• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

শিশুৰ শিক্ষা, সুৰক্ষা আৰু প্ৰাপ্য অধিকাৰ

মালবিকা কলিতা by মালবিকা কলিতা
May 15, 2022 1:34 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশুৰ শিক্ষা, সুৰক্ষা আৰু প্ৰাপ্য অধিকাৰৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি প্ৰথমে শিশুনো কাক কয় এই বিষয়ে জানি ল’ব লাগিব। ভাৰতত বিভিন্ন আইনত শিশুৰ বিষয়ে বেলেগ বেলেগ ব্যাখ্যা আগবঢ়োৱা হৈছে।

যেনে ধৰক শিক্ষাৰ অধিকাৰ আইন ২০০৯ মতে ৬-১৪ বছৰ বয়সৰ ভিতৰৰ সকলক শিশু বোলা হৈছে, বাল্যবিবাহ নিবাৰণ আইনৰ মতে আকৌ ছোৱালীৰ ক্ষেত্ৰত ১৮ আৰু ল’ৰাৰ ক্ষেত্ৰত ২১ বছৰৰ তলৰ ব্যক্তিক শিশু বুলি কৈছে, কৈশোৰ ন্যায় আইন, পকচ’ আইন আদি বিভিন্ন আইনে আকৌ কৈছে ১৮ বছৰ বয়সৰ তলৰ ব্যক্তি এগৰাকী শিশু। তেনে ক্ষেত্ৰত আমি কাক শিশু বুলি কম?

১৯৮৯ চনৰ ২০ নৱেম্বৰ তাৰিখে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ এখন অভিৱৰ্তন অনুষ্ঠিত হয় আৰু ইয়াতেই বিশ্বৰ ১৪০ খন ৰাষ্ট্ৰৰ দ্বাৰা স্বাক্ষৰিত এখন চনদ গ্ৰহণ কৰা হয়। সেয়েহে উক্ত দিনটোক আন্তঃৰাষ্ট্ৰীয় শিশু অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। এই চনদত ১৮ বছৰ বয়সৰ তলৰ প্ৰতিজন ব্যক্তিকেই শিশু বুলি সমগ্ৰ বিশ্বই স্বীকৃতি দিয়ে। ১৯৯২ চনৰ ১১ ডিচেম্বৰ তাৰিখে ভাৰতবৰ্ষই এই চনদত অনুমোদন জনায়।

চনদখনত শিশুৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত প্ৰযোজ্য মানদণ্ডবোৰ বিতংভাৱে উল্লেখ কৰা হৈছে আৰু ৰাষ্ট্ৰসমূহক এই মানদণ্ডবোৰ মানি চলিবলৈ বাধ্য কৰোৱা হৈছে। এই চনদখনৰ চাৰিটা মূল নীতি হ’ল: বৈষম্যহীনতা (non-discrimination); শিশুৰ সৰ্বশ্ৰেষ্ঠ আগ্ৰহ(best interest of a Child); জীয়াই থকা আৰু বিকাশৰ অধিকাৰ ( right to life survival and development) আৰু শিশুৰ দৃষ্টিভংগীৰ প্ৰতি সন্মান।

বৰ্তমান পৰ্যন্ত এই চনদত স্বাক্ষৰ কৰা তথা অনুমোদিত (retified) ৰাষ্ট্ৰৰ সংখ্যা ১৯৪ । আজিলৈকে এইখনেই পৃথিৱীৰ ভিতৰত সৰ্বাধিক দেশৰ দ্বাৰা স্বাক্ষৰিত তথা অনুমোদিত চুক্তি। ৰাষ্ট্ৰসংঘৰ কোনো চুক্তি / চনদত কোনো এখন ৰাষ্ট্ৰই অনুমোদন জনোৱাৰ অৰ্থ হল সেই ৰাষ্ট্ৰখনে নিজৰ দেশত সেই চনদৰ ওপৰত ভিত্তি কৰি বিভিন্ন আইন প্ৰণয়ন কৰিব। ছোমালিয়া, দক্ষিণ চুদান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাদে পৃথিৱীৰ সকলো সাৰ্বভৌম ৰাষ্ট্ৰই এই চনদখন অনুমোদিত কৰিছে। এই চনদত সাৰ্বজনীন ভাৱে শিশুৰ সূত্ৰ দাঙি ধৰিছে। আমাৰ ভাৰতবৰ্ষয়ো যিহেতু এই চুক্তিত অনুমোদন জনাইছে সেয়েহে ভাৰতেও বিভিন্ন সময়ত শিশুৰ বাবে বিভিন্ন আইন, আঁচনি আদি প্ৰণয়ন কৰিছে।

এতিয়া আহোঁ শিশুৰ শিক্ষা, সুৰক্ষা আৰু প্ৰাপ্য অধিকাৰৰ বিষয়ে। এই বিষয়ে কবলৈও আমি এই চনদখনৰ বিষয়েই আলোচনা কৰিব লাগিব। এই চনদখনত মুঠ ৫৪ টা অধ্যায় আছে, যাৰ ভিতৰত ৪১ টা বিশেষভাৱে শিশুৰ অধিকাৰৰ সৈতে সম্পৰ্কিত। যি শিশুৰ জীৱনৰ প্ৰায় প্ৰতিটো দিশকে সামৰি লয় । শিশুৰ সেই অধিকাৰসমূহক ৪ টা বিশেষ ভাগত ভাগ কৰা হৈছে। সেয়া হ’ল —

১) জীয়াই থকাৰ অধিকাৰ : এটা শিশুৰো প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক ব্যক্তিৰ দৰেই মৰ্যদা সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে। জীয়াই থকাৰ অধিকাৰত অন্তৰ্ভুক্ত কৰা হৈছে শিশু এটাৰ জন্মৰ অধিকাৰ, অন্ন- বস্ত্ৰ- বাসস্থানৰ অধিকাৰৰ লগতে মৰ্যদা সহকাৰে জীৱন যাপনৰ অধিকাৰ। শিশু এটা মাতৃগৰ্ভত থকাৰ পৰাই যাতে সুস্থভাবে জীয়াই থাকিব পাৰে তাৰ বাবে বিভিন্ন আইন প্ৰণয়নৰ উপৰি সমাজ কল্যাণ বিভাগ, শিক্ষা বিভাগ স্বাস্থ্য বিভাগ সকলোতে শিশুৰ বাবে বিশেষ আঁচনি লোৱা হৈছে।

২) বিকাশৰ অধিকাৰ : প্ৰতিটো শিশুৰেই সুস্থ পৰিৱেশত শাৰীৰিক তথা মানসিকভাবে বিকাশৰ অধিকাৰ আছে।
৩) সুৰক্ষাৰ অধিকাৰ : শিশু এটা যিকোনো নিৰ্যাতন, শোষণ তথা বৈষম্যৰ পৰা সুৰক্ষিত হৈ থকাৰ অধিকাৰ আছে। তাৰ বাবে শিশু শ্ৰমিক নিবাৰণী আইন, বাল্যবিবাহ নিবাৰণ আইন, পকচ’ আইনৰ দৰে বিভিন্ন আইন প্ৰণয়ন কৰা হৈছে।

৪) অংশগ্ৰহণৰ অধিকাৰ : আজিৰ শিশু কাইলৈৰ নাগৰিক। নাগৰিক হিচাপে যাতে তেওঁ এগৰাকী দায়িত্বশীল, উচিত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ব্যক্তি হিচাপে পৰিগণিত হয় তাৰ বাবে তেওঁক শিশু অৱস্থাৰ পৰাই সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিবলৈ দিব লাগে। এয়া তেওঁৰ এটা অধিকাৰ।

শিশুৰ অধিকাৰৰ চাৰিওটা বিভাগৰ ভিতৰত বিকাশৰ অধিকাৰসমূহ অধিক গুৰুত্বপূৰ্ণ বুলি ভবাৰ থল আছে। বিকাশৰ অধিকাৰে শিক্ষা, খেল- ধেমালি, শাৰীৰিক স্বাস্থ্য, মানসিক স্বাস্থ্য সকলোকে সামৰি লয়। সেয়েহে সঁচা অৰ্থত প্ৰতিটো শিশুৱে বিকাশৰ অধিকাৰ তেতিয়াহে উপভোগ কৰিব পাৰিব যেতিয়া শিশু সম্পৰ্কীয় প্ৰতিখন আইনতেই শিশুৰ সংজ্ঞা একে হয়। যিটো ৰাষ্ট্ৰসংঘৰ সংজ্ঞাৰ আধাৰত নিৰূপিত হ’ব অৰ্থাৎ ১৮ বছৰ বয়সৰ তলৰ সকলো ব্যক্তিকে শিশু বুলি গণ্য কৰা হ’ব। 

       মালবিকা কলিতা এগৰাকী নিৱন্ধকাৰ

মালবিকা কলিতা

মালবিকা কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd