এখনেই মাথো পৃথিৱী…..

“অনলি ৱান ৱৰ্ল্ড”! অৰ্থাৎ— পৃথিৱী মাত্ৰ এখনেই! বিভিন্ন বিবৰ্তনৰ প্ৰক্ৰিয়াৰ মাজেৰে আহি আজিৰ অৱস্থা লাভ কৰা আমাৰ চিনাকি পৃথিৱীখন ধ্বংস হৈ গ’লে দ্বিতীয় এখন পৃথিৱী যে নাই, সেই সাধাৰণ সত্যকে উপলব্ধি কৰোৱাবলৈয়ে এই শ্ল’গান- ‘অনলি ৱান ৱৰ্ল্ড’। এই শ্ল’গানেৰে বিশ্বই পালন কৰিছে ২০২২ বৰ্ষৰ পৰিৱেশ দিৱস।

এখনেই মাথো পৃথিৱী- এই তিনিটা শব্দই সমগ্ৰ মানৱ সমাজক আকৌ এবাৰ সকীয়াই দিছে যে বিজ্ঞান প্ৰযুক্তিয়ে আনি দিয়া আধুনিকতাৰ শিখৰত আৰোহণ কৰি আমি বিপৰ্যস্ত কৰি পেলাইছো ধৰিত্ৰী। পৃথিৱীক বাসোপযোগী কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে আৰু পৃথিৱীক বাসোপযোগী কৰি ৰখাৰ স্বাৰ্থতে আমাৰ উন্নয়ন হ’ব লাগিব বহনক্ষম।

উন্নয়নৰ ধাৰা পৰিৱেশ অনুকূলে নোহোৱাৰ বাবে, প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ বহনক্ষম নোহোৱাৰ বাবেই মানৱে প্ৰকৃতিৰ লগতে নিজৰ বাবেও সৃষ্টি কৰিছে বৃহৎ প্ৰত্যাহ্বানৰ।

এই মুহূৰ্তত সমগ্ৰ বিশ্বই মুখামুখি হোৱা আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানটোৱেই হ’ল জলবায়ু পৰিৱৰ্তন। উন্নত দেশেই হওক বা উন্নয়নশীল দেশেই হওক জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ সকলো দেশেই কম বেছি পৰিমাণে ভোগ কৰিছে। বৃদ্ধি পোৱা উষ্ণতাই দ্ৰুততৰ কৰিছে হিমবাহৰ গলন। ফলত বৃদ্ধি পাইছে সমুদ্ৰৰ জলপৃষ্ঠ। এনে অৱস্থাত ক্ষুদ্ৰ ক্ষুদ্ৰ উপকূলৱৰ্তী দেশসমূহৰ বাবে নামিছে দুৰ্যোগ, হ্ৰাস পাইছে বাসোপযোগী ভূমিৰ লগতে কৃষি ভূমি।

জলবায়ু পৰিৱৰ্তনৰ ফলতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে প্ৰাকৃতিক দুৰ্যোগসমূহে। সাগৰীয় ধুমুহা, অতিবৃষ্টি, সাগৰীয় ঘূৰ্ণী, বান, বনজুই, খৰাং আদি প্ৰাকৃতিক দুৰ্যোগসমূহৰ সংখ্যা বিগত দশকৰ তুলনাত দুগুণ বৃদ্ধি পাইছে। নতুন নতুন ৰোগৰ প্ৰাদূৰ্ভাৱে জুৰুলা কৰিছে বিশ্বৰ গৰিষ্ঠসংখ্যক জনগণক। লগতে নিতৌ নতুন নতুন কীট-পতঙ্গৰ আক্ৰমণৰ ঘটনাৰ প্ৰকোপ বৃদ্ধি হৈছে।

অষ্ট্ৰেলিয়াৰ পৰা আমেৰিকা, ব্ৰাজিলৰ পৰা নাগালেণ্ড, মণিপুৰ সীমান্তৰ জুক’ভেলীলৈকে বনজুয়ে সৃষ্টি কৰিছে সংহাৰ। বিভিন্ন উদ্ভিদ-প্ৰাণীৰ প্ৰজাতিৰ লগতে মানুহৰ বাবেও কঢ়িয়াইছে চৰম ভাবুকি। বনজুয়ে বায়ুমণ্ডলত সৃষ্টি কৰিছে অধিক মাত্ৰাত প্ৰদূষণ। দক্ষিণ পূব এছিয়াৰ দেশসমূহে, বিশেষকৈ ভাৰতবৰ্ষৰ অসম, বিহাৰৰ লগতে উত্তৰাখণ্ড, পশ্চিম বংগ, কাশ্মীৰৰ পৰা চেন্নাইলৈকে প্ৰলয়ংকাৰী বানৰ প্ৰকোপে মাধমাৰ শোধাইছে দেশৰ অৰ্থনীতি, ৰাতিটোৰ ভিতৰতে নি:স্ব কৰিছে লক্ষ লক্ষ জনক। শেহতীয়াকৈ আমেৰিকা, ইউৰোপৰ লগতে অভূতপূৰ্ব বানৰ সন্মুখীন হৈছে অষ্ট্ৰেলিয়া আৰু প্ৰশান্ত মহাসাগৰীয় দেশসমূহ। অসমত শেহতীয়াকৈ ডিমা হাছাও জিলাত তচনচ কৰি পেলোৱা জেঠ মাহৰ অভাৱনীয় অতিবৃষ্টিয়ে জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহ ছবিখন স্পষ্ট কৰি দিছে। মাৰ্চ মাহৰ পৰাই উত্তৰ ভাৰত, বিশেষকৈ ৰাজধানী দিল্লীত অভূতপূৰ্ব উৰ্দ্ধগামী পাৰাস্তম্ভই অশনি সংকেত কঢ়িয়াইছে অনাগত দিনৰ বাবে।

প্ৰকৃতিৰ এই ৰুদ্ৰ ৰূপে কেৱল মানুহৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকি কঢ়িয়াইছে এনে নহয়। জলবায়ু পৰিৱৰ্তনে মাত্ৰ কেইটামান দশকৰ ভিতৰতে এক চতুৰ্থাংশ জীৱ-উদ্ভিদৰ প্ৰজাতিৰ বিলুপ্তি ঘটাব বুলি আশংকা কৰা হৈছে।

প্ৰদূষণেই আনিছে জলবায়ুৰ পৰিৱৰ্তন। বায়ুমণ্ডলত কাৰ্বনৰ পৰিমাণ হ্ৰাসৰ লগতে প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগৰ বৰ্জিত বিষাক্ত দ্ৰব্যই যাতে জল আৰু মাটি আৰু অধিক বিষাক্ত কৰিব নোৱাৰে তাৰ বাবে ৰাষ্ট্ৰসংঘই কঠোৰ নীতি প্ৰবৰ্তনৰ নিৰ্দেশনা আৰু দায়িত্ব দিছে সকলো দেশকে। তথাপি কাৰ্বন নিগৰ্মন হ্ৰাস কৰাৰ ক্ষেত্ৰত ঐক্যমতত উপনীত হ’ব পৰা নাই ৰাষ্ট্ৰসমূহ। অব্যাহত আছে ধনী আৰু দুখীয়া ৰাষ্ট্ৰৰ মাজৰ অঁৰিয়াঅঁৰি।

প্ৰদূষণৰ ওপৰত নিয়ন্ত্ৰণ নোহোৱাকৈ জলবায়ু পৰিৱৰ্তন ৰোধৰ প্ৰয়াস নিৰৰ্থক। এই ক্ষেত্ৰত থকা ৰাষ্ট্ৰীয় নীতিৰ সমান্তৰালকৈ ৰাজ্যসমূহেও নিজাববীয়াকৈ কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা উচিত।

আমাৰ উন্নয়নৰ ধাৰা প্ৰকৃতি বা পৰিৱেশ অনুকূল নোহোৱাৰ বাবেই উন্নয়নৰ আগ্ৰাসনৰ হেঁচা পৰিছে জলপৃষ্ঠৰ ওপৰত, ভূপৃষ্ঠৰ ওপৰত, ভূজলৰ ওপৰত, মাটিৰ আৰ্দ্ৰতা, কৃষিভূমিৰ ওপৰত আৰু মাটি-পানীৰ উৎস, জৈৱ বৈচিত্ৰৰ ওপৰত। তদুপৰি নদীবান্ধ, নদী সংযোগ কৰণ, উদ্যোগ স্থাপনৰ বাবে বনাঞ্চল ধ্বংসৰ লগতে খনিজ সম্পদৰ ক্ষেত্ৰত শেহতীয়া চৰকাৰী সিদ্ধান্ত সমূহে সমগ্ৰ উত্তৰ-পূবৰ বাবেই এক ভয়াৱহ ভৱিষ্যতৰ আশংকা প্ৰবল কৰিছে। উত্তৰ-পূবৰ নেতাসকলে নদীবান্ধৰ পৰিস্থিতিৰ কথা জানিও মৌনতা অৱলম্বন কৰিছে। পাহাৰৰ বুকুতো ফ’ৰলেন নিৰ্মাণেৰে সফলতাৰ খতিয়ান দিছে! ই নিতান্তই দুৰ্ভাগ্যজনক।

 

আমাৰ ৰাষ্ট্ৰীয় বন নীতিৰ মূল লক্ষ্য হ’ল— জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু সঞ্চয়ৰ দ্বাৰা পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰা আৰু দেশৰ প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণ কৰা। কিন্তু ৰাজ্য চৰকাৰৰ বিভাগীয় খাম-খেয়ালী আৰু হেমাহিৰ বাবেই প্ৰায়োগিক ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যব্যৱস্থা গঢ়ি নুঠিল। আমাৰ অৰণ্যৰ জৈৱ বিচিত্ৰতাৰ সমৃদ্ধি ৰক্ষাৰ বাবে কেৱল এই বৈচিত্ৰক পৰ্যটনৰ বিকাশৰ অংশৰূপে গণ্য কৰাৰ বাবেই বহু প্ৰজাতি অধিক হাৰত ভাবুকিগ্ৰস্ত হৈ পৰাহে পৰিলক্ষিত হৈছে।

উন্নয়নৰ নামত অসমত প্ৰতিদিনেই শ শ গছ কটা হৈছে, বনাঞ্চল ধ্বংস কৰা হৈছে, উন্নয়নৰ বাবে প্ৰতিবাৰেই পৰিৱেশে মূল্য ভৰিবলগীয়া হৈছে।

অৰণ্যৰ ওপৰত নিৰ্ভৰশীল জনজাতীয় লোকসকলৰ কল্যাণৰ বাবেই এটা সময়ত ট্ৰাইবেল বেল্ট গঠন কৰা হৈছিল। কিন্তু সম্প্ৰতি দেখা গৈছে যে দূৰদৃষ্টি হেৰুওৱা ৰাজনীতিকসকলৰ পৃষ্ঠপোষকতাতে তেনে এলেকাটো পৰিৱেশ বিনষ্টকাৰী উদ্যোগ স্থাপন কৰা হৈছে। পৰম্পৰাগত জীৱনশৈলীৰ পৰা আঁতৰি আমি জীৱন প্ৰক্ৰিয়াটো সহজ কৰিবলৈ যিমানেই বিজ্ঞান প্ৰযুক্তিৰ কাষ চাপিছো, সিমানেই বিপদাপন্ন কৰি পেলাইছো প্ৰকৃতিক।

যি সময়ত অসমৰ দৰে কৃষিপ্ৰধান ৰাজ্যত কৃষি, বনাঞ্চল, জল ব্যৱস্থাপনা, মীন পালন আদিৰ বিকাশৰ ক্ষেত্ৰত চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগিছিল, সেইসময়ত অসমৰ বনাঞ্চল-জলাশয় বা কৃষিভূমিৰ মাটি গতাই দিয়া হৈছে পুঁজিপতি গোষ্ঠীৰ হাতত— কেতিয়াবা পৰিৱেশ বিনষ্টকাৰী উদ্যোগৰ নামত, কেতিয়াবা হোটেল-ৰিজ’ৰ্ট নিৰ্মাণৰ নামত।

বানপানী, গৰাখহনীয়াই শ শ পৰিয়ালক নি:স্ব কৰাৰ লগতে অসমৰে ভূ-প্ৰকৃতিৰ ওপৰতো প্ৰভাৱ পেলাইছে। প্ৰতি বছৰে গৰাখহনীয়াই সৰ্বশ্ৰান্ত কৰা লোকসকলক ক’ত কেনেদৰে সংস্থাপিত কৰিব সেই লৈ এতিয়াও ফলপ্ৰসূ চৰকাৰী নীতি চকুত পৰা নাই। ক্ষতিগ্ৰস্ত লোকেও বেদখল কৰাৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে আমাৰ অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যানসমূহ।

এক মিনিটো বিদ্যুৎ নোহোৱাকৈ থাকিব নোৱাৰা ইনভাৰ্টাৰ নিৰ্ভৰশীল মধ্যবিত্তই বা লাইট বন্ধ কৰি জোনাকৰ মাদকতা উপভোগ কৰাৰ বাবে সঁচাকৈ কিমান আগ্ৰহী। সন্তানক বিদ্যালয়লৈ স্কুল বাছত পঠিয়াবলৈ সংকোচ কৰা সকলে নিজৰ গাড়ী এৰি ‘পাব্লিক ট্ৰেন্সপ’ৰ্ট অথবা ৰিক্সাত উঠিবলৈ বা চাইকেল চলাবলৈ কেতিয়াবা সন্মত হ’ব নে? এই সাধাৰণ কিন্তু অতিশয় গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ আমি নিজেই নিজৰ পৰা নিবিচৰালৈকে জলবায়ু পৰিৱৰ্তন ৰোধ বা প্ৰকৃতি ৰক্ষাৰ সকলো উদ্যোগ-তৎপৰতা সম্পূৰ্ণ ৰূপে ফলৱৰ্তী হোৱাৰ আশা ক্ষীণ।