বুঢ়াচাপৰিত বুলডজাৰ : এক ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ

যোৱা ১৪, ১৫ আৰু ১৬ ফেব্ৰুৱাৰীত বন বিভাগ তথা শোণিতপুৰ আৰু নগাঁও জিলা প্রশাসনৰ যুটীয়া উদ্যোগত বুঢ়াচাপৰি অভয়াৰণ্যৰ লংকেটাপু, বেতনি, কমলাগড়, শিয়ালী টাপু, গণেশ টাপু, বাঘে টাপু, দুভৰামাৰি চৰ আৰু লাঠীমাৰী চাপৰিকে ধৰি বিভিন্ন ঠাইত উচ্ছেদ অভিযান চলাই সৰ্বমুঠ ২০৯৯ হেক্টৰ ভূমি বেদখলমূক্ত কৰে।এই উচ্ছেদ অভিযানত কেবাশ বাসগৃহ ভাঙি পেলোৱাৰ লগতে উচ্ছেদিত লোকসকলৰ শস্য নষ্ট কৰা হয়। এই উচ্ছেদৰ জৰিয়তে ২৫৫৩ টা বাসগৃহ বুলড’জাৰেৰে ভাঙি দিয়াৰ লগতে ১২৭৬৫ জন লোকক বেদখলকাৰী হিচাপে বিতাড়িত কৰা হৈছিল।

১৯৭৪ চনত বুঢ়াচাপৰিক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ দিনৰেপৰা এইখন শেণিতপুৰ জিলাৰ বন বিভাগৰ অধীনত আছিল। ১৯৯৫ চনৰ ১১ জুলাইত এক ৰাজপত্ৰিত অধিসূচনাৰ জৰিয়তে এই সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। ২০১৩ চনৰ ১১ নৱেম্বৰত বন বিভাগৰ এক নিৰ্দেশ যোগে এই অভয়াৰণ্যখন নগাঁও জিলা বন্যপ্ৰাণী মণ্ডলৰ অধীনলৈ যায় । (উৎসঃ দৈনিক জনমভূমি, ১৬ ফেব্ৰুৱাৰী, ২০২৩)

প্রশাসনৰ তৰফৰপৰা কোৱা হৈছিল যে ৰাজ্যখনৰ এক ঐতিহ্যপূৰ্ণ সমষ্টি হিচাপে পৰিগণিত তেজপুৰ সমষ্টিৰ চৰ অঞ্চলত দীৰ্ঘদিন বেদখল হৈ আহিছে। শোণিতপুৰ জিলাৰ তেজপুৰ আৰু ঠেলামাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিৰ খাচ চৰকাৰী মাটি আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ সংৰক্ষিত বন্যভূমিত অৰ্কতৃত্বশীলভাৱে দীৰ্ঘদিনধৰি ঘৰ-দুৱাৰ নিৰ্মাণ কৰি নিগাজীকৈ বসবাস  কৰাৰ তথ্য লাভ কৰাৰ পিছতেই এই বেদখলীকৃত অঞ্চলসমূহত অতি পৰিকল্পিতভাৱে চৰকাৰে উচ্ছেদ অভিযান আৰম্ভ কৰে। কাকতত প্রকাশ পোৱা অনুসৰি শোণিতপুৰ জিলা প্ৰশাসন আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ তৰফৰপৰা প্রথমে বেদখলকাৰীসকলক সেই স্থান ত্যাগ কৰিবলৈ এক চৰকাৰী জাননী দিয়াৰ ব্যৱস্থা কৰা হৈছিল। এই জাননীখনত উল্লেখ কৰা হৈছিল যে অসমৰ ভূমি আৰু ৰাজহ অধিনিয়ম ১৮৮৬ ৰ নিয়ম ১৮ আৰু বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ৰ ধাৰা ২৭, ২৯, ৩১, ৩২, ৩৩ আৰু, ৩৮ ভংগৰ অপৰাধত উক্ত আইনৰ ধাৰা ৩৪ (ক) ৰ অধীনত যৌথভাৱে চলিবলগীয়া এই উচ্ছেদ অভিযানৰ পূৰ্বেই বেদখলকাৰীসকলে সেই স্থান অনতিপলমে ত্যাগ কৰিব লাগিব। প্রকাশিত বাতৰি অনুযায়ী এই জাননী লাভ কৰাৰ পাছত বহু বেদখলকাৰী আঁতৰি যায় যদিও বহুলোকে তেনে বেদখলীকৃত স্থান এৰি নোযোৱাৰ পৰিপেক্ষিতত প্রশাসনে অভিযান চলায়। (উৎসঃ দৈনিক জনমভূমি আৰু আমাৰ অসম, ১৫ ফ্ৰেব্ৰুৱাৰী, ২০২৩)

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ :

বুঢ়াচাপৰিত প্ৰশাসনৰ উচ্ছেদ অভিযান চলি থকাৰ সময়তে উচ্ছেদ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰে। বুঢ়াচাপৰিত চলি থকা উচ্ছেদক লৈ হাবিবুৰ ৰহমান আৰু অন্য ৩২ জনে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন লেখ আবেদন [WP (C) / 881/2023] ৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিৰ এজনীয়া আদালতে ১৫ ফেব্ৰুৱাৰীত এক নিৰ্দেশ জাৰি কৰে। আবেদনকাৰীসকলৰ অধিবক্তাই আদালতক জনাইছিল যে আবেদনকাৰীসকল চিতলমাৰী পথাৰৰ অন্তৰ্গত মাটিত বাস কৰে যি তেওঁলোকৰ মতে ৰাজহ গাঁৱৰ অন্তৰ্ভুক্ত। তৎস্বত্বেও আবেদনকাৰীসকলক বনাঞ্চলৰ ভূমি বেদখল কৰা বুলি জাননী জাৰি কৰা হৈছিল আৰু এই জাননীৰ জৰিয়তে তেওঁলোকে দখল কৰি থকা মাটিসমূহ এৰি দিবলৈ কোৱা হৈছিল। আবেদনকাৰীৰ অধিবক্তাজনে আদালতক অৱগত কৰিছিল যে যিসকলৰ বিৰুদ্ধে জাননী জাৰি কৰা হৈছিল সেইসকলৰ মাটি বনাঞ্চলৰ ভিতৰত পৰা বুলি ধৰা হৈছিল আৰু তেওঁলোকৰ মাটি বনাঞ্চলত পৰে নে ৰাজহ গাঁৱত পৰে তাক পৰীক্ষা কৰা হোৱা নাছিল। সেয়েহে এনে জাননীসমূহৰ ক্ষেত্ৰাধিকাৰ নাই। ইয়াৰ বিপৰীতে বন বিভাগৰ অধিবক্তাজনে আদালতত কৈছিল যে আবেদনকাৰী বা ৰাজহ গাঁৱত প্ৰকৃতপক্ষে বাস কৰা কোনো লোকৰ আশংকা একেবাৰে ভিত্তিহীন কিয়নো নগাঁও জিলাৰ লাওখোৱা আৰু বুঢ়াচাপৰিৰ বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰিবলৈহে উচ্ছেদ অভিযান চলোৱা হৈছিল। চৰকাৰী অধিবক্তাজনে আদালতত কয় যে বন বিভাগে সকলো বেদখলকাৰীক জাননী জাৰি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু জাননী জাৰি কৰাৰ আগতে বেদখলকাৰীৰ দখলত থকা মাটি নিশ্চিত কৰিহে জাননী জাৰি কৰা হৈছে।

আবেদনকাৰীসকলৰ যুক্তি খাৰিজ কৰি ৰাজহ বিভাগৰ অধিবক্তাজনে আদালতত জনায় যে বক্তব্যৰ বাদে আবেদনকাৰীসকলে তেওঁলোকৰ মাটিৰ ওপৰত যে যথাযথ স্বত্বাধিকাৰ আছে তাক প্রতীয়মান কৰাৰ বাবে কোনো তথ্য সংযোজন কৰিব পৰা নাই। এই বিবদমান বিষয়টোৰ সন্দৰ্ভত ৰায় প্রদান কৰি সন্মানীয় আদালতে বন বিভাগক কেৱল বনভূমিতে উচ্ছেদ সীমাবদ্ধ কৰাৰ নিৰ্দেশ দিয়ে আৰু ৰাজহ গাঁৱত এনে উচ্ছেদ নচলাবলৈ কয়।

ৰাজনৈতিক পৃষ্ঠপোষকতাত আৰম্ভ হৈছিল বেদখল :

উচ্ছেদৰ প্রায় দহদিন পাচত অৰ্থাৎ ২৬ ফেব্ৰুৱাৰীত এই প্ৰতিবেদকদ্বয়ে উচ্ছেদ্দিত অঞ্চলসমূহ ভ্ৰমণ কৰোতে বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে উচ্ছেদ কাৰ্যৰ ন্যায্যতা প্রতিপন্ন কৰাৰ বাবে ভালেমান বক্তব্য ৰাখিছিল, যিবোৰ ইতিমধ্যে অসমৰ বেছিভাগ বাতৰি কাকতত প্রকাশ পাইছিল। তেওঁলোকৰ ভাষ্য অনুসৰি গ্ৰেজিয়াৰ নটিফিকেশ্যন অনুসৰি ১৯৭৪ চনৰ আগৰেপৰা বিশ্বনাথ, শিঙৰি, পুঠিমাৰী, বিহগুৰি, পৰ্বতীয়া, বেছেৰীয়া, চানমাৰিৰ প্রায় ৩৮৪ খুটিয়াল বুঢ়াচাপৰি অভয়াৰণ্যখন য’ত স্থাপিত হৈছে তাত বসতি কৰিছিল। অতীজৰ পৰা গৰু-ম’হৰ খুটি থকা এই লোকসকলে ১৯৮৩ ৰ পূৰ্বে উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে খুটিসমূহ এৰি আহিব লগীয়া হয়। এই খুটিয়ালসকলে শেহতীয়াকৈ বুঢ়াচাপৰিত হোৱা উচ্ছেদক সমৰ্থন জনাই দাবী কৰে যে ১৯৮৩ ত বুঢ়াচাপৰিত চোৰাংচিকাৰীয়ে মুঠ ৬৩ টা গড় হত্যা কৰিছিল। আনকি সেই সময়ত ঢেকীযাপতীয়া বাঘো বিহ দি হত্যা কৰা হৈছিল। এইসকল লোকৰ মতে একাংশ বন বিভাগৰ লোকৰ দুৰ্নীতিৰ বাবেই বনাঞ্চলৰ ভূমি বিক্ৰী কৰাৰ ঘটনা সংঘটিত হৈছে। বৰ্তমান উচ্ছেদ চলা শিয়ালী, বেটনি, লংকে টাপু আদিত ব্যাপক বেদখল হৈছিল।

অৰণ্যৰ মাজত গঢ়ি উঠা এই গাঁওসমূহ আনকি বাহিৰৰ পৰা দেখা সম্ভৱ নহয় বুলি উল্লেখ কৰি বেদখলকাৰীৰ অত্যাচাৰত গৰু ম’হ হেৰুৱাই খুটি এৰি আহিবলগীয়া হৈছিল বুলি একাংশ খুটিয়ালে কয়। তেওঁলোকৰ মতে এসময়ত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত আদৰ্শ স্বৰূপ বুঢ়াচাপৰিত ২০০০ চন মানৰ পৰা বেদখলকাৰীয়ে গছ-গছনি কাটি তহিলং কৰিছিল।

উল্লেখ যে ৪.৪০৬ বৰ্গ কিলোমিটাৰ মাটিকালিৰ বুঢ়াচাপৰিক ১৯৭৪ চনত সংৰক্ষিত বনাঞ্চল আৰু  ১৯৯৫ চনত বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্রদান কৰি ৰাজ্য চৰকাৰে চৰকাৰী অধিসূচনা জাৰি কৰিছিল। বিশ্ব বিখ্যাত এশিঙীয়া গড়ৰ প্ৰাকৃতিকভাৱে উপযুক্ত আবাসভূমি আৰু উলুমৰা (বেংগল ফ্ল’ৰিকান) চৰাইৰ বাবে বিখ্যাত অভয়াৰণ্যখনৰ মাটি বেদখলকাৰী হাতলৈ যোৱাকলৈ পৰৱৰ্তী সময়ত ভালেমান বাদ-বিবাদ হৈছিল।

মাজে সময়ে কাকতে-পত্ৰই পোৱা অভিযোগ অনুসৰি ৰাজনৈতিক পৃষ্ঠপোষকতাত এচাম লোকে বেদখল কৰি শাৰী শাৰী কৈ ঘৰ-বাৰী সাজি বস্তি গঢ়ি তুলিছিল। অভয়াৰণ্যখনৰ ৭০-৮০ বছৰৰ পুৰণি অতি পুৰঠ মূল্যবান কৰৈ, শিশু, আজাৰ আদি গছগছনি কাটি বেদখলকাৰীয়ে অভয়াৰণ্যখন টকলা কৰা বুলিও অভিযোগ উঠিছিল। নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত আৰু শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত অভয়াৰণ্যখনৰ জলাশয়সমূহতো মুকলিভাৱে মাছ মাৰি বিক্ৰী কৰা বুলি সময়ে সময়ে বাতৰি প্রকাশ পাইছিল।

এগৰাকী বনকৰ্মীয়ে এই নিবন্ধকাৰৰ আগত প্রকাশ কৰা অনুসৰি বিগত পোন্ধৰ-বিশ বছৰৰ ভিতৰত সৰহভাগ বেদখলকাৰীয়ে বনৰ ভিতৰৰ মাটিত ঘৰ-বস্তি সাজি সংস্থাপিত হৈছে। এচাম মাতব্বৰ আৰু ৰাজনৈতিক নেতাইও এই ক্ষেত্ৰত ধনৰ বিনিময়ত এনে বেদখলকাৰী সকলক সংস্থাপন লবলৈ সুবিধা কৰি দিয়া বুলি তেও কয়। বিশেষকৈ মাতব্বৰ শ্ৰেণীৰ লোকৰ পাল্লাত পৰি বহু বেদখলকাৰীয়ে আনকি ৰাজহ গাঁৱৰ মাটি বিক্রী কৰি সেই ধনেৰে বনাঞ্চলৰ ভিতৰত বৃহৎ পৰিমাণৰ মাটি দখল কৰি লৈছে। ইমান বছৰধৰি অবৈধভাৱে বনাঞ্চলৰ মাটি দখল কৰি থকাৰ পাছতো বন বিভাগে কিয় একো ব্যৱস্থা লোৱা নাছিল বুলি সোধা প্রশ্নৰ উত্তৰত নাম প্রকাশত অনিচ্ছুক কৰ্মীজনে কয়, “এবাৰ আমাৰ ডি এফ অ’ চাহাবে উচ্ছেদ চলাবলৈ আহিছিল৷ তেতিয়া আমাৰ নিৰাপত্তাৰক্ষী তেনেই কম। লাঠিমাৰী অঞ্চলত আজি চাৰি-পাঁচ বছৰমান আগতে আমি যেতিয়া উচ্ছেদ চলাবলৈ গৈছিলো তেতিয়া তাত ইমান মানুহ জমা হ’ল যে আমাৰ গাড়ী ভাঙি দিলে। উপায়হীন হৈ আমি তাৰপৰা পলাই আহিব লগা হৈছিল। উচ্ছেদ কৰিবলৈ গ’লে এই লোকসকলে এক বিশেষ কৌশল ব্যৱহাৰ কৰে। তেওঁলোকৰ মহিলা আৰু ল’ৰা-ছোৱালীবোৰক সদায় সমুখলৈ পঠাই দিয়ে। পুৰুষবোৰ পিছত থাকে। উচ্ছেদ কাৰ্য চলিলে যেতিয়া হুলস্থুল লাগে তেতিয়া পুৰুষবোৰ আগবাঢ়ি আহে। আমাৰ বনকৰ্মী এজনৰ মূৰ কোবাই ফালি দিয়া হৈছিল।”

উচ্ছেদ চলোৱা এলেকাত চৰকাৰী চিকিৎসালয়ৰ লগতে ভালেকেইখন বিদ্যালয়, মছজিদ আদি কিদৰে স্থাপন হৈছিল আৰু উচ্ছেদিত লোকসকলে ৰাজহ গাঁৱত বসতি স্থাপন কৰা বুলি ভাবিছিল নে বনাঞ্চলৰ ভিতৰত বসতি স্থাপন কৰি থকা বুলি ভাবিছিল বুলি সোধাত বনকৰ্মীজনে কৈছিল যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ সময়তে হাস্পতাল আৰু বিদ্যালয়বোৰ স্থাপন কৰা হৈছিল। তদুপৰি যিসকল উচ্ছেদিত হৈছিল সেইসকলে জানি-বুজিয়েই বনাঞ্চলৰ মাটি দখল কৰিছিল। “তেওঁলোকে জানি বুজিয়েই ফৰেষ্টৰ মাটি দখল কৰিছে। জংঘলৰ অতি পুৰণি, মূল্যবান গছবন কাটি খেতিপথাৰ উলিয়াই লৈছে। কিছুমানে দহ-বিশ বিঘা পৰ্যন্ত মাটি অভয়াৰণ্যখনৰ মাজত মোকলাইছে। নিজ নিজ দখলীকৃত মাটিত তেওঁলোকে আনকি বেৰো দি লৈছে,” তেওঁ কয়।

এসময়ত অসমীয়াভাষী মানুহৰ খুটি থকাৰ কথা উল্লেখ কৰি বনকৰ্মী জনে কয় যে বুঢ়াচাপৰি এলেকাত এটা সময়ত অসমীয়া আৰু নেপালী মানুহৰ অলেখ খুটি আছিল। সত্তৰৰ দশকৰ পৰা বিভিন্ন কাৰণত অসমীয়া মানুহখিনিয়ে খুটিবোৰ এৰি দিবলৈ আৰম্ভ কৰে। বেছিভাগ লোকে তেজপুৰ, ঠেলামৰা আদি ঠাইলৈ উঠি গৈছে। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত যিবোৰ নেপালী পৰিয়াল উচ্ছেদিত হৈছে সেইসকলেও আন ঠাইলৈ আঁতৰি গৈছে।

এইবাৰৰ উচ্ছেদ কাৰ্যৰ জৰিয়তে বুঢ়াচাপৰিত হৈ থকা সমগ্ৰ বেদখল নোহোৱা কৰা হৈছে বুলি উল্লেখ কৰি বনকৰ্মীজনে কয়, “এতিয়া আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ কোনো মাটি বেদখলকাৰী কবলত নাই।”

বনকৰ্মীজনৰ ভাষ্য অনুসৰি লংকেশ্বৰ নামৰ ব্ৰহ্মপুত্ৰৰ মাজত থকা চৰ এটাত যি উচ্ছেদ কাৰ্য চলোৱা হৈছিল সেই উচ্ছেদৰ জৰিয়তে প্রায় ২০০০ মান পৰিয়ালক তাৰপৰা আঁতৰাই পঠোৱা হৈছিল।

১৯৭৯ চনৰ আগৰে পৰা বেদখল আৰম্ভ হৈছিল – স্থানীয় গাঁওবুঢ়া :

বুঢ়াচাপৰি অভয়াৰণ্যৰ দাঁতিতে লাগি থকা ধনীয়া শিশুআটি বাওনী গাঁৱৰ গাওবুঢ়া প্ৰেম প্রসাদ অধিকাৰীয়ে অভয়াৰণ্যখনত চলা বেদখলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ২০০৬ চনতে তেজপুৰ সদৰ চক্ৰ বিষয়াক আবেদন জনোৱা বুলি উল্লেখ কৰি কয় যে পুৰণি বুঢ়াচাপৰি ব্ৰহ্মপুত্ৰ নদীয়ে খহাই নিয়াৰ পাছত ওলোৱা টাপুবোৰত আগৰ পৰা কিছুমান বাহিৰা লোকে বেদখল কৰি আছিল আৰু পৰৱৰ্তী সময়ত নগাঁও জিলা ফালৰ পৰা বহুতো লোকে আহি টাপুবিলাকত বেদখল আৰম্ভ কৰে।

তেও লগতে কয় যে ১৯৩৮ চনত তদানীন্তন দৰং জিলাৰ জিলাধিপতিয়ে কৃষ্ণ উপাধ্যায়ক মহভৈৰৱ মৌজাৰ ননকে বুৰাচাপৰি, বাঘমৰা দোভাল গাঁৱৰ গাঁওবুঢ়া পাতিছিল। প্রেম প্রসাদ অধিকাৰীয়ে ১৯৭২ চনৰ জুন মাহত অসম চৰকাৰৰ বনসংমণ্ডল বিষয়াই তদানীন্তন দৰং জিলাৰ অতিৰিক্ত জিলাধিপতিলৈ লিখা Proposed Bura Chapari Reserved Forest-Publication of Preliminary Notification  শীৰ্ষক পত্ৰখনৰ এটা কপি দেখুৱাইছিল। প্ৰস্তাৱিত অভয়াৰণ্যখনৰ বাবে এইপত্ৰত উল্লেখ কৰা মাটিকালি আছিল ৪৪০৬.২৫ হেক্টৰ আৰু এই প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ সন্দৰ্ভত এনেদৰে উল্লেখ কৰা হৈছিল—No such private land or villages inside the PRF except some Buffalo Khutis৷ আনহাতে পি আৰ এফ খনক ঘেৰি থকা বুলি উল্লেখ থকা গাঁও দুখন হৈছে জাৰণি আৰু ধনিয়া।

গাঁওবুঢ়া অধিকাৰীয়ে কয়, “১৯৭২ চনত যেতিয়া বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলৰ প্রস্তাৱ কৰা হয় তেতিয়া এইখন আমাৰ লাটৰ পৰাই গঠন কৰা হয়।আগতে এইখিনি টাপু আছিল। পাছলৈ নদীখনে গতি সলনি কৰাত টাপু নোহোৱা হৈ গ’ল। ফলত এই অঞ্চলটো লাওখোৱাৰ লগত সংলগ্ন হৈ পৰিল। আমাৰ ককাদেউতাহঁতক ব্ৰিটিছ চৰকাৰে এই লাটটো গৰু-ম’হ পুহি আৰু খেতি কৰি জীৱন নিৰ্বাহ কৰি থাকিবলৈ দিছিল। সংৰক্ষিত বনাঞ্চলখন হোৱাৰ সময়ত আমাৰ লাটৰ মাটিতে এইখন পতা হৈছিল। শিয়াল টাপু এলেকাত, য’ত এতিয়া উচ্ছেদ চলিছে তাত এসময়ত খুটি আছিল। তেতিয়া মই যুৱক। আমাৰ ঘৰবোৰ যেতিয়া আক্ৰমণ কৰিবলৈ ধৰিলে তেতিয়া আমি তাৰ পৰা উঠি আহিবলৈ বাধ্য হ’লো। এতিয়াৰ আৰিমাৰীৰ পূব দিশত কুমাৰ টাপুত ১৯৮৩ চনত পাঁচজন অসমীয়া মানুহক প্রবজনকাৰীসকলে কাটিছিল। অসম আন্দোলনৰ সময়ত অসমীয়া মানুহক কটাৰ পাছত আমি সেই ঠাই এৰি আহিব লগাত পৰিলো । অভয়াৰণ্যখনক বাদ দি যি বাৰশ বিঘা মাটি আমাৰ লাটত ৰৈ গৈছিল তাৰ ভিতৰত জাৰণি আৰু শিশু আটি এতিয়া নদীৰ বুকুত। এতিয়া আমাৰ লাটত যি ৬০০ বিঘামান মাটি আছে সেইখিনি ৰাজহ বিভাগৰ অধীনত পৰিছে বাবে আমাৰ ইয়াত উচ্ছেদ চলা নাই যদিও মোৰ কিছু মাটি বনবিভাগে লৈ লৈছে। আমি এতিয়া তেজপুৰত তৌজী খাজনা দি আছোঁ। ১৯৪৭ চনত আমাৰ ইয়াত এখন পি জি আৰ আছিল। পাছলৈ তাত তেতিয়াৰ মন্ত্ৰীৰ পৃষ্ঠপোষকতাত যাঠিৰ দশকতে বিহাৰী মানুহক সংস্থাপিত কৰা হ’ল। লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ মাজত এনেদৰে বহু গাঁও  স্থাপিত হৈছিল। ১৯৮৩ চনত তাত বহা বিহাৰী মানুহখিনিৰ ওপৰত মিঞা মানুহে আক্ৰমণ কৰিছিল, আমি নেপালী মানুহখিনি শক্তিশালী আছিলো বাবে আমাৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰিলে।”

অভয়াৰণ্যখনৰ ভিতৰত হোৱা প্রৱজন হোৱা সন্দৰ্ভত গাঁওবুঢ়া অধিকাৰীয়ে ক’লে, “মই ১৯৭৯ চনত গাঁওবুঢ়া  হৈছোঁ। তাৰে কিছু আগৰে পৰা বেদখল আৰম্ভ হৈছিল। যিহেতু যিবোৰ মাটিত বেদখল হৈছিল সেইবোৰ আমাৰ লাটৰ ভিতৰত পৰিছিল সেয়েহে মই বহুবাৰ বেদখল হোৱা বুলি কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছিলো। পূৰ্বৰ চৰকাৰে এনে অভিযোগসমূহৰ প্রতি কাণসাৰেই নিদিলে। বেদখল পূৰ্ণোদ্যমে চলি থাকিল। আমাৰ বহু মানুহে নদীৰ গৰাখহনীয়া আৰু বেদখলকৰীসকলৰ ভয়ত বেলেগ ঠাইলৈ গুচি গ’ল আৰু বেদখলকাৰীসকলে বিনাবাধাই অৰণ্যৰ মাটিত দখল চলাই থাকিল। ১৯৮৩ চনৰ পৰা আমাৰ ইয়াৰ বিহাৰী মানুহৰ ঘৰত চুৰি, ডকাইতি আদিৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিলে। ফলত বহু বিহাৰী মানুহে মাটি-বাৰী বেচি ইয়াৰ পৰা গুচি গ’ল। তাৰ পাছৰেপৰা আমাৰ ইয়াত মিঞা মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে।”

তদানীন্তন মন্ত্ৰীৰ পৃষ্ঠপোষকতাত সংস্থাপিত হৈছিল বিহাৰী সম্প্ৰদায়ৰ লোক :

হৰিজন উপাধিৰ যাঠিৰ্দ্ধোৰ লোকজনৰ জন্ম অসমতে। দেউতাক বিহাৰ কোনো এক জিলাৰ পৰা প্রবজিত যদিও আজি পৰ্যন্ত তেওঁৰ দেউতাক বিহাৰৰ কোন ঠাইৰপৰা প্রবজিত তাক তেওঁ গম নাপায়। নিজেও কেতিয়াও বিহাৰৰ পিতৃ জিলাখন বিচাৰি যোৱা নাই। চামগুৰি সমষ্টিৰ লাওখোৱা মৌজাৰ অন্তৰ্গত ৮ নং বগামুখত তেওঁৰ দখলত  ৭ বিঘা মাটি আছে যি মাটিৰ বাবে তেওঁ তৌজী খাজনা দি আহিছে। খেতি কৰি জীৱন নিৰ্বাহ কৰা এইজনা লোকৰ মতে গাঁৱখনত চৰকাৰী তথ্য অনুসৰি ২৮২ ঘৰ বিহাৰী সম্প্ৰদায়ৰ লোক আছে। শেহতীয়াভাৱে উচ্ছেদিত বিহাৰী সম্প্ৰদায়ৰ লোকখিনিৰ সন্দৰ্ভত তেওঁ কয় যে ব্ৰহ্মপুত্ৰৰ পাৰত যিসকল বিহাৰী লোকৰ বস্তি আৰু খেতিৰ মাটি আছিল সেইবোৰ গৰাখহনীয়াত জাহ পোৱাৰ পাছত তেওঁলোকৰ কিছুমানে খেলপথাৰখনৰ চৌদিশে ঘৰ বান্ধি বহি লৈছিল। এতিয়া সেইসকল লোককে উচ্ছেদ কৰা হৈছে। এসময়ত ব্ৰহ্মপুত্ৰ নৈ খনে গতিপথ সলনি কৰাৰ পাছত যিবোৰ মাটি নকৈ ওলাইছিল তাতে বিহাৰী লোক বহিছিল বুলিও তেওঁ কয়। এসময়ত বনাঞ্চলখনত হাতী, গড়, বাঘ আদি থকাৰ কথা উল্লেখ কৰি হৰিজন উপাধিৰ লোকজনে আমাক কলে ‘আমি যেতিয়া এই ঠাইলৈ আহিছিলো তেতিয়া নেপালী লোকসকলে যথেষ্ট আপত্তি কৰিছিল যদিও তদানীন্তন মন্ত্ৰীৰ পৃষ্ঠপোষকতাত আমাৰ ইয়াত বিহাৰী মানুহখিনিক বহিবলৈ দিয়া হ’ল। নেপালী মানুহখিনিয়ে তেওঁলোকৰ গৰু-ম’হৰ চৰণীয়া পথাৰত আমাক বহুৱা বুলি আপত্তি দৰ্শাইছিল।”

মাটি দখলৰ প্রসংগত তেওঁ কয় যে যিখিনি বিহাৰী পৰিয়ালক শেহতীয়াভাৱে উচ্ছেদ কৰা হৈছে সেইসকলে গৰাখহনীয়াত উপায়হীন হৈ বেলেগ ঠাইত মাটি বিচাৰিব লগা হৈছিল। বহু মিঞা মানুহক উচ্ছেদ কৰা হৈছে যদিও তেওঁলোকৰ বেলেগ ঠাইত সুকীয়াকৈ মাটি-বাৰী আছে বাবে তেওঁলোকৰ বিশেষ অসুবিধা হোৱা নাই। বিহাৰী মানুহখিনি এতিয়া উচ্ছেদিত হৈ উপায়হীন হৈ পৰিছে। হৰিজনৰ মতে তেওঁৰ বস্তিৰ মাটিতো এটা উচ্ছেদিত পৰিয়ালক তেওঁ অস্থায়ীভাৱে থকাৰ অনুমতি প্রদান কৰিছে। কাষৰ খেলপথাৰখনত প্ৰায় একঠা মাটিত বসবাস কৰি থকা চৌধুৰী উপাধিৰ মহিলাগৰাকীয়ে সেই ঠাইত উচ্ছেদিত হোৱাৰ পাছত সম্প্ৰতি হৰিজনৰ চৌহদত অস্থায়ীভাৱে ঘৰ বান্ধি লৈছে। স্বামী, দুজনী ছোৱালী আৰু চাৰিজন ল’ৰাৰে ভৰপুৰ পৰিয়ালটো উচ্ছেদিত হোৱাৰ পাছত সম্মূখীন হোৱা অসহনীয় যন্ত্ৰণাৰ কথা উল্লেখ কৰি মহিলাগৰাকীয়ে কয়, “আমি কোনোমতে একঠা মাটিত ঘৰ বান্ধি আছিলো। মোৰ মানুহজনে মাছ মাৰে আৰু মই গাঁৱত হাজিৰাৰ কাম কৰো। আমি পাঁচ-ছয় বছৰমান আগতে ইয়ালৈ উঠি আহিছো। আগতে আমাৰ দহ বিঘামান খেতিৰ মাটি আছিল। খেতি কৰি জীৱন নিৰ্বাহ কৰিছিলো। নদীয়ে আমাৰ মাটিখিনি খহাই নিয়াৰ পাছত আমি ইয়ালৈ উঠি আহিলো। ৩ নং ভুৰবন্ধাত থকা আমাৰ মাটিখিনি প্রায় দুটা বছৰত নদীত জাহ গৈছিল। মোৰ ঘৰ তেজপুৰত। ইয়ালৈ বিয়া হৈ আহিছো। মোৰ মতাটোৰ ককাদেউতাক তাহানিতে ইয়ালৈ বিহাৰৰ পৰা উঠি অহা লোক। ভুৰবন্ধাৰ মাটি পানীত জাহ যোৱাৰ পাছত আমি বগৰীআটিত ডেৰ কঠা মাটি কিনি লৈছিলো। সেইখিনি মাটিও নদীত জাহ যোৱাৰ পাছত আমি এই গাঁৱলৈ আহি যেতিয়া দুজনমানক আমাৰ অসহায় অৱস্থাৰ কথা ক’লো তেতিয়া তেওঁলোকে আমাক খেল পথাৰখনত বহিবলৈ ক’লে। উচ্ছেদ হোৱাৰ আগদিনাখন আমাক ধনীয়া গাঁওৰ গাঁওবুঢ়াই আহি ক’লে যে পাছৰ দিনাখন পুৱা ৭ বজাত আমাক তাৰ পৰা উচ্ছেদ কৰা হ’ব। গতিকে যিমান বস্তু আছে সেইবোৰ আমাক লৈ আনিবলৈ ক’লে৷ আমাৰ নিচিনা গৰীব মানুহৰ ঘৰ ভাঙিলে সকলো শেষ হৈ যাব বুলি আমি পুৱাতে ঘৰৰ টিনপাত আদি খুলি পেলালো। ঘৰত মোৰ কেচুৱা আছে বাবে নিশা আমি একো কৰিব নোৱাৰিলো। আমাৰ ইয়াত দহ ঘৰ বিহাৰী মানুহৰ ঘৰ উচ্ছেদ কৰা হৈছে। মুছলমান মানুহৰ ঘৰৰ সংখ্যা বহুবেছি হ’ব। আমি ঘৰৰ বেৰ আদি আনিব নোৱাৰিলো। সেইবোৰ ভাঙি পেলালে। পূৰ্বতে আমাৰ ভুৰবন্ধাৰ মাটি যেতিয়া নদীয়ে খহাইছিল তাৰ পাছত আমি চৰকাৰী সাহায্যৰ বাবে বহুবাৰ আবেদন জনাইছিলো। কিন্তু চৰকাৰে সহায় কৰাতো দূৰৰ কথা আমাক থকা ঠাইৰ পৰা বিতাড়িত কৰিলে। মোৰ ল’ৰা-ছোৱালী লাওখোৱা হাইস্কুলত পঢ়ি আছে। অসমীয়া মাধ্যমত। আমি এতিয়া কি কৰিম? ক’লৈ যাম?

আশ্ৰয় শিবিৰৰ মৰ্মান্তিক ছবি :

বুঢ়াচাপৰি অভয়াৰণ্যৰ যিটো এলেকাত (লংকেটাপু, বেতনি, পূব লাড্ডিমাৰি, বাঘে টাপু আদি এলেকাত) উচ্ছেদ অভিযান চলাইছিল সেই অঞ্চলটো লাওখোৱা অভয়াৰণ্যলৈ যোৱা মূলপথটোৰ পৰা বহু কিলোমিটাৰ ভিতৰত। দুৰ্গম সেই পথটোৰ প্ৰায় এক-ডেৰ ঘণ্টা চাৰিচকীয়া বাহনেৰে গৈ আমি আবেলি ৪ মান বজাত মথাউৰিৰ দাঁতিত আশ্রয় লৈ থকা উচ্ছেদিত লোকৰ শিবিৰত উপস্থিত হৈছিলো। স্থানীয় এখন বিদ্যালযৰ এজন শিক্ষকে (শিক্ষকজনে যিখন চৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰিছিল সেইখন ইতিমধ্যে উঠাই নি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীক আন ঠাইৰ চৰকাৰী বিদ্যালয়ৰ সৈতে চামিল কৰা হৈছিল)  কৈছিল যে বিভিন্ন বেচৰকাৰী সংস্থা, মানুহৰ সহায়-সাহায্যৰ ভিত্তিত মথাউৰিৰ কাষত যিটো শিবিৰ স্থাপন কৰা হৈছে তাত প্রায় ছয় হাজাৰ লোকক খোৱা-বোৱাৰ ব্যৱস্থা কৰা হৈছে।

শিক্ষকজনৰ মতে পূব লাঠিমাৰী গাৱত প্রায় ১৬০০ টা ঘৰ, গনেশ টাপুত ২৫০ টা ঘৰ, বাঘে টাপুত ৪০০ টা ঘৰ, শিয়ালী চাপৰিত ১০০০ ৰো অধিক ঘৰ গুলিৰ পাৰত ৫০০ ঘৰ, আৰিমাৰিত এহেজাৰৰো অধিক ঘৰ, পশ্চিম লাঠি মাৰিত ৬০০ ঘৰ, চিতলমাৰী বিল পথাৰ ৩ নং ৱাৰ্ডত ২৫০ টা ঘৰ, চিতলমাৰী পথাৰ ১ নং ৱাৰ্ডত ২০০ টা ঘৰ আৰু গণ্টি ডুবাত প্রায় ২০০টা ঘৰ উচ্ছেদ কৰা হৈছিল।

উচ্ছেদিত সৰহভাগ লোকে উচ্ছেদৰ পাছত নিকটবৰ্তী এলেকাৰ মুকলি পথাৰত আশ্রয় লৈ আছে। লঘোণে- ভোকে মুকলি আকাশৰ তলত আশ্ৰয় গ্ৰহণ কৰিব লগা  উচ্ছেদিত লোকৰ সৰহভাগে মহিলা আৰু শিশু। আব্দুল মান্নান নামৰ এগৰাকী উচ্ছেদিত কৈছিল, “ আমি ভাই-ককাই মিলি আঠজনে মুঠ আঢ়ৈ বিঘা মাটিত বসবাস কৰি আছিলো। আজি ইমান বছৰে আমাৰ পৰিয়ালটো আছো যদিও সেই মাটি যে বনাঞ্চলত পৰে সেই কথা আমাক  কোনেও কাহানিও কোৱা নাছিল। তিনি বছৰ আগলৈকে আমি তৌজী খাজনা দি আছিলো। তিনি বছৰ আগতে চৰকাৰে খাজনা দিয়া বন্ধ কৰে। আমি চিতলমাৰী বিলৰ বাসিন্দা । আমাৰ বাবা, জেঠা আদি সকলোৰে জন্ম সেই গাঁৱতে। ইয়াৰ তিনিখন গাঁৱত উচ্ছেদ চলোৱা হৈছে। ”

উচ্ছেদৰ পূৰ্বে কোনোধৰণৰ জাননী জাৰি কৰা অথবা সা-সামগ্ৰী আনিবলৈ দিয়া হৈছেনে বুলি সোধাত শিবিৰৰ মুখত লগ পোৱা কেবাজনো মহিলাই একেমুখে কৈছিল যে দুই-একক জাননী দিয়া হৈছিল যদিও বেছিভাগেই কোনো জাননী পোৱা নাছিল। কোনো ধৰণৰ আগতীয়া খবৰ নিদিয়াকৈ উচ্ছেদ কাৰ্য চলোৱা হৈছিল বাবে তেওঁলোকে ঘৰৰ সা-সামগ্ৰী, একোৱে লগত আনিব নোৱাৰিলে। এক্সেভেটৰৰে চকুৰ পচাৰতে সকলোবোৰ ভাঙি দিয়া হৈছিল। উচ্ছেদ চলোৱা ৩২ টা মান বস্তিৰ ভিতৰত দুটা বস্তিৰ আবাসীয়েহে বন বিভাগে জাৰি কৰা উচ্ছেদৰ জাননী লাভ কৰিছিল বুলি তেওঁলোকে কৈছিল।

“নৈখনৰ সিপাৰে শিয়াল টাপু, আৰিমাৰি, গণেশ টাপু আদি  ঠাইত হাজাৰ হাজাৰ ঘৰ ভাঙি দিয়া হৈছে। উচ্ছেদৰ পাছত চৰকাৰ-প্রশাসনৰ ফালৰ পৰা একো খা-খবৰ লোৱা  নাই। আমি কেনেদৰে খাইছো, শুইছো। আমাৰ ল’ৰা-ছোৱালী আদি বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে, অথচ চিকিৎসাৰ কোনো ব্যৱস্থা নাই। খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। এতিয়া ইয়াত স্থানীয় বিধায়কে এক অস্থায়ী আশ্রয় শিবিৰ স্থাপন কৰি দিছে যদিও বৰষুণ দিলে তাত থাকিব নোৱাৰি। বেছিভাগ উচ্ছেদিত লোকে আত্মীয়-কটুম্বৰ ঘৰত আশ্ৰয় লৈছে,” এগৰাকী মহিলাই কৈছিল।

ৰাজহ গাঁও আৰু বনাঞ্চলৰ মাজৰ অস্পষ্ট সীমাৰেখা :

উচ্ছেদিত একাংশলোকে দাবী কৰিছিল যে তেওলোকে বসতি কৰা ঠাইখিনি বনাঞ্চল নহয়, ৰাজহ গাঁওৰ অন্তৰ্গত। “আমাৰ ইয়াত গাঁৱৰ উত্তৰ ফালে জাননী জাৰি কৰা হৈছিল আৰু গাঁৱৰ দক্ষিণকালৰ জাননী নিদিয়া অঞ্চলতো উচ্ছেদ চলোৱা হৈছে। ডাঙৰ ডাঙৰ পকা ঘৰ, অট্টালিকা আদি ভাঙি দিয়া হৈছে। ৰাজহ গাঁৱত অৱস্থিত ঘৰ অট্টালিকা, মহজিদ আদি ভাঙি পেলোৱা হৈছে। যিবোৰ মাটিত জলকীয়া, তিতাকেৰেলা, তামোল গছ নাৰিকল আদি আছিল সেই সকলোবোৰ কাটি  ট্ৰেক্টৰ চলাই দিয়া হৈছে। উৎপাদিত ফচল আনিবলৈ গ’লে আমাক সুৰক্ষা কৰ্মীয়ে প্ৰহাৰ কৰে,” শিবিৰত লগ পোৱা এজনে উষ্মাৰে কৈছিল।

উচ্ছেদিত আন এগৰাকী লোকে কৈছিল যে উচ্ছেদতৰ পূৰ্বে শোণিতপুৰ জিলাৰ উপায়ুক্তই তেওলোকৰ ঘৰবোৰ বনাঞ্চলৰ ভিতৰত নপৰে বুলি কৈছিল আৰু সেইবোৰ উচ্ছেদ নহয় বুলি আশ্বাস দিছিল। “আমি বিষয়াসকলক কেইবাৰো সুধিছিলো আৰু তেওলোকে আমাৰ ঘৰবোৰ উচ্ছেদ নহয় বুলি কৈছিল। কিন্তু শেষত ঘৰবোৰ ভাঙি দিয়া হ’ল। আমি একো বস্তু নিব নোৱাৰিলো,” মানুহজনে কৈছিল।

আনহাতে, উচ্ছেদ অভিযান বন্ধ কৰাৰ দাবী জনাই ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই উছেদ চলোৱা চিতলমাৰী পথাৰ গাঁওখন বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলৰ পৰিবৰ্তে জুৰিয়া উন্নয়ন খণ্ডৰ সুঁতিৰপাৰ গাঁও পঞ্চায়তৰ এলেকাধীন বুলি দাবী কৰিছিল। 

উচ্ছেদ সম্পৰ্কত হাবিবুৰ ৰহমান আৰু অন্য ৩২ জনে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক আবেদনত কোৱা হৈছিল যে আবেদনকাৰীসকল চিতলমাৰী পথাৰৰ অন্তৰ্গত মাটিত বাস কৰে যি ৰাজহ গাঁৱৰ অন্তৰ্ভুক্ত।

অনিশ্চিয়তাত শিক্ষাৰ্থী :

এই উচ্ছেদিত পৰিয়ালসূহৰ বহুতৰে উচ্চতৰ মাধ্যমিক আৰু মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ভালে সংখ্যক পৰীক্ষাৰ্থীও আছিল (ৰাজ্যখনত ২০ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক আৰু ৬ মাৰ্চৰ পৰা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল)। পৰীক্ষালৈ মাত্ৰ কেইদিনমান বাকী থকা অৱস্থাত উচ্ছেদ চলাই ঘৰ-দুৱাৰ ভাঙি দিয়াত স্বাভাৱিকতে পৰীক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ লাগে। উচ্ছেদৰ ফলত বেছিভাগ ছাত্ৰ-ছাত্ৰীৰ কিতাপ-পত্ৰ নষ্ট হৈ যায়। কিতাপ-পত্ৰ হেৰুৱাই আশ্ৰয়হীন হোৱা ভালে কেইগৰাকী পৰীক্ষাৰ্থী উচ্চতৰ মাধ্যমিক আৰু মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে বুলি উছেদ্দিত লোকসকলে জানিবলৈ দিয়ে। কেৱল সেয়াই নহয়, বনভূমিৰ ভিতৰত থকা সাতখনকৈ চৰকাৰী বিদ্যালয় ভাঙি দিয়াৰ ফলত কণ কণ ল’ৰা-ছোৱালীবোৰৰ পঢ়িবলৈ স্কুল নোহোৱা হৈ পৰে। শোণিতপুৰ জিলাৰ উপায়ুক্তজনে বনভূমিৰ ভিতৰত থকা চৰকাৰী বিদ্যালয়সমূহ আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ নোহোৱালৈকে উচ্ছেদৰ আওতাৰ পৰা বাহিৰত ৰখাৰ আশ্বাস প্রদান কৰিছিল যদিও, পিছত আটাইকেইখন স্কুলেই বুলড’জাৰ লগাই ভাঙি দিয়া হয় বুলি উচ্ছেদিত লোকসকলে কয়।

“এই অঞ্চলত থকা আটাইকেইখন স্কুলৰ টিনপাত, কাঠ আদি খুলি লৈ যোৱা হৈছে। একেদৰে চৰকাৰী হাস্পতালখনো বন্ধ কৰি দিয়া হৈছে। আমাৰ ল’ৰা-ছোৱালীবোৰৰ বহুতৰে পৰীক্ষা আছিল। এতিয়া তেওঁলোকে ক’ত পৰীক্ষা দিব,” এগৰাকী মহিলাই আক্ষেপেৰে কৈছিল।

“আমাৰ ইয়াৰ তিনিখন গাঁৱ আৰু তিনিটা ৱাৰ্ডত উচ্ছেদ চলোৱা হৈছে। ১৮ খনমান বিদ্যালয় আৰু এখন চিকিৎসালয় আছে। সেইবোৰ চৰকাৰে উঠাই নিছে।  বিদ্যালয়ত পঢ়ি থকা হাজাৰ-বিজাৰ ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত কি হ’ব এতিয়া? মেট্ৰিক পৰীক্ষা দিব লাগে৷ ছাত্ৰ-ছাত্ৰীসকলে কেনেদৰে পৰীক্ষা দিব? ” তেওঁ কৈছিল।

বেদখল আৰু উচ্ছেদৰ সমস্যা : সমাধান ক’ত?

সন্ধিয়া প্রায় ছয়মান বজাত আমি উচ্ছেদিত লোকৰ শিবিৰৰ পৰা প্রত্যাৱৰ্তন কৰিছিলো। নাতিদূৰৰ এখন গাঁৱৰ চুৰ্ণ-বিচূৰ্ণ ঘৰৰ ফটোগ্ৰাফ সংগ্ৰহ কৰি ঘৰলৈ উভতাৰ পৰত ভাবিছিলো – কাৰ ভুলৰ বাবে ৰাজহ গাঁৱ আৰু বনাঞ্চলৰ মাজত সীমাৰেখা থুনুকা বা অদৃশ্য হৈ পৰে! যদিহে বনাঞ্চলৰ ভিতৰতে আজি দশকৰ পাছত দশক ধৰি লাখ লাখ মানুহে স্থায়ীভাৱে বসতি স্থাপন কৰি আছিল তেন্তে ইমান বছৰে অসম চৰকাৰে হাত-সাৱটি বহি আছিল কিয়?

এখন দেশৰ ভোটাৰ ৰাইজে, নাগৰিকে যদি বনাঞ্চলত বেদখল কৰি আছিল তেন্তে তেওঁলোকক তাৎক্ষণিভাৱে নিজৰ সা-সামগ্ৰী, জীয়াই থকাৰ প্রয়োজনীয় খাদ্য, বস্তু আৰু মূল্যবান নথিসমূহ সংগ্ৰহ কৰাৰ সময়কণ দিয়া কিয় নহয়?

উচ্ছেদিত হোৱাৰ পাছত এইসকলে লোক ক’লৈ প্রবজিত হ’ব? কোনো অন্য বনাঞ্চল, খাচ চৰকাৰী মাটি, মহানগৰ, পাহাৰ, চৰ আদিত এনে লোকে পুনৰ জীয়াই থকাৰ বাবে বসতি স্থাপন নকৰিব জানো! দীৰ্ঘদিনীয়া, সমাধানহীন হৈ পৰি থকা এনে প্রশ্নসমূহৰ সুদুত্তৰ আমি ক’ত পাম!