• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সৰ্বভাৰতত কংগ্ৰেছমুক্ত কৰিবলৈ গৈ social media ৰ পৰাও হৰলুকি হ’ল “মোদী প্ৰেমী দৰ্শক”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 15, 2023 1:23 pm
সৰ্বভাৰতত কংগ্ৰেছমুক্ত কৰিবলৈ গৈ social media ৰ পৰাও হৰলুকি হ’ল “মোদী প্ৰেমী দৰ্শক”
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা সময়ত কংগ্ৰেছ মুক্ত ভাৰত গঢ় দিয়াৰ সপোন আছিল বিজেপিৰ। কংগ্ৰেছ মুক্ত ভাৰতৰ শ্ল’গান আওৰাই থকা বিজেপিৰ নেতা-মন্ত্ৰীৰ মুখত যেন এতিয়া একপ্ৰকাৰৰ চূণ পৰাৰ দৰেই পৰিস্থিতি হৈছে। সময় কাৰো বাবে একেই নাথাকে… দিনৰ পাছত যিদৰে ধৰালৈ এন্ধাৰ নামি আহে…. জনপ্ৰিয়তাৰ গ্ৰাফডাল কেতিয়াও সমান হৈ নাথাকে বা শীৰ্ষলৈ গৈ নাথাকে,,, কেতিয়াবা এটা ভুলতেই একেবাৰে তললৈ নামি আহে বা নিম্নগামী হয়। যিদৰে বজাৰত বাৰেপতি টেঙা আম বজাৰত বিক্ৰী কৰিব নোৱাৰি…. বা অতি দৰ্পে হতে লংকা বুলি এষাৰ কথা আছে…. যিদৰে মহা পণ্ডিত ৰাৱণৰ লংকাত লংকাকাণ্ডৰ সৃষ্টি কৰিছিল বজৰংবলীয়ে…. ঠিক তেনেদৰেই দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ পৰা একেবাৰে শূন্য হৈ পৰিল বিজেপি। শাসনলৈ আহিয়ে কিদৰে একনায়কত্ববাদ বা স্বেচ্ছাস্বাৰী শাসন চলাই, বিজেপি চৰকাৰে বিৰোধী নেতাৰ বিৰুদ্ধে কিদৰে ED CBI লগাই হাৰাশাস্তি প্ৰদান কৰি আহিছে সেয়া সকলো নখ দৰ্পনত জল জল পট পট।

আপোনালোকৰ বাৰু ২০১৪ ৰ পূৰ্বৰ সময়বোৰৰ কথা মনত পৰে নে? এবাৰ আপুনি চকু কেইটা মুদি নয়নৰ মণি হৈ পৰা নৰেন্দ্ৰ মোদীৰ ব্ৰজকন্ঠৰে নিগৰোৱা ভাষণবোৰ মনলৈ আনিবৰ চেষ্টা কৰকচোন। কম আশাৰে কংগ্ৰেছৰ কু-শাসনৰ পৰা পৰিত্ৰাণ পাবলৈ বা আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিৱৰ্তনৰ আশাৰে বিজেপিক শাসনলৈ আনিছিল নে আপোনালোকে? সেই সময়খিনিৰ কথা এটা উল্লেখ কৰো। ডিজিটেলী কিমান শক্তিশালী আছিল বিজেপি? Social Media ত আটাইতকৈ ট্ৰেণ্ডিঙত আছিল নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীৰ বক্তব্যৰে জনজনাই থকা ছ’চিয়েল মিডিয়াত এটা এটা ভিডিঅ’ই হয়তো মিলিয়ন বা কোটিৰ ঘৰো স্পৰ্শ কৰিছিল। আৰু আমাৰ স্ক্ৰীণত দেখুৱাই থকা এই মেপখনলৈ আপুনি ভালদৰে লক্ষ্য কৰকচোন…..

২০১৪ চনৰ মেপ এইখন। লোকসভা নিৰ্বাচনত বিশাল জয়ৰে তেতিয়া কেন্দ্ৰত বিজেপি শাসনলৈ আহিছিল আৰু সেই সময়ত ৭ খন ৰাজ্যত বিজেপিৰ শাসন আছিল আৰু ১৩ খন ৰাজ্যত কংগ্ৰেছৰ শাসন আছিল। গেৰুৱা ৰঙৰ অঞ্চলখিনি ইয়াত বিজেপি শাসিত ৰাজ্য বুজোৱা হৈছে…..

এতিয়া এইখন মেপলৈ লক্ষ্য কৰক। ২০১৮ চনত ২১ খন ৰাজ্যত বিজেপিৰ লগতে মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰ বিপৰীতে মাত্ৰ ৩ খন ৰাজ্যতহে আছিল কংগ্ৰেছৰ চৰকাৰ।

এইখন ২০১৮ চনৰ মেপ… চাওঁক কিদৰে প্ৰায় সম্পূৰ্ণ মেপখনেই গেৰুৱা হৈ আছিল। কিন্তু আমি পূৰ্বতে কোৱাৰ দৰে দিনৰ পাছত ৰাতি অহাৰ দৰে ২০১৯ৰ ডিচেম্বৰ মাহত কিদৰে বিজেপিৰ লগতে মিত্ৰজোঁটৰ জনপ্ৰিয়তা হ্ৰাস পালে চাওঁকচোন….

মেপখনত গেৰুৱা অংশখিনি NDA অৰ্থাৎ বিজেপিৰ মিত্ৰজোঁট আৰু বগা অংশখিনি NON NDA অৰ্থাৎ বিজেপি বিৰোধী শক্তিৰ চৰকাৰ। কেনেদৰে বগা অংশখিনি ২০১৮ ৰ মাৰ্চ মাহৰ পৰা ২০১৯ ৰ ডিচেম্বৰ মাহলৈ বৃদ্ধি পাই গৈ আছে চাওঁক আপুনি নিজেই। অৰ্থাৎ জনপ্ৰিয়তা একেবাৰে হ্ৰাস পাই আহিছে বিজেপিৰ।

আৰু জনপ্ৰিয়তা হ্ৰাস পাই পাই এতিয়া  ২০২৩ ত দক্ষিণ ভাৰতৰ পৰা একেবাৰে উৎখাত বিজেপি।

বৰ্তমান সমগ্ৰ দেশৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বিজেপিয়ে মাত্ৰ ৯খন ৰাজ্যতহে স্বতন্ত্ৰভাৱে শাসন কৰি আছে। সেইকেইখন ক্ৰমে উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট, গোৱা, অসম, ত্ৰিপুৰা, মণিপুৰ, আৰু অৰুণাচল প্ৰদেশ। কিন্তু মণিপুৰত বৰ্তমান কি পৰিস্থিতি হৈ আছে সেয়া সকলোৱে দেখি আছে… অগ্নিগৰ্ভা মণিপুৰত বিজেপিৰ চৰকাৰৰ কোন সময়ত পতন হয় তাৰ কোনো নিশ্চয়তা নাই। কিয়নো মণিপুৰ বিজেপিৰ ভিতৰচোৱাতে এতিয়া অন্তৰ্কন্দল জৰ্জৰিত হৈ থকা বুলি খবৰ পোৱা গৈছে।

ইপিনে,  কংগ্ৰেছ দলে কৰ্ণাটকত একক সংখ্যা গৰিষ্ঠতা লাভ কৰি দেশৰ চতুৰ্থখন ৰাজ্য নিজৰ প্ৰত্যক্ষ শাসনলৈ আনিবলৈ সক্ষম হৈছে। বাকী তিনিখন হ’ল ক্ৰমে উত্তৰাখণ্ড, ৰাজস্থান, আৰু ছত্তীশগড়।

আনহাতে, মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে বিজেপি থকা ৰাজ্যৰ সংখ্যা হৈছে ৬ খন। সেইকেইখন ক্ৰমে মহাৰাষ্ট্ৰ, হাৰিয়ানা, ছিকিম, মেঘালয়, নাগালেণ্ড, আৰু পুডুচেৰী।

তাৰ বিপৰীতে কংগ্ৰেছ মহাজোঁটৰ অংশীদাৰ হিচাপে থকা ৰাজ্যৰ সংখ্যা হৈছে ৩ খন, সেইকেইখন ক্ৰমে বিহাৰ, তামিলনাডু আৰু ঝাৰখণ্ড।

অৰ্থাৎ স্বতন্ত্ৰ আৰু অংশীদাৰ হিচাপে বিজেপি ১৫ খন ৰাজ্যত আৰু কংগ্ৰেছ স্বতন্ত্ৰ আৰু অংশীদাৰ হিচাপে ৬ খন ৰাজ্যত শাসনত আছে।

তাৰ বিপৰীতে ৯ খন ৰাজ্য ক্ৰমে কেৰেলা, অন্ধ্ৰ, তেলেংগানা, ওড়িশা, পশ্চিম বংগ, মিজোৰাম, দিল্লী, আৰু পঞ্জাৱত বিৰোধী আঞ্চলিক আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে শাসন কৰি আছে।

অৰ্থাৎ দেশৰ ১৫ খন ৰাজ্যতে এতিয়া বিজেপি বিৰোধী শক্তিসমূহ শাসনত অধিষ্ঠিত হৈ আছে।

পৰিৱৰ্তনৰ আশাৰে শাসনৰ গাদীলৈ আহি এটাৰ পাছত আন এটা জনবিৰোধী নীতি লৈ বা ধৰ্মৰ নামত ৰাজনীতি কৰিবলৈ গৈ উন্নয়নত স্থবিৰতা অনাৰ বাবেই হয়তো এতিয়া ক্ৰমান্বয়ে গেৰুৱা বাহিনীয়ে নিজৰ জনপ্ৰিয়তা হেৰুওৱাৰ উপক্ৰম হৈছে।

এতিয়া কেইটামান উদাহৰণ দৰ্শক ৰাইজৰ আগত দাঙি ধৰিছোঁ। সামাজিক মাধ্যমত আজিকালি প্ৰায় সকলোৱেই সক্ৰিয় হৈ থাকে। সকলোৰে হাতে হাতে এনড্ৰইড মোবাইল আছে। সামাজিক মাধ্যম যেনে ফেচবুক বা য়ু-টিউবতো ক্ৰমান্বয়ে বিজেপিয়ে জনপ্ৰিয়তা হেৰুৱাইছে নেকি? এইটো হৈছে ভাৰতীয় জনতা পাৰ্টীৰ অফিচিয়েল য়ু-টিউব একাউন্ট। য’ত ৪.৭ মিলিয়ন অৰ্থাৎ ৪৭ লাখ চাব্সক্ৰাইবাৰ আছে। কিন্তু ভিডিঅ’সমূহৰ ভিউজ বিলাক আপুনি নিজেই চাওঁক। ৪.৭ মিলিয়ন চাব্সক্ৰাইবাৰ থকাৰ পাছতো মোদীৰ বক্তব্যৰ ভিডিঅ’সমূহৰ কোনোবাটোত ৪ দিনত ২৬৩ টা ভিউজ, কোনোবাটোত ১৯৪ টা ভিউজ, কোনোবাটোত ২৬০০ ভিউজ, কোনোবাটোত ৮৫২ টা ভিউজ।

কিন্তু তাৰ বিপৰীতে আম আদমী পাৰ্টীৰ অফিচিয়েল এই য়ু-টিউব একাউন্টটোত চাব্সক্ৰাইবাৰৰ সংখ্যা ৪.৬ মিলিয়ন অৰ্থাৎ প্ৰায় ৪৬ লাখ। কিন্তু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বা আপ নেতা সঞ্জয় সিঙৰ বক্তব্যৰ ভিডিঅ’ত এদিনতে ১৫৮কে অৰ্থাৎ প্ৰায় ১ লাখ ৫৮ হাজাৰ, ৬৮ হাজাৰ, ৬ দিনত ৪৪৯ কে অৰ্থাৎ প্ৰায় ৪ লাখ ৪৯ হাজাৰ ভিউজ।

ঠিক সেইদৰে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ য়ু-টিউবৰ অফিচিয়েল একাউন্টৰ ফালে যদি আমি লক্ষ্য কৰো… তেন্তে 3.4 মিলিয়ন চাব্সক্ৰাইবাৰ থকা এই য়ুটিউব একাউন্টটোতো ২১ ঘন্টাৰ আগতে আপলোড কৰা এই ভিডিঅ’টোত ৩ লাখ ৩১ হাজাৰ ভিউজ, এটাত ৫২ হাজাৰ প্ৰিয়ংকা গান্ধীৰ এটা ভিডিঅ’ত ৮২ হাজাৰ, ৰাহু গান্ধীৰ এটা লাইভ ভিডিঅ’ত ৩৫ হাজাৰ ভিউজ দেখিবলৈ পোৱা গৈছে।

ইপিনে, সবল যুক্তি বা তথ্য সমৃদ্ধ বাতৰি বা বিশ্লেষণৰে মোদী চৰকাৰক থকা সৰকা কৰা স্বতন্ত্ৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰে যোৱাবৰ্ষৰ ৩ জুনত আৰম্ভ কৰা য়ুটিউব একাউন্টটোত এতিয়া ৫.৭৯ মিলিয়ন অৰ্থাৎ প্ৰায় ৫০ লক্ষাধিক চাব্সক্ৰাইবাৰ আছে আৰু মোদীৰ চৰকাৰৰ জনবিৰোধী নীতিক সমালোচনা কৰা একো একোটা ভিডিঅ’ত ২ মিলিয়ন, ৫.২ মিলিয়ন, ৪.৮ মিলিয়ন ভিউৱাৰ্ছ আছে।

তুলনামূলকভাৱে এই তথ্যসমূহ দাঙি ধৰা হৈছে। কেনেদৰে বিজেপিৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূৰ্বৰ জনপ্ৰিয়তা হ্ৰাস পাইছে বা বিশ্বাস বা আস্থাত ল’ব নোৱাৰা হৈছে সেয়া এইবোৰৰ পৰাই স্পষ্ট হৈ পৰিছে। ঠিক সেইদৰে কৰ্ণাটকতো বিজেপিয়ে ৯১২৫ খন ৰেলী আৰু ১৩৭৭ টা ৰোডশ্ব’ কৰিও চৰকাৰ গঠন কৰিব পৰাকৈ মেজিক নম্বৰ লাভ নকৰিলে বা মোদী বা শ্বাহে দিয়া প্ৰতিশ্ৰুতি আশ্বাসত ল’ব নোৱাৰিলে কৰ্ণাটকৰ ভোটাৰ ৰাইজে। তাৰ বিপৰীতে ১৭৩ খন ৰেলী আৰু ৫৫ টা ৰোডশ্ব’ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰি জয়ী হ’ল কৰ্ণাকত। অৰ্থাৎ দক্ষিণৰ ৰাজনীতিত নতুন সংজ্ঞা নিৰ্দ্ধাৰণত সফল ৰাহুল গান্ধী! তাৰ বিপৰীতে ‘মুমকিন’ নহ’ল মোডী তন্ত্ৰ! বা মোদী মেজিকে কাম নিদিলে কৰ্ণাটকত।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

August 27, 2025 7:15 pm
মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

August 27, 2025 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd