গুৱাহাটীত জ্ঞানপীঠ বঁটাৰ অনুষ্ঠানটোৰ অন্যতম লক্ষ্যণীয় কথা আছিল ৰাজ্যখনৰ প্ৰশাসনীয় মুৰব্বীজনে পৰ্যায়ক্ৰমে অসমীয়া আৰু হিন্দীত লিখিত ভাষণ পাঠ কৰাটো। কেইদিনমান আগতেহে ‘হিন্দী-দিৱস’ত কেন্দ্ৰৰ গৃহমন্ত্ৰীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত হাইস্কুল শিক্ষান্তলৈকে হিন্দী বিষয়টো বাধ্যতামূলক হ’ব বুলি ঘোষণা কৰিছিল। দেশৰ স্বয়ং গৃহমন্ত্ৰীৰ দৰে পদমৰ্যাদাৰ লোকে এই বিশেষ পদক্ষেপটো সদৰী কৰাৰ অৰ্থ হ’ল তাত অন্তৰ্নিহিতভাৱে এটা বাধ্যবাধকতা আৰোপ কৰিব খোজা হৈছে। নিশ্চিতভাৱে দুয়োটা কথাৰ মাজত এটা যোগসূত্ৰ আছে; দুয়োটাই পূৰ্বপৰিকল্পিত। লিখিত ভাষণটো ‘ওপৰৰ’ ইচ্ছাবৃত্তিৰ (Will) প্ৰত্যক্ষ আৰু প্ৰত্যাশিত ফলশ্ৰুতি বুলিয়ে ক’ব পাৰি।
অসমৰ ‘জাতীয় কবি’ৰ মৰ্যাদাৰে সন্মানিত, কাব্যঋষি নীলমণি ফুকনৰ দৰ্শন লভিবলৈ, প্ৰিয়তম কবিগৰাকীৰ আপুৰুগীয়া কণ্ঠস্বৰ শুনিবলৈ বিভিন্ন প্ৰান্তৰ মানুহেৰে সিদিনাখন ঠাহ খাই পৰিছিল ৰবীন্দ্ৰ ভৱন। উল্লিখিত সেই কথাটোৰ বাবে এনে এক সোণালী সুযোগৰ সদ্ব্যৱহাৰ নকৰাৰ প্ৰশ্নই নুঠে। ‘ভাৰতীয় জ্ঞানপীঠ’ৰ অধ্যক্ষাই ভাষণ দিছিল ইংৰাজীত, ৰাজ্যখনৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰীজনেও ইংৰাজীতে কামফেৰা কৰিছিল। কিন্তু দেশখনৰ জ্ঞান-বুদ্ধিৰ অন্যতম শীৰ্ষানুষ্ঠানটোৰ দ্বাৰা আয়োজিত সভাখনিত সকলোৰে চকুত আঙুলি থৈ সেই কথাটো বুজাই দিয়া হ’ল। মাৰ্জিত ৰুচিৰ সমাজখনে সেই অনিবাৰ্যতা মানি লোৱাৰ গত্যন্তৰ নাছিল।
এই মাৰ্জিত ৰুচি বোলা বস্তুটো বহুমূলীয়া : সি হিন্দী ভাষাৰ বিৰোধিতা নকৰে, কিন্তু হিন্দীক ওপৰৰ পৰা জাপি দিয়াৰ দুৰ্ঘোৰ বিৰোধিতা কৰে। মাৰ্জিত ৰুচিয়ে অসমীয়া ভাষাক ভাল পায়, সেইবুলি অসমৰ জনজাতীয় ভাষাভাষী লোকৰ ওপৰত অসমীয়াগিৰি কৰাটো সমৰ্থন নকৰে। সেইকাৰণে হিন্দীক বাধ্যতামূলক কৰিব খুজিলে তাক ভাষাভিত্তিক ৰাজ্য গঠনৰ ঐতিহ্য, ফেডাৰেল শাসনব্যৱস্থাৰ ধাৰণা, সাংবিধানিক পবিত্ৰতাক টিলিকতে উৰাই দিয়াৰ অপচেষ্টা বুলি ভবাটো অমূলক নহয়। দক্ষিণ ভাৰতৰ কথাই নাই, আন বহুকেইখন ৰাজ্যই ইতিমধ্যে অসন্তুষ্টি, অসন্মতি দৰ্শাইছে। ব্যতিক্ৰম নহয় কৰ্ণাটক ৰাজ্যখনো, যাৰ শাসক দল কেন্দ্ৰৰ শাসক দলটোৱেই, অথচ তাৰ মুখ্যমন্ত্ৰীয়ে এই কথাটোত মুঠেও হয়ভৰ দিয়া নাই। ইতিপূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ আমোলাসকলৰ ক্ষেত্ৰত হিন্দী বাধ্যতামূলক কৰিব খোজা, হিন্দীত যাৱতীয় চৰকাৰী কাম-কাজ চলোৱাৰ দিহা, সাংসদে ইংৰাজীত কৰা প্ৰশ্নৰ লিখিত উত্তৰ হিন্দীতহে দিয়াৰ দৰে কথাবোৰ সংশ্লিষ্ট বিভিন্ন মহলে সহজভাৱে লোৱা নাই।
কেন্দ্ৰত চৰকাৰী ভাষাৰূপে ইংৰাজী আৰু হিন্দী দুয়োটা চলি অহাত বহুতৰ আপত্তি নাই; পিছে ইংৰাজীক আঁতৰ কৰি হিন্দীক ৰাষ্ট্ৰীয় ভাষা (National Language) বুলি চলাব খুজিলে লেঠা লাগিবই। অথন্তৰ ঘটিব আঞ্চলিক ভাষাবোৰৰ বিকল্প নকৰি কেৱল ইংৰাজীৰ বিকল্প হিচাপে হিন্দীক চলাব খুজিলেও— যিটো কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বক্তব্যত ওলাই পৰিছে— কাৰণ তেতিয়া হ’লেও যোগাযোগৰ মাধ্যম হিচাপে সকলোৱে হিন্দী জনাটো অপৰিহাৰ্য হৈ পৰিব। তাত এটা সংকীৰ্ণ (মূলত: উত্তৰ ভাৰতীয়) অৰ্থনৈতিক-বাণিজ্যিক স্বাৰ্থ জড়িত। সেয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰত হিন্দীৰ প্ৰাধান্য স্থাপন কৰিলে স্থানীয় কাম-কাজ, বজাৰ-সমাৰ, শিল্প-কলা, পঢ়া-শুনা, গীত-মাত, চাকৰি-বাকৰি, ঠিকা-ঠুকলিত হিন্দীপ্ৰধান অঞ্চলৰে সুবিধা হ’ব, অসমলৈ জনপ্ৰব্ৰজন বাঢ়িব আৰু সামাজিক অস্থিৰতাত সাৰ-পানী যোগোৱা হ’ব। পৰিতাপৰে কথা যে মুষ্টিমেয় বণিয়াৰ মুনাফাৰ অংকত প্ৰান্তীয় জনতাৰ আৱেগ, সুবিধা-অসুবিধাৰ প্ৰশ্নবোৰ গৌণ।
এসময়ত প্ৰথমে ‘বহিৰাগত’ বহিষ্কাৰৰ দাবী আৰু অনতিপলমে ‘বিদেশী বহিৰাগত’ বহিষ্কাৰৰ দাবী জোৰদাৰ হোৱা সময়ত অসমৰ মূলসুঁতিৰ মানুহে হিন্দীৰ আগ্ৰাসনক নতুনকৈ আৱিষ্কাৰ কৰিছিল। দিল্লীৰ ‘মাহী আইৰ দৃষ্টিভংগী’ আৰু হিন্দী আধিপত্যবাদে উত্তৰ-পূৰ্বাঞ্চলৰ সাতভনীৰ মাজত অনৈক্যৰ বীজ সিঁচা বুলি এটা ৰাজনৈতিক মহা-বিৱৰণী (meta-narrative) সৃষ্টি কৰা হৈছিল। অসমৰ উপ-জাতীয়তাবাদী ঢৌ স্তিমিত হোৱাৰ পাছত মধ্যবিত্তীয় নেতৃত্বৰ দুৰ্বলতা আৰু আপোচকামিতা দিনে-দিনে প্ৰকট হোৱাৰ ফলত তেনে আৱেগৰ জোৱাৰো ভাটালৈ পৰ্যবসিত হ’ল। কিন্তু স্বাভিমানী আৰু মাতৃভাষাপ্ৰেমী লোক মাত্ৰেই এই শেহতীয়া ইংগিত, বলৱৎকৰণত যে শংকাবোধ কৰিছে সি স্পষ্ট: ইয়াৰ তীব্ৰতা তামিলনাডুৰ হিন্দীবিৰোধী আৱেগৰ সমান নহ’লেও গুৰুত্বহীন নহয়।
এই সম্পৰ্কীয় বাদানুবাদে ৰাজনৈতিক ক্ষেত্ৰৰ পৰা এতিয়া চিনেমাৰ ক্ষেত্ৰলৈ সংক্ৰমণ ঘটাইছে। শেহতীয়াকৈ কেইখনমান তেলুগু, কন্নড় আদি ভাষাত নিৰ্মিত বৃহৎ বাজেটৰ ছবিয়ে সমগ্ৰ দেশজুৰি বাজীমাৎ কৰিছে। দক্ষিণৰ এজন তাৰকা অভিনেতাই ক’লে যে এতিয়া ভাৰতীয় চিনেমা মানে বলীউডৰ হিন্দী ছবিয়ে নহয়, সেয়েহে উত্তৰ ভাৰতৰ ভাষা হিন্দীক ৰাষ্ট্ৰীয় ভাষা কৰিব খোজাৰ যুক্তি নাই। লগে লগে হিন্দীভাষী তাৰকাই ক’লে যে হিন্দী তেওঁলোকৰ মাতৃভাষা আৰু লগতে ৰাষ্ট্ৰীয় ভাষা। পানী ঘোলা কৰিবলৈ এইবাৰ সংবাদ শীৰ্ষলৈ আহিল সততে যুক্তিহীন, বিদ্বেষপূৰ্ণ বক্তব্যৰে শিৰোনাম দখল কৰা আৰু উগ্ৰ হিন্দুত্ববাদী শিবিৰৰ নয়নৰ মণি এগৰাকী তাৰকা অভিনেত্ৰী। এখোপ ওপৰলৈ গৈ এওঁ ক’লে যে সংস্কৃতহে এই দেশৰ ৰাষ্ট্ৰভাষা হোৱা উচিত, কাৰণ সংস্কৃতৰ পৰাই হেনো হিন্দী, ইংৰাজী, জাৰ্মান, ফৰাচী, তামিল, কন্নড়, গুজৰাটী আদি ভাষাৰ উৎপত্তি। অজ্ঞানতাৰ কি লোমহৰ্ষক নিদৰ্শন! আচলতে জীৱন-জীৱিকাৰ সংকটে পগলা কৰাৰ দৰে দৌৰা কালত এনেবোৰ বাদানুবাদ হৈ উঠিছে নলগা জেঙৰ লেখীয়া। এনে জেঙত মানুহ মজিলে, প্ৰচাৰৰ জালিকাখনত লাগি ধৰিলে ন্যস্ত স্বাৰ্থৰ উদ্দেশ্যই সিদ্ধি হয়, এই কথা নক’লেও হয়।
সেই অভিনেত্ৰীৰ বাক্য-বিস্ফোৰণ তাতেই সীমাবদ্ধ নাছিল। তেওঁৰ মতে সংস্কৃত ভাষা তামিল ভাষাতকৈ পুৰণি। পিছে দ্ৰাৱিড়ীয় মূলৰ তামিলক বিশ্বৰে প্ৰাচীনতম ভাষা বুলি ভাষাতত্ত্বৰ ছাত্ৰ মানেই জানে। আনহাতে দেশৰ সংবিধানৰ অষ্টম অনুসূচীত মুঠ স্বীকৃত ২২ টা চৰকাৰী ভাষাৰ অন্যতম হ’ল হিন্দী, আৰু ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশখনৰ ২৬.৬ শতাংশ লোকেহে নিজৰ মাতৃভাষা হিন্দী বুলি কৈছে। ভোজপুৰী, মৈথিলী, মগধী, অৱধী, ব্ৰজ ভাষাকে ধৰি বৃহত্তৰ হিন্দী পৰিয়ালৰ লোক এটা থূলত ভৰালেহে হিন্দীভাষীৰ সংখ্যা বেলেগ হয়। ইপিনে ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ শাখা হৈছে ইন্দো-আৰ্য, তাৰপৰা সংস্কৃতৰ উৎপত্তি, তাৰপৰা বিকশিত পালি আৰু প্ৰাকৃত, তাৰেই পৰা ওলাইছিল উত্তৰ, মধ্য আৰু পূব ভাৰতৰ আধুনিক ভাষাবোৰ। আজিৰ কথিত হিন্দী ভাষাটোৰ বিকাশ ওঠৰ শতিকাৰ শেষৰফালে হৈছিল আৰু তাৰ আঁৰত আছিল বিভাজনবাদী ব্ৰিটিছ শাসকৰ মন্ত্ৰণাৰে সাম্প্ৰদায়িক ভিত্তিত ৰূপায়ন কৰা এক সংঘবদ্ধ প্ৰচেষ্টা। ঊনৈশ শতিকাৰ প্ৰথম ভাগত ভাৰতীয় উপ-মহাদেশৰ প্ৰচলিত হিন্দুস্থানী ভাষাক ক্ৰমে দেৱনাগৰী লিপিসহ হিন্দী আৰু পাৰ্চী লিপিৰ উৰ্দু ভাষালৈ পৃথক কৰা হৈছিল। দুয়োটা ক্ৰমে হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বী জনসাধাৰণৰ মুখৰ ভাষা হিচাপে সাব্যস্ত কৰাৰ বিশেষ কৰ্মযজ্ঞ চলোৱা হৈছিল। আধুনিক হিন্দী ভাষাৰ পিতৃ বুলি জন গিলখ্ৰিষ্ট আৰু এই ভাষাটোৰ জন্মগৃহ বুলি কলকাতাৰ ফ’ৰ্ট উইলিয়াম কলেজক এনেয়ে কোৱা নহয়। ইষ্ট ইণ্ডিয়া কোম্পানী হৈছিল হিন্দী-ইংৰাজী অভিধান প্ৰণয়ন আৰু আধুনিক হিন্দীত সাহিত্য ৰচনাৰ জন্ম-কাহিনীটোৰ ধাই মাতৃ।
বহুত্ববাদী ভাৰতৰ অন্যতম স্বকীয়তা হ’ল ভাষাৰ বৈচিত্ৰ্য— ইয়াক অসন্মান কৰাৰ অৰ্থই হ’ল ভাৰতীয় ঐতিহ্য আৰু পৰম্পৰাক অপমান কৰা। ইন্দো-আৰ্য, দ্ৰাৱিড়ীয়, ইন্দো-তিব্বতীয়, অষ্ট্ৰো-এছিয়াটিক আদি কত ভাষা পৰিয়ালৰ ঠাল-ঠেঙুলিৰে এই দেশ বিচিত্ৰ। এই বৈচিত্ৰ্যঘন পৰিচয়ক অমান্য কৰি হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে চলাবলৈ গৈ জটিলতাহে সৃষ্টি কৰা হ’ব। এটা মান্য ভাষা বা চৰ্চা কৰিবলগীয়া ভাষা হিচাপে হিন্দীৰ সুকীয়া মৰ্যাদা প্ৰাপ্য, অন্যান্য সৰু-বৰ ভাষাক মৰ্যাদা দিয়াৰ দৰে। কিন্তু কেৱল এটা অঞ্চলৰ ৰাজনৈতিক-অৰ্থনৈতিক আধিপত্য স্থাপনৰ আহিলা হিচাপে হিন্দীক ব্যৱহাৰ কৰিলে মতান্তৰ হ’বই। হিন্দী-হিন্দুত্বৰ আৰাধনাত আকণ্ঠ নিমজ্জিত ৰাজ-ৰাজন্যই এই সত্যতাক তল পেলাই সংখ্যাবলেৰে সমস্ত সিদ্ধি কৰিবলৈ যোৱাটো বাতুলতা মাথোন।