১৯৩১ চন। ২৩ মাৰ্চৰ আজিৰ দিনটোত ২৩ বছৰীয়া এজন যুৱক ভগৎ সিং আৰু তেওঁৰ দুই সতীৰ্থ – সুখদেৱ আৰু ৰাজগুৰুক ব্ৰিটিছ চৰকাৰে ফাঁচী কাঠত ওলোমাই হত্যা কৰিছিল।
তেওঁলোকৰ দোষ- দেশদ্ৰোহীতা, being Anti-National ! কিয়নো তেওঁলোকে সেই সময়ৰ ব্ৰিটিছ চৰকাৰক প্ৰশ্ন কৰিছিল । ৰাইজৰ কথা নুশুনা কলা অত্যাচাৰী চৰকাৰক এটা বোমা ফুটুৱাই সকীয়াই দি গৰ্জি উঠিছিল ইনকালাব জিন্দাবাদ, Long Live Revolution !!
ভাৰতৰ স্বাধীনতা আন্দোলনৰ উজ্জ্বল নক্ষত্ৰ ভগৎ সিং আৰু তেওঁৰ সতীৰ্থসকল। এই যুৱক কেইজনক হত্যা কৰা হ’ল যদিও তেওঁলোকৰ চিন্তা আৰু মতাদৰ্শ আজিৰ যুৱ ভাৰতৰ বাবে বেছিকৈ প্ৰাসংগিক হৈ পৰিছে।
স্বাধীনতাৰ ৭৫ বছৰ গৰকিবলৈ আগবঢ়া ভাৰতবৰ্ষৰ আজিৰ যুৱ প্ৰজন্মই নতুন ভাৰতবৰ্ষ নিৰ্মাণৰ উদ্দেশ্যে তেওঁলোকৰ ‘ইনকালাব’ৰ ধাৰণালৈ ঘূৰি চাব লাগিব। স্বাধীনতাৰ অৰ্থ ভগৎ সিঙ আৰু তেওঁৰ কমৰেডসকলৰ বাবে ইংৰাজৰ পৰা কেইজনমান ভাৰতীয়লৈ ক্ষমতাৰ হস্তান্তৰ নাছিল।
তেওঁলোকে স্বাধীনতাৰ অৰ্থ তেতিয়াহে ফলপ্ৰসূ হ’ব বুলি কৈছিল যেতিয়া ই গৰিষ্ঠ সংখ্যক ভাৰতীয়, অৰ্থাৎ কৃষক আৰু শ্ৰমিকৰ অৱস্থাৰ উন্নত কৰিব পাৰিব। তেওঁলোকে এক সমাজতান্ত্ৰিক ব্যৱস্থা গঠন কৰিব বিচাৰিছিল য’ত সকলো অংশৰ লোকৰ সমান অধিকাৰ থাকিব তথা ধৰ্মৰ নামত, জাতিৰ নামত বেহা-বেপাৰ নচলিব।
এই দিশত ভাৰতবৰ্ষ আগবঢ়াই নিবলৈ বিপ্লৱীসকলে বিভিন্ন পথৰ সন্ধান কৰিছিল। সেইসময়ত তেওঁলোকক অনুপ্ৰেৰণা যোগাইছিল ৰুচ দেশৰ মহান অক্টোবৰ বিপ্লৱে। লেনিন হৈছিলগৈ পথ প্ৰদৰ্শক।
মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ সমান্তৰালভাৱে চলিছিল নৈৰাজ্যবাদী, ছোচিয়েলিষ্ট আৰু কমিউনিষ্টৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ। স্বাধীনতা আন্দোলনৰ সময়ত মূলতঃ তিনিটা ধাৰা দেখা গৈছিল- কংগ্ৰেছৰ লক্ষ্য আছিল দেশক স্বাধীন কৰা আৰু ইয়াক এক ধৰ্মনিৰপেক্ষ গণতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা কৰা।
দ্বিতীয় ধাৰাক প্ৰতিনিধিত্ব কৰা কমিউনিষ্টসকলে ধৰ্মনিৰপেক্ষ গণতন্ত্ৰতেই ক্ষান্ত নাথাকি সমাজতন্ত্ৰৰ দিশে আগবঢ়াৰ কথা কৈছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে ধৰ্মনিৰপেক্ষ গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি হ’ব যদিহে মানুহৰ আৰ্থিক আৰু সামাজিক সমতা প্ৰতিষ্ঠা নহয়।
আৰু তৃতীয়টি ধাৰা যিটোক প্ৰতিনিধিত্ব কৰিছিল দুই যমজ ভাতৃ- মুছলিম লীগ আৰু হিন্দু মহাসভাই, যি দ্বিজাতি তত্বত বিশ্বাসী আছিল আৰু ভাৰতবর্ষক হিন্দু আৰু ইছলামিক ৰাষ্ট্ৰত ভাগ কৰিব বিচাৰিছিল।
ব্ৰিটিছক খেদিবলৈ চলা স্বাধীনতা আন্দোলনত দেশৰ জমিদাৰ শ্ৰেণী আৰু সংঘ পৰিয়ালৰ বাহিৰে সকলোৱে অংশগ্ৰহণ কৰিছিল। কংগ্ৰেছৰ নেতৃত্বত চলা জনগণৰ আন্দোলন সফল হ’ল- দেশ স্বাধীন হ’ল। অৱশ্যে দ্বিজাতি তত্বত বিশ্বাসী মুছলিম লীগো পাকিস্তান গঠন কৰাত সফল হ’ল। কিন্তু সফল নহ’ল হিন্দুবাদীসকল।
স্বাধীন ভাৰতবর্ষ ধৰ্মনিৰপেক্ষ গণতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে। জাতি, ধৰ্ম, বৰ্ণ, লিংগ আৰু আৰ্থিক অৱস্থা নিৰ্বিশেষে সকলো ভাৰতীয়ক সাৰ্বজনীন ভোটাধিকাৰ প্ৰদান কৰি বিশ্বতেই বৃহত্তম গণতন্ত্ৰৰ ইতিহাস সৃষ্টি হ’ল।
কিন্তু এই ৰাজনৈতিক অধিকাৰক সুৰক্ষিত কৰিবলৈ প্ৰয়োজনীয় অৰ্থনৈতিক আৰু সামাজিক ৰূপান্তৰ যি গতিত আগবাঢ়িব লাগিছিল, সেয়া নহ’ল। স্বাধীনতাৰ পিছত দেশৰ শাসকসকলে বৃহৎ পুঁজিপতিৰ স্বাৰ্থৰক্ষাকাৰী আৰ্থিক নীতিহে গ্ৰহণ কৰিলে।
এনে এক অৱস্থা সম্পৰ্কে সেই তেতিয়াই অনুমান কৰিব পাৰি ভগৎ সিঙে সাৱধান কৰি কৈছিল- “ভাৰত চৰকাৰৰ নেতৃত্ব লৰ্ড ৰিডিং নে ছাৰ পুৰুষোত্তম ঠাকুৰদাসৰ হাতত আছে, তাক লৈ তেওঁলোকৰ (কৃষক আৰু শ্ৰমিক) তাতে কি আহে যায়? এজন কৃষকৰ বাবে লৰ্ড আৰ্ৱিনৰ ঠাইত ছাৰ তেজ বাহাদুৰ চাপৰু আহিলে কি পাৰ্থক্য এনে!”
বৰ্তমান এই অৱস্থা অধিক ভয়াৱহ হৈছে। আৰ্থিক আৰু সামাজিক সমতা প্ৰতিষ্ঠা কৰাৰ দিশত সঠিকভাৱে আগবাঢ়ি যাব নোৱাৰাৰ বাবে ‘ধৰ্মনিৰপেক্ষ গণতন্ত্ৰ’ৰ প্ৰতি ভাবুকি সৃষ্টি হৈছে।
ৰাষ্ট্ৰৰ ক্ষমতাত মহাত্মা গান্ধীৰ হত্যাকাৰী গডছেৰ আদৰ্শত বিশ্বাসী সকল অধিষ্ঠিত হৈছে। তেওঁলোকে সকলোৰে বিকাশৰ কথা কৈ কেৱল আম্বানী, আদানী আদিৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ উঠি পৰি লাগিছে।
সেইসময়ৰ দৰে আজিও ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। কৃষকৰ আন্দোলন, শ্ৰমিকৰ সৰ্বভাৰতীয় হৰতাল। আনকি সময়ে সময়ে সৰু সৰু ব্যৱসায়ী, কৰ্মচাৰী, যুৱক, ছাত্ৰৰ প্ৰতিবাদে দেশ কঁপাই তুলিছে। সমানে সমানে চলিছে দমন। চলিছে sedition, গণতন্ত্ৰৰ ওপৰত আক্ৰমণ আৰু ব্ৰিটিছৰ ‘দ্বিভাইড এণ্ড ৰুল’ নীতি।
ঐক্যবদ্ধ প্ৰতিবাদ বিনষ্ট কৰিবলৈ সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা হৈছে। ভগৎ সিঙে তেওঁৰ ‘সাম্প্ৰদায়িক সংঘৰ্ষ আৰু তাৰ সমাধান’ শীৰ্ষক এটি লেখাত সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে থিয় দিয়াৰ কথা কৈছে। যুক্তি দিছে কিয় ৰাজনীতি আৰু ধৰ্মক পৃথক কৰাৰ প্ৰয়োজন।
সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত মিডিয়াৰ ভূমিকা সম্পৰ্কে তেওঁ লিখিছে- “বাতৰিকাকতসমূহৰ প্ৰকৃত দায়িত্ব হৈছে জনগণক শিক্ষিত কৰা, মনবোৰ নিকা কৰা, ঠেক বিচ্ছিন্নতাবাদী বিভেদৰ পৰা ৰক্ষা কৰা আৰু সাম্প্ৰদায়িক চিন্তাক মষিমূৰ কৰি এক উমৈহতীয়া ৰাষ্ট্ৰীয়তাবাদৰ সম্প্ৰসাৰণ কৰা।”
আজিৰ বহু মিডিয়াৰ বাবে এনে কথা কাৰ্যকৰী কৰাটো দূৰৰ কথা হজম কৰাটোও মস্কিল হ’ব। তেওঁলোকৰ এটা অংশই ‘উমৈহতীয়া ৰাষ্ট্ৰীয়তাবাদ’ অৰ্থাৎ যি ৰাষ্ট্ৰীয়তাবাদে দেশৰ সকলো ৰাজ্য, ভাষা, কৃষ্টি, জাতি, ধৰ্মৰ ভিন্নতাৰ মাজতো ঐক্য গঢ়ি তোলে বা এক শব্দত কবলৈ হ’লে ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ সলনি মোদী আৰু আৰ এছ এছৰ ‘হিন্দুত্ববাদী ৰাষ্ট্ৰীয়তাবাদ’ৰ প্ৰবক্তা হৈ পৰিছে।
এনে ‘Godi Media’ সম্পৰ্কে ভগৎ সিঙে লিখিছিল কিদৰে তেওঁলোকৰ “মূল উদ্দেশ্য হৈছে অজ্ঞানতাৰ প্ৰচাৰ কৰা, বিচ্ছিন্নতা আৰু গোড়ামী বিয়পাই জনগণৰ মন-মগজু সাম্প্ৰদায়িক কৰি তুলি সংমিশ্ৰিত সংস্কৃতি আৰু উমৈহতীয়া ঐতিহ্য ধ্বংস কৰা।”
অতি নির্লজভাৱে একাংশ মিডিয়াই ‘The nation wants to know’ বুলি চিঞৰি চিঞৰি এইয়াই কৰি থকা নাই জানো? ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ নোলোৱা সাম্প্ৰদায়িক বিচ্ছিন্নতাবাদী আৰ এছ এছ-এ ব্ৰিটিছৰ দৰে ‘সকলো সম্প্ৰদায়ৰ মাজত বিৰাজ কৰা সাধাৰণ ঠেক মনোবৃত্তিক ব্যৱহাৰ কৰে’।
আজি দেশৰ বৃহৎ পুঁজিপতিৰ স্বাৰ্থ ৰক্ষাকাৰী আৰু সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰাৰ প্ৰয়োজন হৈ পৰিছে। এনে বিভেদকামী শক্তি পৰাস্ত কৰাৰ উপায় ভগৎ সিঙৰ লিখনিত পোৱা যায়।
তেওঁ লিখিছিল “এই সকলো সংঘৰ্ষৰ অন্ত কেৱল ভাৰতবৰ্ষৰ অৰ্থনৈতিক দিশ পৰিবৰ্তন কৰিহে সম্ভৱ। কিন্তু বৰ্তমানৰ আৰ্থিক নীতি পৰিবৰ্তন কৰাটো কঠিন। সেয়ে জনগণে চৰকাৰ পৰিবৰ্তন নোহোৱালৈকে চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি যাব লাগিব।”
কাৰণ তেওঁ জানিছিল কিদৰে শাসক শ্ৰেণীয়ে নিজৰ স্বাৰ্থতেই বিভেদৰ বীজ সিচে আৰু সেয়ে তেওঁ লিখিছে- “জনতাই যাতে নিজৰ মাজত যুজঁ নকৰে তাৰ বাবে শ্ৰেণী সচেতনতাৰ প্ৰয়োজন। দুখীয়া, শ্ৰমিক শ্ৰেণী আৰু কৃষকক স্পষ্ট কৰিব লাগিব যে পুঁজিবাদ হৈছে তেওঁলোকৰ আচল শত্ৰু।জাতি, ধৰ্ম, বৰ্ণ আৰু অঞ্চল নিৰ্বিশেষে সকলো দুখীয়াৰ অধিকাৰ একেই। ঐক্যবদ্ধ হৈ সকলো বিভেদ আঁতৰাই ক্ষমতা দখল কৰিলেহে সামগ্ৰিক উন্নয়ন সম্ভৱ হ’ব। এই প্ৰচেষ্টাৰে আপোনালোকে একো নেহেৰুৱাই বৰঞ্চ এই চেষ্টাৰে এদিন দাসত্বৰ শৃংখল চিঙিব পাৰিব আৰু অৰ্থনৈতিক স্বাধীনতা অর্জন কৰিব পাৰিব।”
এই সঠিক ৰূপৰেখা কাৰ্যকৰী কৰাত আজি সমস্যা জৰ্জৰিত যুৱ সমাজৰ ভূমিকা হ’ব উল্লেখযোগ্য। যুৱকসকলে নতুন ভাৰতবৰ্ষ নিৰ্মাণ কৰিবলৈ সাম্প্ৰদায়িক ৰাজনীতিক প্ৰতিহত কৰি এক বিকল্প জনমুখী অৰ্থনীতি গঢ়ি তুলিব পৰা ৰাজিনীতিৰ সূত্ৰপাত কৰিব লাগিব।
আৰু সেয়ে “আজি আমি যুৱকসকলক পিষ্টল বা বোমা তুলি ল’বলৈ ক’ব নোৱাৰো। আজিৰ ছাত্ৰসকলৰ সন্মুখত ইয়াতকৈ গুৰুত্বপূৰ্ণ কাম আছে। আজি বিপ্লৱৰ বাৰ্তা দেশৰ বিভিন্ন প্ৰান্তলৈ যুৱকসকলে বিয়পাই দিব লাগিব। কল-কাৰখানাৰ বস্তি অঞ্চলৰ আৰু গ্ৰামাঞ্চলৰ কোটি কোটি জনতাক জগাই তুলিব লাগিব যাতে তেওঁলোক স্বাধীন হয় আৰু মানুহৰ মানুহৰ ওপৰত চলা শোষণ অসম্ভৱ হৈ উঠিব”।
দেশৰ মুঠ জনসংখ্যাৰ ৬৫% আমি ৩৫ বছৰ বয়সৰ তলৰ যুৱসমাজ। আমিয়েই ভগৎ সিং আৰু তেওঁৰ সতীৰ্থসকলৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সম্পূৰ্ণ শক্তি নিয়োজিত কৰিব লাগিব। ভগৎ সিঙৰ দৰেই শাসক শ্ৰেণীক প্ৰশ্ন কৰিব লাগিব।
প্ৰশ্ন কৰিব লাগিব কিয় এইবেলি নিবনুৱাৰ হাৰ যোৱা ৪৫ বছৰৰ আটাইতকৈ বেছি হৈছে? কিয় চকীদাৰৰ নামত নাটক কৰা চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত চিকিউৰিটি গাৰ্ড সমূহক যোৱা ৫ বছৰে নূন্যতম মজুৰি প্ৰদান কৰিব নোৱাৰিলে? কিয় ভাল দিনৰ সলনি ‘ঘৰ বাপচী’, ‘লাভ জিহাড’, ‘গৌ ৰক্ষা’ আদিহে প্ৰদান কৰিলে? কিয় পুঁজিপতিৰ স্বাৰ্থত প্ৰতি মুহূৰ্ততে প্ৰকৃতিৰ ওপৰত লুণ্ঠন চলোৱা হয়?
আজি দেশৰ যুৱশক্তিয়ে সংবিধান ৰক্ষা কৰি গণতন্ত্ৰ অধিক শক্তিশালী কৰিব লাগিব। অনবৰতে আগবঢ়াই নিব লাগিব ‘Battle of Ideas’। এই যুঁজত আমি দৃঢ় বিশ্বাসী যে আমাৰ জয় অনিবাৰ্য। কাৰণ জনগণেই প্ৰকৃত ইতিহাস সৃষ্টি কৰে, ৰজাই নহয়।