰী হিচাপেই জীৱনৰ বাকী ক্ষেত্ৰবিলাকতো তেওঁ অধিকাৰ পোৱা উচিত৷ এটা শাৰীৰিক অসংগতি লৈ জীয়াই থকাটো অতিকে কষ্টকৰ৷ এখন ৰক্ষণশীল সমাজত এই অসংগতি লৈ খালিফে ডাঙৰ হৈ আহি এইটো পৰ্যায় পোৱালৈকে কিমান প্ৰেক্টিকেল-মনস্তাত্ত্বিক দুৰ্ভোগ ভুগিবলগীয়া হৈছে, সেইটো অনুমান কৰিব পাৰি৷ তেনে অৱস্থাত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আহি নাৰী নহয় বুলি প্ৰশ্নৰ সন্মুখীন হোৱাটো অতিকে দুৰ্ভাগ্যজনক৷ সকলোৱেই তেওঁক নাৰী হিচাপে গ্ৰহণ কৰিব লাগে। এইটো এটা সামাজিক ন্যায়ৰ প্ৰশ্ন৷ যিকোনো প্ৰগতিশীল সমাজেই খালিফক নাৰী বুলি আদৰি লোৱা উচিত আৰু নাৰী কেটেগৰিতেই খেলিবলৈ দিয়া উচিত৷

যিহেতু ইণ্টাৰছেক্স ব্যক্তিসকল হ’ল এক বিৰল শাৰীৰিক অসংগতিৰে সৈতে জন্মা সমাজৰ তেনেই এমুঠি মানুহ (0.018%), গতিকে তেওঁলোকক তেওঁলোকৰ ইচ্ছানুসৰি আৰু সামাজিক ন্যায়বিচাৰ অনুসৰি ক্ৰীড়া তথা অন্যান্য সামাজিক ক্ষেত্ৰত অংশগ্ৰহণৰ সুবিধা দিব লাগে – তেওঁলোকক এক ব্যতিক্ৰম হিচাপে গণ্য কৰিব লাগে৷ কেৱল তেওঁলোকৰ ক্ষেত্ৰতেই যৌন বিকাশৰ এক আপেক্ষিক অস্পষ্টতা আৰু দ্ব্যৰ্থতা দেখিবলৈ পোৱা যায়, তাৰ বাদে পৃথিৱীৰ বাকী সকলোৰে ক্ষেত্ৰত সেইটো তেনেই স্পষ্ট আৰু চাক্ষুষ৷ গতিকে ইণ্টাৰছেক্সৰ ক্ষেত্ৰত প্ৰয়োগ কৰা ব্যতিক্ৰমৰ ধাৰণাটো আন ক’তো প্ৰয়োগ কৰাৰ কথা নাহে৷ সি যি নহওক, কথাটো সিমানতে শেষ নহয়৷ তাৰ বাবে আমি আৰু কিছুমান সামাজিক তথা পলিচিগত প্ৰশ্নৰ মীমাংসা কৰিব লাগিব৷ ইণ্টাৰছেক্স এটা অতিকে জটিল বিষয়৷ আমি সাধ্যানুসাৰে এই চমু আলোচনাটোত দুটামান সামাজিক-পলিচিগত দিশ উনুকিয়াবলৈ চেষ্টা কৰিম৷ সংক্ষেপ কৰাৰ স্বাৰ্থত আমি উদাহৰণ যথাসম্ভৱ কমাই ৰখাৰ চেষ্টা কৰিম৷

ক্ৰীড়াৰ ক্ষেত্ৰত পুৰুষ আৰু নাৰীৰ বাবে পৃথক কেটেগৰিৰ ব্যৱস্থা কিয় আছে? কাৰণ দুয়োৰে মাজত শাৰীৰিক শক্তি-সামৰ্থ্যৰ ক্ষেত্ৰত এক বিস্তৰ পাৰ্থক্য আছে আৰু সেইটো ক্ৰীড়াৰ ক্ষেত্ৰত খুবেই প্ৰাসংগিক৷ খেল খেলে মানুহৰ শৰীৰে৷ গতিকে এই প্ৰসংগত কেৱল শৰীৰেই বিচাৰ্য বিষয় হোৱা উচিত৷ খেলপথাৰত মানুহৰ আন কোনো পৰিচয় বা আত্মচিনাক্তকৰণে শৰীৰক তল পেলাব নোৱাৰে৷ গতিকে (ইণ্টাৰছেক্সৰ কথাটো বিশেষ ব্যতিক্ৰম হিচাপে বাদ দিছো) ছেক্সৰ ভিত্তিত ক্ৰীড়াত নাৰী-পুৰুষৰ দুটা কেটেগৰি সৃষ্টি কৰা হৈছে৷ এটা উদাহৰণৰদ্বাৰা আমি নাৰী-পুৰুষৰ এই পাৰ্থক্যটো বুজিব পাৰো৷ ৱৰ্ল্ড ৰাগবিৰ নিয়ম অনুসৰি, ট্ৰেন্স পুৰুষসকলে (trans men) পুৰুষৰ কেটেগৰিত খেলিবলৈ হ’লে অন্যান্য চৰ্ত পূৰণ কৰাৰ লগতে এটা লিখিত ষ্টেটমেণ্ট দিব লাগিব যে তেওঁ পুৰুষৰ সৈতে ৰাগবি খেলাৰ ৰিস্ক স্বীকাৰ আৰু গ্ৰহণ কৰি লৈছে; তদুপৰি এজন চিকিৎসকে চাৰ্টিফিকেট দিব লাগিব যে খেলুৱৈগৰাকী তাৰ বাবে শাৰীৰিকভাৱে সক্ষম৷ অৰ্থাৎ সাধাৰণভাৱে নাৰী (বা মাইকী মানুহ) এগৰাকীয়ে পুৰুষ হিচাপে আত্মচিনাক্ত কৰিলেও, আনকি সেই অনুসৰি শৰীৰ পৰিবৰ্তনৰ বাবে মেডিকেল হস্তক্ষেপৰ আশ্ৰয় ল’লেও পুৰুষৰ সৈতে খেলাত সমস্যা আছে৷ সেইবাবেই ট্ৰেন্স পুৰুষসকলে পুৰুষৰ কেটেগৰিত খেলি সফল হোৱাৰ বিশেষ নজিৰ নাই৷ আনহাতে, তেওঁলোকে নাৰীৰ কেটেগৰিত খেলাৰ উদাহৰণ আছে৷ ইয়াৰপৰা এইটোৱেই বুজা যায় যে ক্ৰীড়াত নাৰী-পুৰুষৰ দুটা ছেক্স-ভিত্তিক পৃথক কেটেগৰি থকাৰ প্ৰয়োজন যাতে নাৰী কেটেগৰিটো সুৰক্ষিত হয়৷ একমাত্ৰ ইয়াৰ জৰিয়তেহে নাৰীয়ে এক ন্যায়সংগত ক্ৰীড়াৰ সুবিধা লাভ কৰিব পাৰে৷ পুৰুষৰ কেটেগৰিটো প্ৰয়োজন হৈছে নাৰী কেটেগৰিটোৰ স্বাৰ্থতহে; এইক্ষেত্ৰত পুৰুষক কোনো সুৰক্ষাৰ প্ৰয়োজন নাই৷ যদি এইটো কৰা নহয়, তেনেহ’লে শক্তি-নিৰ্ভৰ সকলো ক্ৰীড়াতেই পুৰুষে আধিপত্য বিস্তাৰ কৰিব৷ 

এনে অৱস্থাত যদি সামাজিক ন্যায়ৰ খাতিৰত আমি জীৱবৈজ্ঞানিকভাৱে মতা, কিন্তু শাৰীৰিক জটিলতাৰ বাবে নাৰী হিচাপে চিনাক্ত আৰু প্ৰতিপালিত ব্যক্তিসকলক নাৰী কেটেগৰিত খেলিবলৈ দিব লাগে, তেনেহ’লে তেওঁলোকৰ সৈতে খেলিবলৈ যোৱা নাৰীসকলৰ সামাজিক ন্যায়ৰ প্ৰশ্নটোও চিন্তা কৰা প্ৰয়োজনীয়৷ সেইটো কেনেদৰে সম্ভৱ? ৱৰ্ল্ড এথলেটিকছে (তেতিয়া IAAF) ২০১৯ চনত Eligibility Regulations for the Female Classification [Athletes with Differences of Sex Development] প্ৰকাশ কৰে৷ এই সম্পৰ্কীয় বিবৃতিত সংগঠনটোৱে কয় – ‘‘. . . individuals who identify as female but have a certain difference of sex development (DSD) (which means that they have the same advantages over women as men do over women) can pose a challenge to that protected category. This is why we introduced the eligibility regulation and why it must be defended: to ensure fair competition for all women.’’ এই নিয়মাৱলীক অনুমোদন জনাই Court of Arbitration for Sportএ এনেদৰে কয় – ‘‘The Panel found that the DSD Regulations are discriminatory but that, on the basis of the evidence submitted by the parties, such discrimination is a necessary, reasonable and proportionate means of achieving the legitimate objective of ensuring fair competition in female athletics in certain events and protecting the “protected class” of female athletes in those events’.’’ এই নিয়মাৱলী অনুসৰি ইণ্টাৰছেক্স নাৰী খেলুৱৈসকলে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে সম্পূৰ্ণ চৰ্তবিহীনভাৱে নাৰী কেটেগৰিত খেলিব পাৰিব৷ আনহাতে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বহুবিলাক ইভেণ্টত চৰ্তবিহীনভাৱে খেলিব পাৰিব; কিন্তু কিছুমান ইভেণ্টত খেলিবৰ বাবে তেওঁলোকে টেষ্ট’ষ্টেৰন স্তৰ এক নিৰ্দিষ্ট বিন্দুলৈকে হ্ৰাস কৰিব লাগিব৷ ‘‘If they are competing at international level, in one of the affected events (track races between 400m and one mile in distance), they first have to lower the level of testosterone in their blood down to below 5 nmol/L (because that is the highest level that a healthy woman with ovaries would have) for a period of six months, and maintain it below that level while they continue to compete at international level in such events.’’ কথা হ’ল, এইটো পদ্ধতি নিখুঁত নে? ই নাৰীৰ প্ৰতি ন্যায় বিচাৰ কৰিছেনে? কেৱল হৰম’ন স্তৰ হ্ৰাস কৰাৰ জৰিয়তে মতা বয়ঃসন্ধিয়ে আনি দিয়া সুবিধাবিলাক আঁতৰাব পৰা যায়নে? নে তাৰ বাদে বা তাৰ উপৰি অতিৰিক্ত আন কিবা পদ্ধতি আছে যাৰ জৰিয়তে দুইটা পক্ষৰ মাজত এক যথাসম্ভৱ ন্যায়সংগত প্ৰতিযোগিতাৰ ব্যৱস্থা কৰিব পৰা যায়? তদুপৰি, ইণ্টাৰছেক্স খেলুৱৈক ইয়াৰ জৰিয়তে হেঁচা প্ৰদান কৰা হৈছে নেকি? তেওঁলোকে মেডিকেল পদ্ধতিৰে হৰম’ন হ্ৰাস কৰাৰ ক্ষেত্ৰত আপত্তি কৰিব পাৰে নেকি? এনে প্ৰশ্নৰ উত্তৰ পোৱাটো সহজ নহয়৷ যদি সম্ভৱ হয়, ইণ্টাৰছেক্স নাৰী আৰু নাৰী পক্ষৰ মাজৰ বুজাবুজিৰ ভিত্তিত ক্ৰীড়া বিশেষজ্ঞসকলেহে তাৰ সমাধান উলিয়াব পাৰিব৷ কিন্তু এইটো ঠিক যে নাৰী খেলুৱৈসকলৰ স্বাৰ্থৰক্ষা কৰাটো এটা বিতৰ্কাতীত দায়িত্ব৷

পৰৱৰ্তী প্ৰশ্নটো হ’ল, যিসকল ইণ্টাৰছেক্স ব্যক্তি জীৱবৈজ্ঞানিকভাৱে মাইকী, কিন্তু বাহিৰৰ যৌনাংগ male-looking হোৱাৰ বাবে পুৰুষ হিচাপে চিনাক্ত আৰু প্ৰতিপালিত হৈ আহিছে, তেওঁলোকে কোনটো কেটেগৰিত খেলিব? হিচাপ মতে তেওঁলোকে পুৰুষৰ কেটেগৰিত খেলিব লাগে৷ কিন্তু সেইটো তেওঁলোকৰ স্বাৰ্থতেই ন্যায়সংগত হ’বনে? নিশ্চয় নহ’ব, কাৰণ তেওঁলোক মাইকী মানুহ৷ গতিকে তেওঁলোকক নাৰী কেটেগৰিত খেলিবলৈ দিয়াই উচিত হ’ব৷ তেনেহ’লে আমি দেখিলো যে ইণ্টাৰছেক্স ব্যক্তি এগৰাকীয়ে নাৰী হিচাপেই জীয়াই থাকক বা পুৰুষ হিচাপেই জীয়াই থাকক, তেওঁলোকক ভিন ভিন কাৰণত নাৰী কেটেগৰিত খেলিবলৈ দিয়া উচিত৷ এতিয়া আমি ট্ৰেন্সজেণ্ডাৰ খেলুৱৈৰ প্ৰসংগলৈ যাওঁ৷ ইণ্টাৰছেক্স আৰু ট্ৰেন্সজেণ্ডাৰ সম্পূৰ্ণ সুকীয়া বস্তু (ইণ্টাৰছেক্স ব্যক্তি এগৰাকীয়ে ট্ৰেন্স হিচাপে আত্মচিনাক্ত কৰিলে সেইটো বেলেগ কথা), কিন্তু নাৰী কেটেগৰিৰ দিশৰপৰা কথাটো একেই৷ ট্ৰেন্স নাৰীসকলে (trans woman) দাবী কৰে যে তেওঁলোকক নাৰী কেটেগৰিত খেলিবলৈ দিব লাগে৷ কাৰ্যক্ষেত্ৰত ইতিমধ্যে তেওঁলোকে বিভিন্ন স্থানত সেই কেটেগৰিত খেলিয়েই আছে৷ আনহাতে, ট্ৰেন্স পুৰুষসকলৰ ক্ষেত্ৰত দেখিলো যে তেওঁলোকে পুৰুষ কেটেগৰিত খেলাত অসুবিধা৷ তেওঁলোকক ঠায়ে ঠায়ে চৰ্তসাপেক্ষে নাৰী কেটেগৰিত খেলাৰ সুবিধা দিয়া হৈছে৷ তাৰ মানে নাৰীৰ দিশৰপৰা কথাটো এনেকুৱা নহ’লনে যে বিভিন্ন নতুন নতুন গ্ৰুপক তেওঁলোকৰ কেটেগৰিত সোমাবলৈ দিব লাগে? নাৰী কেটেগৰিটো উন্মুক্ত কৰি দিব লাগে৷ তেনেহ’লে আমি কোনটো কেটেগৰি সুৰক্ষিত কৰিলো? কথা আছিল নাৰী কেটেগৰিটো সুৰক্ষিত কৰাৰ, কিন্তু সৰ্বশেষত আমি পুৰুষ কেটেগৰিটোহে সুৰক্ষিত নকৰিলোনে? বহুতো নাৰী সম্প্ৰতি ইয়াক লৈ চিন্তিত হৈ পৰিছে৷ এটা উদাহৰণ লোৱা যাওক৷ কিছুমান ক্ৰীড়া সংগঠনে শেহতীয়াভাৱে ট্ৰেন্স নাৰীসকলক আনুষ্ঠানিকভাৱে নাৰী কেটেগৰিত খেলিবলৈ অনুমতি দিছে, যদিহে তেওঁলোকে বয়ঃসন্ধিৰ পূৰ্বেই মেডিকেল ট্ৰেঞ্জিচন আৰম্ভ কৰিছিল আৰু এতিয়া তেওঁলোকে হৰম’ন সম্পৰ্কীয় চৰ্ত পূৰণ কৰে৷ তেনে এটা সংগঠন ৱৰ্ল্ড একুৱাটিক্সৰ নীতি সম্পৰ্কীয় এটা বাতৰিত লিখা হৈছে এনেদৰে – ‘‘The gender inclusion policy – which went into effect on June 20, 2022 – dictated that male-to-female transgender athletes would only be eligible to compete in the women’s categories if they transition before the age of 12 or before they reach stage two on the puberty Tanner Scale.’’ ‘‘The policy also says athletes who have previously used testosterone as part of female-to-male gender-affirming hormone treatment would only be eligible to compete in women’s competitions if the testosterone was used for less than a year in total, the treatment didn’t take place during puberty and testosterone levels in serum were back to pre-treatment levels.’’ কথাটোতো ন্যায়সংগত৷ এগৰাকী ব্যক্তিয়ে যদি বাৰ বছৰ আগতেই বা বয়ঃসন্ধিৰ আগতেই নাৰী হ’বৰ বাবে মেডিকেল ট্ৰেঞ্জিচন আৰম্ভ কৰিছিল আৰু ইমান দিনে নাৰী হিচাপে জীৱন নিৰ্বাহ কৰিছে, তেন্তে তেওঁক কি কাৰণত নাৰী কেটেগৰিত খেলিবলৈ দিয়া নহ’ব? ট্ৰেন্স পুৰুষৰ কথাটোও একেই, তেওঁলোকক পুৰুষৰ কেটেগৰিতহে একমাত্ৰ খেলিব পাৰিব বুলি কোৱাটো জানো অন্যায় নহ’ব? কিন্তু কথাটো হ’ল, যিয়েই চৰ্ত নহওক, এই সকলোৱেইতো শেষত নাৰী কেটেগৰিতেই খেলিবলৈ গৈ আছে৷ তেন্তে নাৰী কেটেগৰিত আগৰেপৰা থকা জৈৱিক নাৰীসকলৰ সংশয় ইমান সহজে নুই কৰিব পাৰিনে? কেনেদৰে এই দ্বন্দ্বৰ সমাধান কৰা যায়? অন্তৰ্ভুক্তিবাদী ৰাজনীতিয়ে যদি আমাক কেৱল নাৰী কেটেগৰিটো উন্মুক্ত কৰি দিবলৈহে কয়, তেনেহ’লে তেনে ৰাজনীতি সৰ্বাংশে ন্যায়সংগত হ’ব পাৰেনে? আনহাতে, উপৰোক্ত সংগঠনটোৱে এটা ‘অ’পেন’ কেটেগৰি আৰম্ভ কৰিছে য’ত ‘‘all sex and gender identities’’অৰ ব্যক্তিয়ে খেলিব পাৰিব৷ তাতনো আচলতে কোনে কোনে খেলিব? সেইটোৱে নাৰী কেটেগৰিটো সুৰক্ষিত ৰাখিব পাৰিবনে? কিছুমান ক্ৰীড়া সংগঠনে এইধৰণে এক অ’পেন কেটেগৰি আৰম্ভ কৰিছে – য’ত নাৰী কেটেগৰিটো কেৱল মাইকী হৈ জন্ম হোৱা খেলুৱৈৰ বাবে সংৰক্ষিত থাকিব, আৰু পুৰুষ কেটেগৰিটো ‘অ’পেন’ বুলি নামকৰণ কৰি বাকী সকলোৰে বাবে মুকলি কৰি দিয়া যাব৷ এই পদ্ধতিয়ে দ্বন্দ্বটো সমাধান কৰিব পাৰিবনে? সকলো পক্ষই সেইটো গ্ৰহণ কৰিবনে?

পৰৱৰ্তী প্ৰশ্নটো হ’ল, ভালেমান সংগঠনে দিয়াৰ দৰে এতিয়া যদি বয়ঃসন্ধিৰ পূৰ্বে ট্ৰেঞ্জিচন কৰা ট্ৰেন্স নাৰীসকলক নাৰী কেটেগৰিত সোমাবলৈ দিয়া যায়, তেনেহ’লে ভৱিষ্যতলৈ বাকীসকল ট্ৰেন্স নাৰীক কেনেকৈ বাধা দি ৰখা যাব? ট্ৰেন্স দৃষ্টিকোণৰপৰা এইটো বাধা কোনো কাৰণতেই যুক্তিসংগত নহয়৷ কোনোবাই সোনকালে ট্ৰেন্স হিচাপে আত্মচিনাক্ত কৰিছে, আন কোনোবাই দেৰিকৈ কৰিছে৷ ট্ৰেন্স নাৰীসকলৰ নিজৰ ফালৰপৰা এইক্ষেত্ৰত কাৰো কোনো দোষ নাই – তেনেহ’লে কিয় এখিনিক নাৰী কেটেগৰিত খেলিবলৈ দিয়া হ’ব আৰু বাকীসকলক দিয়া নহ’ব? আনহাতে, ইণ্টাৰছেক্স প্ৰশ্নটো ইতিমধ্যে ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ সৈতে অংগাংগীভাৱে সংযুক্ত হৈ পৰিছে৷ ইণ্টাৰছেক্স আৰু ট্ৰেন্সজেণ্ডাৰ ধাৰণা দুটা ৰাজহুৱা পৰিসৰত চিনিব নোৱৰাকৈ সানমিহলি হৈ পৰিছে৷ এইটো সম্ভৱ হৈছে বায়’ল’জিকেল ছেক্সৰ ধাৰণাটো বিনিৰ্মাণ কৰি তাৰ ঠাইত জেণ্ডাৰ পৰিচিতিৰ আধিপত্য প্ৰতিষ্ঠা হোৱা এটা ধূসৰ মতাদৰ্শগত-সাংস্কৃতিক পৰিবেশত, য’ত ছেক্স আৰু জেণ্ডাৰ ধাৰণা দুটাক লৈ এক ধুঁৱলি-কুঁৱলিৰ সৃষ্টি কৰা হৈছে৷ এনে পৰিবেশতে বিভিন্ন ক্ৰীড়া প্ৰশাসক সংগঠনে জেণ্ডাৰ পৰিচিতি তত্ত্বৰ সমৰ্থনকাৰী পলিচি গ্ৰহণ কৰিছে৷ এই পৰিবৰ্তন মূলতঃ মতাদৰ্শগত৷ এনে পৰিস্থিতিত হয়তো বহুতো নাৰী তথা নাৰী খেলুৱৈয়ে সন্দেহ কৰিছে, ইণ্টাৰছেক্স নাৰীক অংশগ্ৰহণৰ সুবিধা দিলেই নাৰী কেটেগৰিত অবাধ ট্ৰেন্স অংশগ্ৰহণৰ বাট মুকলি হৈ পৰিব৷ এয়া এডেও দুডেও লোটা নিয়াৰ ছেও নহয়তো? যদি ইণ্টাৰছেক্স নাৰী আৰু নাৰীৰ মাজৰ একমাত্ৰ পাৰ্থক্যটো টে’ষ্টষ্টেৰন বুলি স্বীকৃত হয়, তেনেহ’লে সেই নীতি সকলো খেলুৱৈৰ ক্ষেত্ৰতে প্ৰয়োগ হোৱাটো যে বহুতো ট্ৰেন্স সংগঠনে বিচাৰিব তাৰ সম্ভাৱনা প্ৰচুৰ। ক্ৰীড়াৰ ক্ষেত্ৰত নিৰ্ণায়ক হিচাপে জীৱবৈজ্ঞানিক ছেক্সৰ সলনি ‘এথলেটিক জেণ্ডাৰ’ক প্ৰতিষ্ঠা কৰিবলৈ ইতিমধ্যে চেষ্টা কৰা হৈছে। এই অনুসৰি টে’ষ্টষ্টেৰনেই হ’ল এথলেটিক পাৰ্ফৰ্মেন্সৰ একমাত্ৰ কাৰক। গতিকে এইফালৰপৰা ইণ্টাৰছেক্স নাৰীৰ অংশগ্ৰহণে ট্ৰেন্স অংশগ্ৰহণৰ বাট মুকলি কৰাৰ কথাটো অমূলক নহয়।

যিসকল নাৰী তথা নাৰীবাদী কৰ্মীয়ে ইমান খালিফক পুৰুষ বুলি কৈ ৰাজহুৱাভাৱে উগ্ৰ আৰু অহৰ্নিশ আক্ৰমণ কৰি আছে, তেওঁলোক গৰিহণাৰ যোগ্য৷ এনে অপমান কোনো প্ৰগতিশীল সমাজত গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ এইক্ষেত্ৰত আমি নিশ্চয়কৈ খালিফৰ সৈতে থিয় দিয়া উচিত৷ একে সময়তে যি অবিশ্বাসৰ পৰিবেশত এই ঘটনাটো ঘটি আছে, তাক পাহৰি যোৱাটো ভাল কথা নহ’ব৷ চিন্তাহীন ট্ৰেন্স অন্তৰ্ভুক্তিৰ নীতিয়ে ক্ৰীড়া ক্ষেত্ৰত নাৰী কেটেগৰিটোত এক গভীৰ সমস্যাৰ সৃষ্টি কৰিছে৷ এইক্ষেত্ৰত ক্ৰীড়া সংগঠনসমূহে নাৰীসমাজক আশ্বস্ত কৰিব পাৰিব লাগিব৷ যে ইণ্টাৰছেক্স ব্যক্তিসকলক নাৰী কেটেগৰিত খেলিবলৈ দিয়াটোৱে নাৰীসকলৰ স্বাৰ্থত আঘাত নকৰে আৰু তাৰ বাবে যথাসম্ভৱ সংশোধনীমূলক ব্যৱস্থা গ্ৰহণ কৰা যাব৷ যে ইণ্টাৰছেক্সৰ অন্তৰ্ভুক্তিৰ সৈতে ট্ৰেন্স অন্তৰ্ভুক্তিৰ কোনো সম্পৰ্ক নাই৷ কিন্তু এনে আশ্বাস দিব পৰা কোনোবা সংগঠন আছেনে, কোনোবা সংগঠনৰ তেনে নীতি আছেনে? মুঠতে সকলো খং-ক্ষোভ-সমালোচনাৰ শেষত আমি ক্ৰীড়া পলিচিৰ কথাই পাতিব লাগিব, তাৰ বাবে ক্ৰীড়া সংগঠনবিলাককেই জবাবদিহি কৰিব লাগিব৷ সিবিলাকে সকলো পক্ষৰ মাজত বুজাবুজিৰ ভিত্তিত এক উমৈহতীয়া আৰু সংহত নীতি গ্ৰহণ কৰা হ’লে এনে পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন৷

Some relevant and cited articles/paper:

Bydzovsky, P. The status of transgender and intersex athletes in international sports federations. Int Sports Law J 23, 357–367 (2023). https://doi.org/10.1007/s40318-023-00250-9

https://link.springer.com/article/10.1007/s40318-023-00250-9#Fn4

Joanna Harper, Athletic Gender, 80 Law and Contemporary Problems 139-153 (2017)

https://scholarship.law.duke.edu/lcp/vol80/iss4/7

‘Transgender Guidelines’, World Rugby

https://www.world.rugby/the-game/player-welfare/guidelines/transgender

Ben Church, ‘World Aquatics launches open category for transgender athletes at Swimming World Cup’, CNN

https://edition.cnn.com/2023/08/17/sport/world-aquatics-transgender-athletes-swimming-spt-intl/index.html

‘IAAF publishes briefing notes and Q&A on Female Eligibility Regulations | PRESS-RELEASE | World Athletics’

https://worldathletics.org/news/press-release/questions-answers-iaaf-female-eligibility-reg

(ৰচনাকাল : ০৬-০৮-২৪)