ক্ৰীড়া আৰু ট্ৰেন্স প্ৰতিনিধিত্বকৰণ : অন্তৰ্ভুক্তি নে বহিষ্কৰণ?

অলপতে পেৰিছ অলিম্পিকত বক্সাৰ ইমান খালিফ আৰু এঞ্জেলা কাৰিনিক লৈ যিটো ঘটনা হ’ল আৰু তাক লৈ যিমানবোৰ বিতৰ্ক-বিবাদ চলিল, সেয়া একে আষাৰতেই অতিকে দুৰ্ভাগ্যজনক আৰু দুঃখজনক৷ খালিফৰ শৰীৰ তথা বায়’ল’জিক লৈ ৰাজহুৱাভাৱে যিমানবোৰ চৰ্চা হ’ল সেয়া তেওঁৰ বাবে ব্যক্তিগতভাৱে খুবেই কষ্টদায়ক আৰু অপমানজনক৷ তেওঁ হ’ল এগৰাকী DSD-যুক্ত (Disorders of sex development or differences in sex development) ব্যক্তি, যাক জনপ্ৰিয়ভাৱে ইণ্টাৰছেক্স বুলিও কোৱা হয়৷ এই গোটেই ঘটনাটোৱে ইণ্টাৰছেক্স সম্প্ৰদায়ৰ বাকীসকল ব্যক্তিকো নিশ্চিতভাৱে কষ্ট দিছে৷ আমি ইয়াত খেলুৱৈগৰাকী মতা নে মাইকী সেই লৈ আলোচনা কৰিবলৈ ইচ্ছুক নহয়৷ DSD আচলতে এটা মাত্ৰ কণ্ডিচন নহয়, তাৰ বহুধৰণৰ ৰূপ হ’ব পাৰে৷ কিন্তু তেনে ব্যক্তিৰ ছেক্স নিৰ্ণয় কৰাটো বৈজ্ঞানিকভাৱে তেনে কোনো জটিল কাম নহয়৷ সি যি নহওক, একে সময়তে আমি কাৰিনিৰ কথা আৰু তেওঁ ভুগিবলগীয়া হোৱা সমালোচনা-গঞ্জনাৰ কথাও মনত ৰখাটো ভাল হ’ব৷ আচলতে ওপৰৰ ঘটনাটো ঘটিবলৈ পাইছে ক্ৰীড়া সংগঠনিবলাকৰ স্পষ্ট আৰু সংহত নীতিৰ অভাৱৰ বাবে৷ বিশ্বজুৰি বৰ্তমান জেণ্ডাৰক লৈ এখন বিৰাট মতাদৰ্শগত যুদ্ধ চলি আছে, য’ত ক্ৰীড়া প্ৰশাসক সংগঠনবিলাকেও অংশগ্ৰহণ কৰিছে৷ সংগঠনবিলাকৰ মাজত ৰাজনৈতিক বিৰোধ তথা অৰিয়াঅৰি চলিছে৷ ইয়াৰ পৰিণাম ভুগিবলগীয়া হৈছে খালিফ আৰু কাৰিনিৰ দৰে খেলুৱৈসকলে, যাৰ নিজাকৈ কোনো দোষ বা বেয়া অভিপ্ৰায় নাই৷

ইণ্টাৰছেক্স হ’ল এটা জন্মগত শাৰীৰিক অসংগতি৷ ই মানুহৰ পৰিচয় নহয়৷ ই কোনোধৰণৰ জেণ্ডাৰ পৰিচিতি (gender identity) নহয়৷ কিন্তু শেহতীয়াভাৱে এল জি বি টি আন্দোলনে তাক এটা জেণ্ডাৰ পৰিচিতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে৷ (সাম্প্ৰতিক এল জি বি টি আন্দোলনটো যিহেতু মূলতঃ ট্ৰেন্সজেণ্ডাৰ আন্দোলন, গতিকে ইয়াৰ পিছৰপৰা আলোচনাৰ সুবিধাৰ্থে আমি দ্বিতীয় টাৰ্মটো ব্যৱহাৰ কৰিম৷) ট্ৰেন্সজেণ্ডাৰ আন্দোলনে ইণ্টাৰছেক্স সম্পৰ্কে বিশ্বজুৰি সজাগতাৰ সৃষ্টি কৰিছে আৰু সম্প্ৰদায়টোৰ ন্যায্য দাবীসমূহ উত্থাপন কৰিছে৷ গতিকে এনে প্ৰেক্ষাপটত ইণ্টাৰছেক্স ব্যক্তিসকলৰ অধিকাৰ আৰু মৰ্যাদা সুৰক্ষিত হোৱাটো সকলোৱেই কামনা কৰা উচিত৷ কিন্তু একে সময়তে ট্ৰেন্সজেণ্ডাৰ আন্দোলনটোৱে ইণ্টাৰছেক্সৰ ৰাজনৈতিকীকৰণ কৰিছে আৰু নিজৰ সুবিধাৰ্থে তাক ব্যৱহাৰ কৰিছে৷ ইয়াক আমি ইণ্টাৰছেক্স কণ্ডিচনৰ এক আত্মসাৎকৰণ (appropriation) বুলি ক’ব পাৰো৷ ট্ৰেন্সজেণ্ডাৰ এক্টিভিষ্ট তথা সংগঠনসমূহে বহু সময়ত কণ্ডিচনটো সম্পৰ্কে ভুল তথ্য তথা ধাৰণা প্ৰচাৰ কৰা দেখিবলৈ পোৱা যায়৷ আনহাতে, নিজৰ জেণ্ডাৰ পৰিচিতিৰ বায়’ল’জিকেল ভিত্তি থকা বুলি প্ৰমাণ কৰাৰ স্বাৰ্থত বা সেইধৰণৰ কাৰণত ইণ্টাৰছেক্স বুলি ভুলকৈ আত্মপৰিচয় দিয়াৰ এটা প্ৰৱণতা দেখিবলৈ পোৱা গৈছে৷ এনে অৱস্থাত ইণ্টাৰছেক্স বিষয়টো ট্ৰেন্সজেণ্ডাৰৰ সৈতে সানমিহলি হৈ মানুহৰ বাবে ধুঁৱলি-কুঁৱলি হৈ পৰিছে৷ এই সমগ্ৰ বিষয়টো আমি আমাৰ শেহতীয়াভাৱে প্ৰকাশিত ‘প্ৰসংগ : এল জি বি টি’ গ্ৰন্থখনত (বান্ধৱ, গুৱাহাটী, ২০২৪; মূল্য ৫০০ টকা; মুঠ পৃষ্ঠা সংখ্যা ৫৫০) বহলাই আলোচনা কৰিছো৷ ইচ্ছুক পাঠকসকলে কিতাপখন পঢ়ি চালেই উক্ত বিষয়টো তথা তাৰ সৈতে জড়িত বহল প্ৰশ্নসমূহৰ আভাস লাভ কৰিব৷ (তথাপি ভুৱা ইণ্টাৰছেক্স কথাটোক লৈ কোনোৱে বিশেষভাৱে আপত্তি কৰিব পাৰে বুলি ভাবি সেই সম্পৰ্কীয় দুখন একাডেমিক পেপাৰ উল্লেখ কৰিলো৷) (১)

ইণ্টাৰছেক্স আৰু ট্ৰেন্সজেণ্ডাৰ দুটা সম্পূৰ্ণ সুকীয়া বস্তু৷ প্ৰথমটো যেনেকৈ শাৰীৰিক, দ্বিতীয়টো তেনেকৈ মানসিক৷ কিছুমান ইণ্টাৰছেক্স মানুহৰ বায়’ল’জিত এক আপেক্ষিক-চাক্ষুষ অস্পষ্টতা আৰু দ্ব্যৰ্থতা দেখিবলৈ পোৱা যায়৷ সি যি নহওক, প্ৰকৃত ইণ্টাৰছেক্স মানুহ হ’ল তেনেই এমুঠি, 0.018% (যিটো ভুলকৈ 1.7% বুলি দাবী কৰা হয়)৷ (২) তেওঁলোকৰ বাবে এটা সঠিক সামাজিক তথা ক্ৰীড়া পলিচি নিৰ্মাণ কৰাটো কোনো জটিল কথা হ’ব নোৱাৰে৷ এইক্ষেত্ৰত তেওঁলোকৰ সামাজিক ন্যায়ৰ প্ৰশ্নটো সংবেদনশীলভাৱে বিবেচনা কৰিব লাগে৷ কিছুমান ইণ্টাৰছেক্স ব্যক্তিয়ে ট্ৰেন্সজেণ্ডাৰ হিচাপে আত্মচিনাক্ত (self-identify) কৰে৷ কিন্তু ইণ্টাৰছেক্সৰ সৈতে ট্ৰেন্সজেণ্ডাৰৰ সনাপোটোকা হ’বলৈ দিব নালাগে৷ আনহাতে, ট্ৰেন্সজেণ্ডাৰ হ’ল আত্মচিনাক্তকৰণৰ বিষয়৷ বৰ্তমান মুহূৰ্তত আত্মচিনাক্তকৰণকেই ট্ৰেন্সজেণ্ডাৰ হোৱাৰ একমাত্ৰ চৰ্ত হিচাপে বিশ্বজুৰি গ্ৰহণ কৰা হৈছে৷ ব্যক্তি এজন জৈৱিকভাৱে সম্পূৰ্ণৰূপে মতা, কিন্তু তেওঁ নাৰী হিচাপে আত্মচিনাক্ত কৰিব পাৰে – যাক ট্ৰেন্স নাৰী (trans woman) বুলি কোৱা হয়৷ ব্যক্তি এজন জৈৱিকভাৱে সম্পূৰ্ণৰূপে মাইকী, কিন্তু তেওঁ পুৰুষ হিচাপে আত্মচিনাক্ত কৰিব পাৰে – যাক ট্ৰেন্স পুৰুষ (trans man) বুলি কোৱা হয়৷ অৰ্থাৎ, আপোনাৰ বায়’ল’জি বা ছেক্স কি, সেইটো স্পষ্ট আৰু দ্ব্যৰ্থহীন – কিন্তু আপোনাৰ জেণ্ডাৰ পৰিচিতি তাৰপৰা বেলেগ৷ ব্যক্তি এজনে নিজে নিজৰ জেণ্ডাৰ পৰিচিতি সম্পৰ্কে যি বুলি অনুভৱ কৰে আৰু যেনেকৈয়ে আত্মচিনাক্ত কৰে, সেইবুলি আৰু তেনেকৈয়ে তেওঁক সকলোৱে গ্ৰহণ কৰা উচিত৷ ব্যক্তিজনে নিজে ইচ্ছা কৰিলে মেডিকেল হস্তক্ষেপৰ জৰিয়তে নিজৰ শৰীৰৰ সালসলনি ঘটাই ল’ব পাৰে বা তেনে ইচ্ছা নকৰিবও পাৰে৷ কিন্তু সেইটোৱে ব্যক্তিজনৰ ট্ৰেন্সজেণ্ডাৰ পৰিচিতি আৰু স্বীকৃতিত কোনো প্ৰভাৱ পেলাব নোৱাৰে৷ জেণ্ডাৰ পৰিচিতি এটা অন্তৰ্লীন অনুভৱ যিটো কেৱল সেই ব্যক্তিজনে নিজেহে কৰিব পাৰে, যাৰ স্বীকৃতি আৰু মৰ্যাদা অবিহনে ব্যক্তিজনে অশেষ মনোকষ্টত ভুগিবলগীয়া হয়৷ এইটোৱেই থূলমূলকৈ ট্ৰেন্সজেণ্ডাৰৰ ধাৰণা৷ জেণ্ডাৰ পৰিচিতি তত্ত্বই আচলতে পুৰুষ-নাৰীৰ উপৰি নন-বাইনেৰি, কুইয়েৰ আদিকে আৰম্ভ কৰি জেণ্ডাৰ পৰিচিতিৰ এক অসীম সম্ভাৱনাৰ কথা কয়৷ কিন্তু সেইটো বিষয় সদ্যহতে প্ৰাসংগিক নহয় বাবে আমি আলোচনা নকৰো৷ সি যি নহওক, ট্ৰেন্সজেণ্ডাৰ ব্যক্তিসকলৰ মানৱ অধিকাৰ আৰু মৰ্যাদা সুৰক্ষিত কৰাটো এটা বিতৰ্কাতীত সামাজিক দায়িত্ব৷ তেওঁলোকৰ সামাজিক ন্যায়ৰ প্ৰশ্নটো সকলোৱেই সংবেদনশীলভাৱে বিবেচনা কৰিব লাগে৷ ট্ৰেন্সজেণ্ডাৰ ব্যক্তিসকলে ক্ৰীড়াৰ ক্ষেত্ৰতো বাকী সকলো মানুহৰ দৰেই সম অধিকাৰ পাব লাগে৷ ট্ৰেন্সজেণ্ডাৰ পৰিচিতিৰ বাবেই কোনো ব্যক্তিক ক্ৰীড়াৰপৰা বঞ্চিত কৰাৰ অধিকাৰ কাৰো নাই৷ সুখৰ বিষয় যে এই লৈ সম্প্ৰতি বিশ্বৰ প্ৰায়বিলাক ক্ৰীড়া প্ৰশাসক সংগঠনেই সচেতন আৰু উৎসাহী৷

সি যি নহওক, ট্ৰেন্সজেণ্ডাৰ অন্তৰ্ভুক্তিৰ ঘটনাটোৱে ক্ৰীড়াক্ষেত্ৰত নাৰীৰ বাবে এক সমস্যাৰ সৃষ্টি কৰিছে৷ এইক্ষেত্ৰত ক্ৰীড়া প্ৰশাসক সংগঠনবোৰে নাৰীসমাজৰ অভিযোগ-সমস্যাৰাজি শুনি নাৰীৰ অধিকাৰ আৰু ট্ৰেন্সজেণ্ডাৰ অন্তৰ্ভুক্তিৰ মাজত ভাৰসাম্য বজাই ৰাখি বিজ্ঞানসন্মতভাৱে এটা মীমাংসালৈ অহা উচিত আছিল৷ কিন্তু নাৰীসমাজৰ দাবীৰ প্ৰতি পিঠি দি বহুতো সংগঠনে জোৰ-জবৰদস্তি ট্ৰেন্স পলিচি জাপি দিয়াৰ পৰিণামত এতিয়া ব্যাপক দ্বন্দ্ব-বিৰোধৰ সৃষ্টি হৈছে৷ যিহেতু নাৰীসমাজৰ অভিযোগ-সমস্যাৰাজি স্বীকৃত আৰু গৃহীত হোৱা নাই, বৰং ট্ৰেন্সফ’বিক আৰু প্ৰতিক্ৰিয়াশীল বুলি বহুতৰদ্বাৰা ধিকৃতহে হৈছে, সেয়ে আমি লেখাটোত তেওঁলোকৰ পক্ষটো দাঙি ধৰিব বিচাৰিছো৷ ট্ৰেন্সজেণ্ডাৰ ব্যক্তিসকলৰ সামাজিক ন্যায় নিশ্চিত হ’বই লাগিব৷ কিন্তু সেয়া নাৰীসমাজৰ ক্ষতিৰ বিনিময়ত নহয়৷ এই সত্যটো প্ৰায়ভাগ ট্ৰেন্সজেণ্ডাৰ এক্টিভিষ্ট তথা সংগঠনেই স্বীকাৰ কৰিব নিবিচাৰে৷ সমস্যাটো তাতেই৷

এই কথা দোহৰাৰ কোনো প্ৰয়োজন নাই যে পুৰুষ আৰু নাৰীৰ মাজত বিস্তৰ শাৰীৰিক পাৰ্থক্য আছে আৰু সেই পাৰ্থক্য ক্ৰীড়াৰ ক্ষেত্ৰত অতিকে প্ৰাসংগিক। সাধাৰণভাৱে মতা মানুহৰ শৰীৰ হ’ল মাইকী মানুহতকৈ অধিক ডাঙৰ, ক্ষিপ্ৰতৰ আৰু শক্তিশালী (male bodies are bigger, faster and stronger on average than female bodies)৷ ইয়াৰ ফলত শাৰীৰিক পাৰ্ফৰ্মেন্সৰ ক্ষেত্ৰত পুৰুষ নাৰীতকৈ সাধাৰণতেই আগবঢ়া হয়। গতিকে ন্যায়সংগত ক্ৰীড়াৰ (fair play) স্বাৰ্থত নাৰী কেটেগৰিটো জৈৱিক নাৰীৰ বাবে সংৰক্ষিত থাকিব লাগে। কিন্তু ট্ৰেন্স অন্তৰ্ভুক্তিৰ জৰিয়তে নাৰীৰ এই সংৰক্ষণ ভাঙি পেলোৱা হৈছে৷ ট্ৰেন্স এক্টিভিষ্ট তথা সংগঠনবিলাকে সততে এই দাবী কৰে যে ক্ৰীড়া এক মানৱ অধিকাৰ। এইটো কথাক লৈ দেখাত কোনো আপত্তি থাকিব নোৱাৰে৷ কিন্তু এক্টিভিষ্ট দাবী অনুসৰি, ক্ৰীড়া মানৱ অধিকাৰ হোৱাৰ অৰ্থটো হ’ল নাৰী হিচাপে আত্মচিনাক্ত কৰা মতা ব্যক্তিসকলে নাৰী কেটেগৰিত খেলিবলৈ নিশ্চৰ্ত অধিকাৰ পাব লাগে। ইয়াৰ ফলত নাৰীৰ ক্ৰীড়া ধ্বংস হৈছে বুলি ক’লে এক্টিভিষ্ট উত্তৰটো হ’ল এই যে ট্ৰেন্স নাৰীসকলো একেই নাৰী, গতিকে নাৰীৰ ক্ৰীড়া ধ্বংস হোৱাৰ কথা আহিল ক’ৰপৰা? ইতিমধ্যেই ক্ৰীড়াজগতত ট্ৰেন্স অন্তৰ্ভুক্তিয়ে প্ৰতিষ্ঠা লাভ কৰাৰ পাছত বিভিন্ন খেলত মতা মানুহে নাৰী কেটেগৰিত খেলি পদক অৰ্জন কৰিছে; তেওঁলোকক ‘ইতিহাস ৰচনাকাৰী’ হিচাপে প্ৰশংসাৰে ওপচাই দিয়া হৈছে। কিন্তু তাৰ ফলত যে নাৰীৰ অধিকাৰ খৰ্ব হৈছে আৰু বহুতো নাৰীৰ ক্ৰীড়াৰ সপোন ভাঙি চূৰমাৰ হৈ গৈছে, সেই লৈ ক্ৰীড়া প্ৰশাসক সংগঠনসমূহৰ সৰহভাগেই মন দিব খোজা নাই। শেহতীয়াভাৱে ট্ৰেন্স পলিচিৰ অবৈজ্ঞানিক আৰু অন্যায়মূলক চৰিত্ৰ ফঁহিয়াই দেখুৱাই বহুতো গৱেষকে এইটো প্ৰমাণ কৰিছে যে ক্ৰীড়াৰ ক্ষেত্ৰত ছেক্স-ভিত্তিক কেটেগৰি বৰ্তাই ৰখাটো ন্যায়সংগত ক্ৰীড়াৰ এটা প্ৰাথমিক চৰ্ত। কিন্তু ট্ৰেন্সজেণ্ডাৰ অন্তৰ্ভুক্তিবাদত বিশ্বাসী ক্ৰীড়া প্ৰশাসক সংগঠনবোৰে বিজ্ঞানৰ প্ৰতি মনোযোগ দিয়াৰ বা বঞ্চিত নাৰী খেলুৱৈসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাই।

ক্ৰীড়াৰ নাৰী কেটেগৰিত ট্ৰেন্স নাৰীৰ অংশগ্ৰহণ বা বিজয়ৰ ঘটনাটো কিমান ব্যাপক? আচলতে উদাহৰণ দি শেষ কৰিব নোৱাৰি৷ Women’s Sports Policy Working Group সংগঠনে ‘578+ Male* Victories in Female Sports (*a.k.a Males Who Identify as Trans, or Transwomen)’ শীৰ্ষক ৰিপ’ৰ্টত উল্লিখিত-সংখ্যক তেনে উদাহৰণ দাঙি ধৰিছে৷ নক’লেও হ’ব যে বাস্তৱত তেনে ঘটনাৰ সংখ্যা ইয়াতকৈ বহু বেছি হ’ব৷ ৰিপ’ৰ্টটোৰ আৰম্ভণিত লিখা হৈছে এনেদৰে – ‘‘This tally was started in March 2023 in response to the argument, “But there aren’t very many, so what’s the harm?” Actually, there are many male athletes competing in women’s sports. The Washington Stand found that 28 national girls or women’s sports titles were won by trans-identified men between 2003 and 2022, with “the trend accelerating over the past three years.” Each male victory has a multiplier effect, displacing many girls or women from opportunities designed for them.’’ ‘‘Why should any female athlete relinquish her sports dream to make room for a male? Regardless of gender identity, males have performance advantages over females. And female athletes are still being treated less favorably than male athletes at every turn. We must not diminish females’ opportunities, placings, finals, podiums, prizes, or financial rewards, nor their right to fair, safe, sex-separated sports experiences.’’ ট্ৰেন্স অন্তৰ্ভুক্তিয়ে ক্ৰীড়া ক্ষেত্ৰত নাৰীক কিমান কিধৰণে ক্ষতিগ্ৰস্ত কৰে? Fair Play For Women সংগঠনে ব্ৰিটেইনত ৩৫বিধ ক্ৰীড়াৰ এটা সমীক্ষা চলাই ২৫বিধ ক্ৰীড়াৰ সৈতে জড়িত ৫০গৰাকী খেলুৱৈৰ ভাষ্য প্ৰকাশ কৰিছে ‘How trans inclusion in sport is harming women and girls’ নামৰ ৰিপ’ৰ্টত৷ ৰিপ’ৰ্টটোৰ পৰিচয়মূলক টোকাত লিখা হৈছে – ‘‘For years women and girls have been facing unfair, and sometimes unsafe, sport because of trans inclusion – which means male inclusion in women’s teams, events and changing rooms. You can read some background on that here and here is the timeline.’’ ‘‘The scale of the problem, and its effect on women and girls, has been concealed by the fear around this issue. A culture of intimidation and silencing has forced women to keep quiet or walk away. This is not inclusion, it’s female exclusion.’’ ‘‘This, the first ever report on the impact of trans inclusion in the UK, shows a widespread problem, affecting many women and girls all over the country, at all levels, from juniors to masters and at all levels of competition and participation. Women and girls are being put at risk and their legitimate concerns disregarded. Their stories debunk the claims that this is a small problem, affecting only a few, and that it does no harm. They include big sports like football, athletics, swimming and cycling, and contact sports like judo, American football, ice hockey and roller-derby.’’ ৰিপ’ৰ্টটোত ক্ষতিৰ ছ-টা দিশ (key areas of harm) চিহ্নিত কৰা হৈছে – Unfair competition and demoralisation. Losing out on records, rankings or on opportunities to participate. No consent or being coerced into a mixed-sex environment. The chilling climate of intimidation, fear and silencing. Loss of privacy and dignity. Risking women’s and girls’ physical safety.

মতা মানুহ এজনে নাৰী কেটেগৰিত খেলিবলৈ পোৱাৰ ফলত তেওঁৰ ক্ৰীড়া কেৰিয়াৰ কেনেধৰণে উন্নীত হ’ব পাৰে বা লাভান্বিত হ’ব পাৰে তাৰ দুটা উদাহৰণ দিব পাৰি। ১৯৯৯ চনত জন্মগ্ৰহণ কৰা ছয় ফুট এক ইন্সি উচ্চতাৰ লিয়া থমাছ (Lia Thomas) নামৰ মাৰ্কিন ট্ৰেন্স নাৰী সাঁতোৰবিদগৰাকীয়ে ২০২২ চনত NCAA Division I নেচনেল চেম্পিয়নশ্বিপত নাৰীৰ পাঁচশ-য়াৰ্ড ফ্ৰিষ্টাইল ইভেণ্টত জয়লাভ কৰি ইতিহাস ৰচনা কৰে। ইয়াৰ পূৰ্বে তেওঁ পেনছিলভেনিয়া বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাত প্ৰথমতে পুৰুষ হিচাপে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল, কিন্তু ট্ৰেন্স হিচাপে আত্মচিনাক্ত কৰি হৰম’ন থেৰাপি গ্ৰহণ কৰাৰ পাছত ২০১১-২২ বৰ্ষৰপৰা নাৰী হিচাপে অৱতীৰ্ণ হ’বলৈ ধৰে। ২০১৮-১৯ ছিজনত পুৰুষৰ টিমত খেলাৰ সময়ত তেওঁৰ ৰেংক আছিল এনেধৰণৰ–২০০ ফ্ৰিষ্টাইলত ৫৫৪ নম্বৰ, ৫০০ ফ্ৰিষ্টাইলত ৬৫ নম্বৰ, ১৬৫০ ফ্ৰিষ্টাইলত ৩২ নম্বৰ। কিন্তু ২০১১-২২ ছিজনত নাৰীৰ টিমত খেলাৰ সময়ত তেওঁৰ ৰেংক হয়গৈ–২০০ ফ্ৰিষ্টাইলত পঞ্চম, ৫০০ ফ্ৰিষ্টাইলত প্ৰথম, ১৬৫০ ফ্ৰিষ্টাইলত অষ্টম। সি যি নহওক, নেচনেল চেম্পিয়নশ্বিপত জয়লাভ কৰাৰ পাছত তেওঁ ৰাষ্ট্ৰৰ এজন গুৰুত্বপূৰ্ণ নাৰী খেলুৱৈ হিচাপে পৰিগণিত হয়। দ্বিতীয়টো উদাহৰণ অষ্ট্ৰেলিয়াৰ ছাৰ্ফাৰ ছাছা জে’ন ল’ৱাৰ্ছন (Sasha Jane Lowerson)। ২০২২ চনত তেওঁ পশ্চিম অষ্ট্ৰেলিয়াৰ ষ্টেট চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে প্ৰথমগৰাকী ট্ৰেন্স নাৰী হিচাপে। Open Women’s আৰু Open Women’s Logger – দুইটা প্ৰতিযোগিতাতে প্ৰথম হৈ তেওঁ ইতিহাস ৰচনা কৰে। পুৰুষৰপৰা নাৰী হ’বলৈ তেওঁ ট্ৰেঞ্জিচন আৰম্ভ কৰিছিল ২০২০ চনত। তেওঁ আচলতে কিশোৰ অৱস্থাৰপৰাই ছাৰ্ফিং কৰি আহিছে। এটা বাতৰিত লিখিছে – “Lowerson, 45, has been surfing her whole life, and dominated plenty of men’s events over the decades, claiming a Western Australian state title as recently as 2019.” ২০১৯ চনত তেওঁক সকলোৱে পুৰুষ বুলিয়েই জানিছিল ৰায়ান এ’গান নামেৰে। অৰ্থাৎ, একেটা প্ৰতিযোগিতাতে পুৰুষ হিচাপে পদক পোৱাৰ তিনি বছৰৰ পাছত তেওঁ নাৰী হিচাপে পদক লাভ কৰিছিল।

২০০৩ চনত আন্তৰ্জাতিক অলিম্পিক কমিটিয়ে ট্ৰেন্স নাৰীসকলক নাৰী কেটেগৰিত খেলিবলৈ অনুমতি প্ৰদান কৰে, যদিহে তেওঁলোকৰ দুবছৰ পূৰ্বে অণ্ডকোষ আঁতৰাই দিয়া হৈছে, আইনগত নাৰী পৰিচিতি আছে আৰু নাৰীৰ সমপৰ্যায়ৰ হৰম’ন স্তৰ আছে। ২০১৫ চনত কমিটিয়ে নতুন গাইডলাইন জাৰি কৰি পূৰ্বৰ নীতি শিথিল কৰি দিয়ে। এই অনুসৰি, ট্ৰেন্স নাৰীসকলৰ ছেক্স ৰিএছাইনমেণ্ট ছাৰ্জাৰিৰ কোনো প্ৰয়োজন নাই, অৰ্থাৎ তেওঁলোকৰ অণ্ডকোষ থাকিব পাৰিব; আইনগতভাৱে নাৰী হোৱাৰ কোনো প্ৰয়োজন নাই, কেৱল নিজে এখন ঘোষণাপত্ৰ দিলেই হ’ল; হৰম’নৰ স্তৰ হ’ব লাগিব less than 10 nmol for a minimum of 12 months (যিটো নাৰীৰ হৰম’ন ৰেঞ্জতকৈ বহু বেছি)। বিশ্বজুৰি বহুতো ক্ৰীড়া সংগঠনে অলিম্পিক কমিটিৰ এই গাইডলাইন গ্ৰহণ কৰে। এই টেষ্ট’ষ্টেৰন-কেন্দ্ৰিক পলিচি কেৱল এলিট ক্ৰীড়াতহে যে প্ৰয়োগ কৰা হৈছিল তেনে নহয়; লাহে লাহে তাক তলৰ পৰ্যায়তো, যেনে, বিনোদনমূলক আৰু যুৱ ক্ৰীড়াতো, গ্ৰহণ কৰা হৈছিল। ২০২২ চনত কমিটিয়ে পুনৰ তাৰ গাইডলাইন সংশোধন কৰে। এইবাৰ ট্ৰেন্স অন্তৰ্ভুক্তি সম্পৰ্কীয় সিদ্ধান্ত প্ৰতিটো ক্ৰীড়াৰ ক্ষেত্ৰত নিজাকৈ ল’বলৈ পৰামৰ্শ দিয়া হয়। লগতে ই কয় যে চিছ নাৰীৰ ওপৰত ট্ৰেন্স নাৰীসকলৰ কিবা অন্তৰ্নিহিত সুবিধা আছে বুলি ক্ৰীড়া সংগঠনবিলাকে ধৰি ল’ব নালাগে, আৰু ট্ৰেন্স নাৰীসকলে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বৰ বাবে হৰম’নৰ স্তৰ কমোৱাৰ কোনো প্ৰয়োজন নাই। কমিটিৰ স্পষ্ট মত – “No athlete should be excluded from competition on the exclusive ground of an unverified, alleged or perceived unfair competitive advantage due to their sex variations, physical appearance and/or transgender status.” “Until evidence (per principle 6) determines otherwise, athletes should not be deemed to have an unfair or disproportionate competitive advantage due to their sex variations, physical appearance and/or transgender status.” ইয়াৰ পাছত আৰু ক’বলৈ একো বাকী নাথাকিল। ক’বলৈ গ’লে, সৰহভাগ ক্ৰীড়া সংগঠনৰ নীতি সম্প্ৰতি এইটো দিশতে ধাৱমান হৈছে। 

এইখিনিতে মন কৰিবলগীয়া কথাটো হ’ল, দুই-এটা ব্যতিক্ৰম বাদ দিলে পুৰুষৰ কেটেগৰিত খেলি কৃতকাৰ্যতা লাভ কৰা ট্ৰেন্স পুৰুষ (অৰ্থাৎ মাইকী মানুহ) খেলুৱৈ বিচাৰি পোৱা টান। ট্ৰেন্স এক্টিভিষ্টসকলেও ট্ৰেন্স নাৰীৰ ক্ৰীড়াৰ অধিকাৰক লৈ ওকালতি কৰোতে ট্ৰেন্স পুৰুষসকলক মনত পেলোৱা দেখা নাযায়। লিবাৰেল সংবাদ মাধ্যমত ‘trans athlete’, ‘transgender athlete’ সম্পৰ্কে বিভিন্ন খবৰ প্ৰকাশ পাই থাকে; কিন্তু সেইবিলাকৰো অৰ্থ হ’ল ট্ৰেন্স নাৰী বা মতা মানুহ। ট্ৰেন্স পুৰুষ এথলিটসকলৰ কথা সংবাদ মাধ্যমত পাবলৈ নাই বুলিলেই হয়। ট্ৰেন্স পুৰুষ এথলিটসকলে ট্ৰেন্স নীতি অনুসৰি মতা মানুহৰ লগত খেলিবলৈ গ’লেও অসুবিধা, আকৌ নাৰীসকলৰ লগত খেলিবলৈ যোৱাটোও নীতিবিৰুদ্ধ। গতিকে দেখা গ’ল যে এফালে ট্ৰেন্স নাৰীসকলে নাৰী কেটেগৰিত খেলাৰ ফলত নাৰীসকলৰ স্বাৰ্থ বিঘ্নিত হৈছে, আনফালে ট্ৰেন্স পুৰুষসকলক খেলাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰা হৈছে।

নাৰীসকলে এনে অন্যায়ৰ প্ৰতিবাদ কৰিছেনে? অৱশ্যেই কৰিছে। হেজাৰ-বিজাৰ নাৰী খেলুৱৈ, বিশেষজ্ঞ তথা নাৰীবাদী কৰ্মীয়ে ব্যক্তিগতভাৱে তথা সাংগঠনিকভাৱে ইয়াৰ বিৰুদ্ধে অহৰহ প্ৰতিবাদ কৰিছে। কিন্তু ট্ৰেন্সজেণ্ডাৰ আন্দোলনৰ বৰ্তমান বিশ্বজোৰা মতাদৰ্শগত আধিপত্যৰ যুগত নাৰীৰ এই প্ৰতিবাদ দূৰলৈকে নুশুনাই স্বাভাৱিক। ট্ৰেন্সজেণ্ডাৰবাদৰ ভিত্তিত যি অসীম ক্ষমতাশালী আমোলাতান্ত্ৰিক-কৰ্প’ৰেট ব্যৱস্থা গঢ় লৈ উঠিছে, তাৰ চেপাত নাৰীৰ অভিযোগ-সমস্যাবিলাক লুকাই পৰিছে। সেইবাবে এই নাৰীসকল ক্ষুব্ধ হৈ আছে। মনত ৰখা দৰকাৰ যে সাধাৰণ ট্ৰেন্সজেণ্ডাৰ মানুহে এই ব্যৱস্থাটো সৃষ্টি কৰা নাই। সি যি নহওক, এই মুহূৰ্তত ট্ৰেন্স অৰ্থডক্সিৰ বিৰুদ্ধে যিকোনো কথা ক’লেই তাৰ পৰিণাম ভুগিবলগীয়া হয়, লাগিলে তাৰ আঁৰত যিমানেই সংগত কাৰণ নাথাকক। গতিকে প্ৰতিবাদকাৰী প্ৰায়সকল নাৰীয়েই বিভিন্নধৰণে কষ্ট পাবলগীয়া হৈছে। দুই-এটা যাদৃচ্ছিক উদাহৰণ উল্লেখ কৰিব পাৰি। মাৰ্টিনা নাভ্ৰাটিলোভাক অনলাইন হাৰাশাস্তি কৰা হৈছিল। ৰাইলি গেইনছক (Riley Gaines) ৰাজহুৱাভাৱে অপদস্থ কৰা হৈছিল। কানাডাৰ পাৱাৰ-লিফ্টাৰ এপ্ৰিল হাটচিনছনক (April Hutchinson) ট্ৰেন্সজেণ্ডাৰ নাৰীৰ অস্তিত্বক অস্বীকাৰ (deny) কৰাৰ অপৰাধত দুবছৰৰ বাবে কানাডিয়ান পাৱাৰ-লিফ্টিং ইউনিয়নৰপৰা ছাছপেণ্ড কৰা হৈছিল। পাছত একে কাৰণতে অ’ণ্টাৰিঅ’ৰ এটা মিউজিয়ামে তেওঁৰ প্ৰগ্ৰেমটো বাতিল কৰিছিল। অষ্ট্ৰেলিয়াৰ নাৰীবাদী কৰ্মী কিৰালি স্মিথে (Kirralie Smith) ট্ৰেন্স নাৰী খেলুৱৈসকলক মতা মানুহ বুলি কোৱা বাবে তেওঁৰ বিৰুদ্ধে তেনে একাধিক এথলিটে গোচৰ তৰিছিল; মুঠ চাৰিটা গোচৰত তেওঁ সাঙোৰ খাই পৰিছিল। এইসকল নাৰীৰ অপৰাধ হ’ল নাৰী কেটেগৰিত মতা মানুহৰ অংশগ্ৰহণক সমালোচনা কৰা। ট্ৰেন্স পক্ষৰ মতে, সেইটো কৰা মানেই, ট্ৰেন্স নাৰীসকলক নাৰী নহয় বুলি কোৱা – অৰ্থাৎ তেওঁলোকৰ অস্তিত্বক অস্বীকাৰ কৰা। গতিকে ট্ৰেন্স নাৰীসকলক মতা মানুহ বুলি কোৱাটোক ট্ৰেন্স শিবিৰে এক জঘন্য ট্ৰেন্সফ’বিক কাম বুলি গণ্য কৰে, ইয়াক ফেছিষ্ট-প্ৰতিক্ৰিয়াশীল মানসিকতাৰ পৰিচায়ক বুলি অভিহিত কৰে। স্বাভাৱিকতেই, ট্ৰেন্স অংশগ্ৰহণৰ বিষয়টোক লৈ দুইটা পক্ষৰপৰাই বিভিন্ন দেশত ভালেমান গোচৰ চলি আছে।

সাধাৰণভাৱে নাৰীৰ ছেক্স-ভিত্তিক অধিকাৰৰ হকে কাম কৰি থকা নাৰীবাদী কৰ্মী তথা সংগঠনসমূহে ট্ৰেন্স পলিচিয়ে আনি দিয়া আগ্ৰাসনৰপৰা নাৰীৰ ক্ৰীড়াক সুৰক্ষিত কৰিবৰ বাবে অহৰহ চেষ্টা চলাই আহিছে। তাৰ উপৰি নাৰীৰ নেতৃত্বত পৰিচালিত কেইবাটাও সংগঠন গঢ় লৈ উঠিছে যিসমূহে বিশেষভাৱে ক্ৰীড়াৰ ক্ষেত্ৰত মনোনিবেশ কৰিছে। আমি দ্বিতীয়বিধৰ দুটামান সংগঠনৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰিব খুজিছো। এটা কথাত সকলো একমত যে ট্ৰেন্স এক্টিভিজমৰ একাধিপত্যৰপৰা ক্ৰীড়াক মুক্ত কৰিব লাগে আৰু নাৰী কেটেগৰিটোক সুৰক্ষিত কৰিব লাগে। Champion Women আৰু Women’s Sports Policy Working Groupএ ২০২২ চনত এই সম্পৰ্কে এখন পিটিচন প্ৰকাশ কৰে – ‘Stop Discriminating Against Female Athletes By Allowing Trans-Identified Males to Compete in the Female Sports Category’। সংসদ-বিধানসভা আৰু ক্ৰীড়া সংগঠনসমূহক উদ্দেশ্য কৰি লিখিত পিটিচনখনত ৪৪০জন অলিম্পিয়ান আৰু পেৰালিম্পিয়ানকে ধৰি মুঠ ৮৯৫২জন এথলিট, অভিভাৱক, প্ৰশিক্ষক, ক্ৰীড়া সংগঠক আৰু অন্যান্য ব্যক্তিয়ে স্বাক্ষৰ কৰিছিল। প্ৰতিযোগিতামূলক ক্ৰীড়াত অংশগ্ৰহণৰ ক্ষেত্ৰত নাৰীয়ে যাতে সমান সুবিধা, ন্যায়সংগত আৰু নিৰাপদ পৰিবেশ লাভ কৰে, সেইটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষসমূহক আহ্বান জনোৱা হৈছে। ইয়াত ট্ৰেন্স নাৰীৰ অংশগ্ৰহণ সম্পৰ্কে এনেদৰে কোৱা হৈছে – “Clarifying eligibility rules does not mean that transgender athletes should be excluded from sports. They must be made to feel safe and comfortable competing in their sex category.” Women’s Sports Policy Working Groupএ নিজৰ ৱে’বছাইটত নিজৰ অৱস্থান সম্পৰ্কে আগ বঢ়োৱা বক্তব্যত এই সম্পৰ্কে কিছু বহলকৈ পোৱা যায়। সংগঠনটোৰ স্পষ্ট মত – “Female Sports are for Female Athletes. Period.” ট্ৰেন্স নাৰীসকল হ’ল নাৰী – এইটো হ’ল এটা ৰাজনৈতিক শ্লোগান, আৰু ইয়াক ক্ৰীড়া সম্পৰ্কীয় আইন, পলিচি তথা প্ৰেক্টিচত প্ৰয়োগ কৰা অনুচিত। ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায়ক আৰু তেওঁলোকে জৈৱিক ছেক্সতকৈ নিজকে ভিন্নভাৱে পৰিচয় দিব খোজাটোক সংগঠনটোৱে সমৰ্থন কৰে; কিন্তু “But in Sport, Sex Matters.” যিসকল মতা মানুহে নিজকে নাৰী হিচাপে চিনাক্ত কৰে তেওঁলোকেও বাকীসকলৰ সমানেই খেলাৰ সুবিধা পাব লাগে। “Accomodations can include competing in the men’s category or an ‘open’ category for everyone who is not female.” আনহাতে, যিসকল মতা ট্ৰেন্স এথলিটে নিজৰ জেণ্ডাৰ পৰিচিতি অনুসৰি খেলিব খোজে তেওঁলোকৰ বাবে নতুন কেটেগৰি কিছুমান সৃষ্টি কৰি ল’ব পাৰি। কিন্তু সেইটোক কোনো কাৰণতে নাৰীসকলৰ ছেক্স-ভিত্তিক কেটেগৰিত ব্যাঘাত জন্মাবলৈ দিব নালাগে। সি যি নহওক, “[A]s a rule, males must not be allowed to breach the immutable-sex boundary that legally constitutes formal, government sanctioned separate-sex sport.” মনত ৰখা দৰকাৰ যে Post-Puberty, The Gap Between Male and Female Sport Performance Explodes. Medication and Surgery Do Not Remove the Male Sport Advantages, Even After Many Years.” যিসকল নাৰীয়ে পুৰুষ হিচাপে আত্মচিনাক্ত কৰে, তেওঁলোকে ক’ত খেলিব? যিসকল ট্ৰেন্স পুৰুষে টেষ্ট’ষ্টেৰন আৰু অন্যান্য পাৰ্ফৰ্মেন্স-বৃদ্ধিকাৰী ঔষধ গ্ৰহণ কৰে, তেওঁলোকক নাৰী কেটেগৰিত খেলিবলৈ দিলে নাৰীসকল অসুবিধাত পৰিব। কিন্তু তেওঁলোকে পুৰুষ কেটেগৰিত খেলিলে তাৰপৰা পুৰুষৰ কোনো সমস্যা হোৱাৰ কথা নাহে। গতিকে তেওঁলোকক সদ্যহতে পুৰুষ কেটেগৰিত খেলিবলৈ দিব লাগে। পুৰুষৰ টিমত তেওঁলোকৰ নিৰাপত্তা ৰক্ষাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা দৰকাৰ। তদুপৰি তেওঁলোকৰ বাবে নতুন কেটেগৰিৰ ব্যৱস্থা কৰিব পাৰি। এতিয়া আহো Save Women’s Sportঅৰ বক্তব্যলৈ। ট্ৰেন্স নাৰীৰ অংশগ্ৰহণ সম্পৰ্কে তেওঁলোকৰ অৱস্থানো একেধৰণৰ – “ Where sports categories are split by sex, in recognition of the physical advantages that males have over females, male-born athletes should be restricted from competing in the female category but they should have an equal opportunity to compete in the men’s or open categories.” এইক্ষেত্ৰত Sports Council Equality Groupঅৰ পৰামৰ্শাৱলীৰ সৈতে সহমত প্ৰকাশ কৰি Fair Play For Women সংগঠনে এটা অলপ ভিন্ন ধাৰণা দাঙি ধৰিছে। তেওঁলোকৰ মতে, ক্ৰীড়াৰ ক্ষেত্ৰত অন্তৰ্ভুক্তিৰ নীতি কাৰ্যকৰী কৰাৰ প্ৰকৃত পথটো হ’ল এটা মুক্ত কেটেগৰিৰ সৃষ্টি কৰা। “The solution is to ensure there is an open category in sport which is free from restrictions and accessible to all comers, plus a category restricted to those born female. Why? Because otherwise all sport would be male sport.” অৰ্থাৎ ক্ৰীড়াত কেটেগৰি থাকিব লাগে দুটা – মুক্ত আৰু নাৰী। পুৰুষক কোনো সুৰক্ষিত কেটেগৰিৰ প্ৰয়োজন নাই। গতিকে পুৰুষ কেটেগৰিটো উন্মুক্ত কৰি দি তাক মুক্ত কেটেগৰি হিচাপে নামকৰণ কৰিব লাগে। এইটো কৰিলে সকলোৰে বাবে সুবিধাজনক হ’ব। “Maximum inclusion is achieved by using sex-segregation only where it matters: for those born female. It’s time for a totally open category in which everyone can play. No declaration, no medication requirements, no testing, no intrusion of any kind. That is how to make sport more inclusive.” দেখা গ’ল যে ট্ৰেন্স এথলিটসকলক কেনেকৈ অন্তৰ্ভুক্ত কৰিলে সঠিক হ’ব সেই লৈ বিভিন্ন সংগঠনৰ মাজত মতৰ কিছু অমিল আছে। এইক্ষেত্ৰত অধিক আলাপ-আলোচনাৰ পাছতহে সৰ্বসন্মত আৰু সবাতোকৈ ন্যায়সংগত সিদ্ধান্তত উপনীত হ’ব পৰা যাব। কিন্তু এটা ক্ষেত্ৰত সকলো একমত যে নাৰী কেটেগৰিটো সুৰক্ষিত থাকিব লাগে আৰু তাত নাৰী হৈ জন্ম হোৱাসকলৰ বাদে আন কোনেও খেলিবলৈ পাব নালাগে। প্ৰশ্ন হ’ল, যিকোনো মূল্যৰ বিনিময়ত ট্ৰেন্স এক্টিভিষ্ট এজেণ্ডা কাৰ্যকৰী কৰিব বিচৰা ক্ৰীড়া সংগঠনসমূহে এই যুক্তিসন্মত আৰু ন্যায়সংগত দাবীটো কেতিয়া মানি ল’ব?

এইক্ষেত্ৰত অতি শেহতীয়াভাৱে কিছুমান আশাপ্ৰদ খবৰ দেখিবলৈ পোৱা গৈছে। উদাহৰণস্বৰূপে, ৱৰ্ল্ড চাইক্লিঙৰ নিয়ন্ত্ৰণকাৰী ফেডাৰেচন UCIএ যোৱা জুলাই মাহত (২০২৩) ঘোষণা কৰিছে যে পুৰুষৰ ৰে’চ কেটেগৰিটো ‘Men’s/Open’ হিচাপে পুনঃনামকৰণ কৰা হ’ব, আৰু পুৰুষ হিচাপে বয়ঃসন্ধি অতিক্ৰম নকৰা ব্যক্তিসকলেহে নাৰী কেটেগৰিত খেলিব পাৰিব (only those who have not gone through male puberty may compete in Women’s events)। অৰ্থাৎ, ট্ৰেন্স নাৰীয়েও নাৰী কেটেগৰিত খেলিব পাৰিব, কিন্তু তেওঁলোকে পুৰুষ হিচাপে বয়ঃসন্ধি অতিক্ৰম কৰা হ’ব নালাগিব। একেদৰে, ব্ৰিটিছ ৰ’ৱিঙে (নাওচালনা) যোৱা আগষ্ট মাহত ঘোষণা কৰিছে যে সকলো লেভেলতে নাৰী কেটেগৰিটো সুৰক্ষিত কৰা হ’ব। তেওঁলোকৰ ৰে’চিং কেটেগৰি পূৰ্বৰেপৰা মুক্ত আৰু নাৰী, এই দুটাই আছিল; গতিকে মতা মানুহক নাৰী কেটেগৰিত খেলিবলৈ দিয়াৰ প্ৰশ্ন উঠা উচিত নাছিল। কিন্তু যোৱা বছৰ তেওঁলোকে সিদ্ধান্ত লৈছিল যে নন-বাইনেৰি ব্যক্তিসকলক নাৰী কেটেগৰিত খেলিবলৈ দিয়া হ’ব। সি যি নহওক, শেহতীয়াকৈ লোৱা সিদ্ধান্তৰ জৰিয়তে তেওঁলোকে সেই খেলিমেলি দূৰ কৰিলে।

শেষত ভাৰতৰ কেৰালাৰ দুটা উদাহৰণেৰে আলোচনা সামৰিব খুজিছো। ২০১৮ চনৰ বাতৰিটোৰ প্ৰথমাংশ এনেধৰণৰ – “Calicut University will approach the Association of Indian Universities (AIU) to amend the rules for its transgender student Riya Isha, so that it would be beneficial for such students to participate in sports competitions in future too. The current age limit of 25 is preventing Riya from taking part in the All-India Inter University Athletics Championship to be held in Mangaluru from November 24 to 28.” “Calicut University made history while letting a transgender student compete in the university level athletics competition along with female students. Riya, a first year degree student from Government College, Malappuram, won first position in 3-km walk, long jump and hammer throw. The university syndicate gave a special permission to let the 28-year-old student compete in the women’s section.” নিয়ম মতে খেলা বাকী ছোৱালীসকলৰ বয়স আছিল ২৫ বছৰৰ ভিতৰত, বিশেষ ৰেহাই পোৱা ট্ৰেন্স ছোৱালীগৰাকীৰ (trans girl) আছিল তিনি বছৰ অধিক। (৩) দ্বিতীয়টো উদাহৰণ হ’ল কেৰালা উচ্চ ন্যায়ালয়ৰ এটা ৰায়। অনামিকা নামৰ ট্ৰেন্স এথলিটগৰাকীৰ পিটিচনৰ বিচাৰ কৰি “The Kerala High Court on Friday observed that in the absence of a separate category in sporting events for transgender persons to compete in, they must be permitted to participate in the category of their choice.” [Anamika v State of Kerala & Ors.] (৪)

ভাৰতত আইনগতভাৱে লাগু কৰা তৃতীয় লিংগৰ ধাৰণাটো এই দিশৰপৰা সুবিধাজনক আৰু ফলপ্ৰসূ যে তাৰ ফলত নাৰী কেটেগৰিত সমস্যা নহ’ব। যদিও ইয়াক ট্ৰেন্স পক্ষৰ বহুতে সমালোচনা কৰে। সি যি নহওক, প্ৰশ্ন হয় যে ট্ৰেন্স মানুহৰ বাবে পৃথক বা তৃতীয় বা অন্য কেটেগৰিৰ প্ৰবৰ্তন কৰাটো কিমান দূৰ সম্ভৱপৰ? আন্তৰ্জাতিক প্ৰেক্ষাপটত কথাটো সদ্যহতে সহজ যেন নালাগে, কিয়নো ট্ৰেন্স এক্টিভিষ্ট-সংগঠনবিলাকে সেইটো মানি নলয়। ভাৰতৰ কথা নাজানো। তেনেহ’লে নাৰীৰ প্ৰশ্নটো কি হ’ব?

ট্ৰেন্সজেণ্ডাৰ মানুহ আৰু নাৰী – দুই পক্ষৰে স্বাৰ্থ ৰক্ষা কৰিব পৰাকৈ এক ন্যায়সংগত আৰু সংহত ক্ৰীড়া পলিচিৰ কথা বাৰু ক্ৰীড়া প্ৰশাসক সংগঠনবিলাকে লগ লাগি ভাবিব নোৱাৰে নে? নিশ্চয় পাৰে। কিন্তু তাৰ বাবে প্ৰথমে সমস্যাটোৰ অস্তিত্ব স্বীকাৰ কৰি ল’ব লাগিব। যে ট্ৰেন্স অন্তৰ্ভুক্তিৰ চিন্তাহীন প্ৰয়োগে নাৰীৰ স্বাৰ্থ বিঘ্নিত কৰিছে।

References:

(১) Peggy Cadet, Marc D Feldman. Pretense of a Paradox: Factitious Intersex Conditions on the Internet. April 2012. International Journal of Sexual Health 24(2)

DOI:10.1080/19317611.2011.629287

(https://www.researchgate.net/publication/254365507_Pretense_of_a_Paradox_Factitious_Intersex_Conditions_on_the_Internet

Cadet, P. Intersex Pretenders. Arch Sex Behav 53, 1667–1679 (2024). https://doi.org/10.1007/s10508-024-02854-0

(https://link.springer.com/article/10.1007/s10508-024-02854-0#citeas)

(২) Sax L. How common is intersex? a response to Anne Fausto-Sterling. J Sex Res. 2002 Aug;39(3):174-8. doi: 10.1080/00224490209552139. PMID: 12476264.

(https://pubmed.ncbi.nlm.nih.gov/12476264/)

(৩) “Calicut varsity to approach AIU to amend rules for transgender student”, Onmanorama

https://www.onmanorama.com/news/kerala/2018/11/15/calicut-uty-transgender-student-athletics.amp.html

(৪) “Transgender persons have right to take part in sporting events in gender of their choice in absence of separate category: Kerala High Court”, Bar and Bench

https://www.barandbench.com/news/transgender-person-has-right-take-part-sporting-events-gender-of-choice-absence-separate-category-kerala-high-court

Websites:

Fair Play for Women. fairplayforwomen.com

Save Women’s Sport.  savewomenssport.com

Champion Women. championwomen.org

Women’s Sports Policy Working Group. womenssportspolicy.org

ICONS – Independent Council on Women’s Sports. iconswomen.com

Some relevant articles and papers: 

Lundberg, T.R., Tucker, R., McGawley, K., Williams, A.G., Millet, G.P., Sandbakk, Ø., Howatson, G., Brown, G.A., Carlson, L.A., Chantler, S., Chen, M.A., Heffernan, S.M., Heron, N., Kirk, C., Murphy, M.H., Pollock, N., Pringle, J., Richardson, A., Santos-Concejero, J., Stebbings, G.K., Christiansen, A.V., Phillips, S.M., Devine, C., Jones, C., Pike, J. and Hilton, E.N. (2024), The International Olympic Committee framework on fairness, inclusion and nondiscrimination on the basis of gender identity and sex variations does not protect fairness for female athletes. Scand J Med Sci Sports, 34: e14581. https://doi.org/10.1111/sms.14581

(https://onlinelibrary.wiley.com/doi/full/10.1111/sms.14581)

Bascharon, R., Sethi, N. K., Estevez, R., Gordon, M., Guevara, C., Twohey, E., & deWeber, K. (2023). Transgender competition in combat sports: Position statement of the Association of ringside physicians. The Physician and Sportsmedicine, 52(4), 317–324. https://doi.org/10.1080/00913847.2023.2286943

(https://www.tandfonline.com/doi/abs/10.1080/00913847.2023.2286943)

Lottie Moore, ‘Levelling the playing field: Why women and girls matter in amateur sport’, Policy Exchange

https://policyexchange.org.uk/publication/levelling-the-playing-field/

Gregory A. Brown & Tommy Lundberg, ‘Should Transwomen be allowed to Compete in Women’s Sports?’ CENTER ON SPORT POLICY AND CONDUCT

https://www.sportpolicycenter.com/news/2023/4/17/should-transwomen-be-allowed-to-compete-in-womens-sports

Jon Pike, Emma Hilton, and Leslie A. Howe, ‘Fair Game: Biology, fairness and transgender athletes in women’s sport’, MLI

https://macdonaldlaurier.ca/biology-fairness-trans-inclusion-sport-paper/

Hilton, E.N., Lundberg, T.R. Transgender Women in the Female Category of Sport: Perspectives on Testosterone Suppression and Performance Advantage. Sports Med 51, 199–214 (2021). https://doi.org/10.1007/s40279-020-01389-3

(https://link.springer.com/article/10.1007/s40279-020-01389-3#citeas)

Harper J, O’Donnell E, Sorouri Khorashad B, McDermott H, Witcomb GL. How does hormone transition in transgender women change body composition, muscle strength and haemoglobin? Systematic review with a focus on the implications for sport participation. Br J Sports Med. 2021 Aug;55(15):865-872. doi: 10.1136/bjsports-2020-103106. Epub 2021 Mar 1. PMID: 33648944; PMCID: PMC8311086.

(https://pubmed.ncbi.nlm.nih.gov/33648944/)

Alison K. Heather. Transwoman Elite Athletes: Their Extra Percentage Relative to Female Physiology. Int J Environ Res Public Health. 2022 Aug; 19(15): 9103. Published online 2022 Jul 26. doi: 10.3390/ijerph19159103. PMCID: PMC9331831PMID: 35897465 

(https://www.ncbi.nlm.nih.gov/pmc/articles/PMC9331831/#B44-ijerph-19-09103)

‘Dr Emma Hilton reviews the science supporting the IOC decision to let male-born transgender athletes into female competition’, Fair Play for Women 

https://fairplayforwomen.com/emma_hilton/

FIONA MCANENA, ‘The trans colonisation of women’s sports’, spiked

https://www.spiked-online.com/2023/12/14/the-trans-colonisation-of-womens-sports/

‘Sport timeline: how did we get here?’, Fair Play for Women 

https://fairplayforwomen.com/sport-timeline-how-did-we-get-here/

Book and book chapter:

Sharron Davies with Craig Lord, Unfair Play: The Battle for Women’s Sport, Forum, 2023

Cathy Devine, ‘Sex, Gender Identity and Sport’ in Sex and Gender: A Contemporary Reader, edited by Alice Sullivan and Selina Todd, Routledge, 2024

(ৰচনাকাল: ০৩-০৮-২০২৪)